Rongili Barta- an Assamese weekly newspaper

Rongili Barta- an Assamese weekly newspaper 28 years of continuous journey serving unbiased news to the Nation Send us through email or WhatsApp.we will published it.

If you are interested in writing articles/poem/views on any issues we will published it as well as we have art/photography/beauty and glamour section for kids and girls(Indian attire only). Click- rongilibarta.com

FB page- Rongilibarta
(do like & comment)

� Do visit once

Whatsapp-
8638732821/
9854215286

E-mail- [email protected]

ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিতে চি এম এ এ এৰ অধীনত ৪,৫৪৭ গৰাকী হিতাধিকাৰীক আৰ্থিক সাহায্য বিতৰণডিব্ৰুগড় জিলাৰ ছটা...
18/09/2026

ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিতে চি এম এ এ এৰ অধীনত ৪,৫৪৭ গৰাকী হিতাধিকাৰীক আৰ্থিক সাহায্য বিতৰণ

ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিতে চি এম এ এ এৰ অধীনত ৪,৫৪৭ গৰাকী হিতাধিকাৰীক আৰ্থিক সাহায্য বিতৰণ এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান চি এম এ এ এ ১.০ আৰু ২.০ৰ অধীনত আৰ্থিক সাহায্য বিতৰণৰ বাবে ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিতে একেলগে জিলা পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচী জৰিয়তে জিলাখনৰ উদীয়মান তথা ইতিমধ্যে উদ্যোগ স্থাপন কৰা উদ্যোগীসকলক স্ব-নিয়োজন, উদ্যোগিতা আৰু বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত আৰ্থিক আৰু প্ৰতিষ্ঠানিক সহায় আগবঢ়োৱা হয়। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত মূল অনুষ্ঠানটো অনুষ্ঠিত হয়। অনুষ্ঠানত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, উপস্থিত থাকে। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মুঠ ৬৪৩ গৰাকী হিতাধিকাৰীক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হয়। ইয়াৰে ৫৫৯ গৰাকী চি এম এ এ এ ২.০ আৰু ৮৪ গৰাকী চি এম এ এ এৰ ১.০ৰ অধীনৰ হিতাধিকাৰী। জিলা খনৰ আনকেইটা বিধানসভা সমষ্টিসমূহতো নিৰ্ধাৰিত স্থানত এই কাৰ্যসূচী অনুষ্ঠিত হয়। চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিত মুঠ ৭৩৬ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হয়। ইয়াৰে ৬৩৬ গৰাকী চি এম এ এ এ ২.০ আৰু ১০০ গৰাকী চি এম এ এ এ ১.০ৰ অধীনৰ। টিংখাং বিধানসভা সমষ্টিত মুঠ ৯০৬ গৰাকী হিতাধিকাৰীৰ ভিতৰত ৮৪১ গৰাকী চি এম এ এ এ ২.০ আৰু ৬৫ গৰাকীচি এম এ এ এ ১.০ৰ অধীনৰ। খোৱাং বিধানসভা সমষ্টিত মুঠ ৬৯৯ গৰাকী হিতাধিকাৰীৰ ভিতৰত ৬০৩ গৰাকী চিএমএ এ এ ২.০ আৰু ৯৬ গৰাকী চি এম এ এ এ ১.