09/09/2026
নিদ্ধাৰিত সময়ত আৰম্ভ হব সোনাপুৰত নিৰ্মাণ কৰিবলৈ লোৱা 'শিৱসাগৰ চুবুৰী'ৰ কাম
×××××××××××××
শিৱসাগৰ চ চিঅ' কালচ্চাৰেল চেন্টাৰ, গুৱাহাটীৰ উদ্যোগত অবিভক্ত শিৱসাগৰ জিলাৰ জনসাধাৰণৰ বাবে গুৱাহাটীৰ কাষৰ সোনাপুৰৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা কেইখোজ মান দূৰত্বত নিৰ্মাণ কৰিবলৈ লোৱা শিৱসাগৰ চুবুৰীৰ নিৰ্মাণ কাম নিদ্ধাৰিত সময় অহা ডিচেম্বৰত আৰম্ভ হব বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে ৷ নাম ঘৰ, সভা ঘৰ, ব্যামগাৰ,প্ৰাৰ্থমিক চিকিৎসা কেন্দ্ৰ,তাঁত ঘৰ, ঢেকী ঘৰ আদি থাকিব লগা চুবুৰীটোৰ এপাৰ্টমেন্টৰ প্ৰতি বৰ্গফুটৰ মূল্য নিদ্ধাৰণ কৰা হৈছে ৩৫০০ টকা ৷ এই মূল্যৰ ভিতৰতে চুবুৰীটোৰ আৱাসীয়ে চাৰিচকীয়া বাহনৰ পাৰ্কিঙৰ সুবিধা লাভ কৰিব ৷ অৰ্থাৎ এপাৰ্মেন্ট ক্ৰেতাই পাৰ্কিং,ট্ৰেন্সফৰমাৰ আদিৰ বাবে অতিৰিক্ত কোনো ব্যয় বহন কৰিব নেলাগে ৷ গুৱাহাটীৰ প্ৰথমটো সেউজ এপপাৰ্মেন্ট 'শিৱসাগৰ চুবুৰী'ত সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত হব ৷ তদুপৰি চুবুৰীটোত আধুনিক জাবৰ নিষ্কাষণ ব্যৱস্থা,বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা আৰু কেঁচু সাৰ উৎপাদন ব্যৱস্থা থাকিব ৷ এই চুবুৰীৰ বাসিন্দা হবৰ বাবে ইচ্ছা প্ৰকাশ কৰি ইতিমধ্যে শিৱসাগৰ চচিঅ' কালচ্চাৰেল চেন্টাৰৰ লগত যোগাযোগ কৰি নাম পঞ্জীয়ণ কৰা সকলক প্ৰকল্পৰ কামৰ অগ্ৰগতি সম্পৰ্কত অৱগত কৰিবৰ বাবে ১৩ আগষ্ট, দেওবাৰে দিনৰ ১১ বজাত শিৱসাগৰ চচিঅ’ কালচ্চাৰেল চেন্টাৰ,গুৱাহাটীৰ ৰাজগড়ত থকা কাৰ্যলয়ত এখন সভা আহ্বন কৰা হৈছে ৷ নাম পঞ্জীয়ণ কৰা ব্যক্তি সকলক এই সভাত উপস্থিত থাকিবলৈ সংগঠনৰ তৰফৰ অনুৰোধ জনাইছে ৷ উল্লেখযোগ্য যে, শিৱসাগৰৰ বান প্ৰলয়ৰ বাবে জুলাই মাহৰ পৰা বন্ধ থকা এপাৰমেন্ট ক্ৰয় কৰিবৰ বাবে আগ্ৰহী ব্যক্তিৰ নাম পঞ্জীয়ণ ১০ চেপ্তেম্বৰ বৃহষ্পতি বাৰৰ পৰা পুণৰ আৰম্ভ হব ৷ ইচ্ছুক সকলে গুৱাহাটীৰ ৰাজগড় ৰোডত থকা শিৱসাগৰ চ চিঅ' কালচ্চাৰেল চেন্টাৰ,গুৱাহাটী কাৰ্যলয়লৈ গৈ নাম পঞ্জীয়ণ কৰিব পাৰিব ৷ যোগাযোগ ফোন নম্বৰ -৭০৮৬৩২০৬৬২ ll