Rongili Barta- an Assamese weekly newspaper

Rongili Barta- an Assamese weekly newspaper 28 years of continuous journey serving unbiased news to the Nation Send us through email or WhatsApp.we will published it.

If you are interested in writing articles/poem/views on any issues we will published it as well as we have art/photography/beauty and glamour section for kids and girls(Indian attire only). Click- rongilibarta.com

FB page- Rongilibarta
(do like & comment)

� Do visit once

Whatsapp-
8638732821/
9854215286

E-mail- [email protected]

‘প্ৰকৃতিৰ তাণ্ডৱ’ এক মৰ্মান্তিক ৰূপ – শংকৰ দেৱ(বৰ্তমান অসমৰ বান পৰিস্থিতিৰ প্ৰেক্ষাপটত) 'প্ৰকৃতিৰ তাণ্ডৱ' এক মৰ্মান্তিক ...
14/08/2026

‘প্ৰকৃতিৰ তাণ্ডৱ’ এক মৰ্মান্তিক ৰূপ – শংকৰ দেৱ

(বৰ্তমান অসমৰ বান পৰিস্থিতিৰ প্ৰেক্ষাপটত) 'প্ৰকৃতিৰ তাণ্ডৱ' এক মৰ্মান্তিক ৰূপ শংকৰ দেৱ, দেৰগাঁও প্ৰকৃতি হৈছে প্ৰাণীৰ প্ৰাণ , সৌন্দৰ্যৰ আধাৰ আৰু মানৱ সভ্যতাৰ চিৰদিনৰ সংগী। নদ-নদী, পাহাৰ-পৰ্বত, বনাঞ্চল আৰু সেউজীয়া প্ৰকৃতিয়ে আমাৰ জীৱন সমৃদ্ধ কৰি তোলে। কিন্তু একেই প্ৰকৃতিয়ে যেতিয়া ৰুদ্ৰ আৰু সংহাৰী ৰূপ ধাৰণ কৰে, তেতিয়া মুহূৰ্ততে সুখ-শান্তিৰে থকা এই সেউজী পৃথিৱীখন ধ্বংসস্তূপলৈ পৰিণত হয়। শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত হোৱা অবিৰত বৰষুণ, আকস্মিক বান, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনে পুনৰ এবাৰ সেই কঠোৰ বাস্তৱতাৰ সন্মুখীন কৰাই দিছে।...

‘প্ৰকৃতিৰ তাণ্ডৱ’ এক মৰ্মান্তিক ৰূপ – শংকৰ দেৱ August 14, 2026August 12, 2026 Rongili Barta (বৰ্তমান অসমৰ বান পৰিস্থিতিৰ প্ৰেক্ষাপটত) ‘প্ৰকৃ...

বুকু কঁপে – মেৰী বৰদলৈবুকু কঁপে  মেৰী বৰদলৈ,নগাঁও,ফুলগুৰি ভাঁহি আহিছে আজি চিঞৰবোৰ হাজাৰ চিঞৰ কোনোবা আপোনৰ৷ চকুৰপানীৰে বৈ...
14/08/2026

বুকু কঁপে – মেৰী বৰদলৈ

বুকু কঁপে মেৰী বৰদলৈ,নগাঁও,ফুলগুৰি ভাঁহি আহিছে আজি চিঞৰবোৰ হাজাৰ চিঞৰ কোনোবা আপোনৰ৷ চকুৰপানীৰে বৈ আহিছে দুগাল তিয়াই জোলোঙাই জোলোঙাই যন্ত্ৰণা কাতৰ৷ কোঙা হৈ পৰিল জননী বুকু বিশ্বাসঘাতকতাৰ মথাউৰিত বহি কিৰিলিয়াই হাঁহিছে যেন... সেই হাঁহিবোৰ এডল নিৰ্দয় ৰাক্ষসৰ!

বুকু কঁপে – মেৰী বৰদলৈ August 14, 2026August 12, 2026 Rongili Barta বুকু কঁপে মেৰী বৰদলৈ,নগাঁও,ফুলগুৰি ভাঁহি আহিছে আজি চিঞৰবোৰ হাজাৰ চিঞৰ কোন....

