SUNMOON ASAM

SUNMOON ASAM আপোনাৰ মঞ্চ আপোনাৰ
কণ্ঠ

12/08/2026

#বন্দুক_এৰি_দুহাতত_কলম_কোৰ_লোৱা_মানুহজন

12/07/2026

অসম ৰাজ্যিক চিৰিয়াখানাত কি কি পশু পক্ষী আছে

28/06/2026

ঘৰে ঘৰে সৰ্বানন্দ বিমল চক্ৰ

■ক’ভাৰ সংগীত ‘গানে কি আনে (GAANE Ki AANE)’ ■গুৱাহাটী, ২১ জুনঃ সংগীতপ্ৰেমীসকলৰ বাবে এটি সুখবৰ। ২১ জুনত ক’ভাৰ সংগীত ‘গানে ...
21/06/2026

■ক’ভাৰ সংগীত ‘গানে কি আনে (GAANE Ki AANE)’
■গুৱাহাটী, ২১ জুনঃ সংগীতপ্ৰেমীসকলৰ বাবে এটি সুখবৰ। ২১ জুনত ক’ভাৰ সংগীত ‘গানে কি আনে (GAANE Ki AANE)’ ইউটিউব চেনেল ‘Srishti Sonic’ ত মুক্তি লাভ কৰিছে । গীতটিত সৃষ্টি (জুলিকা) বৰফুকনে কণ্ঠদান কৰিছে । গীতটোৰ কাৰাওকে সংগীত পুনৰ-ব্যৱস্থাপনা কবিন্দ্ৰ দাসে কৰিছে আৰু উদ্দীপ্ত শৰ্মাই সহযোগিতা আগবঢ়াইছে । গীতটোৰ বাদ্যযন্ত্ৰ সংগত কৰিছে উদ্দীপ্ত শৰ্মা আৰু কবিন্দ্ৰ দাসে । এসময়ত যোৰহাট জে বি মহাবিদ্যালয়ৰ মহিলা শাখাৰ শ্ৰেষ্ঠ গায়িকা হিচাপে পৰিচিত সৃষ্টি আন্তঃমহাবিদ্যালয় পৰ্যায়তো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এগৰাকী আইনৰ স্নাতক। ‘মনময়ূৰী’, ‘সপোনৰ মৰমী’, ‘সোণাৰু ’৯৯’ আদি বিহুগীত আৰু ‘যাদু’, ‘কিয় অঞ্জলী’ আদি শ্ৰব্য কেছেটৰ জৰিয়তে ইতিমধ্যে শ্ৰোতাৰ মাজত নিজস্ব স্থান গঢ়ি তুলিছে। সংগীত বিশাৰদ সৃষ্টিয়ে বৰগীত’ৰ চৰ্চাও অব্যাহত ৰাখিছে। যোৰহাট এফ এম ৰেডিঅ’ৰ যোগেদি তেওঁৰ বহুকেইটা গীত সম্প্ৰচাৰ হোৱাৰ উপৰিও বিভিন্ন চেটেলাইট চেনেলত অনুষ্ঠান সম্প্ৰচাৰ হৈছে। পূৰ্বতে জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰা ‘তুমি কোন দূৰণিৰ’ গীতটোৰ জৰিয়তে সমাদৰ লাভ কৰা সৃষ্টি বৰফুকনৰ একক কণ্ঠত ‘শৰতৰ পদূলিত’ শীৰ্ষক এটি গীতও মুক্তি লাভ কৰিছে।

■জালুকবাৰী উঃ মাঃ বিদ্যালয়ত ডন বস্ক’বিশ্ববিদ্যালয়ৰ কেৰিয়াৰ সজাগতা কৰ্মশালা■সাধাৰণ জ্ঞান সমৃদ্ধ কৰিবলৈ নিয়মীয়াকৈ বাত...
09/06/2026

