Troilokya Nath

Troilokya Nath music is my passion.

03/09/2026

ধৰ্ম ভকতিৰ নামত ভণ্ডামি কৰি থকা সকলক ৰাইজে avoid কৰিব লাগে। এই কেইটাই সমাজ, গাওঁ সকলো ভাঙে। ইহঁতৰ স্বভাৱটো নিগনিৰ নিচিনা। আন্ধাৰত কুটি খায়। সুবিধা পালেই ইহঁতৰ মুখা খুলিব লাগে।

কিবা প্ৰকাৰে ৰুগীয়া মানুহ এজন পালেই কোম্পানী মানুহ খিনি বলিয়া হৈ যায়। বিধৰ বিধৰ বস্তু। Toothe paste ৰ পৰা চাহ পাতলৈকে,...
02/09/2026

কিবা প্ৰকাৰে ৰুগীয়া মানুহ এজন পালেই কোম্পানী মানুহ খিনি বলিয়া হৈ যায়। বিধৰ বিধৰ বস্তু। Toothe paste ৰ পৰা চাহ পাতলৈকে, ভিটামিন, প্ৰটিন, মিনাৰেলচৰ সাগৰ এখন লৈ আহে।
কোনোদিন কিছুমান কথা নকয় আক। বেমাৰটো ভাল হব বুলি নকয়। এইবোৰ ঔষধ বুলি নকয়। নিজক বচাই ৰাখে।
লগত ডাঙৰ ডাঙৰ ৰঙীন কিতাপ দুখনমান। টাই কুট পিন্ধা চাহাব কেইটামানৰ ফটো থকা।
বুজাব ৰোগীজনক । পৃথিৱীৰ আটাইতকৈ উত্তম বস্তু কেইটা সেইকেইটা। একেবাৰে প্ৰাকৃতিক ভাবে উৎপাদন হোৱা বস্তুৰ পৰা প্ৰস্তুত কৰা।
ঔষধ নহয় কিন্তু। কিবা Supliment। সাধাৰণতে আমি খোৱা খাদ্যত নথকাবোৰ তাত আছে। সেইবোৰে বেমাৰৰ পৰা ৰক্ষা কৰে শৰীৰটো।
দাম?....
ভাওনা কৰি জীয়াই থকা মানুহে নোসোধাই ভাল।
"ভাল হবনে?" উত্তৰ কিন্তু নাথাকে।
কৰ পৰা থাকিব। কোম্পানীয়ে উত্তৰ দিয়া নাই।
"সাধাৰণ মানুহেও খাব পাৰে।" তেনেকৈয়ে কয় ।
এটা কথাত মই নিশ্চিত যে সাধাৰণ মানুহে খোৱাৰ দৰে ৰোগীয়ে খালে নহব। পানী লগা জ্বৰ হলেও সাধাৰণ পানী নাখায়, গৰম পানী অকণমানহে খায়।

বেমাৰৰ বিষে আমাক সিমান আমনি নিদিয়ে যিমান কামোৰ এই কোম্পানীৰ চাকৰ বোৰে দিয়ে।
খাটাং কলো, আপোনাৰ ঘৰলৈ যদি যায়, কিবা নহয় কিবা এটা দিহে আহিব। দেতাৰ দৰে মানুহক পালে আৰু লাগিছে কি। আমি সকলোতে ভাল দেখা মানুহ। দি থৈ যায় এসোপামান । দুদিনমান পিছত পইচা দিলেও হব।
অসুবিধা বোৰ কলেও নুবুজে। ওলোটাই বুজায় দেতাৰ স্বাস্থ্যটোৰ কথা চিন্তা কৰিব লাগিব। ভালে ৰাখিব লাগিব মানুহজনক।
কৈ দিলোঁ, কৃত্ৰিম ভাৱে দেতাক মই নাৰাখোঁ। প্ৰাকৃতিক ভাবে উপলব্ধ যিখিনি দেতাই খাই আছে, সেইখিনিৰেই দেতাই আৰাম পাইছে। বেজী লবলৈ ভয় কৰা মানুহ দেতা।