০ৰ অধীনৰ। নাহৰকটীয়া বিধানসভা সমষ্টিত মুঠ ৮১৯ গৰাকী হিতাধিকাৰীৰ ভিতৰত ৭১৬ গৰাকী চি এম এ এ এ ২.০ আৰু ১০৩ গৰাকী চি এম এ এ এ ১.০ৰ অধীনৰ। দুলীয়াজান বিধানসভা সমষ্টিত মুঠ ৭৪৪ গৰাকী হিতাধিকাৰীৰ ভিতৰত ৬২৯ গৰাকী চি এম এ এ এ ২.০ আৰু ১১৫ গৰাকী চি এম এ এ এ ১.০ৰ অধীনৰ হিতাধিকাৰী। জিলাখনৰ ছটা বিধানসভা সমষ্টিতে অনুষ্ঠিত এই কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ভাৰ্চুৱেলি পোনপটীয়া সম্প্ৰচাৰ সকলো নিৰ্ধাৰিত অনুষ্ঠানস্থলতে প্ৰদৰ্শন কৰা হয়। ছটা বিধানসভা সমষ্টিৰ হিতাধিকাৰী আৰু অংশগ্ৰহণকাৰীসকলে প্ৰথমে ভাৰ্চুৱেল মাধ্যমেৰে ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু তাৰ পিছত নিজ নিজ বিধানসভা সমষ্টিৰ অনুষ্ঠানত আৰ্থিক সাহায্যৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিত মুঠ ৪,৫৪৭ গৰাকী হিতাধিকাৰীক এই আনুষ্ঠানিক আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হয়। ইয়াৰে ৩,৯৮৪ গৰাকী চি এম এ এ এ ২.০ আৰু ৫৬৩ গৰাকীচি এমএ এ এ ১.০ৰ অধীনৰ হিতাধিকাৰী।উল্লেখযোগ্য যে, চিএমএএএ ১.০ৰ অধীনত যিসকল হিতাধিকাৰীৰ উদ্যোগে অগ্ৰগতি আৰু কাৰ্যক্ষমতা প্ৰদৰ্শন কৰিছে, তেওঁলোকক পৰৱৰ্তী কিস্তিৰ আৰ্থিক সাহায্যৰ বাবে বিবেচনা কৰা হৈছে। একেদৰে, চি এম এ এ ২.০ৰ অধীনত নিৰ্ধাৰিত উদ্যোগিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা আৰু প্ৰয়োজনীয় আনুষ্ঠানিকতা পূৰণ কৰা হিতাধিকাৰীসকলক পৰৱৰ্তী কিস্তিৰ আৰ্থিক সাহায্যৰ বাবে সামৰি লোৱা হৈছে।মুখ্যমন্ত্ৰীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ পিছত সংশ্লিষ্ট বিধানসভা সমষ্টিসমূহত অনুষ্ঠিত অনুষ্ঠানত হিতাধিকাৰীসকলৰ মাজত অনুমোদিত আৰ্থিক সাহায্যৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। জিলা প্ৰশাসনে সকলো হিতাধিকাৰীক লাভ কৰা আৰ্থিক সাহায্য বিবেচনাপূৰ্ণ আৰু উৎপাদনশীলভাৱে ব্যৱহাৰ কৰি কাৰ্যক্ষম আৰু বহনক্ষম উদ্যোগ গঢ়ি তোলাত গুৰুত্ব দিবলৈ আহ্বান জনায়। লগতে, সংশ্লিষ্ট বিভাগ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক হিতাধিকাৰীৰ উদ্যোগ সফলভাৱে স্থাপন আৰু বিকাশৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ, কাৰিকৰী সহায় আৰু হেণ্ডহোল্ডিং সহায় আগবঢ়াবলৈ আহ্বান জনোৱা হয়।"মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান"ৰ মূল উদ্দেশ্য হৈছে উদ্যোগিতাৰ পৰিৱেশ অধিক শক্তিশালী কৰা, হিতাধিকাৰীসকলক বহনক্ষম জীৱিকাৰ সুযোগ গ্ৰহণত সক্ষম কৰি তোলা, নিয়োগৰ সুযোগ সৃষ্টি কৰা আৰু অসমৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ বাবে উৎসাহিত কৰা।

ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিতে চি এম এ এ এৰ অধীনত ৪,৫৪৭ গৰাকী হিতাধিকাৰীক আৰ্থিক সাহায্য বিতৰণ September 18, 2026 Rongili Bar...

