28/09/2025
মৃত্যুৰ তদন্ত : আমি ন্যায়ালয়ৰ ওপৰত আশাবাদী
∆∆∆∆∆∆∆∆∆
মহানায়ক জুবিন গাৰ্গৰ ছিংগাপুৰত পানীত পৰি মৃত্যুৰ খবৰ পোৱাৰ লগে লগে আমাৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল- কাৰ ভুলৰ বাবে অসমে জুবিন গাৰ্গক হেৰুৱাব লগা হল সেই সম্পৰ্কত চুপ্ৰিম কৰ্টৰ চিটিং জাজৰ তত্বাৱধানত অসম চৰকাৰে তদন্তৰ ব্যৱস্থা কৰক | কিন্তু আমি উদ্বেগেৰে লক্ষ কৰিলো মহানায়কৰ মৃত্যুৰ সম্পৰ্কত কংগ্ৰেছ, ৰাইজৰ দল আদিৰ লগতে বহু সংগঠন আৰু ব্যক্তিয়ে কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী এজেঞ্চি CBIৰ দ্বাৰাহে তদন্তৰ দাবী কৰিলে | প্ৰায় সকলোৰে মুখত জুবিনৰ মৃত্যুৰ মাথো চি.বি.আইৰ তদন্ত দাবী উত্থাপন হোৱাত ঘটনাৰ এটা দিনৰ পিছত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই জুবিনৰ মৃত্যুৰ তদন্ত CID এ কৰিব বুলি ঘোষণা কৰিলে | সেই ঘোষণাৰ এটা দিনৰ পিছত মুখ্যমন্ত্ৰী শৰ্মাই পুণৰ ঘোষণা কৰিলে যে জুবিনৰ মৃত্যুৰ বিষয়ে গঠন কৰিবৰ বাবে SIT গঠন কৰা হব | তদুপৰি প্ৰয়োজন হলে তদন্তৰ দায়িত্ব CBIক দিয়া হব | জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ এনে স্থিতিত আমি স্বাভাৱিকতে ক্ষুন্ন হৈছিলো | সেয়েহে ২৩ চেপ্তেম্বৰৰ দিনা আমি আমাৰ ৱালত স্পষ্ট ভাষাত লিখিছিলো- " ন্যায়িক তদন্ত যদি নকৰে জুবিনৰ মৃত্যুৰ তদন্তৰ বিষয়টো ইমানতে সামৰক | কাৰণ আজিৰ ভাৰতত শাসক গোষ্ঠীৰ ঘনিষ্ঠ ব্যক্তি অভিযুক্তৰ তালিকাত থাকিলে CBI, SITৰ তদন্তৰ কোনো ভ্যেলু নাই | গতিকে জুবিনৰ মৃত্যু ৰহস্য উদ্ঘাটন কৰিবলৈ অসম চৰকাৰে SIT গঠন কৰাৰ অৰ্থ নাই | জুবিনৰ মৃত্যুৰ তদন্তৰ নামত ভেকোভাওনা চোৱাৰ ইচ্ছা নাই |"
আমাৰ মাজৰ যি সকলে গভীৰ ভাৱে দেশৰ খা খবৰ ৰাখে, সেই সকলে ভালদৰে জানে চৰকাৰে গঠন কৰা SIT আৰু সাংবিধানিক স্বতন্ত্ৰ তদন্তকাৰী এজেঞ্চি CBI,ED আদি তদন্তকাৰী গোট সমূহ হল গুজৰাট গেঙৰ নিয়ন্ত্ৰিত বিজেপি চৰকাৰৰ চাবি দিয়া একোটা পুতলা | সুদীৰ্ঘ ১১ বছৰ এনে SIT, তদন্তকাৰী স্বতন্ত্ৰ এজেঞ্চ সমূহে নিজৰ স্বতন্ত্ৰতা হেৰুৱাই বিজেপি চৰকাৰৰ গোলামত পৰিণত হৈছে | CBI,ED ব্যৱহাৰ কৰি বিজেপি দলে দেশত চৰকাৰ ভঙা -পতা কৰিছে | CBI,ED,ITৰ যোগে বিভিন্ন ব্যৱসায়িক ব্লেকমেইলিং কৰি ইলেক্টৰেল বন্ডৰ নামত বিজেপিৰ বাবে ধন সংগ্ৰহ কৰিছে | CBI,ED ৰ তদন্তত শ-হাজাৰ কোটি কেলেংকাৰিত দোষী সব্যস্ত ব্যক্তিয়ে বিজেপিত যোগদান কৰিলেই সেই ব্যক্তিক ক্লিন শ্বীট দিয়া হৈছে | হিমন্তবিশ্ব শৰ্মাই তাৰ উৎকৃষ্ট উদাহৰণ নহয় জানো ? মুঠৰ ওপৰত অপৰাধ তদন্তৰ নামত CBI,ED,IT এ বিজেপি শাসকৰ নিৰ্দেশত দেশত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি আছে | গতিকে শাসক গোষ্ঠীৰ অতি ঘনিষ্ঠ অসমৰ শক্তিশালী বুদ্ধিজীৱি- সাংবাদিক চিণ্ডিকেটৰ সক্ৰিয় ব্যক্তি শ্যামকাণু মহন্তৰ দৰে ব্যক্তি জুবিনৰ মৃত্যু ৰহস্যৰ লগত জড়িত হৈ থকাৰ পিছত অতি মূৰ্খইহে CBIৰ তদন্তৰ পৰা ন্যায়ৰ আশা কৰিব পাৰে | আমি নোৱাৰো |
