Naholia News

Naholia News Digital Media ৰাইজৰ কাৰণে ৰাইজৰ লগত🙏
(2)

11/08/2025
নাহৰকটীয়াৰ বাঁহধাৰীস্থিত  অইল ইণ্ডিয়া লিমিটেডৰ  ৰিগত অঘটন।দুৰ্ঘটনা সংঘটিত হৈ অইল ৰিগত কৰুণ মৃত্যুক সাৱটি ললে এগৰাকী কৰ্ম...
05/08/2025

নাহৰকটীয়াৰ বাঁহধাৰীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৰিগত অঘটন।দুৰ্ঘটনা সংঘটিত হৈ অইল ৰিগত কৰুণ মৃত্যুক সাৱটি ললে এগৰাকী কৰ্মচাৰীয়ে।দেওবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো।নাহৰকটীয়াৰ বাঁহধাৰীৰ NHK--40 ত থকা অইল ইণ্ডিয়াৰ M-1 ৰিগত চলি আছিল তেল খন।অন্যান্য কৰ্মচাৰীৰ সৈতে দেওবাৰে নিশা তৈল ৰিগটোৰ ড্ৰিলিং ইনচাৰ্জ হিছাপে কৰ্মৰত নাহৰকটীয়াৰ হুদুৰপৰা কুঁৱৰীজান গাওঁৰ কিৰণ গগৈয়েও চলাই নিছিল নিজৰ কৰ্ম।ঠিক তেনে সময়তে তেল খনন কৰি থকা এডাল প্ৰকাণ্ড পাইপ বাগৰি আহি কিৰণ গগৈৰ মূৰৰ ওপৰত পৰি যোৱাত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় কিৰণ গগৈয়ে।এছিয়ান ড্ৰিলিং টেক নামৰ কোম্পানীয়ে ৰিগটোত তেল খননৰ ঠিকা লাভ কৰিছিল।কোম্পানীৰ হৈ দুলীয়াজানৰ মিন্টু শইকীয়া আৰু আছিক ৰহমান নামৰ ব্যক্তি দুগৰাকীয়ে চলাইছি এই ৰিগটো।চীন অত্যাধিক পুৰণি সা-সৰঞ্জামেৰে ৰিগত তেল খনন চলোৱাৰ ফলত এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় বিধায়ক তৰংগ গগৈয়ে।বিধায়ক গৰাকীয়ে কাৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হ'ল তাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰা হব বুলি উল্লেখ কৰি ৰিগৰ কৰ্মৰত অৱস্থাত কৰুণ মৃত্যুক সাৱটি লোৱা অস্থায়ী কৰ্মচাৰী কিৰণ গগৈৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়।তদুপৰি তেওঁ তেল খননত ব্যবহৃত আওপুৰণি সা-সৰঞ্জামৰ ওপৰতো প্ৰশ্ন তোলে।উল্লেখ্য যে কিৰণ গগৈৰ নাহৰকটীয়া মণ্ডল বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিৰ লগতে দলটোৰ এগৰাকী কাৰ্যকৰ্তা আছিল।

04/08/2025
Morning viewing
19/07/2025

Morning viewing

Address

Duliajan

Alerts

Be the first to know and let us send you an email when Naholia News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share