NEP News

NEP News ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ, দেশৰ পৰা বিদেশলৈ প্ৰতিটো খবৰ শুদ্ধ,সত্য আৰু সঠিক

24/04/2021

লাহৰীঘাটত মীন আইন উলংকৰি লালী বিলত মহলদাৰে মুচৰি জালেৰে ধৰিছে মাছ

সম্প্ৰতি মৰিগাৱঁ জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত চৰকাৰী মীন মহল লালী বিলত ভুলা হালদাৰ নামৰ মহলদাৰ জনে মীন আইনক ভৰিৰে মুহাৰি দিনে-নিশাই ব্যস্ত হৈ পৰিছে মুচৰি জালেৰে মাছ ধৰাত।

উল্লেখ্য যে মীন আইন মতে, এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈকে চৰকাৰী মীনমহল বিল ,নদী সমুহত কণী থকা মাছ আৰু পোনা মাছ ধৰাৰ লগতে মুচৰি জাল মাৰটো সম্পূৰ্ণ নিষেধ । মৰিগাৱঁ জিলাৰ অৰ্ন্তগত লালী বিল, সোনডুবা বিল, ব্ৰহ্মপুত্ৰ নদী আদি চৰকাৰী মীন মহলত
অাইন উলং কৰি দৈনিক কুইন্টলে কুইন্টেলে কণী থকা মাছ ধৰিছে দুৰ্নীতিগ্ৰস্ত মহলদাৰৰ নেতৃত্বত মাছমৰীয়া সকলে । তেনে এক গুৰুতৰ অভিযোগ উঠছে মৰিগাৱঁ জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত
লালীবিলত ।অভিযোগ মতে, ভূলা হালদাৰৰ নামৰ মহলদাৰৰ নেতৃত্বত আজিম উদ্দিন,জাকিৰ হুছেইন,
গুলজাৰ হুছেইন ,ছাদিকুল ইছলাম,ছুলতান আহামেদ,মুশ্বকিদুল ইছলামকে অাদিকৰি বহুকেইজন ব্যক্তিয়ে মীন আইন উলং কৰি মুচৰি জালেৰে লালী বিলত মাছ ধৰি আছিল।জৰিব গাৱঁৰ সচেতন নাগৰিক সকলে আইন উলংকাৰী সকলক মুচৰি জালেৰে এনে সময়ত মাছ ধৰা বন্ধ কৰিবলৈ কয় ।কিন্ত্ত দুৰ্নীতিগ্ৰস্ত মহলদাৰ ভূলাই বিভিন্ন ধৰনৰ ভাবুকি দিয়াৰ লগতে উলটাকৈ লাহৰীঘাট থানাত কেছ দিয়ে।
নিউচ ডেস্কচ ৰিপোৰ্ট NEP NEWS

15/04/2021

*মৈৰাবাৰীত জগন্য ঘটনা সংগঠিত হৈছে *
*কনিষ্ট ভাতৃয়ে জেষ্ট ভাতৃক হত্যাৰ চেষ্টা*
নিৰ্বাচনৰ বতৰত শাসক বিৰোধীয়ে ব্যস্ত থকাৰ মাজতে অসৎ কামনাৰ বলি হল জাহানাৰা বেগম নামৰ এগৰাকী মহিলাই৷ জানিব পৰা মতে মৰিগাও জিলাৰ ভেলৌগুৰী থানাৰ অন্তৰ্গত হাহাচৰাবৰীত সংঘটিত হল এই জগন্য ঘটনাটো৷
ভোক্তভোগী জাহানাৰা বেগমৰ অভিযোগ মতে ভোটদানৰ দিনা তেওৰ ওপৰত ঘৰত কোনো মানুহ নথকাৰ সুযোগতে তেওৰ দেৱৰ আবুল হাসেন নামৰ লম্পটে জপিয়াই পৰিছিল কামনাৰ মানসৰে৷ হঠাৎ স্বামী উপস্হিত হোৱাত লাগিল হুৱাদুৱা৷ জ্যষ্ঠ ভাতৃক নিজৰ দোষ ঢাকিবলৈ জংঘলত মাতি নি ঘটনাক গাপ দিবলৈ হাতত থকা গামোচা মেৰিয়াই ফাচি দিবলৈ কুন্ঠাবোধ নকৰিলে লম্পট আবুল হাসেনে৷ জংঘলত চিঞৰ বাখৰৰ শব্দ শুনা পাই স্হানীয় লোকে উদ্ধাৰ কৰে৷ ইতিমধ্য মৃত্যুৰ সৈতে যুজি আছে জাহানাৰা বেগমৰ স্বামী৷ ভেলৌগুৰী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী বিষয়াই তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনাৰ আচল ৰহস্য কিদৰে ভেদ কৰিব সেয়া সম্প্ৰতি লক্ষনীয় বিষয় হিচাপে থিয় দিছে ৷
নিউচ ডেস্কচ ৰিপোৰ্ট NEP NEWS