Assam Governor launches Nasha Mukt Bharat Sankalp Padayatra from CacharAssam Governor launches Nasha Mukt Bharat Sankalp...
18/09/2026

Assam Governor launches Nasha Mukt Bharat Sankalp Padayatra from Cachar

Assam Governor launches Nasha Mukt Bharat Sankalp Padayatra from Cachar Initiative inspired by Prime Minister Shri Narendra Modi’s vision of a drug-free India: Governor Guwahati ,Rongili Barta: Assam Governor Shri Lakshman Prasad Acharya today formally launched the Nasha Mukt Bharat Sankalp Padayatra from Nehru College, in Pailapool, Cachar, as part of a statewide initiative to cover 10 districts of Assam and spread awareness against drug abuse....

Assam Governor launches Nasha Mukt Bharat Sankalp Padayatra from Cachar September 18, 2026 Rongili Barta Assam Governor launches Nasha Mukt Bharat Sankalp Padayatra from Cachar Initiative inspired by Prime Minister Shri Narendra Modi’s vision of a drug-free India: Governor Guwahati ,Rongili Barta:...

Assam Governor Shri Acharya confers degrees at 15th convocation of Assam Don Bosco UniversityAssam Governor Shri Acharya...
17/09/2026

Assam Governor Shri Acharya confers degrees at 15th convocation of Assam Don Bosco University

Assam Governor Shri Acharya confers degrees at 15th convocation of Assam Don Bosco University Governor calls upon graduates to turn knowledge into purpose and education into service to society Shri Acharya urges students to compete with themselves, embrace innovation and contribute to nation-building Guwahati,Rongili Barta: Assam Governor Shri Lakshman Prasad Acharya today called upon graduating students of Assam Don Bosco University to use their education not merely as a means of personal advancement, but as an instrument to create positive change in society and contribute to the nation’s development....

Assam Governor Shri Acharya confers degrees at 15th convocation of Assam Don Bosco University September 17, 2026 Rongili Barta Assam Governor Shri Acharya confers degrees at 15th convocation of Assam Don Bosco University Governor calls upon graduates to turn knowledge into purpose and education into...

মানৱ জীৱনত ধৰ্মৰ প্ৰকৃত স্বৰূপ আৰু ইয়াৰ সাৰ্থকতা – শচীন্দ্ৰ কুমাৰ দাসমানৱ জীৱনত ধৰ্মৰ প্ৰকৃত স্বৰূপ আৰু ইয়াৰ সাৰ্থকতা শচ...
16/09/2026

মানৱ জীৱনত ধৰ্মৰ প্ৰকৃত স্বৰূপ আৰু ইয়াৰ সাৰ্থকতা – শচীন্দ্ৰ কুমাৰ দাস

মানৱ জীৱনত ধৰ্মৰ প্ৰকৃত স্বৰূপ আৰু ইয়াৰ সাৰ্থকতা শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী মানৱ সভ্যতাৰ আদিম কালৰে পৰা প্ৰতিজন চিন্তাশীল মানুহৰ হৃদয়ত দুটা চিৰন্তন প্ৰশ্নই অনবৰতে আলোড়ন সৃষ্টি কৰি আহিছে— ধৰ্ম প্ৰকৃততে কি? আৰু ধৰ্ম কেতিয়া সাৰ্থক হয়? ধৰ্ম শব্দটোক লৈ যুগে যুগে বহু মনীষীয়ে ভিন্ন ধৰণৰ বাখ্যা আগবঢ়াই আহিছে। কোনোবাই যদি এক অদৃশ্য ঐশ্বৰিক শক্তিক বিশ্বাস কৰা আৰু সেই সৃষ্টি-স্থিতি-লয়ৰ স্ৰষ্টাৰ প্ৰতি আস্থা ৰাখি ভক্তি-আৰাধনা কৰাটোকেই ধৰ্ম বুলিছে, আন কোনোবাই আকৌ এক নিৰ্দিষ্ট ধৰ্মীয় পথ বা মতক ধৰ্মৰ আখ্যা দিছে। কিন্তু ধৰ্মৰ প্ৰকৃত অৰ্থ ইয়াতকৈয়ো বহু বেছি গভীৰ, ব্যাপক আৰু সৰ্বজনীন।...

