Headline 8

Headline 8 Digital Media outlet from North-East of India covering all states from the region.

Headline8 is a news, current affairs, analysis digital media venture, launched under Highlanders Media and Entertainment Private Limited. It focuses primarily on stories from the easternmost part of India with a special interest in politics, public policy, governance and untold stories. Apart from the special interest, we report and write news from nook and corners of the globe. Headquartered at G

uwahati, the gateway to the South-East Asian nations, Headline8 has ground reporters and rich sources placed in Assam and across the Northeast. Our news headquarter runs out of a small workspace, with a start-up culture and a flexible team who have years of experience in the intersection of digital, print and broadcast media, as well as, in public relations.

মালয়েছিয়াত দেওবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চ’ হ্যুনক সাক্ষাৎ কৰে। দুয়োখন দেশৰ...
27/10/2025

মালয়েছিয়াত দেওবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চ’ হ্যুনক সাক্ষাৎ কৰে। দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীৰ মাজত হোৱা এই বৈঠকত ইলেক্ট্ৰনিকছ, প্ৰতিৰক্ষা আৰু জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰোপৰি কৌশলগত অংশীদাৰিত্বৰ বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰা হয়।

অপহৰণ, ধন দাবী কৰি আৰক্ষীৰ জালত বীৰ লাচিত সেনাৰ সদস্য।দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬জন ব্যক্তিক।এজন লোকক অপহৰণ কৰি ধন দ...
27/10/2025

অপহৰণ, ধন দাবী কৰি আৰক্ষীৰ জালত বীৰ লাচিত সেনাৰ সদস্য।
দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬জন ব্যক্তিক।এজন লোকক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগ।আৰক্ষীৰ জালত বিশ্বজিত দলে,ইনজামুল হক,ৰোহন আলী,মোহন বৰা,নিতু আহমেদ,চিন্ময় দেৱ,ৰিয়াজ আহমেদ,বিৰাজ বল্ল কলিতা।অপহৰণ কৰি ১৫ লাখ টকা দাবী কৰাৰ অভিযোগ।বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে

27/10/2025

🔹৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ ২০২৫ সন্দর্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সংবাদমেল LIVE

📌শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা📌লাচিত সেনাৰ কাম-কাজত আমি গভীৰভাৱে অসন্তুষ্টঃ মুখ্যমন্ত্ৰী📌'ধন দাবী, মাৰপিট...
27/10/2025

📌শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা
📌লাচিত সেনাৰ কাম-কাজত আমি গভীৰভাৱে অসন্তুষ্টঃ মুখ্যমন্ত্ৰী
📌'ধন দাবী, মাৰপিট আদি কৰি পৰিৱেশ বিনষ্ট কৰিছে লাচিত সেনাই'
📌আমি লাচিত সেনাৰ কাম-কাজৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছোঃ CM
📌অসমৰ আইমাতৃক বেয়া ব্যৱহাৰ কৰা নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

📌 অপহৰণ-ধন দাবী কৰি আৰক্ষীৰ জালত ৫ লাচিত সেনাৰ সদস্য📌 ব্যৱসায়ীৰ পৰা বিচাৰিছিল ২২ লাখ টকাৰ মুক্তিপন 📌 আৰক্ষীয়ে গ্ৰেপ্তাৰ ...
27/10/2025

📌 অপহৰণ-ধন দাবী কৰি আৰক্ষীৰ জালত ৫ লাচিত সেনাৰ সদস্য
📌 ব্যৱসায়ীৰ পৰা বিচাৰিছিল ২২ লাখ টকাৰ মুক্তিপন
📌 আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিশ্বজিত দলে, ইনজামুল হক, মোহন বৰা, নিতু আহমেদ আৰু বিৰাজ বল্লৱ কলিতাক
📌 বিকাশ অসম স্বাক্ষৰ সম্বলিত এখন পত্ৰৰ লগতে বহু নথি-পত্ৰ জব্দ কৰে আৰক্ষীয়ে
📌 লাচিত সেনাৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰ চেক বিতৰণ। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কেন্দ্ৰীয় অনুষ্ঠান।   ...
27/10/2025

আজি নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰ চেক বিতৰণ। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কেন্দ্ৰীয় অনুষ্ঠান।