03/04/2021

অৰুণাচলৰ পৰা অপহৃত এজন বিষয়াক আজি মুকলি কৰিলে অৰুণাচল প্ৰদেশৰ লুংৰিবস্তিত।

বহু প্ৰতীক্ষাৰ অন্তত আলফা (স্বাধীন)ৰ দ্বাৰা অপহৃত কুইপ্পোৰ এজন বিষয়াক আজি অৰুণাচল-ম্যানমাৰ সীমান্তত মুকলি কৰি দিয়া হয়।উল্লেখ্য যে ২১ ডিচেম্বৰ ২০২০ তাৰিখে অৰুণাচল প্ৰদেশৰ কুইপ্পোৰ কুমচাইখা হাইড্ৰকাৰ্বন ড্ৰিলিং চাইটৰ পৰা দুগৰাকী কৈ বিষয়াক আলফা স্বাধীনে অপহৰণ কৰিছিল।তেওঁলোক হৈছে ৰেডিঅ' অপাৰেটৰ বিহাৰৰ ৰাম কুমাৰ আৰু আনজন শিৱসাগৰৰ ড্ৰিলিং চুপাৰিণ্টেণ্ডেণ্ট প্ৰণৱ কুমাৰ গগৈ। অৱশ্যে আলফা স্বাধীনে প্ৰণৱ কুমাৰ গগৈক হে মুকলি কৰি দিছে যদিও অন্যগৰাকী বিষয়াকো অতি সোনকালে মুকলি কৰি দিয়াৰ কথাও জানিব পৰা গৈছে। অন্যহাতে দুয়োগৰাকীৰ বিষয়াৰ মুক্তিপণ ১০ কোটি টকা দাবী কৰিছিল যদিও পিছলৈ মুক্তিপণৰ সালসলনি কৰা বুলি জানিব গৈছে।
নিউচ ডেস্কচ ৰিপোৰ্ট NEP NEWS

29/03/2021

Breaking Laharighat

👉লাহৰীঘাট সমষ্টিৰ টেঙাগুৰিত উত্তপ্ত পৰিস্থিতি।

👉 কংগ্ৰেছৰ ইষ্টাৰ কেম্পেইনাৰ ভূপেন বৰাই প্ৰচাৰ চলাই উভতাৰ সময়তে স্থানীয় ৰাইজে বাট-বেটা গ'বেগ ধ্বনি দিয়াক লৈ কংগ্ৰেছৰ সমৰ্থক আৰু স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

👉 লাহৰীঘাট সমষ্টিৰ টেঙাগুৰিত কংগ্ৰেছ প্ৰাৰ্থী আছিফ নাজাৰৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল ভূপেন বৰা।

👉 উল্লেখ্য যে লাহৰীঘাট সমষ্টিত বিধায়ক নজৰুল ইছলাম আৰু তেওঁৰ পুত্ৰ কংগ্ৰেছ প্ৰাৰ্থী আছিফ নাজাৰৰ বিৰুদ্ধে বাপ-বেটা হটাও সমষ্টি বচাও শ্ল'গানৰ ট্ৰেণ্ড উঠিছে। উল্লেখ্য যে এনেকৈ দৈনিক প্ৰাক্তন মন্ত্রী ডাক্তৰ নজৰুল ইছলাম আৰু পুএ লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আচিফ নাজাৰৰ বিৰুদ্ধে এনেধৰনৰ বাপ বেটা হাটাও কাৰ্যসুচী চলি থাকে।

পাছত লাহৰীঘাট আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
নিউচ ডেস্কচ ৰিপোৰ্ট NEP NEWS