মানৱ জীৱনত ধৰ্মৰ প্ৰকৃত স্বৰূপ আৰু ইয়াৰ সাৰ্থকতা – শচীন্দ্ৰ কুমাৰ দাস September 16, 2026September 16, 2026 Rongili Barta মানৱ জীৱনত ধৰ্মৰ প্ৰকৃত...

এগৰাকী বিশ্ব বিখ্যাত বতৰ আৰু জলবায়ু বিজ্ঞানী ড° ভূপেন্দ্ৰ নাথ গোস্বামী – বন্দিতা শৰ্মা কন্দলিএগৰাকী বিশ্ব বিখ্যাত বতৰ আ...
16/09/2026

এগৰাকী বিশ্ব বিখ্যাত বতৰ আৰু জলবায়ু বিজ্ঞানী ড° ভূপেন্দ্ৰ নাথ গোস্বামী – বন্দিতা শৰ্মা কন্দলি

এগৰাকী বিশ্ব বিখ্যাত বতৰ আৰু জলবায়ু বিজ্ঞানী ড° ভূপেন্দ্ৰ নাথ গোস্বামী বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও পৃথিৱীৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে পৃথিৱীৰ গড় উষ্ণতা অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। গোলকীয় উষ্ণতা বৃদ্ধিয়ে জলবায়ুৰ ওপৰত যঠেষ্ট প্ৰভাৱ পেলাইছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰষুণৰ ধৰণ সলনি হৈছে,বৰফ গলিবলৈ ধৰিছে আৰু খৰাং বা বানপানী আদি প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে।এনে প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী যদি পোৱা যায় তেনে আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ সুযোগ পায়। এই দিশ সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৱেষণা আৰম্ভ কৰা ব্যক্তিজনেই হৈছে ড° ভূপেন্দ্ৰ নাথ গোস্বামী। তেওঁৰ গৱেষণাৰ বিষয় আছিল ভাৰতীয় মৌচুমী বায়ুৰ গতিশীলতা আৰু ইয়াৰ ভৱিষ্যদ্বাণী। জলৱায়ু পৰিবৰ্ত্তনে মৌচুমী বৰষুণৰ ওপৰতো প্ৰভাৱ পেলাইছে। তেওঁৰ নেতৃত্বতে ভাৰত চৰকাৰৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে ' মনচুন মিছন' প্ৰকল্প আৰম্ভ কৰিছিল । এই প্ৰকল্পৰ উদ্দেশ্য আছিল বতৰ বিজ্ঞানৰ আধুনিক কম্পিউটাৰ মডেল ব্যৱহাৰ কৰি ভাৰতত কেতিয়া, ক'ত আৰু কিমান বৰষুণ হ'ব তাৰ সঠিক পূৰ্বানুমান কৰা। তেওঁৰ গৱেষণাৰ পৰা দেখা যায় যে সেউজ গৃহ গেছৰ প্ৰভাৱত ভাৰতীয় জহকালৰ মৌচুমী বৰষুণৰ ধৰণ লাহে লাহে পশ্চিম দিশলৈ প্ৰসাৰিত হৈছে। যাৰফলত মৰুভূমি অঞ্চলতো বৰষুণৰ পৰিমাণ বৃদ্ধি হৈছে। তেওঁৰ গৱেষণাৰ পৰা জানিব পাৰিছিল যে সাগৰৰ উষ্ণতা আৰু বায়ুমণ্ডলৰ পাৰস্পৰিক ক্ৰিয়াই বতৰ নিয়ন্ত্ৰণ কৰে আৰু বানপানীৰ আগজাননী দিব পাৰে ।...

