SUNMOON ASAM

SUNMOON ASAM আপোনাৰ মঞ্চ আপোনাৰ
কণ্ঠ

31/07/2025

■তলাতল ঘৰৰ সুৰংগটো দেখিছেনে?
■সুৰংগটো কিমান দীঘল?
■শিৱসাগৰৰ ৰংপুৰত থকা ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ(১৭৫১-৬৯)ৰ ৰাজত্ব কালত। এই ঐতিহাসিক ৰাজপ্ৰাসাদটো প্ৰায় ৩০০বছৰ পুৰণি।

29/07/2025

●অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন ক'লৈ স্থানান্তৰিত হ'ব?
●অসমত এখনেই আছে মহিলা বিশ্ববিদ্যালয়। যোৰহাটৰ ৰৰৈয়াৰ আছে এই বিশ্ববিদ্যালয়খন।
অৱশ্যে, ৰৰৈয়াৰ পৰা স্থানান্তৰিত হ'ব অসম মহিলা বিশ্ববিদ্যালয়...

28/07/2025

■ড০ ভূপেন হাজৰিকাৰ গীতৰ লহৰত ৰজনজনাই উঠিছে আকাশ বতাহ
■সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ স্পৰ্শ কৰিব ৮ চেপ্টেম্বৰ, ২০২৫ত । এই উপলক্ষ্যত ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ উদ্যোগত দেশৰ বিভিন্ন স্থানত ভূপেন্দ্ৰ সঙ্গীতৰ কৰ্মশালা অনুষ্ঠিত হৈছে, হ'ব। মৰাণৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত এনে কৰ্মশালা অনুষ্ঠিত হৈ যায়।

27/07/2025

#প্রথম_অসমীয়া_স্বীকৃতিপ্ৰাপ্ত_ৰেকৰ্ডিং_কোম্পানী


#প্রতিষ্ঠাপক (Founder): মঞ্জুলা হাজৰিকা (Manjula Hazarika)
#উপদেষ্টা (Advisor): ড° ভূপেন হাজৰিকা (Dr. Bhupen Hazarika)

#কণ্ঠ (Voice): কুইন দাস (Queen Das), অসীম হাজৰিকা (Aseem Hazarika)
#কণ্ঠ (Voice): সূৰ্য দাস (Surya Das), বাণীকণা ঘোষাল (Banikona Ghosal)
#কণ্ঠ (Voice): উমেশ গগৈ (Umesh Gogoi), সুলেখা ডেকা (Sulekha Deka)
#কণ্ঠ (Voice): প্ৰমিলা শৰ্মা (Promila Sharma), বঙ্কিম কলিতা (Bankim Kalita)
#কণ্ঠ (Voice): অৰূপ দত্ত (Arup Dutta), মীৰা দাস চহৰীয়া (Meera Das Chaharia)
#কণ্ঠ (Voice): অঞ্জলী কটকী (Anjali Kataki), সুৰ্য্য দাস (Surjya Das), দীপ্তি দাস (Deepti Das), ৰুণজুন ফুকন (Runjun Phukan), হিমাদ্রী শৰ্মা (Himadri Sharma)
#কণ্ঠ (Voice): লীনা ভূঞা (Leena Bhuyan), হেমেন দাস (Hemen Das), ইৰা তহবিলদাৰ (Ira Tahbildar)
#যন্ত্র সংগীত (Instrumental Music): কনিকা দাস (Kanika Das)

#৮চেপ্টেম্বৰ, ২০২৫ত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ স্পৰ্শ কৰিব। এই উপলক্ষ্যত ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ উদ্যোগত অসমৰ বিভিন্ন স্থানৰ লগতে দেশৰ প্ৰান্তে-প্ৰান্তে ভূপেন্দ্ৰ সঙ্গীতৰ কৰ্মশালা অনুষ্ঠিত হৈছে, হ'ব। মৰাণৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত কৰ্মশালাত ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাৰ সৈতে কুশল খনিকৰৰ এক সাক্ষাৎকাৰ...