আহিব সকলো । কোম্পানীৰ মানুহ লৈ বা বস্তু অথবা কোম্পানীৰ বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ নাহিব। দেতাৰ কাৰণে কিবা কৰিব বিচাৰিলে পকা অমিতা এটা লৈ আহিব। বাৰীৰ মধুৰী এটা লৈ আহিব।
তাতোকৈও যদি দেতাক শক্তি দিওঁ বুলি ভাবিলে কিতাপ এখন লৈ আহিব। পাৰিলে পঢ়ি আহিব। দুষাৰ কথা পাতিব পৰাকৈ। দেতাই আনন্দ পাব।
( ফটো খন আগৰ। হাত খন এতিয়া ভাল)

নিজৰ কামখিনি ডাঙৰ পৰ্দাত নিজেই চোৱাৰ আনন্দই সুকীয়া। নিজৰ নামটো ওলোৱালৈ বাট চাই থকা। নিজৰ মাতটো ওলোৱালৈ বাট চাই থকা। নিজ...
30/08/2026

নিজৰ কামখিনি ডাঙৰ পৰ্দাত নিজেই চোৱাৰ আনন্দই সুকীয়া।
নিজৰ নামটো ওলোৱালৈ বাট চাই থকা।
নিজৰ মাতটো ওলোৱালৈ বাট চাই থকা।
নিজৰ চেহেৰাটো ...
উহহ.. ইহঁত কেইটাৰ উকি...
কবই নালাগে। কলা হওঁ বা ভটঙাই হওঁ, নিজৰ মুখ খন নিজৰেই। কোনেও ভাল নেদেখিলেও নিজৰ ।
আনতকৈ ধুনীয়া নেদেখিলেও কোনোবা খিনিত বৰ ভাল পাওঁ। চুলি নথকা ছালখনৰ তলৰ প্ৰবল আত্মবিশ্বাসী, স্বাভিমানী চেহেৰাটো কোনোবাখিনিত ভাল পাওঁ।

28/08/2026

কৰি চাওঁ বুলি কৈছে।
মই বোলো কৰা।
এইখন ঘৰত থাকি ইয়াকে যদি নকৰা কৰিবা কি ?
দেহাই টানক নাটানক পিছৰ কথা।
সিদিনা শিৱসাগৰ দেখিলোঁ, কালি নেপাল দেখিলোঁ।
জীৱনৰ একো ভৰষা নাই। কেতিয়া উটুৱাই নি কত ওলোমাই থয়।
মনযোৱাবোৰ কৰি যোৱা। বাকী বাদ।

27/08/2026

এখোজ দুখোজকৈ আগবাঢ়িছে।
আজি অকণমান শক্তি পালোঁ। বিতুল আহিল।
বিতুল মানে বিতুল দুৱৰী।
বৰ সুন্দৰ বাঁহী বজাই। মাৰ্জিত, অমায়িক ।
শিল্পী বুলি যিসকলক চিনাকী দিব পাৰি তাৰে এজন।
মই কিছুমান ক্ষেত্ৰত সাৱধান হওঁ। বিশেষকৈ কোনো বিষয় শিক্ষা গ্ৰহণ আৰু শিক্ষা দানৰ ক্ষেত্ৰত।
ছাত্ৰ ছাত্ৰীৰ প্ৰাথমিক ভেটি মজবুতকৈ গঢ়িব জনা জনৰ ওচৰত শিক্ষা গ্ৰহণ উত্তম বুলি ভাবোঁ।
কোনো বিষয়ৰ যদি প্ৰাথমিক জ্ঞান ভাল নহয় তেতিয়াহলে ভৱিষ্যতে বিপদত পৰাৰ ভয় থাকে। বিতুল মোৰ সেই বিশ্বাসৰ শিল্পী।
এইয়া মোৰ আৰম্ভণিহে। মোৰ যাত্ৰা বহু দূৰলৈ।
এখন সপোন ৰাজ্য।
যত কেৱল থাকিব চৰ্চা, পলে পলে জীৱনৰ আখৰা।

