Janu Ahok

Janu Ahok দেশ-বিদেশৰ বহু নজনা কথা জানো আহক

সমুখৰ মানুহবোৰে আপোনাৰ এটা অংশহে দেখিছে।
09/04/2025

সমুখৰ মানুহবোৰে আপোনাৰ এটা অংশহে দেখিছে।

১০ মিনিট সময় লাগিল।
08/04/2025

১০ মিনিট সময় লাগিল।

তুমিয়েই তোমাৰ শত্ৰু । তোমাৰ বন্ধুও তুমি নিজেই ।
06/04/2025

তুমিয়েই তোমাৰ শত্ৰু । তোমাৰ বন্ধুও তুমি নিজেই ।

কোনো ঘটনা সংঘটিত হোৱা পূৰ্বেই তাৰ আগতীয়া অনুমান কৰিব পৰাজন চতুৰ। ঘটনা এটা সংঘটিত হোৱা পাছতো একো বুজি নোপোৱাজন মূৰ্খ।
05/04/2025

কোনো ঘটনা সংঘটিত হোৱা পূৰ্বেই তাৰ আগতীয়া অনুমান কৰিব পৰাজন চতুৰ। ঘটনা এটা সংঘটিত হোৱা পাছতো একো বুজি নোপোৱাজন মূৰ্খ।

এই ছোৱালী জনী ভালদৰে মন কৰক। তাইক দেখাত যদিও অলপো চাইনীজ ছোৱালী নিচিনা নালাগে সচা অৰ্থত তাই এগৰাকী চাইনিজ ছোৱালী। তাইৰ ম...
05/04/2025

এই ছোৱালী জনী ভালদৰে মন কৰক। তাইক দেখাত যদিও অলপো চাইনীজ ছোৱালী নিচিনা নালাগে সচা অৰ্থত তাই এগৰাকী চাইনিজ ছোৱালী। তাইৰ মাতৃভাষা চাইনীজ। তাইৰ নাম ফান জিহে (Fan Zihe) । ছচিয়েল মেডিয়াত তাইক লৈ বহু ধৰণৰ ভিডিঅ উপলব্ধ।

China Pakistan Economic Corridor চমুকৈ CPECৰ অধীনত কৰ্ম সূত্ৰে বা পঢ়া-শুনা সুত্ৰে পাকিস্তানলৈ চাইনীজ নাগৰিক আৰু চীনলৈ পাকিস্তানী নাগৰিকে অহা যোৱা কৰে। সেই CPECৰ অধনীতে কৰ্মসূত্ৰে আজিৰ পৰা প্ৰায় বিশ বাইশ বছৰ পূৰ্বে সূদূৰ চীনৰ পৰা পাকিস্তানলৈ ৰাওণা হৈছিল এটি চাইনীজ দাম্পত্তী। দাম্পত্তীহালৰ নামটো অৱশ্যে এতিয়াও ৰাজহুৱাকৈ মুকলি হোৱা নাই।
2002 বা 2003 চন মানৰ ঘটনা। এবাৰ সেই দাম্পত্তীহাল পাকিস্তানৰ কোনোবা এটি পথেৰে আহি থাকোতে হঠাতে কোনোবা কেচুৱাৰ মাত কাণত পৰিবলৈ ধৰিছিল। ইফালে সিফালে চাই দেখে এটি পানী-কেঁচুৱা। কেঁচুৱাটি কোনোবাই পেকেটত মেৰিয়াই পেলাই থৈ গৈছিল। অলপো পলম নকৰি সিহঁতে মানৱতাৰ খাতিৰত সেই কেচুঁৱাটি উদ্ধাৰ কৰে। তাৰপাছত বুতলি লৈ যায়। পাছত বহু ধৰণৰ অনুসন্ধান কৰিও কেঁচুৱাটিৰ মাক-বাপেকৰ কোনো গম গতি নোপোৱাত সিহঁতে চীন দেশলৈ সেই কেচুঁৱাটি লগত লৈ যাবলগা হৈছিল। অৱশ্যে দাম্পত্তীহালক এটি পুত্ৰহে আৱশ্যক আছিল।
চীনতে থাকি ডাঙৰ দীঘল হোৱা ফান জিহে পাছতহে লাহে লাহে গম পাইছিল তাই আচলতে পাকিস্তানীমূলৰ ছোৱালী। তাইক লগৰবোৰে লিটল ব্লেক অৰ্থাৎ “কণমাণি ক'লা” বুলি মাতিছিল। তাই আৰু তাইৰ মাক-বাপেকৰ মাজত দেখাত কোনো ধৰণৰ মিল নথকাত সকলোৰে তাইৰ অস্তিত্বক লৈ সন্দেহ উপজিছিল। তাৰপাছত সকলো কথা পোহৰলৈ আহিছিল।
এতিয়া কোনো সাংবাদিকে তাইক পাকিস্তানত থৈ অহাৰ কথা ক'লে তাই চিধা কয়, যিয়ে মৰক বুলি ৰাস্তাত পেলাই দিছিল সিহঁততকৈ যিয়ে ৰাস্তাৰ পৰা বুতলি আনি নতুনকৈ জীয়াই থকাৰ সুযোগ দিছিল সিহঁত বেছি আপোন।
#ফান #জিহে #পাকিস্তানী #ছোৱালী #চীনত

