19/07/2025
এন এফ ৰে'লৱে অ'বিচি কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় যান্ত্ৰিক কাৰখানা সমিতিৰ কার্যালয় মুকলি ।
এন এফ ৰে'লৱে অ'বিচি কৰ্মচাৰী সন্থা ডিব্ৰুগড় যান্ত্ৰিক কাৰখানা সমিতিৰ কার্যালয় উদ্বোধন কৰে। কাৰ্যালয়টো উদ্বোধন কৰাৰ অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় কুমাৰ সিং। স্মৃতি তর্পণ কৰে সংগঠনৰ তিনচুকীয়া মণ্ডলৰ সাধাৰণ সম্পাদক গণেশ গগৈৰ লগতে ডিব্ৰুগড় যান্ত্ৰিক কাৰখানা সমিতি সম্পাদক অনন্ত গগৈ। বন্তি প্ৰজ্বলন কৰে সংগঠনৰ তিনচুকীয়া মণ্ডলৰ সভাপতি অনিল কুমাৰ মৌৰিয়া। ইয়াৰ পাছতেই ডিব্ৰুগড়ৰ যান্ত্ৰিক কাৰখানাৰ সমিতি কার্যালয়টো উদ্বোধন কৰে এন এফ ৰে'লৱে অ'বিচি কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ভি.পি ৰামাৰাওৱে। কার্যালয়টো উদ্বোধন কৰাৰ পাছতেই এক মুকলি সভাও অনুষ্ঠিত হয় । এই সভাত সভাপতিত্ব কৰে ডিব্ৰুগড় যান্ত্ৰিক কাৰখানাৰ সমিতিৰ কাৰ্য্যকৰি সভাপতি মৃদুল হাজৰিকাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে ডিব্ৰুগড় যান্ত্ৰিক কাৰখানাৰ সমিতিৰ সভাপতি মাধুৰ্য বৰুৱাই । সভাত উপস্থিত থাকে এন এফ ৰে'লৱে অ'বিচি কৰ্মচাৰীৰ সন্থাৰ যুটীয়া সম্পাদক ৰমেশ পল, সাংগঠনিক সম্পাদক এছ এম চৌধুৰী ,কার্যালয় সম্পাদক অনিল ডেকা, তিনচুকীয়া মণ্ডলৰ সহকাৰী বৃত্ত মাণ্ডলিক প্ৰৱন্ধক পুনৰ সিং , মালিগাওঁৰ সহকাৰী বৃত্ত উপদেষ্টা ৰভিকান গুপ্তা আৰু তিনচুকীয়া মণ্ডলৰ যুটীয়া সম্পাদক অনন্ত আৰান্ধৰা, সাংগঠনিক সম্পাদক দ্বীপ বিকাশ ফুকন, ৰীতা মাঝি, কায্যালয় সম্পাদক এম জে জে ৰাওৰ লগতে ডিব্ৰুগড়ৰ যান্ত্ৰিক কাৰখানাৰ সমিতিৰ বহুতো সদস্য সদস্যা উপস্থিত থাকে বুলি এন এফ ৰে'লৱে অ'বিচি কৰ্মচাৰী সন্থাৰ তিনচুকীয়া মণ্ডলৰ সাধাৰণ সম্পাদক গণেশ গগৈয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে মজদুৰ ইউনিয়নৰ সভাপতি শ্ৰী যুত ৰাকেশ কলিতা সম্পাদক হৰি চেত্ৰী, সাংগঠনিক সম্পাদক প্ৰনৱ দাস আজিৰ সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই। আজিৰ মুকলি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়্। ভবিষ্যতৰ দিনত ৰেলৱে কৰ্মচাৰী কল্যানৰ স্বাৰ্থত অবিচি কৰ্মচাৰী সন্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আজিৰ সভাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই সম্পাদক অনন্ত গগৈয়ে ।