■জালুকবাৰী উঃ মাঃ বিদ্যালয়ত ডন বস্ক’বিশ্ববিদ্যালয়ৰ কেৰিয়াৰ সজাগতা কৰ্মশালা
■সাধাৰণ জ্ঞান সমৃদ্ধ কৰিবলৈ নিয়মীয়াকৈ বাতৰি কাকত পঢ়া আৰু ৰেডিঅ’ শুনা অভ্যাস গঢ়িব লাগে — ড° বুলজিৎ বুঢ়াগোহাঁই
●গুৱাহাটী, ৯ জুনঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৯ জুনত এখন কেৰিয়াৰ সজাগতা কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনত ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা আৰু অসম ডন বস্ক’বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কৰ্মশালাখনৰ আৰম্ভণিতে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা চৰিফা আৰা আহমেদে আদৰণি ভাষণ প্ৰদান কৰে।
ড°বুঢ়াগোহাঁয়ে গুৰুত্ব আৰোপ কৰে যে কেৰিয়াৰৰ বাছনি ব্যক্তিগত আগ্ৰহ, ক্ষমতা আৰু আকাংক্ষাৰ ওপৰত ভিত্তি কৰি হ’ব লাগে। তেওঁ শিক্ষাৰ্থীসকলক সাম্প্ৰতিক পৰিস্থিতিৰ সাধাৰণ জ্ঞান আৰু সজাগতা বৃদ্ধিৰ বাবে নিয়মীয়াকৈ বাতৰি কাকত পঢ়া আৰু ৰেডিঅ’ অনুষ্ঠান শুনাৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে। তেওঁ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ সাক্ষাৎকাৰ আদিত সাধাৰণ জ্ঞানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ড°বুঢ়াগোহাঁইয়ে বিভিন্ন কেৰিয়াৰৰ সুযোগ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ সবিশেষ তথ্য আগবঢ়ায়। তেওঁ ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষা, এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, এছ এছ চি সংযুক্ত স্নাতক পৰ্যায়ৰ (চি জি এল) পৰীক্ষা, এছ এছ চি সংযুক্ত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা, বেংক পৰীক্ষামূলক বিষয়া (পি অ’) পৰীক্ষা, বেংকৰ কেৰাণী পৰীক্ষাকে ধৰি চৰকাৰী সংস্থা আৰু ৰাজহুৱা খণ্ডৰ সংগঠনসমূহে অনুষ্ঠিত কৰা আন কেইবাটাও নিযুক্তি পৰীক্ষাৰ বিষয়ে আলোচনা কৰে। কৰ্মশালাখনত উচ্চ শিক্ষাৰ সুযোগ, দক্ষতা বিকাশ, উদ্যোগীকৰণ, যোগাযোগ দক্ষতা, আৰু নিয়োগযোগ্যতাৰ ওপৰতো বিস্তৃত নিৰ্দেশনা আগবঢ়োৱা হয়। ড°বুঢ়াগোহাঁয়ে উল্লেখ কৰে যে আজিৰ প্ৰতিযোগিতামূলক পৃথিৱীত কেৱল পাঠ্যপুথিৰ জ্ঞানেই সফলতাৰ নিশ্চয়তা দিব নোৱাৰে। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়ি থাকিবলৈ শিক্ষাৰ্থীসকলে নিয়মিতভাৱে ব্যৱহাৰিক আৰু পেছাদাৰী দক্ষতা আহৰণ আৰু বিকাশত গুৰুত্ব আৰোপ কৰিব লাগিব। কৰ্মশালাত অসম ডন বস্ক’বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক তাপসজ্যোতি কলিতাৰ লগতে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল তথা কলা আৰু বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। ড°বুলজিৎ বুঢ়াগোহাঁয়ে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়ে অৱগত কৰে । কৰ্মশালাখনৰ সামৰণিত সমল ব্যক্তিগৰাকীয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন কেৰিয়াৰ-সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে।

■ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কাউন্সেলিং আলোচনা চক্ৰ সম্পন্ন■আজীৱন শিক্ষা সফলতাৰ চাবিকাঠি- ড° বুলজিৎ  বুঢ়া...
04/06/2026

■ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কাউন্সেলিং আলোচনা চক্ৰ সম্পন্ন
■আজীৱন শিক্ষা সফলতাৰ চাবিকাঠি- ড° বুলজিৎ বুঢ়াগোহাঁই
●গুৱাহাটী, ৪ জুনঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ ‘কেৰিয়াৰৰ সুযোগ, উচ্চ শিক্ষা, আৰু নিয়োগযোগ্যতা দক্ষতা অন্বেষণ’ শীৰ্ষক এখন কেৰিয়াৰ কাউন্সেলিং আলোচনা চক্ৰ ৪ জুনত অনুষ্ঠিত হৈ যায় । আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁই। তেওঁ অভিযান্ত্ৰিক বিভাগৰ বিভিন্ন শাখাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ বিভিন্ন কেৰিয়াৰৰ সুযোগৰ ওপৰত আলোকপাত কৰে। ড° বুলজিৎ বুঢ়াগোহাঁয়ে অভিযান্ত্রিক সেৱা পৰীক্ষা (Engineering Services Examination) আৰু গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং (Graduate Aptitude Test in Engineering ) পৰীক্ষাৰ বিষয়ে আলোচনা কৰে । ড° বুঢ়াগোহাঁইয়ে উচ্চ শিক্ষাৰ সুযোগৰ ওপৰতো বিস্তৃতভাৱে বক্তৃতা প্ৰদান কৰি শিক্ষাৰ্থীসকলক তেওঁলোকৰ আগ্ৰহ, যোগ্যতা আৰু দীৰ্ঘম্যাদী কেৰিয়াৰৰ লক্ষ্যৰ ওপৰত ভিত্তি কৰি উপযুক্ত স্নাতকোত্তৰ কাৰ্যসূচী বাছনি কৰাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰে। তেওঁ স্নাতক ডিগ্ৰী লাভৰ সময়ত ইন্টাৰ্ণশ্বিপ আৰু প্ৰকল্পৰ কাম গ্ৰহণ কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে; এই অভিজ্ঞতাই শিক্ষাৰ্থীসকলক ব্যৱহাৰিক জ্ঞান আহৰণ কৰাত সহায় কৰে, তেওঁলোকৰ পেছাদাৰী দক্ষতা শক্তিশালী কৰে, আৰু তেওঁলোকৰ কেৰিয়াৰৰ সম্ভাৱনা উন্নত কৰাত সহায় কৰে।
তদুপৰি, তেওঁ উদ্যমিতা এক সম্ভাৱনাময় কেৰিয়াৰ বিকল্প হিচাপে উল্লেখ কৰি শিক্ষাৰ্থীসকলক উদ্ভাৱন, নেতৃত্ব আৰু স্ব-নিয়োজনৰ সুযোগসমূহ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে। আলোচনা চক্ৰখনত ড° বুঢ়াগোহাঁইয়ে সাক্ষাৎকাৰ প্ৰস্তুতি আৰু সফল চাকৰি নিযুক্তিৰ বাবে প্ৰয়োজনীয় নিয়োগযোগ্যতা দক্ষতাৰ ওপৰত ব্যৱহাৰিক নিৰ্দেশনা প্ৰদান কৰে। তেওঁ আজিৰ প্ৰতিযোগিতামূলক চাকৰিৰ বজাৰত ফলপ্ৰসূ যোগাযোগ, নিৰন্তৰ দক্ষতা বিকাশ, আৰু পেছাদাৰী প্ৰস্তুতিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আলোচনা চক্ৰৰ অন্যতম মূল বাৰ্তা আছিল আজীৱন শিক্ষণৰ গুৰুত্ব। ড° বুঢ়াগোহাঁইয়ে উল্লেখ কৰে যে ডিগ্ৰী সম্পূৰ্ণ কৰিলেই শিক্ষণৰ অন্ত নহয় আৰু আটাইতকৈ সফল পেছাদাৰীসকলে গোটেই কেৰিয়াৰত নিজৰ জ্ঞান আৰু দক্ষতা অহৰহ উন্নীত কৰে। তেওঁ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত পেছাদাৰী নেটৱৰ্কিঙৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰি কয় যে শক্তিশালী পেছাদাৰী সংযোগ গঢ়ি তোলাটোৱে নতুন সুযোগ, উদ্যোগৰ অন্তৰ্দৃষ্টি, মেণ্টৰশ্বিপ, আৰু কেৰিয়াৰ উন্নতিৰ দোৱাৰ মুকলি কৰিব পাৰে। আলোচনা চক্ৰখনৰ সামৰণিত ড° বুলজিৎ বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন কেৰিয়াৰ-সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে।

■সাঁচিপাত আৰু পাণ্ডুলিপি বিজ্ঞানৰ ওপৰত ইন্টাৰ্ণশ্বিপ কাৰ্যসূচী আয়োজন■গুৱাহাটী,৩১ মেঃ অসমৰ পৰম্পৰাগত পাণ্ডুলিপি চিত্ৰকলা...
31/05/2026

■সাঁচিপাত আৰু পাণ্ডুলিপি বিজ্ঞানৰ ওপৰত ইন্টাৰ্ণশ্বিপ কাৰ্যসূচী আয়োজন
■গুৱাহাটী,৩১ মেঃ অসমৰ পৰম্পৰাগত পাণ্ডুলিপি চিত্ৰকলা আৰু সংৰক্ষণৰ জ্ঞান নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিবলৈ 'ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ'ৰ উদ্যোগত আৰু 'আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদ' (International Council on Monuments and Sites, India, North-East Zone) চমুকৈ ICOMOSৰ সহযোগত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শিক্ষাৰত ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ নতুন শিক্ষানীতিৰ আধাৰত ‘Manuscript and Manuscriptology’ বিষয়ত ইন্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