এগৰাকী বিশ্ব বিখ্যাত বতৰ আৰু জলবায়ু বিজ্ঞানী ড° ভূপেন্দ্ৰ নাথ গোস্বামী – বন্দিতা শৰ্মা কন্দলি September 16, 2026September 16, 2026 Rongili B...

যন্ত্ৰণা – ৰিমী হাজৰিকাযন্ত্ৰণা ৰিমী হাজৰিকা, মাজুলী কিমান অসুৰক্ষিত! কিমান কষ্টকৰ নাৰীৰ জীৱন—এৰা! ইমান সহজ নে নাৰী হোৱা...
16/09/2026

যন্ত্ৰণা – ৰিমী হাজৰিকা

যন্ত্ৰণা ৰিমী হাজৰিকা, মাজুলী কিমান অসুৰক্ষিত! কিমান কষ্টকৰ নাৰীৰ জীৱন—এৰা! ইমান সহজ নে নাৰী হোৱা? ইমান সস্তীয়া নে নাৰীৰ জীৱন? নে নাৰী কেৱল উপভোগৰ পণ্য মাত্ৰ? এই প্ৰশ্ন কেৱল মোৰ নহয়; এই প্ৰশ্ন প্ৰতিগৰাকী নাৰীৰ, প্ৰতিগৰাকী মাতৃৰ, প্ৰতিগৰাকী ভগ্নীৰ, প্ৰতিগৰাকী কন্যাৰ। এই প্ৰশ্ন সেই সমাজৰ প্ৰতি, যি সমাজে নাৰীক সন্মান কৰাৰ কথা কয়, অথচ সেই একেখন সমাজতেই নাৰীয়ে প্ৰতিদিনে নিজৰ অস্তিত্ব আৰু সুৰক্ষাৰ বাবে যুঁজ দিবলগীয়া হয়।...

যন্ত্ৰণা – ৰিমী হাজৰিকা September 16, 2026September 16, 2026 Rongili Barta যন্ত্ৰণা ৰিমী হাজৰিকা, মাজুলী কিমান অসুৰক্ষিত! কিমান কষ্টকৰ নাৰীৰ জীৱ...

ইউ এচ টি এম আৰু দিছপুৰ মহাবিদ্যালয়ত  উচ্চশিক্ষাৰ  ৰাষ্ট্ৰসংঘ আৰু ইউনেস্ক’ৰ লক্ষ্য কাৰ্যকৰীকৰণ সম্পৰ্কত মতবিনিময়ইউ এচ টি ...
16/09/2026

ইউ এচ টি এম আৰু দিছপুৰ মহাবিদ্যালয়ত উচ্চশিক্ষাৰ ৰাষ্ট্ৰসংঘ আৰু ইউনেস্ক’ৰ লক্ষ্য কাৰ্যকৰীকৰণ সম্পৰ্কত মতবিনিময়