শোক – প্ৰভাত বণিয়াশোক প্ৰভাত বণিয়া পীড়িতৰ জীৱন যাতনাৰ চকুলো নিষ্প্ৰাণ গধুলিৰ ৰং চলাহি কথাত বিসৰ্জন বজাৰ আৰু পথাৰ প্ৰত...
14/08/2026

শোক – প্ৰভাত বণিয়া

শোক প্ৰভাত বণিয়া পীড়িতৰ জীৱন যাতনাৰ চকুলো নিষ্প্ৰাণ গধুলিৰ ৰং চলাহি কথাত বিসৰ্জন বজাৰ আৰু পথাৰ প্ৰতাৰিত দৰিদ্ৰ জনগণ ভেটি-মাটি উচন প্ৰৱঞ্চক দালালৰ দপদপনি অট্টহাসত কপি উঠে শুকান কৰ্কশ পদূলি সপোন মষিমূৰ অস্তিত্ব ধূলিস্যাৎ।

শোক – প্ৰভাত বণিয়া August 14, 2026August 12, 2026 Rongili Barta শোক প্ৰভাত বণিয়া পীড়িতৰ জীৱন যাতনাৰ চকুলো নিষ্প্ৰাণ গধুলিৰ ৰং চলাহি কথাত .....

শিক্ষক: শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াৰ পথপ্ৰদৰ্শক – ড° বুলজিৎ বুঢ়াগোহাঁইশিক্ষক: শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াৰ পথপ্ৰদৰ্শক ড° বুল...
14/08/2026

শিক্ষক: শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াৰ পথপ্ৰদৰ্শক – ড° বুলজিৎ বুঢ়াগোহাঁই

শিক্ষক: শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াৰ পথপ্ৰদৰ্শক ড° বুলজিৎ বুঢ়াগোহাঁই কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয় , আজাৰা,গুৱাহাটী শিক্ষকৰ ভূমিকা কেৱল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা, পৰীক্ষা লোৱা বা শিক্ষাৰ্থীক নম্বৰ দিয়াৰ মাজতে সীমাবদ্ধ নহয়। এজন শিক্ষক শিক্ষাৰ্থীৰ জীৱনৰ পথপ্ৰদৰ্শক, পৰামৰ্শদাতা, অনুপ্ৰেৰণাদাতা আৰু আদৰ্শ ব্যক্তি হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বহু সময়ত এজন শিক্ষকৰ এটা উৎসাহজনক বাক্য, এটা সঠিক পৰামৰ্শ বা সময়োপযোগী দিক-নিৰ্দেশনাই এজন শিক্ষাৰ্থীৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে। বিশেষকৈ কেৰিয়াৰ নিৰ্বাচন আৰু ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ।...

শিক্ষক: শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াৰ পথপ্ৰদৰ্শক – ড° বুলজিৎ বুঢ়াগোহাঁই August 14, 2026August 11, 2026 Rongili Barta শিক্ষক: শিক্ষাৰ্থীৰ কেৰিয...

বানত হেৰুৱা হৃদয়ৰ বিষাদ – নিতুল নাথবানত হেৰুৱা হৃদয়ৰ বিষাদ নিতুল নাথ নেমুগুৰি, শিৱসাগৰ কাৰ বুকুৰ ক'ৰ ঠিকনাৰ বান্ধ ভাঙি...
14/08/2026

বানত হেৰুৱা হৃদয়ৰ বিষাদ – নিতুল নাথ

বানত হেৰুৱা হৃদয়ৰ বিষাদ নিতুল নাথ নেমুগুৰি, শিৱসাগৰ কাৰ বুকুৰ ক'ৰ ঠিকনাৰ বান্ধ ভাঙি-ছিঙি পাৰ হৈ আহে এই ভৰ বাৰিষা ভয়ংকৰ বানে| "আই সমান হ'ব কোন নৈ সমান ব'ব কোন ?" দিখৌ , দিচাং, ভোগদৈ , জাঁজীৰ গাভৰু বুকুত হঠাৎ আবির্ভাব হোৱা বানৰ আন্ধাৰ নিশাৰ শোকাকুল কোলাহলত প্রবল অন্তহীন সোঁতৰ ধাৰত সোঁতে সোঁতে উটি যায় মানুহ ,পশু কিম্বা ঘৰ-দুৱাৰ |...

বানত হেৰুৱা হৃদয়ৰ বিষাদ – নিতুল নাথ August 14, 2026August 12, 2026 Rongili Barta বানত হেৰুৱা হৃদয়ৰ বিষাদ নিতুল নাথ নেমুগুৰি, শিৱসাগৰ কাৰ বু....

