NIVAZ ASOM LIVE

NIVAZ ASOM LIVE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NIVAZ ASOM LIVE, Media/News Company, Panjabari Bagharbari Satgaon Guwahati pin, Gauhati.
(1)

Assamese News Channel
REGD NO: UDYAM-AS-03-0033640
ৰাইজৰ পক্ষত নির্ভয়ে আমি

যিকোনো ধৰণৰ বা বাতৰি , সাক্ষাত্‍কাৰ, কবিতা আবৃত্তি, বিহু নৃত্য, স্কুল,কলেজ, আৰ্ট, দোকান,কোম্পানী, সকলো ধৰনৰ ভিডিঅ' আমাৰ নিউজ চেনেলত প্ৰচাৰ কৰিব পাৰিব। যোগাযোগ নম্বৰ, 9864679902

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ বিজেপি ত্যাগ
09/10/2025

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ বিজেপি ত্যাগ

09/10/2025

ঘৰুৱা কাজিয়াত মই সোমালে বেয়াহে পাব। এগৰাকী মহিলাক উদ্দেশ্যি মুখ্যমন্ত্ৰী কি ক'লে শুনক।

08/10/2025

বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লুংঝাৰত কি *শোৰ নিৰু *দ্দেশ। ৪ অক্টোৱৰ ৰাতিপুৱা ছাইকেল এখন লৈ ঘৰৰ পৰা ওলাই যায়। বাতৰি লিখা পৰলৈকে ঘুৰি অহা নাই। কিশোৰ জন গাৱৰে এখন মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰি আছিল। কিশোৰ জনৰ পিন্ধনত কলা ৰঙৰ লংপেন্ট আৰু অৰেঞ্জ ৰঙৰ টি-শাৰ্ট আছিল। চাৰিওফালে বিচাৰ খোচাৰ কৰি কিশোৰ জনৰ কনো সম্ভেদ নাই পৰিয়ালৰ লোকে ব্যাকুল হৈ পৰিছে। এই সংক্ৰান্তত মাণিকপুৰ আৰক্ষী এজাহাৰ দাখিল কৰিছে। গতিকে কনো সদাশয় ব্যক্তিয়ে কিশোৰ জনৰ সম্ভেদ পালে ৭৮৬০০৪৯৯০ নম্বৰত নাইবা মাণিকপুৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

08/10/2025

বটদ্ৰৱাৰ বৃহত্তৰ অঞ্চলত এক প্ৰকাৰ সন্ত্ৰাহৰ সৃষ্টি কৰিছে এটি বনৰীয়া হাতীয়ে।
বটদ্ৰৱাৰ ধনীয়ভেটি, বটদ্ৰৱা, শান্তিজান পাৰ হৈ বৰ্তমান বটদ্ৰৱা শ্রী শ্ৰী শংকৰদেৱৰ মহাবিদ্যালয়ৰ পিছফালে পথাৰ পাৰ হৈ হাইডুবি বাটমাৰী ,বলিকটীয়া,ছুইজগেইত বৰ্তমান আছে।আৰক্ষী এটি দল উপস্থিত হৈছে লগতে বন বিভাগৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈছে।

07/10/2025

মঙলবাৰে অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান
অৰুণোদয় আঁচনিৰ লক্ষ্য 38 লক্ষ পৰিয়াল । অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত পৰিয়ালে পাব মাহিলী ১২৫০ টকাকৈ ।‌ অৰুণোদয় 3.0 আঁচনিৰ কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠান পোনপটীয়াকৈ প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা ৰাজ্যৰ ভিন্ন প্ৰান্তত । কাৰ্বি আংলঙৰ বকলীয়াঘাটতো এই আঁচনিৰ কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠান দেখুওৱাৰ ব্যৱস্থা । অৰুণোদ়য় 3.0 কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত লাংফেৰ পৰিষদীয় সমষ্টিৰ বকলীয়াঘাটত মহিলাৰ ভিৰ । অৰুণোদ়য় আঁচনিৰ ব্যৱস্থা কৰা বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেই ।

07/10/2025

নগাঁও মেট্ৰ' হস্পিটালত নিউৰ' বিভাগে এতিয়াৰে পৰা সপ্তাহৰ প্ৰতিটো দিনতে ৰোগীৰ সেৱা আগবঢ়াব। এতিয়াৰে পৰা প্ৰতি সোমবাৰ আৰু বৃহস্পতি বাৰে উপস্থিত থাকিব গুৱাহাটীৰ দুগৰাকীকৈ নিউৰ' চাৰ্জন অৰ্থাৎ স্নায়ু শল্য বিশেষজ্ঞ চিকিৎসক।

নগাঁও বাসীৰ বাবে আন এক সু-খবৰ । এতিয়াৰ পৰা স্নায়ুজনীত কোনো চিকিৎসাৰ বাবে কোনো ৰোগীৰ নগাঁৱৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। সকলো সময়তে আপোনাৰ সেৱাৰ বাবে নগাঁও মেট্ৰ' হস্পিটেলত উপলব্ধ আছে এটা নিউৰ' মেনেজমেন্টত গোট। দুগৰাকীকৈ প্ৰতিষ্ঠিত স্নায়ু শল্য চিকিৎসক ডাঃ হৃদয় হালৈ আৰু ডাঃ কিশোৰ কুমাৰ শৰ্মা এই গোটৰ তত্বাৱধান কৰিব।

