City News Dibrugarh

City News Dibrugarh CITY NEWS DIBRUGARH is a 24×7 Digital News Channel

20/09/2025

👉🏻২২ ছেপ্টেম্বৰত জনজাতিকৰণ প্ৰসংগক লৈ লাহোৱাল - ডিকমত অনুষ্ঠিত হবলগীয়া মটক যুৱ-ছাত্ৰ সন্মিলনৰ সমদল কাৰ্যসূচী সামৰিকভাৱে স্থগিত ৰাখিছে। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই সংবাদ মাধ্যমত প্ৰকাশ কৰিছে।
👉🏻ইয়াৰ পৰিবৰ্ত্তে অহা ২৬ ছেপ্তেম্বৰত এই কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰে সন্মিলনৰ নেতৃত্বই। কাৰ্যসূচীত মটক জনগোষ্ঠীৰ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ নেতৃত্বই।

20/09/2025

তিনিচুকীয়াৰ মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত বৃহৎ সমাৱেশৰ দৃশ্য।

আজি আৰু কাইলৈ পূৱ অসমৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ৷ পূৱ অসাম চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ ঘোষণা৷
20/09/2025

আজি আৰু কাইলৈ পূৱ অসমৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ৷ পূৱ অসাম চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ ঘোষণা৷

19/09/2025

অসমৰ সংগীত জগতৰ ধ্ৰুৱতৰা স্বৰূপ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যু পিছতেই শোকত ভাগি পৰিছে জুবিনৰ জেঠায়েক তথা অভিনেত্ৰী ৰেণু শৰ্মা। ডিব্ৰুগড়ৰ কুমাৰণীছিগাত থকা জুবিনৰ জেঠায়েক ৰেণু শৰ্মাই জুবিনৰ সৰ্ম্পকত অতীতৰ বহু স্মৃতিবিজড়িত কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

হাৰ্টথৰ্ব জুবিন গাৰ্গ আৰু নাই...
19/09/2025

হাৰ্টথৰ্ব জুবিন গাৰ্গ আৰু নাই...

18/09/2025

🛑মৰান জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অৰ্থনৈতিক পথ অৱৰোধৰ ফলত ডিগবৈ IOC ৰ হাজাৰ হাজাৰ তেলৰ ট্ৰেকাৰ, পথৰ কাষত এতিয়া অৱদ্ধ হৈ পৰাৰ ফলত ডিব্ৰুগড়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । তেল উৎপাদন আৰু বিতৰণ ব্যাহত হোৱাত উজনি অসমৰ ডিব্ৰুগডৰ পেট্ৰ’ল পাম্পতো দীঘল লাইন পৰিলক্ষিত হৈছে। লগতে ডিব্ৰুগড়ৰ কিছু তেল দিপু তেলৰ নাটনিৰ বাবে বন্ধ হৈ পৰিছে ।পৰিবহণটো প্ৰভাৱ পৰিছে, বাছ আৰু টেক্সীৰ ভাড়া বৃদ্ধি হোৱাৰ আশংকা বৃদ্ধি পাইছে।”

18/09/2025

👉🏻নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উদ্যোগত ভোট চুৰি কাৰ্য্য বন্ধ কৰা দাবীৰে, ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সহযোগত দেশ জুৰি ব্যাপক গণ স্বাক্ষৰ অভিযান....

17/09/2025

Accident near Mambooz dhaba, Dibrugarh

16/09/2025

নীলা ই ৰিক্সাত মানুহ নহয়, ছাগলীহে ভাড়া মাৰে।

অদ্ভূত যেন লাগিলেও ইয়েই সত্য।এই খৱৰ ডিব্ৰুগড় জিলা মৰাণৰ।

ডিব্ৰুগড়
জিলা মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ চাৰিলেণ্ড যুক্ত ০২ নং ৰাষ্ট্ৰীয় ঘাইপথত
AS 06 CC 6173 নম্বৰৰ নীলা ই-ৰিক্সাখনে পথৰ দাঁতিত থকা এজনী ছাগলী বস্তাত ভৰাই ই ৰিক্সাখনত উঠাওতে স্থানীয়লোকে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত ই ৰিক্সাখনত আৰু ছাগলী উঠাবলৈ সময় নাপালে ।এজনী ছাগলীকে লৈ ডিব্ৰুগড়ৰ অভিমূখে তীব্ৰ বেগেৰে যাওঁতে গজপুৰীয়া তেলডিপু সমীপত স্থানীয় ৰাইজে ই ৰিক্সাখন কৰায়ত্ব কৰে।

15/09/2025

ডিব্ৰুগড়ত লাইন বাছৰ চালক আৰু হেণ্ডিমেনৰ এই ভাবুকি এগৰাকী শিক্ষাৰ্থী ছোৱালীক।অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডিকমলৈ মাতৃ সৈতে শিক্ষাৰ্থীগৰাকী যাব বিচাৰিছিল। কিন্তু, হেণ্ডিমেনৰ ধমকি ডিকমলৈ দূৰত্ব কম, বহিবলৈ চিট নিদিওঁ । যাক ভিডিঅ দিব বিচাৰ দি দিবি। ডিব্ৰুগড়ত লাইন বাছত কিমান নিৰাপদ যুৱতী-নাৰী। সৰ্বত্ৰে প্ৰতিক্ৰিয়া।

Address

Amolapatty
Dibrugarh
786001

Alerts

Be the first to know and let us send you an email when City News Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share