21/09/2026
কিয় শিশুৱে বহি ললে কান্দে, কিন্তু থিয় হ’লে শান্ত হয়?
“মই কোঁচত লৈ থিয় হৈ থাকোঁতে ভালকৈ থাকে… কিন্তু মই বহিবলৈ ল’লেই আকৌ কান্দিবলৈ আৰম্ভ কৰে!”
এই অভিজ্ঞতা কেৱল আপোনাৰ নহয়। বহুতো অভিভাৱকে বিশেষকৈ নৱজাতক তথা শিশুটি সৰু হৈ থকা সময়ত এইটো অনুভৱ কৰে।
কেতিয়াবা শিশুটিক শান্ত কৰিবলৈ বহু অভিভাৱকে বহু সময় ধৰি খোজ কাঢ়ে, কোলাত লৈ থিয় হৈ থাকে, লাহে লাহে দুলি থাকে, বুকুৰ ওচৰত ধৰি ৰাখে। কিন্তু বহিবলৈ ল’লেই—আকৌ কান্দোন!
ইয়াৰ আঁৰৰ কাৰণ কি কয়?
শিশু এটি জন্মৰ পিছত অত্যন্ত অসহায় অৱস্থাত থাকে আৰু পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল হয়। সেয়ে তেওঁলোকৰ শৰীৰত কিছুমান স্বাভাৱিক survival আৰু stress responses থাকে। যেতিয়া শিশুৱে ভোক, অস্বস্তি, সংযোগৰ প্ৰয়োজন বা আন কোনো কাৰণত distress অনুভৱ কৰে তেতিয়া শৰীৰত stress response সক্ৰিয় হয়। তেনে সময়ত
১. Movement য়ে শিশুক শান্ত কৰাত সহায় কৰে।
কোলত লৈ থিয় হোৱা, লাহে লাহে দুলি থকা বা খোজ কঢ়াৰ দৰে rhythmic movement-এ distress কমোৱাত সহায় কৰে।
২. Heart rate কমাই ৰাখে। গৱেষণাৰ তথ্য মতে distress ত থকা শিশুক কোলাত লৈ থিয় হ'লে শিশুৰ heart rate কমিবলৈ আৰম্ভ কৰে। ই stress response লাহে লাহে settle হোৱাৰ সৈতে জড়িত।
৩. Physical closeness এ নিৰাপত্তাৰ অনুভূতি দিয়ে
শিশু কোলাত থাকিলে caregiver ৰ শৰীৰৰ সংস্পৰ্শ, উষ্ণতা আৰু movement অনুভৱ কৰে।
এই physical closeness + gentle movementএ শিশুক comfort আৰু security অনুভৱ কৰাত সহায় কৰে।
গৱেষকসকলে এই আচৰণক শিশুৰ natural survival response-ৰ সৈতে জড়িত বুলিও ব্যাখ্যা কৰিছে। Caregiver থিয় হৈ বা ইফাল সিফাল কৰি থাকিলে বিপদৰ সময়ত শিশুটিক লৈ সোনকালে স্থান সলনি কৰিব পাৰে। সেয়ে movement-ৰ সৈতে শিশুৰ শান্ত হোৱাৰ এটা স্বাভাৱিক biological response বিকাশিত হোৱা দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে শিশুৱে সচেতনভাৱে ভাবে যে—“মা/দেউতা থিয় হৈ থাকিলে বিপদৰ পৰা পলাই যাব পাৰিম।”এইটো এটা স্বাভাৱিক biological response
কিন্তু এটা কথা মনত ৰখা দৰকাৰ যে শিশুক থিয় হৈ কোলাত ল’লে শান্ত হোৱা স্বাভাৱিক হ’ব পাৰে। কিন্তু কান্দোনৰ মূল কাৰণটোও বিচাৰিব লাগে। ভোক, ভিজা ডায়াপাৰ, গেছ, গৰম/ঠাণ্ডা, অতিপাত ক্লান্তি, অসুস্থতা বা কেৱল comfort বিচৰাৰ বাবেও শিশুৱে কান্দিব পাৰে। যদি শিশুৱে অস্বাভাৱিকভাৱে বেছিকৈ কান্দে, একেবাৰেই শান্ত কৰিব নোৱাৰি, খোৱা-শোৱাত সমস্যা হয়, জ্বৰ থাকে বা আন অসুস্থতাৰ লক্ষণ দেখা যায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰী।
মৌচুমী ফুকন