26/07/2025

■পূৰণ হ'লনে ভূপেনদাৰ অন্তিম ইচ্ছা ?
■ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ স্পৰ্শ কৰিব ৮ চেপ্টেম্বৰ, ২০২৫ত । এই উপলক্ষ্যত ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ উদ্যোগত অসমৰ বিভিন্ন স্থানৰ লগতে দেশৰ প্ৰান্তে-প্ৰান্তে ভূপেন্দ্ৰ সঙ্গীতৰ কৰ্মশালা অনুষ্ঠিত হৈছে, হ'ব। মৰাণৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত এনে কৰ্মশালা অনুষ্ঠিত হৈ যায়। কৰ্মশালাত বিশিষ্ট সংগীত শিল্পী তথা ন্যাসৰ উপসভাপতি মনিষা হাজৰিকাৰ সৈতে কুশল খনিকৰৰ এক সাক্ষাৎকাৰ...

23/07/2025

#কলাগুৰু_বিষ্ণু_প্ৰসাদ_ৰাভাৰ_অন্তিম_গীতটো

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অন্তিম গানটো ক'ত আৰু কেতিয়া লিখিছিল? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহৰ বিষয়ে তেওঁৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ এক পৰ্যালোচনা

■লেপেটকটা চাহ বাগিচাত চকু আৰু ডায়েবেটিছ পৰীক্ষা শিবিৰ সম্পন্ন ■ডিব্ৰুগড় লায়ন্স ক্লাবৰ সহযোগ■ডিব্ৰুগড়, ৮ জুলাইঃ লক্ষ্...
08/07/2025

■লেপেটকটা চাহ বাগিচাত চকু আৰু ডায়েবেটিছ পৰীক্ষা শিবিৰ সম্পন্ন
■ডিব্ৰুগড় লায়ন্স ক্লাবৰ সহযোগ
■ডিব্ৰুগড়, ৮ জুলাইঃ লক্ষ্মী টি কোম্পানী প্ৰাইভেট লিমিটেডৰ লেপেটকটা চাহ বাগিচা হাস্পতালে ডিব্ৰুগড়ৰ লায়ন্স ক্লাবৰ সহযোগত এক ব্যাপক চকু আৰু ডায়েবেটিছ পৰীক্ষা শিবিৰৰ আয়োজন কৰে, য’ত বাগিচাখনৰ সামূহিক স্বাস্থ্যসেৱা আৰু দৃষ্টিশক্তি সুস্থতাৰ প্ৰতি অব্যাহত থকা দায়বদ্ধতাক পুনৰ দৃঢ় কৰাত সহায়ক হ'ব। শিবিৰটোত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ ছাইকত পাত্ৰকে ধৰি কেইবাগৰাকী বিশিষ্ট অতিথি আৰু স্বাস্থ্যসেৱা পেছাদাৰী ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড়ৰ লায়ন্স ক্লাবৰ সম্পাদক সঞ্জীৱ চেটাৰ্জী, সভাপতি মালয় চক্ৰৱৰ্তীৰ লগতে প্ৰখ্যাত চকুৰোগ বিশেষজ্ঞ ডাঃ আলোক বৰুৱা, ডাঃ শইয়া গুপ্তা আৰু ডাঃ নোমিছা লাডু। ডিব্ৰুগড়ৰ লায়ন্স ক্লাবৰ সাতজন নিষ্ঠাবান সদস্যই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সমগ্ৰ পদক্ষেপটোত তেওঁলোকৰ বহুমূলীয়া সহায় আগবঢ়ায়। এই শিবিৰত ১৩২ জন ব্যক্তিৰ চকুৰ পৰীক্ষা কৰা হয়। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল(এ এম চি এইচ)ত অস্ত্ৰোপচাৰৰ বাবে ২০ জন কেটাৰেক্ট ৰোগী চিনাক্ত কৰা হয়।সমান্তৰালভাৱে ডায়েবেটিছ স্ক্ৰীনিং কেম্পো অনুষ্ঠিত কৰা হৈছিল, য’ত ৩৯ জন ব্যক্তিক পৰীক্ষা কৰা হৈছিল। ইয়াৰে কেৱল এজন ব্যক্তিৰ ডায়েবেটিছ বুলি ধৰা পৰিছিল।
এই পদক্ষেপক প্ৰশংসা কৰি ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ ছাইকত পাত্ৰই কয় যে, এনে ধৰণৰ স্বাস্থ্য সেৱাকাৰ্যসূচীয়ে গ্ৰাম্য এলেকা আৰু চাহ বাগিচাৰ সম্প্ৰদায়ৰ হৃদয়লৈ অত্যাৱশ্যকীয় সেৱাসমূহ আনে, য’ত এতিয়াও সেৱালাভ এক প্ৰত্যাহ্বান হিচাপে অৱস্থান কৰি আছে।
এই উপলক্ষে ভাষণ দি লেপেটকটা চাহ বাগিচাৰ পৰিচালক ৰজত দাসে কয় যে, এই শিবিৰটোৰ দ্বাৰা শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্য আৰু সুখৰ প্ৰতি বাগিচাৰ কৰ্তৃপক্ষৰ দীৰ্ঘম্যাদী দায়বদ্ধতাৰ প্ৰতিফলন ঘটিছে।

