14/05/2026
*মোৰ লৰাটোৰ ছবিৰ পৃথিৱীখন*
মোৰ ল’ৰাটো চাহিল এতিয়া ছবি আঁকিবলৈ বৰ চেষ্টা কৰিছে। তাৰ সৰু সৰু আঙুলিৰে পেঞ্চিল ধৰি কাগজত এটা এটাকৈ দাগ দিয়ে। ঘৰ, গছ, নদী, চৰাই, আকাশৰ ডাৱৰ—মন গ’লেই সকলো আঁকে।
সি কয়, ছবি আঁকিলে পৃথিৱীখন আৰু বেছি ধুনীয়া লাগে। নীলা ৰঙেৰে আকাশ, সেউজীয়াৰে পথাৰ, ৰঙাৰে ফুল—তাৰ ৰংত গোটেইখন জিলিকি উঠে।
লৰাটোৰ কাৰণে এই ছবিবোৰেই তাৰ ধুনীয়া পৃথিৱীখন। সৰু সৰু ৰেখাৰেই সি ডাঙৰ ডাঙৰ সপোন আঁকি পেলায়।
#জুবিন