ইউ এচ টি এম আৰু দিছপুৰ মহাবিদ্যালয়ত উচ্চশিক্ষাৰ ৰাষ্ট্ৰসংঘ আৰু ইউনেস্ক’ৰ লক্ষ্য কাৰ্যকৰীকৰণ সম্পৰ্কত মতবিনিময় এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চশিক্ষা ব্যৱস্থাক বিশ্বমানৰ বহনক্ষম উন্নয়ন লক্ষ্য আৰু ৰাষ্ট্ৰসংঘৰ শৈক্ষিক নীতিৰ সৈতে সংগতিপূৰ্ণ কৰি আগুৱাই নিয়াৰ উদ্দেশ্যে আজি ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ উদ্যোগত দুই ইউএসএস উচ্চশিক্ষানুষ্ঠান ক্ৰমে ঐতিহ্যপূৰ্ণ দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ আচাৰ্যৰ স’তে এক গুৰুত্বপূৰ্ণ মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয়৷ বৈঠকত ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ পেনেলিষ্ট তথা মণ্ডল-ৰৰ সমন্বয়ক, অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্ৰী বন্ধন উপ-সমিতিৰ আহ্বায়ক, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ঐতিহাসিক ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় [স্বায়ত্তশাসিত]ৰ অধ্যক্ষৰ লগতে ১৫ টাতকৈও অধিক সংগঠনৰ সভাপতি, সম্পাদকৰ দায়িত্বত থকা কৰ্মসূৰ্য ড॰ শশীকান্ত শইকীয়া আৰু ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ সঞ্চালক ড॰ অশ্বিনী কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰে৷ দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ নৱজ্যোতি বৰা আৰু ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ আচাৰ্য মহবুবুল হকৰ সৈতে উচ্চশিক্ষাৰ বিভিন্ন দিশ আৰু ৰাষ্ট্ৰসংঘ ইউনেস্ক’ৰ কাম কাজ ৰূপায়ণ কৰাৰ সন্দৰ্ভত বিস্তৃত মতবিনিময় কৰে৷ আলোচনাত ড॰ শশীকান্ত শইকীয়াই ৰাষ্ট্ৰসংঘ আৰু ইউনেস্ক’ৰ উদ্দেশ্য, লক্ষ্য তথা শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়৷ বিশেষকৈ উচ্ছশিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰম, গৱেষণা আৰু সামাজিক দায়বদ্ধতাৰ সৈতে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ সংযুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ বৈঠকত শিক্ষানুষ্ঠানসমূহত সমতাভিত্তিক আৰু অন্তৰ্ভুক্তিমূলক শিক্ষা নিশ্চিত কৰা, বিজ্ঞান-প্ৰযুক্তিৰ বিকাশত অধিক গুৰুত্ব দিয়া, লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ ঐতিহ্য আৰু সাংস্কৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা আৰু ধাৰণাসমূহ তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ বিষয়েও আলোচনা কৰা হয়৷ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ মাজত যৌথ গৱেষণা, সজাগতামূলক কৰ্মশালা, শৈক্ষিক বিনিময় কাৰ্যসূচী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিশ্বমুখী চিন্তা-চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ আধুনিক শিক্ষা ব্যৱস্থা কেৱল আনুষ্ঠানিক ডিগ্ৰী প্ৰদানৰ মাজতে সীমাবদ্ধ নাৰাখি শিক্ষাৰ্থীসকলৰ মাজত গোলকীয় নাগৰিকত্ববোধ, সামাজিক দায়বদ্ধতা আৰু পৰিৱেশ সচেতনতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ বিষয়েও বিস্তৃত আলোচনা হয়৷ বৈঠকত অংশগ্ৰহণকাৰীসকলে মত প্ৰকাশ কৰে যে উত্তৰ- পূৰ্বাঞ্চলৰ বিপুল প্ৰাকৃতিক, সাংস্কৃতিক আৰু বৌদ্ধিক সম্পদৰ সঠিক আৰু বহনক্ষম ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্ৰসমূহৰ সৈতে অঞ্চলটোৰ উচ্চ শিক্ষানুষ্ঠানুষ্ঠান সমূহৰ এক নিবিড় সম্পৰ্ক গঢ়ি তোলাটো অতি জৰুৰী৷ এনে পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাব্যৱস্থাক নতুন গতি প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অঞ্চলটোক এক গুৰুত্বপূৰ্ণ শৈক্ষিক সমন্বয়ক হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুলি অংশগ্ৰহণ কাৰীসকলে আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ আচাৰ্যৰ পৰামৰ্শদাতা ৰবীন কুমাৰ শৰ্মাৰ লগতে ভালেসংখ্যক অধ্যাপক- অধ্যাপিকা উপস্থিত থাকে৷ উল্লেখ্য যে অনুষ্ঠানৰ অংশ হিচাপে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ নৱজ্যোতি বৰাকে ধৰি ৰাষ্ট্ৰসংঘৰ আজীৱন সদস্য পদত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৯ গৰাকী অধ্যাপক- অধ্যাপিকাক পৰিচয়-পত্ৰ প্ৰদান কৰা হয়৷ ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ পেনেলিষ্ট তথা মণ্ডল-ৰৰ সমন্বয়ক ড॰ শশীকান্ত শইকীয়া আৰু ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ সঞ্চালক ড॰ অশ্বিনী কুমাৰ শৰ্মাই এই পৰিচয় পত্ৰসমূহ প্ৰদান কৰে৷ দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ নৱজ্যোতি বৰা আৰু ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ আচাৰ্য মেহবুবুল হেক ড॰ শশীকান্ত শইকীয়া আৰু ড॰ অশ্বিনী কুমাৰ শৰ্মাক ফুলাম গামোছা আৰু অন্যান্য উপহাৰেৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য যে এই বৈঠকতে অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্ৰীবন্ধন উপ-সমিতিৰ আহ৩ায়ক ড॰ শশীকান্ত শইকীয়াই দুয়োখন উচ্ছশিক্ষানুষ্ঠানত অসম সাহিত্য সভাৰ শাখা মুকলি কৰা সন্দৰ্ভত উচ্ছশিক্ষানুষ্ঠান দুখনৰ অধ্যক্ষ আৰু আচাৰ্যৰ স’তে আলোচনা কৰে৷