এই যৌথ প্ৰচেষ্টাটোৱে লক্ষ্মী চাহ আৰু ইয়াৰ সহযোগীসকলৰ প্ৰতিৰোধযোগ্য স্বাস্থ্যজনিত সমস্যাসমূহৰ সমাধান, স্বাস্থ্যসম্মত সমাজ গঠন আৰু চাহ বাগিচা অঞ্চলসমূহত জীৱনযাত্ৰাৰ মান উন্নত কৰাৰ প্ৰতি অৱিৰত প্ৰতিশ্ৰুতিকেই দাঙি ধৰিছে বুলি তেওঁলোকে উল্লেখ কৰে।

■ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সম্পন্ন■শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনি...
27/06/2025

■ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সম্পন্ন
■শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন দিব পাৰে — ড° বুলজিৎ বুঢ়াগোহাঁই।

●গুৱাহাটী, ২৭ জুনঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ২৭ জুনৰ সন্ধিয়া ৬.৩০ বজাত এখন কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ অনুষ্ঠিত হয়। এই ৱেবিনাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই। ড° বুঢ়াগোহাঁয়ে উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ পাছত অধ্যয়নৰ বিকল্প, কেৰিয়াৰৰ পথসমূহ আৰু ইয়াৰ লগত জড়িত গুৰুত্বপূর্ণ দিশসমূহৰ বিষয়ে আলোকপাত কৰে। কেৱল শিক্ষানুষ্ঠানবোৰৰ আকৰ্ষণীয় বিজ্ঞাপনৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলে কোনো পাঠ্যক্ৰমত নাম ভৰ্তি কৰা যে উচিত নহয় সেই বিষয়ে তেওঁ আলোচনা কৰে। শিক্ষাৰ্থীসকলে কোনো পাঠ্যক্ৰমত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা, ডিগ্রীৰ মর্যাদা, ব্যৱস্থা, স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য জানি ল’ব লাগে বুলি ড° বুঢ়াগোহাঁয়ে উল্লেখ কৰে।
কেৰিয়াৰ পৰামৰ্শদাতাগৰাকীয়ে উল্লেখ কৰে যে শিক্ষাৰ্থীসকলে কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাত কেৱল উত্তীৰ্ণ হোৱাটোহে পৰ্যাপ্ত নহয়; সফলতা তেতিয়াহে সম্ভৱ, যেতিয়া শিক্ষাৰ্থীসকলে নিজৰ অভ্যন্তৰীণ সক্ষমতা, আগ্ৰহ আৰু জীৱনৰ লক্ষ্যৰ সৈতে সঙ্গতিপূৰ্ণ উপযুক্ত কেৰিয়াৰ বাছনি কৰে। কেৱল ডিগ্ৰী থাকিলেই যথেষ্ট নহয়; আজিৰ প্ৰতিযোগিতামূলক যুগত বাস্তৱিক দক্ষতা ,ব্যৱহাৰিক জ্ঞান আৰু সময়ৰ চাহিদা অনুসৰি শিক্ষাৰ্থীসকলে সদায় আপডেট কৰি ৰাখিবলৈ সক্ষম হোৱাটো অত্যাৱশ্যক। চাকৰিৰ বাহিৰেও শিক্ষাৰ্থীসকলে নিজৰ সৰু-বৰ উদ্যোগ গঢ়ি তোলা বা ব্যৱসায়-বাণিজ্য আৰম্ভ কৰাৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’ব পাৰে , লগতে আনকো কৰ্মসংস্থাপন দিব পাৰে বুলি ড° বুঢ়াগোহাঁয়ে মন্তব্য দিয়ে । অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদে আৰু সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মাই ৱেবিনাৰখনত উপস্থিত থাকি মন্তব্য প্রদান কৰে। কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে ৱেবিনাখনত অংশগ্রহকাৰীসকলৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে সন্ধিয়া ৬বজাৰৰ পৰা ৯ বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শৰ আগবঢ়োৱা বিষয়েও ড° বুলজিৎ বুঢ়াগোহাঁয়ে অৱগত কৰে ।