দেখাত মই লেতেৰা যদিও পৰিষ্কাৰ মই ভাল পাওঁ।মোৰ মন, মোৰ প্ৰাণ সকলো পৰিষ্কাৰ হৈ থকাটো বিচাৰো।যাবৰ জোথৰ, গেলা পচা বস্তু আঁতৰ...
27/08/2026

দেখাত মই লেতেৰা যদিও পৰিষ্কাৰ মই ভাল পাওঁ।
মোৰ মন, মোৰ প্ৰাণ সকলো পৰিষ্কাৰ হৈ থকাটো বিচাৰো।
যাবৰ জোথৰ, গেলা পচা বস্তু আঁতৰাই পেলাব পাৰি। নোহোৱা কৰাটো অত্যন্ত জটিল। দেখা জাবৰতকৈ নেদেখা জাবৰে মোক বেছি আমনি কৰে।
মনৰ যাবৰ।
মনৰ কলোষতা আঁতৰাই পেলোৱা সহজ নহয়।
অভ্যাস লাগে।
সেয়ে মোৰ আয়োজন। গাঁৱত থকা সময়খিনি লৰা ছোৱালী খিনিৰ লগত থাকোঁ। কিবা নহয় কিবা এটা কৰি। ব্যস্ত কৰি ৰাখোঁ সিহঁতক সৃষ্টিশীল কৰ্মৰ সৈতে। দুৰ্গন্ধ যাতে সিহঁতৰ কাষ নাচাপে। কেতিয়াবা নাচ, কেতিয়াবা নাটক, কেতিয়াবা খোল, কেতিয়াবা বাঁহী ইত্যাদি ইত্যাদি।
ভালকৈ একো নাজানো মই। কিন্তু মই নাজানো বুলিয়েই সিহঁতেও নজনাকৈ থাকিব নে?
সেয়ে যি মই শিকিলোঁ আৰু যি মই নাজানিলোঁ তাকে সিহঁতক দিবলৈ চেষ্টা কৰোঁ। সুবিধা পালে বিজ্ঞ জনক আনি সিহঁতৰ লগ লগাই দিওঁ। দুটা কথা শিকিব।
ব্যস্ত থাকিব সুন্দৰৰ সাধনাত।
পিছত সিহঁতে কি কৰিব মই নাজানো। এটা কথা কিন্তু জানো। দুৰ্গন্ধ সিহঁতে মোৰ ওচৰলৈ আহিব নিদিয়ে। কেতিয়াও নিদিয়ে।

গাঁৱৰ ডেকা সকল আহিল ।ভাওনা এখন কৰে। পিছদিনা গধূলি নামঘৰত ভাওনা খুলিব লাগে। আৰম্ভ কৰিবলৈ নাপালোঁৱেই। সৰু লৰা ছোৱালী কেইটা...
26/08/2026

গাঁৱৰ ডেকা সকল আহিল ।
ভাওনা এখন কৰে। পিছদিনা গধূলি নামঘৰত ভাওনা খুলিব লাগে। আৰম্ভ কৰিবলৈ নাপালোঁৱেই। সৰু লৰা ছোৱালী কেইটাই কি কৰিব। সিহঁতকো এখন কৰাব লাগে। পিছদিনা সন্ধ্যা মাতিলো। আহিলে। লগত মাক কেইগৰাকীও আহিল। ৰাতিলৈ সেই কেইগৰাকীৰ উৎপাত। আমাকো কৰাব লাগিব। বচ। মই বোলো "তথাস্তু।"
এতিয়া তিনিখনৰ চেষ্টা কৰি আছোঁ।
বেলেগ কথা এতিয়া গাঁৱত নাই।
পাক ঘৰতো ভাওনাৰ বচন। বাটতো বচন।
ৰাতি এক বজাত ঘৰলৈ আহি শুবলৈ লওঁ। কাষত থকা গৰাকীয়ে সোধে, "এইটো কেনেকৈ কম।"
গতিকে এই কেইদিন ৰাইজে প্ৰয়োজন হলে ফোন কৰাতকৈ মেচেজকে দিব। দেৰিকৈ হলেও চাম।

অ 😲, মামা দেখোন মোতকৈও এখোপ চৰা। মই সিংহাসন খন আগত লৈ গানিকাহে গালো। মামাই দেখোন সিংহাসনত মানুহ উঠাই দিলে। মই ৰাস্তাৰ কা...
25/08/2026