বিদ্যা বুদ্ধি মগজুত থাকে।
04/04/2025

বিদ্যা বুদ্ধি মগজুত থাকে।

ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলী প্ৰশাসন মিলি গাজাত বাস কৰা পেলেষ্টাইনীসকলক অন্য দেশলৈ স্থানান্তৰ কৰাৰ সম্পূৰ্ণ...
04/04/2025

ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলী প্ৰশাসন মিলি গাজাত বাস কৰা পেলেষ্টাইনীসকলক অন্য দেশলৈ স্থানান্তৰ কৰাৰ সম্পূৰ্ণ পৰিকল্পনা (planning) চলাই থকা দেখিবলৈ পোৱা গৈছে। হামাচে ভৱিষ্যতে পুনৰ ইজৰাইলীসকলৰ ওপৰত আক্ৰমণ চলোৱাৰ সম্ভাৱনালৈ চাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে। অৱশ্যে বহু বিশেষজ্ঞ (expert)ৰ মতে ইজৰাইলীসকলৰ এইটো এটা অজুহাতহে। আচল উদ্দেশ্যে গোটেই গাজা নিজৰ অধীনলৈ নিয়া।
গাজাবাসীক স্থানান্তৰ কৰিবলৈ ইজিপ্ত, জৰ্দান, চিৰিয়াৰ দৰে বহুকেইখন মুছলমান দেশে অসন্মতি প্ৰকাশ কৰা সময়ছোৱাতে চুমালিৰ পৰা পৃথক হৈ ১৯৯১চনত গঠন হোৱা চুমালীলেণ্ড নামৰ দেশখনে গাজা বাসীক নিজ দেশত ঠাই দিয়াৰ সন্মতি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। অৱশ্যে তাতো এটা চৰ্ত লুকাই আছে। সেই চৰ্ত হৈছে, চুমালিলেণ্ডক এখন স্বাধীন ৰাষ্ট্ৰ ৰূপে আন্তৰ্জাতিক স্বীকৃতি প্ৰদান। হয়, চুমালিলেণ্ডত বাস কৰালোকসকলে যদিও নিজকে এখন সুকীয়া দেশ ৰূপে বিবেচনা কৰি আহিছে কিন্তু আন্তৰ্জাতিকভাৱে আজিলৈ চুমালিলেণ্ডে সুকীয়া ৰাষ্ট্ৰৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে চুমালিলেণ্ডৰ প্ৰশাসনৰ এটাই দাবী, গাজাবাসীক সিহঁতে গ্ৰহণ কৰাত অলপো আপত্তি নাই যদি তাৰ বিনিময়ত সিহঁতক সুকীয়া দেশৰ মৰ্যাদা প্ৰদান কৰে।
চুমালিলেণ্ডৰ এই চৰ্তত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় দেশসমূহ মঞ্জুৰ হয়নে নহয় সেয়া লক্ষ্যণীয় হ'ব। উল্লেখযোগ্য যে ইতিমধ্যে গাজাত বাস কৰা পেলেষ্টাইনীসকলেও চুমালিলেণ্ডলৈ স্থানান্তৰিত হোৱা কথাটোত আপত্তি দৰ্শোৱা দেখিবলৈ পোৱা যোৱা নাই। অৱশ্যে এইক্ষেত্ৰত ওচৰচুবুৰীয়া মুছলমান দেশসমূহৰ স্থিতি এতিয়াও স্পষ্ট নহয়। যিয়েই নহওক, ভৱিষ্যতে কি হয়গৈ সময়তহে দেখা যাব।
#গাজা #ইজৰাইল #আমেৰিকা

(ভিডিঅ ৰূপত পাবলৈ https://youtube.com/shorts/QmAijmfu53k?si=8iR3SgQucqelXj7H)     উত্তৰ আমেৰিকাৰ তেনেই সামান্য এখন দেশৰ ...
03/04/2025