১ জুলাইৰ পৰা আৰম্ভ হবলগীয়া দুসপ্তাহজোৰা এই প্ৰশিক্ষণত ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ কলা, ইতিহাস, পুৰাতত্ত্ব, সংগ্ৰহালয় বিজ্ঞানকে আদি কৰি সকলো বিষয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব পাৰিব। কাৰ্যসূচীত পৰম্পৰাগত সাঁচিপাত প্ৰস্তুতকৰণ, প্ৰাকৃতিক ৰং হেঙুল, হাইতাল আদিৰ ব্যৱহাৰ, পৰম্পৰাগত চিত্ৰকলা, পাণ্ডুলিপিৰ নথিকৰণ, সংৰক্ষণ আৰু ডিজিটাইজেচনৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰা হ’ব।

এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ জৰিয়তে বিশ্ব ঐতিহ্যৰ অমূল্য সম্পদ অসমৰ সাঁচিপতীয়া পুথি আৰু শংকৰী চিত্ৰশৈলীক ICOMOSৰ দৰে আন্তৰ্জাতিক সংস্থাৰ সহযোগত ছাত্ৰ-ছাত্ৰীক হাতে-কামে প্ৰশিক্ষণ দি ভৱিষ্যতৰ ঐতিহ্য সংৰক্ষক গঢ়ি তুলিব বুলি ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱে আশা ব্যক্তি কৰে। সফল প্ৰশিক্ষাৰ্থীক ছ'চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু ICOMOSৰ যুটীয়া প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

ইতিমধ্যে ছ'চাইটিৰ প্ৰচেষ্টাত অসমৰ প্ৰায় দুহেজাৰ চিত্ৰশিল্পীয়ে এই কলাৰ প্ৰশিক্ষণ লাভ কৰিছে আৰু এটা মৃতপ্ৰায় কলা পুনৰ সক্ৰিয় হৈ উঠিছে। ছ'চাইটিৰ এই কামক Make in India আঁচনিত ভাৰত চৰকাৰেও পৃষ্ঠপোষকতা কৰিছিল।

প্ৰশিক্ষণৰ মুখ্য সমল ব্যক্তি হিচাপে বিশিষ্ট পাণ্ডুলিপি চিত্ৰশিল্পী তথা ঐতিহ্য সংৰক্ষক মৃদু মৌচম বৰাৰ লগতে কেইবাগৰাকীও বিশেষজ্ঞই পাঠদান কৰিব। আগ্ৰহী শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীয়ে ছ'চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সাধাৰণ সম্পাদকৰ লগত ৯৪০১৩৮৩৫১৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।

উল্লেখ্য যে, এই পদক্ষেপে অসমৰ সাঁচিপতীয়া চিত্ৰকলাক ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক পৰ্যায়ত পুনৰ প্ৰতিষ্ঠা কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মক লুপ্তপ্ৰায় কলাবিধৰ লগত সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে।

22/05/2026

জোনাইলৈ গৈছেনে...

■XOBDO আৰু Assam AI Initiative-ৰ যুটীয়া প্ৰচেষ্টা: মুকলি হ’ল অসমীয়া AI Text-to-Speech প্লেটফৰ্ম “Project Pathok”■গুৱাহাট...
17/05/2026

■XOBDO আৰু Assam AI Initiative-ৰ যুটীয়া প্ৰচেষ্টা: মুকলি হ’ল অসমীয়া AI Text-to-Speech প্লেটফৰ্ম “Project Pathok”

■গুৱাহাটী,১৭ মেঃ অসমীয়া ভাষাৰ ডিজিটেল বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাষা প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰি অহা স্বেচ্ছাসেৱী গোট XOBDO.ORG আৰু Team Assam AI Initiative (AAII-আই)-ৰ যুটীয়া উদ্যোগত মুকলি কৰা হৈছে “Project Pathok” নামৰ এক অত্যাধুনিক অসমীয়া Artificial Intelligence (AI) ভিত্তিক Text-to-Speech (TTS) Web App। সম্পূৰ্ণ বিনামূলীয়া এই প্লেটফৰ্মটোৰ মূল লক্ষ্য হৈছে ডিজিটেল মাধ্যমত উপলব্ধ অসমীয়া সমলসমূহ সৰ্বসাধাৰণ ৰাইজৰ বাবে অধিক সহজলভ্য কৰি তোলা।