অ 😲, মামা দেখোন মোতকৈও এখোপ চৰা।
মই সিংহাসন খন আগত লৈ গানিকাহে গালো। মামাই দেখোন সিংহাসনত মানুহ উঠাই দিলে।
মই ৰাস্তাৰ কাষত সিংহাসন থলো। মামাই ৰাস্তাটোকে সিংহাসনৰ ওচৰলৈ লৈ গল।
এটা কথাত কিন্তু আমি সমান। মামাৰো চন্দ্ৰতাপ কিনিবলৈ পইচা নহল। মোৰো নহল। (মূৰৰ ওপৰত চন্দ্ৰতাপ এটাৰো নাই যে , সেই কাৰণে এইবোৰ ভাৱিবলৈ থাকি যায়।)

কৰবাত পঢ়িছিলোঁ, (কোনোবা এখন শাস্ত্ৰত)পাহৰিলোঁ। কোনোবাই জানে যদি মনত পেলাই দিবচুন। হৰিনাম বোলে সকলোতে লব পাৰে। নিয়ম, বিধি একো নহলেও চলে। এইটোত মোৰ আপত্তি নাই।

কুকুৰ আদি জীৱৰ বিষয়ে শঙ্কৰদেৱৰ এষাৰি ধুনীয়া বাক্য আছে। সকলোৱে জানে -
"কুকুৰ শৃগাল গৰ্ডভৰো আত্মা ৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।।"
বোলছবি খনৰ পৰিচালক অমিত ৰায় ডাঙৰীয়ালৈ অশেষ ধন্যবাদ। কীৰ্তন নপঢ়াকৈও এই কথাবিলাক অনুভৱ কৰাৰ বাবে।

25/08/2026

স্বাধীনতা পাই একেদিনাই চাৰিখন নাট কৰি পেলালো।
লৰাবোৰে যেনেকৈ 120/130 কিলোমিটাৰ স্পীডত বাইক চলাই সেইদিনা । ময়ো চলাই দিলোঁ সিদিনা নাটক মঞ্চায়নৰ স্পীড। মাধৱদেৱৰ 'পিম্পৰা গুচোৱা,' ' শঙ্কৰদেৱৰ ৰামবিজয়' আৰু ' কেলিগোপাল, আৰু নাটকৰ নটো নাজানিলেও নাটক বলিয়া ত্ৰৈলোক্য নাথ বোলাটোৰ 'শঙ্কৰ কহতু উপায়'।
পাছদিনাহে গম পাইছোঁ। ভৰি কত, কঁকাল কত, ডিঙি কত। চুলিৰ আঙুলিৰ পৰা ভৰিৰ নখলৈকে। আহ...
দুদিন পিছত স্কুলত গৈ এপাক ঘূৰি অহাৰ পিছতহে সঠিক ঠিকনালৈ আহিছে বস্তুবোৰ।
ভিডিঅ কৰা দূৰৰ কথা ফটো এখন তুলিবলৈও সুবিধা নাপালোঁ।
এতিয়া শুনিছোঁ , ৰাইজে বোলে "শঙ্কৰ কহতু উপায় " খন বৰ ভাল পালে। আচলতে তেনেকুৱা নহয়। আমাৰ বিদ্যালয়ত মানে আধাৰ জাতীয় বিদ্যালয়,শেনচোৱা পুখুৰী ত প্ৰতি বছৰে অংকীয়া নাট কৰি থকা হৈছে। কেতিয়াবা একেলেথাৰিয়ে সাত খনলৈকে নাট কৰা হৈছে। ষোল্ল বছৰ এনেদৰেই চলি আহিছে। এইবাৰ অকণমান বেলেগ সোৱাদ পোৱাৰ বাবেহে ৰাইজৰ তেনে লাগিছে।
ফটো দুখনমান দিব পৰা হলে ভাল আছিল। পিছে নাই।

Address

Dibrugarh

Telephone

+919531035260

Website

Alerts

Be the first to know and let us send you an email when Troilokya Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Troilokya Nath:

Shortcuts

Share