31/08/2026
সগৌৰৱৰে সদ্য অৱসৰ গ্ৰহণ কৰা চতুৰ্থশ্ৰেণীৰ কৰ্মচাৰী ঘনশ্যাম কলিতাক বিদায় সম্বৰ্ধনা:
দৰঙৰ অন্যতম শিক্ষানুষ্ঠান বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত চতুৰ্থশ্ৰেণীৰ কৰ্মচাৰী ঘনশ্যাম কলিতাক বিদায় সম্বৰ্ধনা।১৯৮৪ চনৰ পৰা ২০২৬ চনলৈ শিক্ষাৰ দৰে মহান বৃত্তিত জড়িত হৈ শৈক্ষিক,সামাজিক আৰু ভিন্নঅনুষ্ঠান-প্ৰতিষ্ঠানৰ উত্তৰণৰ হকে সদা জাগ্ৰত প্ৰহৰীৰ ভুমিকাত ব্ৰতীহোৱা কৰ্মচাৰীগৰাকীক বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ত ৰাজহুৱা ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়।বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ক্ষীৰোদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সদ্য অৱসৰী কৰ্মচাৰী ঘনশ্যাম কলিতাৰ ৰাজহুৱা বিদায়সভা।অগ্ৰণী শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী,অভিভাৱক,ৰাইজৰে পৰিপূৰ্ণ আৰু পংকজ শৰ্মাই আতঁধৰা বিদায় তথা সম্বৰ্ধনাসভাত বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ধৰিত্ৰী ডেকা,সহশিক্ষয়ত্ৰী ডালিমী বৰুৱা,নিৰুপমা গোস্বামী,যমুনা ডেকা,ৰমেন ডেকা,ৰিতুশ্ৰী পল,অৱসৰী শিক্ষক তনুৰামডেকা,জিতেন্দ্ৰ নাথ নাথ,প্ৰতিষ্ঠাপক অৱসৰী প্ৰধান শিক্ষক হিতেশ ডেকা,বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কৰুণা ভট্ট,অৱসৰী শিক্ষক পৰেশ চন্দ্ৰ ডেকা,যাদৱ চন্দ্ৰ বৰুৱা,ভাৱীৰাম কলিতা,পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়ণমণি কলিতা,বিদ্যালয়ৰ উপদেষ্টা নবীন চন্দ্ৰ ডেকা,পদ্মনন্দ নাথসহ ভালেমান বিশিষ্টব্যক্তিয়ে অংশগ্ৰহণ কৰে।গীতমাত নৃত্যৰে জীপালহৈ পৰা সদ্য অৱসৰী কৰ্মচাৰী গৰাকীৰ বিদায় সম্বৰ্ধনাত বিভিন্ন-অনুষ্ঠান প্ৰতিষ্ঠান,ছাত্ৰ-ছাত্ৰী,অভিভাৱক,শিক্ষক-শিক্ষয়ত্ৰী আৰু অলেখ গুণমুগ্ধই গামোচা,শৰাই,জাপি-ছাটি,গ্ৰন্থ-কলম আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই জনপ্ৰিয় কৰ্মচাৰী গৰাকীক।আনহাতে বিদায়ী কৰ্মচাৰীগৰাকীৰ গৃহতো অৱসৰী শিক্ষক নিৰ্মল কলিতাৰ সঞ্চালনাত অনুষ্ঠিত এক চমুসভাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানআৰু অলেখ গুণমুগ্ধই বিদায় সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়।