মহানগৰীৰ খানাপাৰাত উদ্ধাৰ মৃতদেহ। মৃত যুৱকজনৰ ডিঙিত আছে জুবিনক্ষেত্ৰৰ স্বেচ্ছাসেৱকৰ পৰিচয়-পত্ৰ। কোনোৱে যুৱকজনক হত্যা কৰ...
27/10/2025

মহানগৰীৰ খানাপাৰাত উদ্ধাৰ মৃতদেহ। মৃত যুৱকজনৰ ডিঙিত আছে জুবিনক্ষেত্ৰৰ স্বেচ্ছাসেৱকৰ পৰিচয়-পত্ৰ। কোনোৱে যুৱকজনক হত্যা কৰি থৈ যোৱাৰ সন্দেহ।

📌ৰৈ ৰৈ বিনালে'ৰ প্ৰাকমুহূৰ্তত জুবিন গাৰ্গক সুঁৱৰি মাজনিশা সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
27/10/2025

📌ৰৈ ৰৈ বিনালে'ৰ প্ৰাকমুহূৰ্তত জুবিন গাৰ্গক সুঁৱৰি মাজনিশা সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া নিযুত মইনা আ...
27/10/2025

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া নিযুত মইনা আঁচনিৰ কাৰ্যসূচী আৰু চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

ৰণজিপছি বাই ৰণবিজয়’ ব্ৰেণ্ডেৰে উদ্যোগীৰ যাত্ৰাৰ পাতনি মেলিছে অভিনেতা আৰু এম টি ভি ৰ'ডিজ খ্যাত তাৰকা ৰণবিজয়ে গুৱাহাটীত ...
27/10/2025

