10/09/2025
নেপালৰ আন্দোলন – আৰু ইয়াৰ প্ৰকৃত সত্য🇳🇵
অনেকে ফেচবুকত ভূল তথ্য লিখিছে, আনকি মোৰ Friendlist ৰ কিছুমান বন্ধু বৰ্গ তাৰ মাজত আছে। সেয়েহে সকলোলৈ বিনম্ৰ অনুৰোধ—কাৰোবাৰ মুখত শুনি বা প্ৰকৃত তথ্য একো নজনাকৈ কোনো ধৰণৰ 👉 Post নকৰিব 🙏।
কিছুমানে ভাবিছে—ফেচবুক, টুইটাৰ আদিৰ দৰে Social Media Apps সমূহ বন্ধ কৰাৰ কাৰণেই নেপালত অশান্তি সৃষ্টি হৈছে। কিন্তু প্ৰকৃত ঘটনা একেবাৰে ভিন্ন।
🔹 আন্দোলন আৰম্ভ হৈছিল প্ৰকৃততে দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে।
🔹 নেতা-নেত্ৰীৰ সন্তানসকলে দামী গাড়ী-ঘড়ী লৈ বিলাসী জীৱন যাপন কৰোঁতে সাধাৰণ ছাত্ৰ-যুৱসকলৰ ভৱিষ্যৎ অন্ধকাৰময় হৈ পৰিছিল।
🔹 HAMI NEPAL নামৰ NGO এটায়ে এই আন্দোলনৰ সূচনা আৰম্ভ কৰিছিল।
👉 ভাই-ভতিজাৱাদৰ ৰাজনীতি :
নেপাল চৰকাৰৰ ওপৰত সদায়ে ভাই-ভতিজাৱাদ (Nepotism) ৰ অভিযোগ উঠি আহিছে। নেতাসকলৰ সন্তান আৰু পৰিয়ালৰ বিলাসী জীৱনশৈলী সামাজিক মাধ্যমত প্ৰকাশ পাইছিল। এই সময়তে "Nepobaby" অভিযান নেপালৰ সামাজিক মাধ্যমত ট্ৰেণ্ড কৰিবলৈ ধৰিলে, য’ৰ পৰা সহজেই উপলব্ধি কৰিব পাৰি যে যুৱ প্ৰজন্মৰ ক্ষোভ কিমান গভীৰ।
👉 দুৰ্নীতিৰ ক’লা অধ্যায় :
যোৱা চাৰিটা বছৰত নেপাল চৰকাৰৰ বিৰুদ্ধে একাধিক বৃহৎ কেলেংকাৰী উদঙাই দিয়া হৈছে। বিশেষকৈ তলত দিয়া কেইটা—
1. ২০২১ চনত গিৰি-বন্ধু ভূমি বিনিময় কেলেংকাৰী — ৫৪,৬০০ কোটি টকা।
2. ২০২৩ চনত অৰিয়েণ্টেল কৰ্পৰেট কেলেংকাৰী — ১৩,৬০০ কোটি টকা।
3. ২০২৪ চনত কৰ্পৰেট কেলেংকাৰী — ৬৯,৬০০ কোটি টকা।
এই সকলোবোৰে যুৱসমাজৰ ক্ষোভক চৰম সীমালৈ লৈ গৈছিল।
👉 যুৱসমাজত বৃদ্ধি পাই থকা নিবনুৱা সমস্যা :
নেপালত নিবনুৱাৰ হাৰ সদায়ে বৃদ্ধি পাইছে। বৰ্তমান নেপালৰ প্ৰায় ১০.৭১% যুৱক-যুৱতী নিবনুৱা। আনহাতে, নেপালৰ মুদ্ৰাস্ফীতিৰ হাৰ হৈছে ৫.২%। তথ্য অনুসৰি, নেপালৰ মাত্ৰ ২০% লোকৰ হাতত দেশৰ ৫৬% সম্পত্তি আছে, য’ত ৰাজনীতিবিদ সকলো অন্তৰ্ভুক্ত।
👉 ভাৰতৰ পৰা দূৰত্ব আৰু চীনৰ সৈতে বৃদ্ধি পাই থকা ঘনিষ্ঠতা :
জুলাই ২০২৪ ত কেপি অলিৰ চৰকাৰ গঠন হোৱাৰ পিছত নেপালৰ প্ৰৱণতা চীনৰ দিশত বৃদ্ধি পায়। নেপালে ভাৰতৰ সৈতে সীমা-সংক্ৰান্ত সমস্যাটো উত্থাপন কৰিলে, যাৰ ফলত দেশখনৰ ওপৰত অৰ্থনৈতিক চাপো বৃদ্ধি পায়। অলি চৰকাৰৰ এই মনোভাবেই নেপালৰ নাগৰিকৰ মাজত অসন্তোষ জন্মাইছিল।
👉 সামাজিক মাধ্যমত চৰকাৰী প্ৰতিৰোধ
প্ৰতিবাদ কমাবলৈ চৰকাৰে সামাজিক মাধ্যমত প্ৰতিৰোধ আৰোপ কৰে। এক সপ্তাহৰ ভিতৰত ফেচবুক-টুইটাৰ আদিৰ Apps নেপালত নিজৰ কাৰ্যালয় খুলিব লাগিব বুলি নিৰ্দেশ দিলে । কিন্তু সেইটো নঘটাত এপবোৰ একেবাৰে বন্ধ কৰি দিয়া হয়। এই সিদ্ধান্তই ক্ষোভক আৰু উগ্ৰ কৰি তোলে।
📌 এই আন্দোলনত ২৩ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী প্ৰাণ হেৰুৱায় আৰু শতাধিক আহত হয় ।
📌 অৱশেষত প্ৰধানমন্ত্ৰী K. P. Sharma Oli পদত্যাগ কৰিবলৈ বাধ্য হয়।
📌 এই আন্দোলনৰ ফলত পূৰ্ব প্ৰধানমন্ত্ৰী ঝালানাথ খানালৰ ঘৰত অগ্নিদগ্ধ হোৱাত তেওঁৰ পত্নী জুইত দগ্ধ হৈ দুঃখজনকভাৱে প্ৰাণ হেৰুৱায়। 🙏চুবুৰীয়া দেশ নেপালৰ এই ঘটনাটো সচাই দু:খজনক। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন।
👉 যদি নৱপ্ৰজন্মক লগত লৈ দেশখন আগুৱাব বিচাৰিছিল, তেন্তে এই দিন আহিলেহেঁতেন নে ?
আকৌ এবাৰ কৈ থও কোনো ঘটনাৰ প্ৰকৃত তথ্য নজনাকৈ মন্তব্য নকৰিব🙏। চুবুৰীয়া দেশ নেপালে অতি শীঘ্ৰে শান্তি আৰু সুস্থিৰতা লাভ কৰক—এয়াই আমাৰ আন্তৰিক কামনা। 🙏
👉[Copy নকৰিব, share হে কৰিব]👈