25/03/2021

Breaking Laharighat

👉লাহৰীঘাটৰ ভূৰাগাঁৱত কংগ্ৰেছৰ বাইক ৰেলিত অঘটন।

কংগ্ৰেছ প্ৰাৰ্থী আচিফ নাজাৰৰ লাগিছে কেনা ।
উল্লেখ্য যে আচিফ নাজাৰৰ বিৰুদ্ধ যদি ক'ৰ বাদ পহুখেদা কাৰ্যসুচী ৰূপায়ন আন ক'ৰ বাদ বাপ-বেটা হাটাও কাৰ্যসুচী। এনেকৈ চলিছে প্ৰাক্তন মন্ত্রী, অৰ্কমন্য নজৰুল ইছলামৰ পুএ
আচিফ নাজাৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।

👉 বাইক দূৰ্ঘটনাত মহিলা, শিশুসহ আহত পাচঁ গৰাকী।

👉 আটাই কেইগৰালকী বৰ্তমান ভূৰাগাঁও পৰিপূৰক চিকিৎসালয়ত চিকিৎসাধীন‌‌ হৈ আছে।

👉 আহত পাচঁ গৰাকীৰ দুগৰাকী বাইক আৰোহী, দুগৰাকী মহিলা আৰু এগৰাকী তিনি মহীয়া শিশু।

👉 বাইকৰ খুন্দাত আঘাতপ্ৰাপ্ত হয় মহিলা দুগৰাকীৰ লগতে শিশুটি।

👉 দূৰ্ঘটনাত সংঘটিত কৰা বাইকখনৰ নম্বৰ AS21J2548‌।

👉ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন জব্দ কৰিছে ভূৰাগাঁও আৰক্ষীয়ে।

👉 দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত কেইজনৰ নাম ফৰিজ উদ্দিন(২৬),এমৰাদুল (১৮),সুনিতা চৌহান(১৯) খেতনি ৰাজভৰ(৬৫)আৰু ৰিয়া চৌহান(৩মহীয়া)বুলি জানিব পৰা গৈছে।

👉 বাইক চালকৰ অভিযোগ বিপৰীত দিশৰ পৰা অহা যাত্ৰীবাহী বাহনে বাইকত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দূৰ্ঘটনা।
আজিৰ এই দুৰ্ঘটনাই আগন্তক ১ এপ্ৰিলৰ নিৰ্বাচনত লাহৰীঘাট সমষ্টিত কংগ্ৰেছৰ যে কেনা লাগিব তাৰেই যেন আগ জাননী বহন কৰিছে । এই কথা আমাৰ নহয়,এই কথা লাহৰীঘাট ভোটাৰ ৰাইজৰ মূখে মূখে উচ্চাৰিত কথা
লাহৰীঘাটৰ পৰা আফিৰ উদ্দিনৰ ৰিপোৰ্ট NEP NEWS

22/03/2021

*ধিংত কৃষক মুক্তিৰ খহনীয়াই চিন্তিত কৰিছে ৰাইজৰ দলক*

ৰাজ্যখনৰ ভিতৰত এক উল্লেখনীয় আৰু বিশেষ চৰ্চিত সমষ্টি হিচাপে ধিংত ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজনৈতিক গৰম বতাহ৷
☞ শনিবাৰে ধিং সমষ্টিৰ কেইবাখনো ঠাইত মহাজোটৰ নিৰ্বাচনী সভাই চিন্তিত কৰিছে আন আন ৰাজনৈতিক দলক৷
☞হাহচৰা আৰু উলুৱাৰীৰ মহোজোটৰ জনসভাত তিনিশতাধিক কৃষক মুক্তিৰ সদস্যই আনুষ্ঠানিকভাৱে মহাজোটত যোগদান কৰে৷
☞ বিধায়ক আমিনুল ইছলাম আৰু মৈৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতিৰ উপস্হিতিত হোৱা হাহচৰাৰ সভাত আনুষ্ঠানিকভাৱে যোগদান কৰে সংগঠনটোৰ বহুকেইগৰাকী নেতা৷
☞ শেহতীয়াভাৱে নিৰ্বাচনত অখিলৰ সন্দেহজনক ভূমিকাৰ বাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে দলত্যাগ কৰে বুলি জানিব পৰা গৈছে৷