ৰণজিপছি বাই ৰণবিজয়’ ব্ৰেণ্ডেৰে উদ্যোগীৰ যাত্ৰাৰ পাতনি মেলিছে অভিনেতা আৰু এম টি ভি ৰ'ডিজ খ্যাত তাৰকা ৰণবিজয়ে
গুৱাহাটীত ভাৰতৰ ‘ৰণজিপছি বাই ৰণবিজয়’ৰ প্ৰথমটো ক্লাবৰ শুভ উদ্বোধন
সমগ্ৰ ভাৰততে ৰণজিপছি কাফে, ক্লাব, জিম আৰু অনন্য ৰিয়েল ইষ্টেট ভেঞ্চাৰৰ এটা গোট স্থাপনৰ পৰিকল্পনা কৰিছে ৰণবিজয়ে
গুৱাহাটী, ২৪ অক্টোবৰ, ২০২৫: অসমৰ ৰাজধানী চহৰ গুৱাহাটীয়ে ইয়াৰ নৈশজীৱনত এক ৰোমাঞ্চকৰ সংযোজনৰ সাক্ষী হৈছে। অভিনেতা তথা এম টি ভি ৰ’ডিজ খ্যাত তাৰকা ৰণবিজয় সিংঘাই । গুৱাহাটীৰ অ’ৰাছ মলত উদ্বোধন কৰিলে দেশৰ ভিতৰতে প্ৰথমটো ‘ৰণজিপছি বাই ৰণবিজয়’ ক্লাব।
নতুনকৈ উদ্বোধন কৰা এই ক্লাবতে নিজৰ উদ্যোগ সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে ৰণবিজয়ে। ইয়াত ৰণবিজয়ৰ সৈতে উপস্থিত থাকে ফ্ৰেঞ্চাইজি স্বত্বাধিকাৰী (গুৱাহাটী) জিতু তপন গগৈ। সংবাদমেলত লগতে উপস্থিত থাকে ব্ৰেণ্ড সহযোগী বিকাশ ছাণ্ডিল, কৰণ চদ্ধা, মুকেশ আগৰৱাল আৰু আশীষ গুপ্তা। ইয়াত ভি পি (অপাৰেচনছ) ওমকাৰ মালিও উপস্থিত থাকে।
সংবাদ মাধ্যমেৰে মত বিনিময় কৰাৰ পূৰ্বে উপস্থিত সকলোৱে একেলগে কিংবদন্তি অসমীয়া শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই দুই মিনিট মৌন প্ৰাৰ্থনা কৰি, অসমীয়া সংস্কৃতি আৰু সংগীতৰ প্ৰতি জুবিনৰ অপৰিসীম অৱদানক সন্মান জনায়।
সংবাদ মাধ্যমৰ সৈতে তেওঁৰ নতুন উদ্যোগৰ সবিশেষ বিনিময় কৰাৰ পূৰ্বে ৰণবিজয়ে মন্তব্য কৰি কয়, “অসমীয়া সমাজখনক সৰ্বাংগীন আৰু সাংস্কৃতিকভাৱে অধিক স্থিতিস্থাপক কৰি তোলাত জুবিন দাৰ অৱদানক মই নতশিৰে সন্মান জনাইছোঁ।”
ৰণবিজয়ে লগতে কয়, “‘ৰণজিপছি বাই ৰণবিজয়’ কেৱল এটা ব্ৰেণ্ডতকৈও উৰ্ধত , ই এক জীৱনশৈলী। ই ভ্ৰমণ, দুঃসাহসিক অভিযান আৰু সম্প্ৰদায়ৰ প্ৰতি থকা মোৰ অপৰিসীম ভালপোৱাৰ দ্বাৰা অনুপ্ৰাণিত। ৰণজিপছি বাই ৰণবিজয়ৰ অধীনত আমি এক উদ্দেশ্যৰে মুক্ত মনোভাৱৰ জীৱন উদযাপন কৰা কাফে, ক্লাব, জিম, বুটিকৰ বাবে স্থান আৰু আমাৰ অনন্য জিপছি ভিলেজ ৰিয়েল ইষ্টেট ধাৰণা কঢ়িয়াই আনিবলৈ সংকল্পবদ্ধ হৈছো।”
উল্লেখযোগ্য যে ব্ৰেণ্ডটোৰ প্ৰথমখন আউটলেট গুৱাহাটীতে মুকলি কৰা হৈছে, যিয়ে কেৱল উত্তৰ-পূবৰ নহয়, দেশৰ এক সজীৱ সাংস্কৃতিক আৰু আতিথ্য কেন্দ্ৰ হিচাপেও গঢ়ি উঠাৰ সংকেত দিছে।
গুৱাহাটীৰ ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী জিতু তপন গগৈয়ে উৎসাহ প্ৰকাশ কৰি কয়, “গুৱাহাটীত ৰাজ্যৰ ভিতৰতে প্ৰথমখন ‘ৰণজিপছি বাই ৰণবিজয়’ মুকলি কৰাটো অসমৰ বাবে এক গৌৰৱৰ কথা। গুৱাহাটীৰ কচমোপলিটান ভাইব আৰু সুস্বাদু খাদ্য আৰু সংগীতৰ প্ৰতি থকা প্ৰেমে গুৱাহাটীক এই যাত্ৰাৰ আৰম্ভণিৰ বাবে এক নিখুঁত স্থান কৰি তুলিছে। গুৱাহাটীৰ আউটলেটে ক্লাবলৈ আগমণ ঘটা লোকসকলক মনোৰঞ্জন দিবলৈ সংগীত আৰু লাইভ প্ৰদৰ্শনেৰে ক্লাবৰ খাদ্য আৰু পানীয়ৰ ব্যাপক বিস্তাৰৰ সৈতে প্ৰিমিয়াম স্থান প্ৰদান কৰিব।”
ৰণবিজয়ে ব্ৰেণ্ডটোক নেতৃত্ব দিব যদিও বিভিন্ন দিশ তদাৰক কৰিবলৈ ‘ৰণজিপছি বাই ৰণবিজয়’ ৰ ব্ৰেণ্ড অংশীদাৰৰ সম্পূৰ্ণ দল থাকিব।
বিকাশ ছাণ্ডিল আৰু কৰণ চদ্ধাই আতিথ্য বিভাগৰ নেতৃত্ব দিব, য’ত অন্তৰ্ভুক্ত থাকিব লাউঞ্জ, ক্লাব, বুটিক হোটেল, ৰিজৰ্ট আৰু অগ্ৰণী ৰিয়েল ইষ্টেট পদক্ষেপ। বিকাশ ছাণ্ডিলে কয়, “এই গ্ৰুপে ‘জিপ্সি ভিলেজ’ মুকলি কৰাৰ পৰিকল্পনা কৰিছে, যি এটা সুকীয়া ৰিয়েল এষ্টেট ধাৰণা, যাক নিস্তব্ধ, দূৰৱৰ্তী স্থানলৈ নগৰীয়া জীৱন-যাপনৰ আৰামক কঢ়িয়াই আনিবলৈ ডিজাইন কৰা হৈছে।”
কৰণ চদ্ধাই লগতে কয়, “জিপ্সি ভিলেজ হৈছে আধুনিক আৰামৰ সৈতে আপোচ নকৰাকৈ প্ৰকৃতিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰা এক ধাৰণা। আমি হিমাচল প্ৰদেশত এক কিউৰেটেড বাসস্থান গঢ়ি তুলিছো, য’ত দুঃসাহসিক অভিযান আৰু শান্তিৰ সহাৱস্থান দেখিবলৈ পোৱা যায়।”
মন কৰিবলগীয়া যে আশীষ গুপ্তাই ব্যৱসায়িক বিকাশৰ দিশ তদাৰক কৰিব; ৰিয়েল ইষ্টেট খণ্ডত বহু বছৰৰ অভিজ্ঞতা থকা মুকেশ আগৰৱালে এই উদ্যোগৰ অধীনত আউটলেটৰ বাবে স্থান (ৰিয়েল এষ্টেট) নিৰ্ধাৰণ কৰি সম্প্ৰসাৰণৰ দায়িত্ব পালন কৰিব।
গুৱাহাটীৰ আউটলেটত খাদ্য আৰু পানীয়ৰ মেনু প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত ৰনজিপ্সীৰ ভি পি (অপাৰেচনছ) ওমকাৰ মালিয়ে কয়, “আমাৰ মেনুত উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য, স্পন্দনশীল উপাদানৰ সৈতে গ্ল'বেল ফ্লেভাৰৰ মিশ্ৰণ ঘটোৱা হৈছে। আমাৰ চেফসকলে নিখুঁত আৰু উদ‍্যমেৰে সমসাময়িক ক্লাছিক প্ৰস্তুত কৰে। আমাৰ হাতেৰে প্ৰস্তুত কৰা ককটেইল আৰু একচেটিয়া বাৰ নিৰ্বাচনে ফাইন ডাইনিঙৰ পৰা চহৰৰ আটাইতকৈ গতিশীল সামাজিক কেন্দ্ৰলৈ পৰিৱৰ্তনক ইন্ধন যোগায়।”

