City News Dibrugarh

City News Dibrugarh CITY NEWS DIBRUGARH is a 24×7 Digital News Channel

05/09/2026

ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন...


03/09/2026

✨ ডিব্ৰুগড়ত ‘নৰ্থ-ইষ্ট কিং এণ্ড কুইন ছিজন–৯’

সৌন্দৰ্য, প্ৰতিভা, আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ অনন্য সমাহাৰ.



02/09/2026

ডিব্ৰুগড়ৰ চাওলখোৱাত যোৱাকালি সন্ধিয়া চাঞ্চল্যকৰ ঘটনা

বজাৰ কৰি থকা অৱস্থাতে ৰমজান আলীক দাৰে আক্ৰমণ!

ডিব্ৰুগড়ৰ চাওলখোৱাত যোৱাকালি সন্ধিয়া সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বজাৰ কৰি থকা অৱস্থাতে ৰমজান আলী নামৰ এজন লোকক দাৰে আক্ৰমণ কৰে চমিৰ আলী নামৰ এজন লোকে।

হঠাৎ হোৱা এই আক্ৰমণত ৰমজান আলী আহত হয়। ঘটনা সংঘটিত কৰিয়েই আক্ৰমণকাৰী চমিৰ আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

28/08/2026

নাহৰকটীয়াত নিশাৰ অন্ধকাৰত ভয়ংকৰ আক্ৰমণৰ অভিযোগ!

ঘৰত জোৰপূৰ্বক প্ৰৱেশ!
মহিলাক টানি-চোঁচৰাই বাহিৰলৈ উলিওৱাৰ অভিযোগ!
ঘৰৰ কাঁচ-সামগ্ৰী ভাঙি লণ্ডভণ্ড!
পৰিয়ালক মাৰপিট আৰু ভয়ংকৰ ভাবুকিৰ অভিযোগ!

28/08/2026

ডিব্ৰুগড়ত নিশাৰ ৰাজপথত শিক্ষাৰ্থীৰ বিপজ্জনক বাইক ৰোমাঞ্চ!

সুৰাপান কৰি বেপৰোৱাভাৱে বাইক চলোৱাৰ দৃশ্য মেডিকেল কলেজৰ দুই শিক্ষাৰ্থীৰ।

ৰাজপথত বিপজ্জনক কাণ্ডৰ মাজতে আৰক্ষীৰ জালত দুই ছাত্ৰ-ছাত্ৰী।



27/08/2026

অৰুণাচলত নিৰ্মাণ হৈ থকা দিবাং ভেলী বৃহৎ নদীবান্ধ বন্ধ কৰা, লিডু-মাঘেৰিটাত অব্যাহত থকা অবৈধ কয়লা বন্ধ কৰা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাই অতিশ্ৰীঘেই ডিব্ৰুগড় - তিনিচুকীয়া জিলাত আৰম্ভ কৰিব ধাৰাবাহিক আন্দোলন কাৰ্যসূচী।

27/08/2026

নয়ডাত ৰহস্যজনকভাৱে হত্যাৰ বলি হোৱা ডিব্ৰুগড়ৰ যুৱতী মেহেক আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি চাউলখোৱাত সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ।

নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় নগৰ সমিতিৰ উদ্যোগত আৰু স্থানীয় মহিলাসকলৰ সহযোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।



27/08/2026

যোৱা 22 জুনত ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা হৃষীকেশ গোস্বামীক আক্ৰমণ কৰি চিলনী চোৰে লৈ গৈছিল তেওঁ পৰিধান কৰা দুডাল সোণৰ চেইন।

দিন দুপৰতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰৰ সংঘটিত হৈছিল এই ভয়াবহ ঘটনা।

নিজৰ কৰ্ম সম্পন্ন কৰিবলৈ যোৱা হৃষীকেশ গোস্বামীক আয়ুক্তৰ কাৰ্যলয়ৰ ভিতৰত আক্ৰমন কৰি তেওঁ পৰিধান কৰা বৰ্ত্তমানৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকাৰ মূল্য সোণৰ চেইন লৈ গৈছিল চিলনী চোৰে।

কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে আজিৰ পৰ্য্যন্ত কোনো চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত সংবাদমেল সম্বোধন।

26/08/2026

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত অহা ২৭ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈকে ৭৪ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ, ২০২৬- ৰ আয়োজন।

26/08/2026

ডিব্ৰুগড়ত বজমে চিৰতুন নৱী উদ্‌যাপন সমিতিৰ উদ্যোগত উলিওৱা হয় জুলুচ-এ-মোহম্মদী শোভাযাত্ৰা। মহানবী হজৰত মুহাম্মদৰ পৱিত্ৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই শোভাযাত্ৰাত প্ৰায় দুই শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।

ফল বজাৰৰ পৰা আৰম্ভ হোৱা জুলুচ-এ-মোহম্মদী শোভাযাত্ৰাই পাঁচআলি হৈ কালিবাৰী পথত প্ৰৱেশ কৰে আৰু বিভিন্ন পথ পৰিভ্ৰমণ কৰি পুনৰ আৰম্ভণি স্থানতে আহি সমাপ্ত হয়।


Address

Amolapatty
Dibrugarh
786001

Alerts

Be the first to know and let us send you an email when City News Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share