29/08/2025
দীপক দেৱৰ মন্তব্যক লৈ বিজেপিৰ সংবাদমেল
ডিফু, আগষ্ট ২৯: আজি পুৱা প্ৰায় ১১.৩০ বজাত ডিফুৰ বাজপেয়ী ভবনত বিজেপিয়ে এটা সংবাদমেল আয়োজিত কৰে। উক্ত সংবাদমেলটো লৈচন ইংলেং, চেলাৱৰ বেই, চোমাং ক্ৰ’, ৰঞ্জিত ক্ৰামচা আদি দলীয় নেতাসকলে নেতৃত্ব দিয়ে।
সংবাদমেলত নেতাসকলে দীপক দেৱে দিয়া শেহতীয়াভাৱে কৰা মন্তব্যক তীব্ৰভাৱে নিন্দা জনায়। তেখেতসকলে কয়, উক্ত মন্তব্যই কাৰ্বি আংলঙবাসীৰ মনোভাৱক আঘাত দিছে আৰু জিলা খনৰ শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত কৰিছে।
বিজেপি নেতাসকলে পুনৰায় দলে সদায় ধৰ্মীয় সম্প্ৰীতি ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি সমাজৰ সকলো স্তৰৰ লোকক বিভাজনমূলক মন্তব্য প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনায়।