🔸 ICC মহিলা বিশ্বকাপত অসমৰ উমা ছেত্ৰী। বাংলাদেশ বনাম ভাৰতৰ মেচত স্থান লাভ খেলুৱৈগৰাকীৰ।
26/10/2025

🔸 ICC মহিলা বিশ্বকাপত অসমৰ উমা ছেত্ৰী। বাংলাদেশ বনাম ভাৰতৰ মেচত স্থান লাভ খেলুৱৈগৰাকীৰ।

'Dynamic Pricing'ৰ বাবে বৃদ্ধি হৈছিল 'ৰৈ ৰৈ বিনালে'ৰ টিকটৰ দাম। টিকটৰ দাম বৃদ্ধিক লৈ চৰ্চা চলি থকাৰ মাজতে টীম ৰৈ ৰৈ বিনা...
26/10/2025

'Dynamic Pricing'ৰ বাবে বৃদ্ধি হৈছিল 'ৰৈ ৰৈ বিনালে'ৰ টিকটৰ দাম। টিকটৰ দাম বৃদ্ধিক লৈ চৰ্চা চলি থকাৰ মাজতে টীম ৰৈ ৰৈ বিনালেৰ তৰফৰ পৰা এই স্পষ্টীকৰণ। ছবিগৃহৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ছবিখনৰ ক্ষেত্ৰত 'Dynamic Pricing'প্ৰযোজ্য নকৰিবলৈ আহ্বান টীম ৰৈ ৰৈ বিনালেৰ । পূৰ্ব নিৰ্ধাৰিত দামতেই 'ৰৈ ৰৈ বিনালে'ৰ টিকট সংগ্ৰহ কৰিব পাৰিব বুলিও উল্লেখ টীমৰ ।

Address

Gauhati

Alerts

Be the first to know and let us send you an email when Headline 8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Headline 8:

Share

Headline8

HEADLINE is journalism about what passionate people actually want to know. That’s everything from news to food, celebrity to science, politics to sports and all the rest. It’s smart. It’s fearless. It’s fun. We push the boundaries of digital storytelling. Our mission is to inform and inspire.

HEADLINE is a pioneer in explanatory journalism in NE Region of India. We help you understand the news and the time around you. That is to say, our end goal isn’t telling you what just happened, or how we feel about what just happened, it’s making sure you understand what just happened. We deliver a lot of contextual information that traditional news stories aren't designed to carry.

We're a young, independent platform producing compelling journalism in new formats.

Follow us! Facebook, Twitter, Instagram, YouTube.