22/06/2025

#বিষ্ণুপ্ৰসাদ_ৰাভা_আৰু_দহ_বছৰীয়া_ভূপেন_হাজৰিকাৰ_কণ্ঠ
#বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠত মোৰে জীৱনৰে সখা কৃষ্ণ আৰু দহ বছৰ বয়সীয়া ভূপেন হাজৰিকাৰ কন্ঠত সুৰৰে দেউলৰে।
#পাঁচ হাজাৰৰোধিক গ্ৰামোফোন ৰেকৰ্ড আৰু কেইবাটাও আপুৰোগীয়া গ্ৰামোফোন যন্ত্ৰৰে সমৃদ্ধ অসমৰ একমাত্ৰ সংগহালয়টো হ'ল 'অসমীয়া গীত আৰু নাটকৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠান'। মৰাণত থকা এই সংগ্ৰহালয়টোৰ প্ৰতিস্থাপক, সংগ্ৰাহক তথা সঞ্চালক উমানন্দ দুৱৰা। এই সংগ্ৰহালয়ত ভূপেন হাজৰিকাৰ কন্ঠত প্ৰথম বাণীবদ্ধ কৰা (১০ বছৰ বয়সত) গীতটোৰ লগতে ভূপেন হাজৰিকাৰ কন্ঠত বাণীবদ্ধ হোৱা কমেও ৪৫০টা গানৰ গ্ৰামোফোন ৰেকৰ্ড আছে এই সংগ্ৰহালয়টোত।

21/06/2025


#পাঁচ হাজাৰৰোধিক গ্ৰামোফোন ৰেকৰ্ড আৰু কেইবাটাও আপুৰোগীয়া গ্ৰামোফোন যন্ত্ৰৰে সমৃদ্ধ অসমৰ একমাত্ৰ সংগহালয়টো হ'ল 'অসমীয়া গীত আৰু নাটকৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠান'। মৰাণত থকা এই সংগ্ৰহালয়টোৰ প্ৰতিস্থাপক, সংগ্ৰাহক তথা সঞ্চালক উমানন্দ দুৱৰা। এই সংগ্ৰহালয়ত ভূপেন হাজৰিকাৰ কন্ঠত প্ৰথম বাণীবদ্ধ কৰা (১০ বছৰ বয়সত) গীতটোৰ লগতে ভূপেন হাজৰিকাৰ কন্ঠত বাণীবদ্ধ হোৱা কমেও ৪৫০টা গানৰ গ্ৰামোফোন ৰেকৰ্ড আছে এই সংগ্ৰহালয়টোত।
এই সংগ্ৰহালয়টোলৈ গুৱাহাটীৰ সীমা বৰুৱাই ৪জুন, ২০২৫ত কেইবাখনো হিন্দী আৰু অসমীয়া গীতৰ গ্ৰামোফোন ৰেকৰ্ড আগবঢ়াই সংগ্ৰহালয়টোৰ ভঁৰাল সমৃদ্ধ কৰিলে।

■২৭ জুনত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ■গুৱাহাটী, ১৩ জুনঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ  মেকান...
13/06/2025

■২৭ জুনত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ
■গুৱাহাটী, ১৩ জুনঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ২৭ জুনৰ সন্ধিয়া ৬.৩০ বজাৰ পৰা এখন বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ অনুষ্ঠিত হ’ব। ৱেবিনাখনত সমলব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । এই ৱেবিনাৰখনত অষ্টম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীসকলে অংশগ্রহণ কৰিব পাৰিব, লগতে পিতৃ-মাতৃ বা অভিভাৱকসকলেও অংশগ্রহণ কৰিব পাৰিব। এই ৱেবিনাখনি গুগল মিটৰ যোগেদি অনুষ্ঠিত হ’ব আৰু ইয়াত যোগদান কৰিবৰ বাবে ক’ড (code) হ’ল nzk-ynhq-kuu । এই ৱেবিনাখনিৰ সবিশেষ জানিব বিচৰা আগ্রহী শিক্ষাৰ্থী তথা পিতৃ-মাতৃ আৰু অভিভাৱকসকলে ই-মেইল ( [email protected] ) বা হোৱাটচএপত (৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰিব ।

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when SUNMOON ASAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SUNMOON ASAM:

Share