(ভিডিঅ ৰূপত পাবলৈ
https://youtube.com/shorts/QmAijmfu53k?si=8iR3SgQucqelXj7H)

উত্তৰ আমেৰিকাৰ তেনেই সামান্য এখন দেশৰ নাম আল চালভাডৌৰ। এই দেশখন বৰ্তমান চৰ্চালৈ আহিছে নতুনকৈ স্থাপন কৰা জেইল ব্যৱস্থাটোৰ বাবে। আল চালভাডৌৰ বৰ্তমান ৰাষ্ট্ৰপতি নাইব বুকেইল। ২০১৯চনতে ৰাষ্ট্ৰপতি পদত নিযুক্ত বুকেইলে ২০২৪ চনৰ জুন মাহত পুনৰ দ্বিতীয় বাৰলৈ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে চালভাডৌৰৰ সাংবিধানিক নিয়ম অনুসৰি এগৰাকী ব্যক্তিয়ে এবাৰহে ৰাষ্ট্ৰপতি হোৱাৰ সুৰুঙা পায়। সেয়ে বুকেইলৰ দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি পদত নিযুক্তি লাভ কৰা কাৰকাণ্ডটো বিৰোধী পক্ষৰ বাবে বিতৰ্কৰ বিষয় ৰূপে বিবেচিত হৈ আহিছে।আনহাতে আল চালভাডৌ জনতা সম্পূৰ্ণ ৰাষ্ট্ৰপতি বুকেইলৰ পক্ষত। কাৰণ বুকেইল শাসনলৈ অহা পিছৰে পৰা দেশখনত সম্পুৰ্ণ ৰূপে অপৰাধীৰ সংখ্যা (crime rate) আচৰিত ধৰণে কমিবলৈ লৈছে।
তাত জেইল বন্দী অপৰাধীসকলক কঠোৰতকৈ কঠোৰ শাস্তি বিহা হয়। এবাৰ জেইলত বন্দী হোৱা পাছত মুকলি আকাশ দেখাটো অসম্ভৱ হৈ পৰে। অনবৰতে লাইটৰ পোহৰ পৰি থাকে বাবে দিন ৰাতিৰ অনুমান কৰাটো জেইলুৱৈসকলৰ বাবে অসম্ভৱ। স্ক্ৰীণত দেখা দৰেই সেই তেনেই ঠেক কুঠালিবোৰত জেইলুৱৈসকলক ৰখোৱা হয়। বহু মানৱ অধিকাৰ সংগঠনে ইয়াৰ বিৰুধিতা কৰা দেখিবলৈ গৈছে যদিও ৰাষ্ট্ৰপতি বুকেইল নিজৰ স্থিতিত দৃঢ়। বহু দিশৰ পৰা ৰাষ্ট্ৰপতি বুকেইলৰ এনে নিৰ্মম পদক্ষেপক ভুল বুলি ক'ব নোৱাৰি।
এটা সময়ত আল চালভাডৌ ডকাইত, চুৰ তথা ড্ৰাগচ মাফিয়াৰ ঘাটি ৰূপে জনাজাত আছিল। বাটেৰে গৈ থকা ব্যক্তিক দিনে পোহৰে দলবদ্ধভাৱে ডকাইতি নতুবা নিধন কৰা কাৰুকাৰ্য এসময়ত তেনেই সাধাৰণ কথা কথা হৈ পৰিছিল। সিহতৰ বিপক্ষে এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পাছত এতিয়া আল চালভাডৌৰত তেনে দৃশ্য সম্পূৰ্ণ নাইকীয়া হৈ পৰিল বুলি ক'ব পাৰি।

08/07/2023

এনেধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ পাই থাকিবলৈ পেজটি লাইক কৰিবলৈ নাপাহৰিব 😊

আদি মানৱ আদম আৰু হাৱাৰ কাহিনী।
আদম আছিল মানৱ গোষ্ঠীৰ আদি পিতা। প্ৰথমে জান্নাত / স্বৰ্গত সুখে শান্তিৰে দিনবোৰ পাৰ অতিবাহিত কৰিছিল। এবাৰ চয়তানৰ প্ৰলোভনত পৰি আল্লাহৰ আদেশ উলঙ্ঘা কৰে আৰু অখাদ্য মুখত ভৰায়......

তাৰপাছত কি হ'ল? 👇
https://youtu.be/Tha7cLnEO-8

#আদম #আল্লাহ #জান্নাত #স্বৰ্গ াওয়া

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when Janu Ahok posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share