প্ৰতীক্ষাৰ উপকথা – নাচিমা য়াচমিনপ্ৰতীক্ষাৰ উপকথা নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি পৃথিৱীৰ  কোলাহলৰ মাজতো  কিছুমান  হৃদয় থা...
14/08/2026

প্ৰতীক্ষাৰ উপকথা – নাচিমা য়াচমিন

প্ৰতীক্ষাৰ উপকথা নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি পৃথিৱীৰ কোলাহলৰ মাজতো কিছুমান হৃদয় থাকে যি নিঃশব্দ ! তেওঁলোকৰ কোনো অভিযোগ নাথাকে, নাথাকে কোনো উচ্চাৰিত অভিমান। তেওঁলোকে কেৱল অপেক্ষা কৰে— এটি ক্ষণৰ, এটি হাঁহিৰ, এটি উষ্ণ সম্বোধনৰ। সময়ৰ সোঁত বয়, ঋতুবোৰ সলনি হয়, ঠিক তেনেদৰে মানুহো সলনি হয়, কিন্তু তেওঁলোকৰ অন্তৰত এটি নাম নীৰৱে জীয়াই থাকে। বহুতে তেওঁলোকক দুৰ্বল ভাবে, কিন্তু তেওঁলোকে জানে— ভালপোৱা কেতিয়াও দুৰ্বলতা নহয়, ই এক গভীৰ সাহস, য'ত বিনিময়ৰ আশা নাথাকে।

প্ৰতীক্ষাৰ উপকথা – নাচিমা য়াচমিন August 14, 2026August 12, 2026 Rongili Barta প্ৰতীক্ষাৰ উপকথা নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি পৃথিৱীৰ কোলা...

আকাশী চাতৰ তলৰ স্ফুলিংগ – শচীন্দ্ৰ কুমাৰ দাসআকাশী চাতৰ তলৰ স্ফুলিংগ শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী প্ৰথম অধ্যায়: গাঁৱৰ অনন...
14/08/2026

আকাশী চাতৰ তলৰ স্ফুলিংগ – শচীন্দ্ৰ কুমাৰ দাস

আকাশী চাতৰ তলৰ স্ফুলিংগ শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী প্ৰথম অধ্যায়: গাঁৱৰ অনন্যা ৰূপহী সবিতা দাস নবীন গাঁৱৰ হাইস্কুলৰ নিষ্ঠাবান শিক্ষক হিতেশ ছাৰৰ জীয়ৰী। তাই পঢ়া-শুনাত যেনেকৈ চোকা, খেল-ধেমালিতো সমানেই পাৰ্গত আছিল। মাক-দেউতাকে তাইক অতি আদৰ আৰু যত্নৰে ডাঙৰ-দীঘল কৰিছিল। সবিতাৰ সৌন্দৰ্য আছিল অনন্য, যিয়ে গাঁৱৰ ডেকা ল’ৰাবোৰৰ বুকুত খলকনি তুলিছিল। বিশেষকৈ তাইৰ দীঘল, ঘন আৰু ক’লা কুচকুচীয়া চুলিকোচাই সকলোকে আকৰ্ষিত কৰিছিল। যেতিয়াই কোনো বিয়া-সবাহ বা পূজা-পাৰ্বনত তাই চুলিখিনি মেলি, ধুনীয়া চুৰিদাৰ এযোৰ পিন্ধি ওলাই গৈছিল, মানুহে তাইলৈ একেথৰে জুম বান্ধি চাই ৰৈছিল। কিন্তু একো নজনী আজলী সবিতাই সেইবোৰলৈ কাণ নিদি নিজৰ পঢ়া-শুনাতহে মগ্ন হৈ আছিল।...

আকাশী চাতৰ তলৰ স্ফুলিংগ – শচীন্দ্ৰ কুমাৰ দাস August 14, 2026August 12, 2026 Rongili Barta আকাশী চাতৰ তলৰ স্ফুলিংগ শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰ...