ইউ এচ টি এম আৰু দিছপুৰ মহাবিদ্যালয়ত উচ্চশিক্ষাৰ ৰাষ্ট্ৰসংঘ আৰু ইউনেস্ক’ৰ লক্ষ্য কাৰ্যকৰীকৰণ সম্পৰ্কত মতবিনিময় ...

শিল্গীসত্বাৰ চালিকা শক্তি দৰদী জুবিন গাৰ্গ – যমুনা দুলু বৈশ্যশিল্গীসত্বাৰ চালিকা শক্তি দৰদী জুবিন গাৰ্গ যমুনা দুলু বৈশ্য...
14/09/2026

শিল্গীসত্বাৰ চালিকা শক্তি দৰদী জুবিন গাৰ্গ – যমুনা দুলু বৈশ্য

শিল্গীসত্বাৰ চালিকা শক্তি দৰদী জুবিন গাৰ্গ যমুনা দুলু বৈশ্য,শুৱালকুছি হিয়াৰ আমঠু জুবিন গাৰ্গ বিশ্ববাসীক মধুৰকন্ঠৰে হেজাৰ জনৰ, প্ৰাণৰ শিল্পী তুমি যুগজয়ী সংগীত খনিকৰ , হে ,সুৰৰ যাদুকৰ , প্ৰকৃতিৰ প্ৰেমী ,মহানায়ক ।। গল্ডি বা জুবিন ১৯৭২ চনৰ ১৮ নবেম্বৰত মেঘালয়ৰ তুৰাত জন্ম হৈছিল । তেৱেই গীতিকাৰ ,সুৰকাৰ সংগীত পৰিচালক ,চলচিত্ৰ নিৰ্মাতা পৰিচালক ,কাহিনীকাৰ সমাজসেৱী ,দয়ালু প্ৰকৃতিপ্ৰেমী অসমবাসীৰ বাবে সুসন্তান জুবিনগাৰ্গ । দেউতাকৰ নাম আছিল মোহিনীমোহন বৰঠাকুৰ ,ছদ্মনাম কপিল বৰঠাকুৰ ।তেওঁ এগৰাকী ম্যাজিষ্টেট আছিল ।গীত আৰু কবিতা লিখিছিল ।লগতে নিজৰ পুত্ৰৰ জুবিনৰ নামত গ্ৰন্থ এখন প্ৰকাশ কৰিছিল । মাকৰ নাম আছিল ইলি বৰঠাকুৰ ।এগৰাকী গায়িকা আছিল । ভনী দুজনী জংকি আৰু ড° পামী বৰঠাকুৰ । ৪/২/২০০২ বিবাহ হয় । জুবিনৰ পত্মী গৰিমা শইকীয়া এগৰাকী ফেশ্বন ডিজাইনৰ ।...

