Rhino Times

Rhino Times RHINO TIMES is the Digital News Media from Northeast India.
(1)

28/05/2026

স্বাৱলম্বী যুৱতী নিতুমণি কছাৰী কাষত Rhino Timesৰ জেষ্ঠ সাংবাদিক সত্যজিৎ হাজৰিকা ।

28/05/2026

আজি পৱিত্ৰ কৌৰৱানী ঈদ । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁওটো উলহ-মালহ পৰিবেশ দেখা গৈছে । প্ৰতিকুল বতৰৰ বাবে দেৰগাঁও ৰাজহুৱা ঈদগাহত সমুহীয়া নামাজ পঢ়িব পৰা নগ'ল সেয়েহে দেৰগাঁওৰ মজজিদ মজজিদে নামাজ আদায় কৰে ।

27/05/2026

দেৰগাঁৱৰ দাধৰাত মিছামৰা মৌজাৰ 'ৰাইন' নামৰ অৱসৰপ্ৰাপ্ত সৈনিক সেৱা সংগঠনৰ সৌজন্যত নুমলীগড় বিবেকানন্দ চিকিৎসালয়ৰ সহযোগত এই বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয়।

26/05/2026

*শৈক্ষিক আৰু সামাজিক সংস্থাৰ উদ্যোগত দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় বাণিজ্য আৰু খাদ্য মেলা।*

25/05/2026

দেৰগাঁও চাৰিলেণ্ডযুক্ত পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক। দেৰগাঁও ৰাইজে ভাবিছিল দেৰগাঁৱত চাৰিলেণ্ডযুক্ত পথৰ ব্যৱস্থা হ'ব, উন্নতি হ'ব , দুৰ্ঘটনাৰ পৰা ৰাইজ ৰক্ষা পাব কিন্তু সকলো মিছা হ'ল।

24/05/2026

দক্ষিণ কামৰূপৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জাত দিনকদিনে বৃদ্ধি পাইছে মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা।

উঠি অহা যুৱ প্ৰজন্মক টাৰ্গেট কৰি চলাই ড্ৰাগছ,গাঞ্জাৰ ৰমৰমীয়া বেহাৰ

মিৰ্জাত জব্দ কৰা হয় গাঞ্জা।

22/05/2026

গোৱালপাৰা টাউন ৰে’ল ষ্টেচনৰ বিভিন্ন সমস্যা সমাধান আৰু যাত্ৰীৰ সুবিধা বৃদ্ধিৰ দাবীত অল অসম ৰে’ল পেচেঞ্জাৰ্ছ এছ’চিয়েশ্যনৰ, গোৱালপাৰা জিলা ইউনিটে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া বিভাগীয় ৰে’ল ব্যৱস্থাপকক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
স্মাৰকপত্ৰত বৃদ্ধ, শাৰীৰিকভাৱে অক্ষম আৰু অসুস্থ যাত্ৰীৰ সুবিধাৰ বাবে অভাৰ ব্ৰিজত লিফ্ট অথবা এছ্কেলেটৰ স্থাপনৰ দাবী জনায় । লগতে প্লেটফৰ্ম সম্প্ৰসাৰণৰ লগতে ১ আৰু ২ নং প্লেটফৰ্মত পূৰ্ণ শ্বেড নিৰ্মাণৰ দাবী উত্থাপন কৰে।

21/05/2026

দেৰগাঁৱৰ এখন বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সকলৰ এক বিশেষ কাৰ্য এতিয়া চৰ্চিত হৈ পৰিছে দেৰগাঁৱত ।দেৰগাঁৱৰ নেঘেৰিটিং বালিবাটৰ বুধুৱা নায়ক প্ৰাথমিক বিদ্যালয়ত প্ৰয়োজন হৈছিল এটা অতিৰিক্ত শ্ৰেণীকোঠাৰ।

21/05/2026

⭕ৰে'লৰ চিৰিত লাগি ধৰিল এখন যাত্ৰীবাহী বাহন, তীব্ৰগতিত আহি আছে ৰে'ল!
⭕এখন যাত্ৰী বাহী টাটা চুমু ট্ৰেইন লাইনৰ পাৰ কৰিব লওঁতে ট্ৰেইন চিৰিত আৱদ্ধ হৈ পৰে।
দ্ৰুত গতিত ডিব্ৰুগড় অভিমুখৰ ফালৰ পৰা অহা এখন ট্ৰেইনক। স্থানীয় ৰাইজে হাত জোকাৰি ট্ৰেইন খন ৰখাবলৈ কোৱাত ট্ৰেইন পাইলট ট্ৰেইন খন ৰখাই দিয়ে ,
কথমপি ৰক্ষা পৰে।
⭕চিলাপথাৰ অন্তৰ্গত চাব চেন্টাৰৰ পৰা দলংগুৰি যোৱা ৰাস্তাত ৰেলৰ চিৰিত সংঘটিত হৈছে এই ঘটনা,, দুৰ্ঘটনা হোৱাৰ পৰা ভালে ভালে বাচি গল বাহনখন।

গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত তামুলপুৰ প্ৰথম খণ্ডৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা সহ গাঞ্জা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ...
20/05/2026

গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত তামুলপুৰ প্ৰথম খণ্ডৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা সহ গাঞ্জা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ প্ৰসাদ ৰৌনিয়াই এক গোপন সূত্ৰৰ পম খেদি নিজৰ বাসগৃহত অবৈধভাৱে গাঞ্জা সংৰক্ষণ আৰু বিক্ৰী কৰাৰ অভিযোগ লাভ কৰি এদল আৰক্ষীৰ সৈতে অভিযান চলাই ৰহমান আলীৰ বাসগৃহৰ পৰা মুঠ 0.527 কিলোগ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে।

18/05/2026

গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে অল ইণ্ডিয়া জাৰ্ণেলিষ্ট ইউনিয়ন, গোলাঘাটৰ অধিৱেশনঃ
ড° প্ৰাপ্তি ঠাকুৰক জীৱ-জগত দৰদী বঁটা
সাংবাদিকতা,সংগঠক বঁটা প্ৰদান আৰু বিশেষ সম্বৰ্ধনা
গ্ৰন্থ উন্মোচন
বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত

Address

Gauhati

Alerts

Be the first to know and let us send you an email when Rhino Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rhino Times:

Share