ইয়াৰ উৎকৃষ্ট উদাহৰণ পুলিচ বিষয়া জোনমনি ৰাভাৰ মৃত্যুৰ সম্পৰ্কত CBIৰ তদন্ত l
তদুপৰি সকলোৱে এটা কথা মন কৰিব- ইন্দিৰা গান্ধীক হত্যা কৰাৰ সময়তো দেশ CBI আছিল | ৰাজীৱ গান্ধীৰ হত্যাৰ সময়তো দেশত CBIআছিল | কিন্তু ইন্দিৰা গান্ধীৰ হত্যাৰ তদন্ত কৰিছিল ন্যায়াধীশ মনোহৰলাল থক্কৰ তদন্ত আয়োগে | ৰাজীৱ গান্ধীৰ হত্যাৰ তদন্ত কৰিছিল ন্যায়াধীশ বাৰ্মা তদন্ত আয়োগে | গতিকে মহানায়ক জুবিনৰ মৃত্যুৰ ন্যায়িক তদন্ত আমি বিচাৰিছো | উল্লেখ কৰো যে জুবিনৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছত এই ক্ষেত্ৰত প্ৰথম দিনৰ পৰাই মোৰ লগত একমত আছিল বিশিষ্ট সমাজকৰ্মী পলাশ ৰঞ্জন বৰুৱা | শ্ৰীবৰুৱাই প্ৰথম দিনাই মোক কৈছিল- চৰকাৰে ন্যায়িক তদন্ত নিদিলে আমি আদালতৰ কাষ চপা উচিৎ হব | আমি বৰুৱাৰ বক্তব্যৰ সহাৰি জনাইছিলো | দুটা দিনৰ পিছত শ্ৰীবৰুৱাই আমাক জনালে অসমৰ আন এগৰাকী সমাজকৰ্মী আসাম পাব্লিক ৱৰ্কচৰ নেতা অভিজিত শৰ্মা এই প্ৰসংগত একমত | গতিকে শ্ৰীশৰ্মা আৰু শ্ৰীবৰুৱা দুয়ো মিলি জুবিনৰ মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছে | কথা মতে কাম | শ্ৰীবৰুৱাআৰু শ্ৰীশৰ্মাই লগ হৈ ২৫ চেপ্তেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচৰাৰ লগতে শ্যামকাণু মহন্তৰ প্ৰতিষ্ঠানলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহে দীৰ্ঘ দিনৰ পৰা আগ বঢ়োৱা অৰ্থনৈতিক অনুদান সম্পৰ্কত ন্যায়ালয়ক বিশেষ তদন্তৰ ব্যৱস্থা কৰিবলৈ প্ৰাৰ্থনা জনাই জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰিলে আৰু আদালতে সেই আবেদন ( PIL No.46/2025)গ্ৰহন কৰিলে | আদালতে শ্ৰীবৰুৱা আৰু শৰ্মাৰ আবেদন গ্ৰহন কৰাৰ দুটা দিনৰ পিছত অসম চৰকাৰৰ গা বাজিল | ২৭ চেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা চৰকাৰে চিটিং জাজৰ দ্বাৰী ন্যায়িক তদন্তৰ পোষকতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়লৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে | এতিয়া আমি আশা কৰিছো- অসমৰ জনমতৰ প্ৰতি সন্মান জনাই মুখ্য ন্যায়াধীশে অতি সোনকালে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে কমিটি গঠন কৰাৰ লগতে খৰতকীয়া তদন্তৰ ব্যৱস্থা কৰিব আৰু অসম বাসীক ন্যায় দিব !