উদ্যোক্তাসকলৰ মতে, “Project Pathok”-এ Artificial Intelligence (AI) প্ৰযুক্তিৰ সহায়ত অসমীয়া Unicode text-ক স্বাভাৱিক মানুহৰ মাতত ৰূপান্তৰ কৰিবলৈ সক্ষম। ব্যৱহাৰকাৰীয়ে কেৱল যিকোনো অসমীয়া গদ্য copy-paste কৰি অথবা কোনো webpage link প্ৰদান কৰিলেই সম্পূৰ্ণ বিষয়বস্তুটো অসমীয়া কণ্ঠত শুনিব পাৰিব। এই সঁজুলিটো শিক্ষা, সুলভতা , অনলাইন পঢ়া-শুনা, গৱেষণা আৰু ডিজিটেল জগতত অসমীয়া ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অতি উপযোগী হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। বিশেষকৈ, “Project Pathok” “Xobdo Boroxa 1.0” নামৰ এটা neural Assamese Text-to-Speech model-ৰ ওপৰত আধাৰিত। প্ৰায় চাৰি ঘণ্টাৰ উচ্চ মানদণ্ডৰ অসমীয়া কণ্ঠ-তথ্য ব্যৱহাৰ কৰি ইয়াক প্ৰশিক্ষণ দিয়া হৈছে। এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যৱহাৰকাৰীৰ browser-ৰ ভিতৰতে চলাৰ ফলত প্ৰথমবাৰ ল’ড হোৱাৰ পিছত ই ডিভাইচটোত ভয়েচ মডেল সংৰক্ষণ কৰি ৰাখে। ফলস্বৰূপে ইণ্টাৰনেট সংযোগ নোহোৱাকৈও (offline) ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। উল্লেখযোগ্য যে, ব্যৱহাৰকাৰীৰ কোনো গদ্য বা অডিঅ’ কোনো চাৰ্ভাৰলৈ পঠোৱা নহয়। ফলত ব্যৱহাৰকাৰীৰ privacy সম্পূৰ্ণৰূপে সুৰক্ষিত থাকে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। অসমীয়া ডিজিটেল ভাষাৰ আন্তঃগাঁথনি (digital language infrastructure) অধিক শক্তিশালী কৰি তোলা আৰু আঞ্চলিক ভাষাসমূহৰ বাবে সহজলভ্য AI সঁজুলি গঢ়ি তোলাৰ এক বৃহৎ সামূহিক প্ৰচেষ্টাৰ অংশ হিচাপে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। বিকাশকসকলে আশা প্ৰকাশ কৰিছে যে এই পদক্ষেপে অধিক সংখ্যক লোকক ডিজিটেল অসমীয়া সমল সহজে পঢ়িবলৈ, শুনিবলৈ আৰু বুজিবলৈ সহায় কৰিব। এই প্ৰকল্পটোৰ কাৰিকৰী সমন্বয় আৰু উন্নয়নৰ দায়িত্ব পালন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ DUIET-ৰ ড° পৰীস্মিতা গগৈ আৰু Team Assam AI Initiative (AAII-আই)-এ। ইয়াৰ বাবে কণ্ঠদান কৰিছে শ্ৰীমতী বৰ্ষা বন্দিতাই। আনহাতে, প্ৰাৰম্ভিক তথ্য সংগ্ৰহ আৰু ব্যৱস্থাপনা সহায় আগবঢ়াইছে ড° অঞ্জল বৰা আৰু শ্ৰী অবিনাশ হাতীকাকতীয়ে। উল্লেখ্য যে, “Project Pathok” এতিয়া সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাইজৰ বাবে উপলব্ধ। ডেস্কটপ ব্যৱহাৰকাৰীসকলৰ বাবে, বিশেষকৈ Chrome browser ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে Assamese Text-to-Speech Chrome Extension-ও মুকলি কৰা হৈছে। এই extension-ৰ সহায়ত ব্যৱহাৰকাৰীয়ে যিকোনো ৱেবপেজত থকা অসমীয়া গদ্য নিৰ্বাচন কৰি বা right-click কৰি সহজেই সম্পূৰ্ণ পৃষ্ঠাটো শুনিব পাৰিব।

Project Pathok: https://www.xobdo.org/project_pathok/

Chrome Extension: https://chromewebstore.google.com/detail/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A6%A2%E0%A6%BC%E0%A6%95-%E2%80%94-assamese/ejfhaoacenoloahojdjanfagelhpdkoc

Landing Page: https://aaiiaxomi.github.io/assamese-tts-reader/

13/05/2026

ৰূপালী জয়ন্তীত ডঃ হিমন্ত বিশ্ব শৰ্মা

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when SUNMOON ASAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SUNMOON ASAM:

Shortcuts

Share