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে নগাঁৱৰ মেট্ৰ' হস্পিটেলৰ কতৃপক্ষৰ লগত যোগাযোগ কৰক 98646 99927 অথবা 87610 22717 এই নম্বৰত।

07/10/2025

ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱৰ সফল সামৰণী
ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰাই ভকতৰ মন মুহিলে

কাৰ্বি আংলং জিলাৰ ডেনগাঁৱত ২০০০ চনৰ জুলাই মাহত স্হাপিত ডেনগাঁৱৰ নামঘৰটি প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্ণ হোৱাৰ ক্ষণত বৰ্ষজোৰা কাৰ্যসূচীৰে তিনিটা পৰ্যায়ত আয়োজিত ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱৰ বৰ্ষজোৰা কাৰ্যসূচীৰ তৃতীয় পৰ্যায় তথা সামৰণি অনুষ্ঠানটো যোৱা ৪ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটো দেওবাৰে সামৰণি পৰিছে ৷ কাৰ্যসূচী অনুসৰি ৪ অক্টোবৰত পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কনক মেছে ৷

07/10/2025

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী,মডেল অসম কন্যা শিক্ষা দাস।বৰ্তমান "যৌৱনে আমনি কৰে"দ্বিতীয় খনৰ এটি গুৰুত্ব পূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। আমন্ত্ৰণ পোৱাত মুম্বাই মায়া নগৰীৰ পৰা অসমলৈ আহিছে।বৰ্তমান তেওঁ বলিউডৰ কেবাখনো ছিৰিয়েলত কাম কৰি আছে।

মুকলি কৰা হ'ল নতুন আঁচনি বহিঃৰাজ্যত মৃত্যুবৰণ কৰা অসমৰ ব্যক্তিৰ মৃতদেহ সুকলমে ৰাজ্যলৈ ঘূৰাই অনাটো সুনিশ্চিত কৰিবলৈ  এক অ...
06/10/2025

মুকলি কৰা হ'ল নতুন আঁচনি বহিঃৰাজ্যত মৃত্যুবৰণ কৰা অসমৰ ব্যক্তিৰ মৃতদেহ সুকলমে ৰাজ্যলৈ ঘূৰাই অনাটো সুনিশ্চিত কৰিবলৈ এক অভিনৱ পদক্ষেপ হৈছে 'শ্ৰদ্ধাঞ্জলি আঁচনি'।

06/10/2025

ফুলনিত কাৰ্বি ছাত্ৰ সন্থা ইংলং'ফ গোটৰ উদ্যোগত বিনামূলীয়া পাঠদান শিবিৰ মুকলি ।
কাৰ্বি আংলং জিলাৰ ফুলনিৰ হাৰ'মন ক্লাবত কাৰ্বি ছাত্ৰ সন্থা ইংলং'ফ গোটৰ ফুলনি শাখাৰ উদ্যোগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলৰ বাবে তিনিমহীয়া বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন কৰা হয় । উক্ত শিবিৰৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিয়ে । আনহাতে উক্ত শিবিৰৰ লগত সংগতি ৰাখি এখনি শিক্ষামূলক সজাগতা সভাৰ আয়োজন কৰা হয়

06/10/2025

ডিগবৈ ঢেকীয়াজান মুলুক গাওঁত ফুটবল প্ৰতিযোগিতা আয়োজন :
ডিগবৈ ঢেকিয়াজান মুলুক গাওঁৰ উদয়ৰুণ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ২৪ চেপ্তেম্বৰ পৰা ৫ অক্টোবৰ ২০২৫ তাৰিখলৈকে প্ৰায় ২৮ টা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ২৮ তম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাখনি আয়োজন কৰা হয় । খেলখনৰ আৰম্ভণিতে হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্বাঞ্জলী জনোৱা হয় ।

06/10/2025

"এয়া বৰষুণ নহয়, আশীৰ্বাদ। অতদিনৰ লেতেৰাবোৰ ভগৱানে আজি পৰিষ্কাৰ কৰি দিছে।" বুলি অতি কৌশলী আক্ৰমণাত্মক ৰছিকতাৰে কোকৰাঝাৰ পঞ্চম কাৰ্য্যনিৰ্বাহৰ শপতগ্ৰহন বিটিচি প্ৰধান হিচাপে হাগ্ৰামা মহিলাৰীৰ : উপমুখ্য হিচাপে ৰিহন দৈমাৰীৰ শপত গ্ৰহন : বিটিচি চৰকাৰত হাগ্ৰামা মহিলাৰীসহ দহগৰাকী ই এম হিচাপে নিৰ্বাচিত।

Address

Panjabari Bagharbari Satgaon Guwahati Pin
Gauhati
781037

Alerts

Be the first to know and let us send you an email when NIVAZ ASOM LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NIVAZ ASOM LIVE:

Share