12/09/2023
#আদিবাসী_শান্তি_চুক্তি য়ে অশান্তি কঢ়িয়াই আনিব ।এনে ডেভেলপমেন্ট কাউন্সিল আমাক নালাগে।
আমি লাজ পাইছো, দুখ পাইছো, আদিবাসী চাহ শ্ৰমিক সকলৰ হক অধিকাৰ ক লৈ সশস্ত্ৰ সংগ্ৰাম কৰা সংগঠনৰ নেতৃত্ব সকল ইমান সংকীৰ্ণ মনোভাৱৰ, ইমান স্বাৰ্থপৰ।
অহা ১৫ ছেপ্তেম্বৰ ত শান্তি চুক্তি দিৱস উদযাপন হব কোকৰাঝাৰ ত, ১ বছৰ হবলৈ হল, একো কাম আগবঢ়া নেদেখিলোঁ। এতিয়া তেওঁ লোকে মাত্ৰ ৩৬ টা জাতি ক হে সাঙুৰী ললে, ৩৬ টা জাতি হে আদিবাসী বোলে বাকীবোৰ নহয়, কিন্ত সংগ্ৰাম কৰোতে, বা চুক্তি কৰোতে ৩৬ টা জাতিৰ নামটো উল্লেখ নাছিল। চৰকাৰে বছৰি ২০০ কোটিকৈ টকা দিয়া কথাআছে কিন্ত সকলো আদিবাসী চাহ শ্ৰমিকৰ উন্নয়নৰ বাবেহে, কেৱল মাত্ৰ ৩৬ টাৰ বাবে নহয়।এতিয়া দেখিছো ৩৬, ৩৬ কৰি আছে, বাকীবোৰ মুখ মেলি চাই থাকক।
অকল ৩৬ টা জাতিৰ লোকে সংগ্ৰাম কৰা নাই, বহুতে কৰিছে। তেওলোক ক প্ৰতাৰনা, কৰিলে বিশ্বাস ঘাতকতা কৰিলে আমিও মনে মনে বহি নাথাকোঁ অকল ৩৬ টা জাতিয়েই আদিবাসী নহয় বা চুক্তি খনতো মাত্ৰ ৩৬ টা জাতিৰ উন্নয়নৰ বাবে উল্লেখো নাই।অকল সশস্ত্ৰ সংগ্ৰামৰ ফলতেই এই কাউন্সিল পাইছো বুলি ভাবিলে ভূল হব ইয়াত গনতান্ত্ৰিক আন্দোলনৰো অৰিহনা আছে।
এতিয়াওঁ সময় আছে, পৰিষদৰ নেতৃত্বই সংকীৰ্ণতা ত্যাগ কৰক, দূৰদৰ্শী চিন্তাধাৰাৰে আদিবাসী ৰ সকলো জাতি উপজাতি কে সাঙুৰী লৈ আগবাঢ়ক। সকলোৰে ভাল হব, নহলে একোডাল নহব।যদি ৩৬ টাক লৈয়েই আগাবাঢ়িব বিচাৰে তেন্তে স্পষ্টীকৰণ কৰক, আমি আমাৰ বাবে পৃথক কাউন্সিল দাবী কৰিম।
৩৬ টাৰ পৰা বাদপৰা বাকী জাতিসকলেওএকগোট হওঁক, প্ৰয়োজনত ঐক্যবদ্ধ আন্দোলন নহলে আইনৰ কাষ চাপিবলৈ সাজু হওঁক।
Dhiraj Gowala
Jagdish Baraik
Dulal Manki
Lakhindra kurmi
ATTSA Live
Aaj Tak
Subhoram Tanti
TIME8