15/08/2025
আজিৰ পৰা সাত আঠ বছৰ মান আগলৈকে শুনিলো, স্বাধীনতা আন্দোলনৰ জীৱন্ত ঘটনাৱলী। বৌটিৰ মুখেৰে। সৰুতে শুনিলো ককাৰ মুখেৰে। গাঁৱে গাঁৱে বৌতিহতে শাৰী শাৰী হৈ জ্যোতি বিষ্ণুৰ গান গায় গায় এবেলা খোজ কাঢ়ি গৈ যোৰহাটত গণ সমাবেশত অংশ লৈছিল গৈ। ওখ বাঁহেৰে সজা চাঙৰ ওপৰত গান্ধীজীক দেখিছিল। ভাষণ শুনিছিল। বুকুত এপথাৰ সাহস বান্ধি এমুঠি কেঁচা বুট চোবাই চোবাই আকৌ খোজ কাঢ়ি ঘৰ আহি পাইছিল এন্ধাৰ বেলি। ৰাতি আকৌ চুবুৰীত মিটিং। পতাকা সাজিব লাগে, গান শিকিব লাগে। কত কাম। পিছদিনা পুৱাই আকৌ ওলাল "বন্দে মাতৰম"।
আৰু ককা...
ককা জীৱনৰ শেষ সময়লৈকে গান্ধীজীৰ আদৰ্শৰে থাকিল। নিজে কটা কপাহী কাপোৰৰ বাদে একো পিন্ধা নেদেখিলোঁ। আমাকো শিকালে, সূতা লবলৈ, পাজি বনাবলৈ, গছৰ পৰা কপাহ আনি গুটি গুচাই নেউঠনিত লোৱালৈকে সকলো। ভাগে ভাগে আনি দিছিল সৰু সৰু পিতলৰ তাকুৰী। স্বাধীনতা আন্দোলনৰ আগৰণুৱা ব্যক্তি আছিল। সেই বাবেই হয়তো বিনোৱা জীৰ দৰে চিৰ নমস্য ব্যক্তিৰ পদধুলা পৰিছিল আমাৰ ঘৰত। তিনি চামুচ গাখীৰ খাই গৈছিল। গৌৰৱ কৰোঁ তাকে লৈ মই। আৰু আজীৱন গৌৰৱ কৰি যাম। ককাই আন্দোলন কৰি জেলতে পাৰ কৰিছিল বহু সময়। জেলতে লগ পাইছিল বহু বৰেণ্য ব্যক্তি। স্বাধীনতাৰ পাছতো ককা ৰাজহুৱা হৈয়ে থাকিল।
শঙ্কৰদেৱ সেৱাশ্ৰম খুলিব বিচাৰিছিল শিক্ষিত যুৱ সমাজৰ বাবে। যুৱক যুৱতীৰ বাবে কপাহী কাপোৰৰ কাৰখানা। ধেই মেচিন আনিলে। বুকুৰ কামিহাৰো ভাঙিলে। তথাপিও ৰৈ নিদিলে। বেপাৰী বনিকে দখল কৰিলে মাটি। ২৬ বছৰ কৰ্টলৈ অহা যোৱা...
হেমভাই ডাঙৰীয়াৰ বৰ প্ৰিয় আছিল ককা ।
আগতে স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসৰ দিনা আমাৰ বৰ ভাল লাগে ঘৰত থাকি। ৰাতিপুৱাই আৰ্মি আহে। ঘৰৰ সকলোকে বাহিৰলৈ মাতে। শাৰী পাতি থিয় হবলৈ কয়। ঘৰৰ জ্যেষ্ঠ জনক গামোচা পিন্ধাই আৰু আমাক সকলোকে salute কৰে। মিঠাই দিয়ে। বুকুখন চাৰি ইঞ্চি মান বহল হৈ যায়। এইখন মোৰ দেশ।
এতিয়া ককা নাই। বৌতিও নাই। সেই দিনো নাই।
এতিয়া পইছাৰ যুগ। ককা আৰু বৌতিয়ে যিটো আমাৰ কাৰণে থৈ যোৱা নাই , আৰু আমিও যিটো কেতিয়াও বিচৰা নাই - টকা, পইচা, মাটি, সম্পত্তি।
ককা আৰু বৌটিয়ে আমালৈ থৈ গল এসাগৰ সাহস, এসাগৰ গৌৰৱ।
আজিকালি স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসটো পইছাৱালা দুজনমানকহে বিশিষ্ট অতিথিৰ আখনত দেখো। যাবলৈ মন নাযায়।
সেয়ে ঘূৰি ফুৰো। অৰঙে দৰঙে। বুকুৰ মাজতে সেই গৌৰৱ, সেই সাহস সযতনে সাঁচি।
বন্দে মাতৰম।