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত ‘প্ৰিঞ্চিপালছ লাষ্ট ক্লাছ ৩.০’ শীৰ্ষক বক্তৃতামালা সম্পন্নডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত ‘প্ৰিঞ্...
14/08/2026

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত ‘প্ৰিঞ্চিপালছ লাষ্ট ক্লাছ ৩.০’ শীৰ্ষক বক্তৃতামালা সম্পন্ন

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত ‘প্ৰিঞ্চিপালছ লাষ্ট ক্লাছ ৩.০’ শীৰ্ষক বক্তৃতামালা সম্পন্ন এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় হনুমান বক্স সূজমল কানৈ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড° হানিফা ৰহমান, মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা উপাসনা দত্ত আৰু সমাজতত্ত্ব বিভাগৰ অধ্যাপিকা সুজাতা সোণোৱালৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘প্ৰিঞ্চিপালছ লাষ্ট ক্লাছ-৩.০’ উদ্বোধন কৰি বিশিষ্ট কবি, সাহিত্যিক তথা মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱৰ্জিৎ শইকীয়াই এইদৰে কয় যে মানুহে কৰ্মৰ জৰিয়তে সমাজৰ ধাৰ পৰিশোধ কৰিব লাগিব। অধ্যক্ষ ড° শশীকান্ত শইকীয়াই প্ৰিঞ্চিপালছ লাষ্ট ক্লাছৰ জৰিয়তে এনে এক চানেকি থৈ যাব যি ভবিষ্যতে এক দলিল হৈ ৰ’ব। অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়— মগজুৰ কোষবোৰক যিমানেই কামত লগোৱা হয়, সিমানেই কোষবোৰ শক্তিশালী হয়। যিমানেই এলাহ কৰি কাম কৰাৰ পৰা আতৰ হয়, সিমানেই মগজুৰ কোষবোৰ শুকাই যায়। অধ্যক্ষগৰাকীয়ে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ নেতৃত্বত মহাবিদ্যালয়খনে যি এক নিয়মানুৱৰ্তীতাৰ মাজেৰে আগুৱাই গৈছে তাক ভূয়সী প্ৰশংসা কৰাৰ লগতে অধ্যক্ষ ড° শশীকান্ত শইকীয়াই মাজুলী মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে কৰ্মৰত হৈ থকা সময়ছোৱাত মহাবিদ্যালয়খনত কৰা উন্নয়নৰ কথাও উল্লেখ কৰে। শেষত এটি সুন্দৰ কবিতাই অধ্যক্ষগৰাকীয়ে তেখেতৰ সাৰলীল বক্তব্য সামৰণি মাৰে। অধ্যাপিকা সুজাতা সোণোৱালে আঁত ধৰা অনুষ্ঠানটিত ‘প্ৰিঞ্চিপালছ লাষ্ট ক্লাছ-৩.০’ বক্তৃতামালাত ‘বুকুৰ মাজত জীয়াই থকা এজন পিতৃৰ অপ্ৰকাশিত মমতা’- শীৰ্ষক বিষয়ত অধ্যক্ষ ড° শশীকান্ত শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় বোধহয় পিতৃসকল এনেকুৱাই। পিতৃয়ে সন্তানক মাকৰ দৰে কোলাত লৈ মুখত চুমা খাই মৰম দেখুৱাব নোৱাৰে। পিতৃৰ মৰমবোৰ লুকুৱাই থোৱা থাকে অনুশাসনৰ টান চামৰাৰ আঁৰত, গালি-গালাজৰ পিছফালে আৰু নিৰৱে কৰি যোৱা কষ্টবোৰৰ মাজত। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কানৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য ননীমাধৱ বৰকটকীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত পৰিবেশন কৰে। বৰকটকীয়ে অধ্যক্ষ ড° শশীকান্ত শইকীয়াৰ কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰি কয়— অধ্যক্ষগৰাকীৰ নেতৃত্বতে কানৈ মহাবিদ্যালয়ে উন্নতিৰ উচ্চ শিখৰত আগুৱাই যাবলৈ সক্ষম হৈছে। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পৰা আহি কানৈ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ সুভম সুত্ৰধৰে অধ্যক্ষগৰাকীক প্ৰশংসা কৰি এক সুন্দৰ বক্তব্য প্ৰদান কৰে আৰু অধ্যক্ষগৰাকীয়ে ছাত্ৰজনৰ বক্তব্যত আপ্লুত হৈ ছাত্ৰজনক নগদ পাঁচ টকাৰ লগতে এখন মানপত্ৰ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। শেষত শলাগ জ্ঞাপন কৰে অধ্যাপিকা উপাসনা দত্তই।

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত ‘প্ৰিঞ্চিপালছ লাষ্ট ক্লাছ ৩.০’ শীৰ্ষক বক্তৃতামালা সম্পন্ন August 14, 2026 Rongili Barta ডিব্ৰুগড় কা...