নিউচ ডেস্কচ ৰিপোৰ্ট NEP NEWS

18/03/2021

Big Breaking Laharighat

👉 লাহৰীঘাটত উত্তপ্ত পৰিস্থিতি &লাহৰীঘাটত কংগ্ৰেছ প্ৰাৰ্থীৰ গুন্ডা বাহিনী হাতে হাতে লাখটী লৈ প্ৰচাৰ অভিযান

কংগ্ৰেছ প্ৰাৰ্থী আছিফ নাজাৰৰ সমৰ্থক আৰু স্থানীয় ভোটাৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। হাতে-হাতে বাহঁ লৈ কংগ্ৰেছী গুন্ডা-বাহিনীয়ে এনেদৰেই স্থানীয় ভোটাৰ ৰাইজক আক্ৰমণ কৰিবলৈ খেদি আহে।

👉স্থানীয় ভোটাৰে ডা নজৰুল ইছলাম গ'বেগ, বাপ-বেটা হটাও সমষ্টি বচাও শ্ল'গান দিয়াক লৈ কংগ্ৰেছী গুন্ডা বাহিনীয়ে সৃষ্টি কৰে এই পৰিস্থিতিৰ।

👉লাহৰীঘাট সমষ্টিৰ জৰিবৰত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰিবলৈ আহি এনেদৰেই স্থানীয় ভোটাৰ ৰাইজৰ ৰোষত পৰে প্ৰাক্তন মন্ত্ৰী, বিধায়ক ডা নজৰুল ইছলাম আৰু তেওঁৰ পুত্ৰ কংগ্ৰেছ প্ৰাৰ্থী আছিফ নাজাৰ।

👉উল্লেখ্য যে বিগত ৪২ বছৰে বিধায়ক জনৰ পৰিয়ালকেন্দ্ৰিক শাসনত অসন্তুষ্ট হৈ পৰিছে সমষ্টিবাসী।

👉 স্থানীয় ভোটাৰ ৰাইজৰ পাল-খেদা খাই। নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰাৰ পৰিৱৰ্তে আৰক্ষীৰ সহায়ত হে জৰিবৰৰ পৰা ওলাই যাব লগা হয় বাপেক-পুতেক।

👉 ঘটনাস্থলীত ভূৰাগাঁও আৰক্ষী আৰু লাহৰীঘাট আৰক্ষীয়ে দুটাকৈ দলে অৰ্ধ সামৰিক বাহিনীৰ সহযোগত নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

👉 বিগত ২৫ বছৰে উন্নয়নৰ পোহৰ নোপোৱা ক্ষোভিত ভোটাৰে দৈনিক এনেদৰেই সমষ্টিৰ পৰা পাল-খেদা দিয়া পৰিলক্ষিত হৈছে বাপেক-পুতেকক।
নিউচ ডেস্কচ NEP NEWS

16/03/2021

লাহৰীঘাটত উত্তাপ্ত পৰিস্হিতি

লাহৰীঘাটত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আচিফ নাজাৰক সমষ্টিৰ পৰা পহু খেদা দিলে ভোটাৰ ৰাইজে

ক্ৰমান্বয়ে লাহৰীঘাটৰ নিৰ্বাচনী বতাহ গৰম হব ধৰিছে । নিৰ্বাচনৰ সময় যিমানেই সময় চাপি আহিছে সিমানেই প্ৰাক্তন মন্ত্রী নজৰুল ইছলাম আৰু পুএ আচিফ নাজাৰৰ প্ৰতি লাহৰীঘাট ভোটাৰ ৰাইজ ক্ষুভিত হোৱা পৰিলক্ষিত হৈছে।