শিল্গীসত্বাৰ চালিকা শক্তি দৰদী জুবিন গাৰ্গ – যমুনা দুলু বৈশ্য September 14, 2026September 14, 2026 Rongili Barta শিল্গীসত্বাৰ চালিকা শক্তি দৰদ.....

বৰষুণ – ৰিমী হাজৰিকাবৰষুণ ৰিমী হাজৰিকা, মাজুলী টোপা টোপে সৰি পৰা ডাৱৰৰ কণাবোৰে কাণে কাণে কিনো কথা পাতে। চিপ্‌চিপ্‌ কৰি থ...
14/09/2026

বৰষুণ – ৰিমী হাজৰিকা

বৰষুণ ৰিমী হাজৰিকা, মাজুলী টোপা টোপে সৰি পৰা ডাৱৰৰ কণাবোৰে কাণে কাণে কিনো কথা পাতে। চিপ্‌চিপ্‌ কৰি থকা গছৰ পাতবোৰেও সেউজীয়াৰ পাতনি মেলে।। শুকান গছৰ পাত আৰু ফুলৰ কলিবোৰে উলাহত হালি-জালি উঠে। ৰঙা-নীলা-হালধীয়া ৰামধেনুখনেও পশ্চিম আকাশত নাচে।। বৰষুণৰ পানীৰে চোতাল-ঘৰ উপচে, মইনাহঁতে ও নানা ৰং ধেমালি কৰে ইকৰা-কাঠিৰে সজা সৰু ঘৰটিও যেন বৰষুণত উটি যাব খোজে।। শুকান মাটিত আজি পানীৰে ভৰপূৰ, কৃষকৰ ঘৰে ঘৰে হাঁহিৰে ফাকু, বৰষুণে আনিছে আজি উলাহ-উচ্ছাহ চৌদিশে লাগিছে আবিৰৰ হেঁপাহ ।

বৰষুণ – ৰিমী হাজৰিকা September 14, 2026September 14, 2026 Rongili Barta বৰষুণ ৰিমী হাজৰিকা, মাজুলী টোপা টোপে সৰি পৰা ডাৱৰৰ কণাবোৰে কাণে কাণে কিনো ...

The Timeless Relevance of Ganesh Chaturthi – Siddharth RoyThe Timeless Relevance of Ganesh Chaturthi As the rhythmic bea...
14/09/2026

The Timeless Relevance of Ganesh Chaturthi – Siddharth Roy

The Timeless Relevance of Ganesh Chaturthi As the rhythmic beats of the dhol-tasha reverberate through public squares and homes across India, Ganesh Chaturthi arrives once again to transform the nation's landscape. Lord Ganesha—the elephant-headed deity revered as Vighnaharta (the remover of obstacles) and Buddhidayaka (the bestower of wisdom)—is welcomed with fervent devotion, vibrant colors, and unyielding optimism. Yet, to view Ganesh Chaturthi merely as a religious festival is to miss its deeper, extraordinary role in shaping India's socio-cultural consciousness....

The Timeless Relevance of Ganesh Chaturthi – Siddharth Roy September 14, 2026September 14, 2026 Rongili Barta The Timeless Relevance of Ganesh Chaturthi As the rhythmic beats of the dhol-tasha reverberate through public squares and homes across India, Ganesh Chaturthi arrives once again to transfo...

Address

62, Medhi Villa, Sh*tala Mandir Path, Fatasil Manpara, A. K. Dev Road, P. O. Dhirenpara (Ambari Tiniali)
Guwahati
781025

Alerts

Be the first to know and let us send you an email when Rongili Barta- an Assamese weekly newspaper posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rongili Barta- an Assamese weekly newspaper:

Shortcuts

Share