ডিব্ৰুগড়ৰ বৰবৰুৱাস্থিত আই টি আইৰ বিতৰ্কিত অধ্যক্ষ ৰাজু গোপালক তাৎক্ষণিক বদলিৰ আদেশ ৰাজ্য চৰকাৰৰডিব্ৰুগড়ৰ বৰবৰুৱাস্থিত ...
14/08/2026

ডিব্ৰুগড়ৰ বৰবৰুৱাস্থিত আই টি আইৰ বিতৰ্কিত অধ্যক্ষ ৰাজু গোপালক তাৎক্ষণিক বদলিৰ আদেশ ৰাজ্য চৰকাৰৰ

ডিব্ৰুগড়ৰ বৰবৰুৱাস্থিত আই টি আইৰ বিতৰ্কিত অধ্যক্ষ ৰাজু গোপালক তাৎক্ষণিক বদলিৰ আদেশ ৰাজ্য চৰকাৰৰ এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৰবৰুৱাস্থ আই টি আইৰ অধ্যক্ষৰ অতিৰিক্ত দ্বায়িত্বত থকা ৰাজু গোপালৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন হৈ অহাৰ মূৰকত ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ তিনিচুকীয়াৰ আই টি আই প্ৰতিষ্ঠানলৈ বদলিৰ আদেশ জাৰি কৰে। উল্লেখযোগ্য যে, বৰবৰুৱাস্থ ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ ক্ষেত্ৰত এই গৰাকী অধ্যক্ষই‌ বিশেষ কোনো মন-নিদিয়া, প্ৰয়োজনীয় প্ৰশাসনিক কামকাজখিনিও নকৰাত প্ৰতিষ্ঠানটোৰ অন্যান্য কৰ্মচাৰীৰ লগতে প্ৰশিক্ষক -প্ৰশিক্ষাৰ্থী সকলোৱে দীৰ্ঘদিন ধৰি অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল। শেহতীয়াভাৱে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তৰ ওচৰত নেতৃস্থানীয় তথা জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে যোৱা জুলাই মাহৰ ৪ তাৰিখে অধ্যক্ষ ৰাজু গোপালৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল। উক্ত অভিযোগ পত্ৰত নেওগে তথ্য সহকাৰে উল্লেখ কৰিছিল যে, দেশৰ এটা প্ৰতিস্থিত কোম্পানী দিল্লীস্থ এল জি ইলেক্ট্ৰনিকচ্ ইণ্ডিয়া লিমিটেড নামৰ এটা কোম্পানীৰ প্ৰতিনিধি বুলি চিনাকী দিয়া এজন ভুৱা প্ৰতিনিধিয়ে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ ৩৩ গৰাকী নিবনুৱা যুৱক প্ৰশিক্ষাৰ্থীক দিল্লীত প্ৰশিক্ষণ দি চাকৰি দিয়াৰ প্ৰলোভন দি কেইবাহাজাৰ টকা কৌশলেৰে আদায় কৰি শেষত অন্তৰ্ধান হয়। উক্ত কাৰ্যত ডিব্ৰুগড় আই টি আইৰ প্ৰশিক্ষণ কক্ষ ব্যৱহাৰ কৰাকে আদি কৰি অন্যান্য যাৱতীয় কামত উক্ত ভুৱা প্ৰতিনিধিজনৰ লগত প্ৰত্যক্ষভাৱে জড়িতহৈ আহিছিল অধ্যক্ষ ৰাজু গোপাল। জিলা আয়ুক্তই নেওগৰ অভিযোগ পত্ৰৰ প্ৰসংগত উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। শেহতীয়াকৈ এটা অভিযোগ এই গৰাকী অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত হৈছিল,য'ত কোৱা হৈছিল যে, এই প্ৰতিষ্ঠানত থকা বিদ্যুৎ সৰবৰাহৰ ট্ৰেন্সফৰ্মাৰটো বিকল হৈ পৰাত এমাহৰ পূৰ্বেই বিদ্যুৎ বিভাগলৈ মেৰামতিৰ বাবে ট্ৰেন্সফৰ্মাৰটো প্ৰেৰণ কৰিছিল। বিদ্যুৎ বিভাগে লগে লগে মেৰামতি কৰে যদিও তাৰ বিনিময়ত পৰিশোধ কৰিবলগীয়া বিলৰ টকা অধ্যক্ষ গৰাকীয়ে নিদি এমাহ ধৰি বিদ্যুৎ সংমণ্ডল কাৰ্যালয়তে পেলাই থৈছিল। তাৰ ফলত অসহ্য গৰমত দিন অতিবাহিত কৰিবলগীয়া হৈছিল প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী, প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী সকল। শেষত ১১ আগষ্টত জিলা আয়ুক্তই অধ্যক্ষ ৰাজু গোপালক কাৰ্যালয়লৈ মতাই নি জৰুৰী আদেশ দিয়াতহে ট্ৰেন্সফৰ্মাৰটো লৈ যাবলৈ সক্ষম হয়।অৱশেষত ৰাজ্য চৰকাৰে এক আদেশ মৰ্মে অধ্যক্ষ গৰাকীক বদলি কৰা বুলি জানিব পাৰি প্ৰতিষ্ঠানটোৰ সকলোৱে সন্তোষ প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যোগ বিভাগৰ সচিবৰ যোৱা ১২ আগষ্ট '২৬ তাৰিখৰ আদেশ নং ই চি এফ....