নজৰুল ইছলামৰ ২৫বছৰ আৰু ককাইক আবুল কাচেমৰ ১৭বছৰ মুঠ ৪২বছৰৰ অপসাৰণৰ ফল ভোগ কৰিব লগীয়া হৈছে নজৰুলৰ পুএ আচিফ নাজাৰে।
উল্লেখ্য যে নিষ্কামা ,অকৰ্মন্য প্ৰাক্তন মন্ত্রী তথা নজৰুল ইছলাম পুএ আচিফ নাজাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী লাহৰীঘাট সমষ্টি য'তে গৈছে ততে ৰাইজৰ দ্ধাৰা বিভিন্ন প্ৰশ্নৰ সন্মুখীন হব লগা হৈছে আৰু অপদস্হ হৈছে।
আজি লাহৰীঘাট সমষ্টিৰ অৰ্ন্তগত ধূপগুৰি গাওঁপঞ্চায়ত সভাপতি মুস্তুফা আহামেদৰ ঘৰত কংগ্ৰেছ প্ৰাৰ্থী আচিফ নাজাৰে নিমন্ত্ৰণ খায় অহাৰ সময়ত ছাতিয়ান তলি গাৱঁত পহু খেদা খায়। বিভিন্ন প্ৰশ্নৰ সন্মুখীন হয় আৰু আচিফ নাজাৰ গ'বেগ, নজৰুল গ'বেগ ,বাপ বেটা হাটাও লাহৰীঘাট বচাও আদি শ্লগানেৰে আকাশ -পাতাল উত্তল কৰে স্হানীয় ৰাইজে ।ইমানেই পৰিস্হিতি উত্তাল হয়
যে ,পাছত লাহৰীঘাট থানাৰ আৰক্ষীয়ে পৰিস্হিতি নিয়ন্ত্ৰণ
কৰিব লগীয়া হয়। মুঠৰ ওপৰত বাপেক-পুতেক লাহৰীঘাট সমষ্টিৰ যতে নিৰ্বাচনৰ প্ৰচাৰ চলাব গৈছে তাতে পৰিস্হিতি বেয়া হৈছে আৰু এটাই শ্লগান বাপ বেটা হাটও অভিযান চলিছে।
লাহৰীঘাটৰ পৰা আফিৰ উদ্দিনৰ ৰিপোৰ্ট NEP News

09/03/2021

৬০ নং বৰক্ষেত্ৰী সমষ্টিৰ পৰা AIUDF দলৰ সাধাৰণ সম্পাদক চম্পক কলিতা দেৱলৈ AIUDF প্ৰাৰ্থী হিচাপে NEP NEWS স্বাগতম জনাইছোঁ ।

08/03/2021

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আজি এ আইডি এফ দলৰ পৰা মনোয়ন পএ দখিল কৰিলে।

08/03/2021
07/03/2021

লাহৰীঘাটত প্ৰাক্তন মন্ত্রী নজৰুল ইছলাম আৰু পুএ আচিফ নাজাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে

কংগ্ৰেছৰ টিকট নজৰুল তথা পুএ আচিফ নাজাৰক প্ৰদান কৰিলে বিষ প্ৰাণ কৰি আত্মহত্যা কৰাৰ ভাবুকি শতাধিক লাহৰীঘাটৰ যুৱকৰ

চুইজচাৰ্ট নোটত উল্লেখ কৰিছে তেখেত সকলৰ আত্মহত্যাৰ সম্পুৰ্ন ৰূপে দায়ি হব সাংসদ প্ৰদ্যুৎ বৰদলৈ, বদৰ উদ্দিন আজমল অাৰু ৰিপুন বৰা

লাহৰীঘাট সমষ্টিত দীৰ্ঘদিন ধৰি ৪২বছৰ ধৰি প্ৰাক্তন মন্ত্রী ডাক্তৰ নজৰুল ইছলাম আৰু তেখেতৰ ককাইয়েকে বিধায়ক হৈ থাকি লাহৰীঘাট সমষ্টিৰ কোনো কাম তথা সমস্য সমাধা নকৰাত ভোটাৰ ৰাইজ অতিষ্ঠ হৈ ক্ষুব্ধ হৈছে।
উল্লেখ্য যে সমাগত ২০২১চনৰ বিধান সভা নিৰ্বাচনত জনমত শূন্য, ব্যৰ্থ নজৰুলে পুতেকৰ কৰাণে গোপনে প্ৰদ্যুৎ বৰদলৈ আৰু বদৰ উদ্দিন আজমলৰ লগত কেবা কৌটি টকা লেনদেন কৰাৰ যি অভিযোগ উঠিছে।এই অভিযোগৰ বিত্তিতে হাজাৰ হাজাৰ ভোটাৰ ৰাজ পথত ওলাই আহিছে আৰু নজৰুল আৰু পুতেক আচিফ নাজাৰে কংগ্ৰেছৰ টিকট পালে আত্মহত্যাৰ ভাবুকি দিছে ৰাজহুৱা স্হানতে।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when NEP News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share