ডিব্ৰুগড়ৰ বৰবৰুৱাস্থিত আই টি আইৰ বিতৰ্কিত অধ্যক্ষ ৰাজু গোপালক তাৎক্ষণিক বদলিৰ আদেশ ৰাজ্য চৰকাৰৰ August 14, 2026 Rongili Barta ডি....

সংগ্ৰামৰ মাজেৰে গঢ়া জনবিশ্বাস: অখিল গগৈ আৰু ভাতৃ অম্লান – লক্ষীনন্দন কলিতা সংগ্ৰামৰ মাজেৰে গঢ়া জনবিশ্বাস: অখিল গগৈ আৰু...
13/08/2026

সংগ্ৰামৰ মাজেৰে গঢ়া জনবিশ্বাস: অখিল গগৈ আৰু ভাতৃ অম্লান – লক্ষীনন্দন কলিতা

সংগ্ৰামৰ মাজেৰে গঢ়া জনবিশ্বাস: অখিল গগৈ আৰু ভাতৃ অম্লান লক্ষীনন্দন কলিতা মানুহৰ জীৱনৰ সাৰ্থকতা কেৱল নিজৰ সফলতাৰ শিখৰত উপনীত হোৱাতেই সীমাবদ্ধ নহয়,সাৰ্থকতা নিহিত থাকে সমাজৰ দুখ-দুৰ্দশাক নিজৰ হৃদয়ৰ বেদনাৰূপে অনুভৱ কৰি মানুহৰ কল্যাণৰ বাবে নিৰ্ভয়ে আগবাঢ়ি যোৱাত। যিসকল ব্যক্তিয়ে নিজৰ স্বাৰ্থতকৈ জনস্বাৰ্থক অধিক মূল্য দিয়ে, তেওঁলোকেই সময়ৰ বুকুত এক অনন্য পৰিচয় গঢ়ি তোলে। অসমৰ জনজীৱনত তেনে দুটা পৰিচিত নাম হৈছে সন্মানীয় বিধায়ক অখিল গগৈ। তেওঁলোকৰ কৰ্ম, সাহস, দৃঢ়তা আৰু জনমুখী চিন্তাধাৰাই বহু লোকৰ হৃদয়ত আস্থাৰ বন্তি জ্বলাই আহিছে।অখিল গগৈৰ নাম উচ্চাৰিত হ'লেই মনত ভাঁহি উঠে সংগ্ৰাম, সাহস, প্ৰতিবাদ আৰু জনসাধাৰণৰ অধিকাৰৰ বাবে নিৰৱচ্ছিন্ন যুঁজৰ এক জীৱন্ত প্ৰতিচ্ছবি। কৃষক, শ্ৰমিক, বানপীড়িত, চাহ জনগোষ্ঠী, খিলঞ্জীয়া আৰু সমাজৰ অৱহেলিত শ্ৰেণীৰ কণ্ঠস্বৰ হৈ তেওঁ বহু বছৰ ধৰি অন্যায়, দুৰ্নীতি আৰু বৈষম্যৰ বিৰুদ্ধে দৃঢ়ভাৱে মাত মাতি আহিছে। বহু বাধা-বিঘিনি, সমালোচনা আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজতো তেওঁ নিজৰ আদৰ্শৰ পৰা বিচলিত হোৱা নাই। তেওঁৰ জীৱনযাত্ৰাই দেখুৱায় যে সত্যৰ পথ সদায় সহজ নহয়, কিন্তু সাহস আৰু সততাই সেই পথক মহীয়ান কৰি তোলে। জনতাৰ সুখ-দুখৰ সৈতে নিজকে একাত্ম কৰি তোলাৰ এই মানসিকতাই তেওঁক সাধাৰণ মানুহৰ মাজত এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছতো তেওঁ জনসেৱাকেই নিজৰ মূল আদৰ্শ হিচাপে গ্ৰহণ কৰিছে। তেওঁৰ বক্তব্য, চিন্তাধাৰা আৰু কৰ্মই অসমৰ সামাজিক-ৰাজনৈতিক পৰিসৰত এক বিশেষ আলোচনাৰ সৃষ্টি কৰি আহিছে। অখিল গগৈৰ এই জনমুখী যাত্ৰাত ভাতৃ অম্লানেও নীৰৱ অথচ তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ সমাজৰ বিভিন্ন ক্ষেত্ৰত মানুহৰ সৈতে ওচৰ সম্পৰ্ক গঢ়ি তুলি শিক্ষা, সামাজিক সচেতনতা, মানৱীয় মূল্যবোধ আৰু জনকল্যাণমূলক বিভিন্ন কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত। আলোচনাৰ পোহৰত নাথাকিলেও নীৰৱভাৱে সমাজৰ হকে কাম কৰি যোৱাৰ মানসিকতাই তেওঁৰ ব্যক্তিত্বক অধিক মৰ্যাদাপূৰ্ণ কৰি তুলিছে। একেটা আদৰ্শ, একেটা লক্ষ্য আৰু জনসেৱাৰ একেই অংগীকাৰ দুয়ো ভাতৃৰ কৰ্মত স্পষ্টভাৱে প্ৰতিফলিত হয়। সমাজ পৰিৱৰ্তনৰ পথ কেতিয়াও সহজ নহয়। এই পথত থাকে বাধা, ত্যাগ, সমালোচনা আৰু অসংখ্য পৰীক্ষা। তথাপিও যিসকলে মানুহৰ কল্যাণক জীৱনৰ উদ্দেশ্য হিচাপে গ্ৰহণ কৰে, তেওঁলোকেই সময়ৰ বুকুত অমলিন হৈ ৰৈ যায়। অখিল গগৈ আৰু অম্লানৰ জীৱন সেই ত্যাগ, সাহস আৰু দায়বদ্ধতাৰেই এক জীৱন্ত দৃষ্টান্ত।বৰ্তমানৰ যুৱসমাজৰ বাবে তেওঁলোকৰ জীৱন এক অনুপ্ৰেৰণাৰ উৎস। সমাজৰ প্ৰতি দায়িত্ববোধ, সত্যৰ প্ৰতি অটল বিশ্বাস, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ আৰু মানৱতাৰ প্ৰতি অগাধ শ্ৰদ্ধাই এজন প্ৰকৃত নাগৰিকৰ পৰিচয় বহন কৰে। এই মূল্যবোধসমূহকে তেওঁলোকে নিজৰ কৰ্মৰ মাজেৰে সমাজৰ আগত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে।...

সংগ্ৰামৰ মাজেৰে গঢ়া জনবিশ্বাস: অখিল গগৈ আৰু ভাতৃ অম্লান – লক্ষীনন্দন কলিতা August 13, 2026August 12, 2026 Rongili Barta সংগ্ৰামৰ মাজেৰে গঢ়...

Address

62, Medhi Villa, Sh*tala Mandir Path, Fatasil Manpara, A. K. Dev Road, P. O. Dhirenpara (Ambari Tiniali)
Guwahati
781025

Alerts

Be the first to know and let us send you an email when Rongili Barta- an Assamese weekly newspaper posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rongili Barta- an Assamese weekly newspaper:

Shortcuts

Share