Naba Barta

Naba Barta প্ৰকৃত খবৰৰ সন্ধানত... https://www.nababarta.com/ৰ অবিৰত যাত্ৰা...

18/07/2026

ALLEN Guwahati Celebrates Outstanding NEET (UG) 2026 Results; Shubh Prasad Becomes Assam Topper with AIR 133

Naba barta, Guwahati: ALLEN Guwahati has once again reaffirmed its position as one of the leading coaching institutes in the Northeast by delivering an exceptional performance in NEET (UG) 2026. Leading the success story is Shubh Prasad, who secured All India Rank (AIR) 133 with an outstanding 690 out of 720 marks, emerging as the Assam Topper. Along with this remarkable achievement, the institute produced several top-ranking students, including Leeyon Talukdar (AIR 243), Borneel B. Borah (AIR 554), Subhanga Baruah (AIR 708), Anubhav Pegoo (AIR 1077), and Kaustav Medhi (AIR 1357), among many others.

The institute's overall performance has been equally impressive, with 4 students securing ranks within the Top 1000 AIR, 18 students in the Top 10,000 AIR, and 25 students in the Top 25,000 AIR. These results reflect the dedication of the students, the unwavering support of their parents, and the consistent academic excellence, disciplined learning environment, and expert mentorship offered by ALLEN Guwahati.

Expressing his happiness over the results, Mr. Brajesh Kumar Yadav, Zonal Head, ALLEN Guwahati, said, "With the blessings of Maa Kamakhya, ALLEN Guwahati has been consistently producing the Northeast's top performers since its inception. This year's outstanding NEET (UG) 2026 results are yet another testament to the hard work of our students, the commitment of our faculty members, and the trust that parents have placed in us. Our focus has always been on nurturing every student through systematic classroom learning, regular assessments, doubt-solving sessions, and personalized mentoring. We congratulate all our successful students and wish them the very best as they embark on their journey towards becoming dedicated medical professionals."

The management of ALLEN Guwahati extended heartfelt congratulations to all the successful students and their families, reaffirming its commitment to continue guiding and mentoring future doctors from Assam and the Northeast towards achieving national-level success.

18/07/2026

ALLEN Guwahati Celebrates Outstanding NEET (UG) 2026 Results; Shubh Prasad Becomes Assam Topper with AIR 133

Naba barta, Guwahati: ALLEN Guwahati has once again reaffirmed its position as one of the leading coaching institutes in the Northeast by delivering an exceptional performance in NEET (UG) 2026. Leading the success story is Shubh Prasad, who secured All India Rank (AIR) 133 with an outstanding 690 out of 720 marks, emerging as the Assam Topper. Along with this remarkable achievement, the institute produced several top-ranking students, including Leeyon Talukdar (AIR 243), Borneel B. Borah (AIR 554), Subhanga Baruah (AIR 708), Anubhav Pegoo (AIR 1077), and Kaustav Medhi (AIR 1357), among many others.

The institute's overall performance has been equally impressive, with 4 students securing ranks within the Top 1000 AIR, 18 students in the Top 10,000 AIR, and 25 students in the Top 25,000 AIR. These results reflect the dedication of the students, the unwavering support of their parents, and the consistent academic excellence, disciplined learning environment, and expert mentorship offered by ALLEN Guwahati.

Expressing his happiness over the results, Brajesh Kumar Yadav, Zonal Head, ALLEN Guwahati, said, "With the blessings of Maa Kamakhya, ALLEN Guwahati has been consistently producing the Northeast's top performers since its inception. This year's outstanding NEET (UG) 2026 results are yet another testament to the hard work of our students, the commitment of our faculty members, and the trust that parents have placed in us. Our focus has always been on nurturing every student through systematic classroom learning, regular assessments, doubt-solving sessions, and personalized mentoring. We congratulate all our successful students and wish them the very best as they embark on their journey towards becoming dedicated medical professionals."

The management of ALLEN Guwahati extended heartfelt congratulations to all the successful students and their families, reaffirming its commitment to continue guiding and mentoring future doctors from Assam and the Northeast towards achieving national-level success.

04/06/2026

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক তথা সাৰ মন্ত্ৰী জে পি নাড্ডা ই
উদ্বোধন কৰিলে আৰ্হি হাস্পতাল

নৱবাৰ্তা গুৱাহাটী: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক তথা সাৰ মন্ত্ৰী জে পি নাড্ডা ই বৃহস্পতিবাৰে
উদ্বোধন কৰিলে গুৱাহাটীৰ
যোৰাবাটস্থিত উন্নত মানৰ উচ্চ প্ৰযুক্তিৰ ১২০ খন বিচনা যুক্ত
আৰ্হি হাস্পতালখন।
উদ্ধোধনী অনুষ্ঠানত
সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মেঘালয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ৱাইলাডমিকি শ্বাইল্লা, মেঘালয় চৰকাৰৰ চি এণ্ড আৰ ডি , জি এ ডি আৰু এছ এ ডি মন্ত্ৰী সষ্টেনেছ ছ’হতুন, অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী, আৰ্হি হাস্পতালৰ মুখ্য অধ্যক্ষ তথা মেঘালয়ৰ বিধায়ক এ এল হেক, আৰ্হি হাস্পতালৰৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ মহামায়া প্ৰসাদ সিংহ লগতে অনুষ্ঠানত বিশিষ্ট অতিথি, স্বাস্থ্য বিশেষজ্ঞ, সমাজনেতা আৰু বহু সংখ্যক সাধাৰণ নাগৰিক উপস্থিত থাকে।
উল্লেখ‍্য, আৰ্হি হাস্পতালৰ মূল লক্ষ্য হৈছে সুলভ মূল্যত উচ্চ মানৰ স্বাস্থ্যসেৱা আগবঢ়োৱা। উন্নত ডায়াগনষ্টিক সুবিধা, আধুনিক অপাৰেচন থিয়েটাৰ, ক্ৰিটিকেল কেয়াৰ ইউনিট, জৰুৰীকালীন আৰু ট্ৰমা কেয়াৰ সেৱা, লগতে অভিজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সৈতে এই চিকিৎসালয় খনক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এক অন্যতম চিকিৎসা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
অনুষ্ঠানত চৰকাৰী বিষয়া, স্বাস্থ্য বিশেষজ্ঞ, উদ্যোগপতি, সমাজসেৱী সংগঠন আৰু অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ নাগৰিকসকলৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়ায়।

04/06/2026

মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াই গুৱাহাটীত মুকলি কৰিলে এক্সক্লুছিভ ‘কুলিং প্লেনেট’ শ্ব’ৰুম

নৱবাৰ্তা গুৱাহাটী:: বিশ্বৰ অন্যতম আগশাৰীৰ এয়াৰ কণ্ডিচনিং নিৰ্মাতা প্ৰতিষ্ঠান মিটচুবিচি ইলেক্ট্ৰিকে অসমৰ গুৱাহাটীত ইয়াৰ এক্সক্লুছিভ শ্ব’ৰুম, কুলিং প্লেনেট মুকলি কৰাৰ সৈতে উত্তৰ-পূব ভাৰতত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰি তুলিছে। এই নতুন শ্ব’ৰুমটো সাউকুচিৰ লখৰা ৰোডত অৱস্থিত নন্দেশ্বৰ শৰ্মা কমপ্লেক্সৰ প্ৰথম মহলাৰ গ্ল’বেল ক্লাইমেট টেকন’ল’জীজত মুকলি কৰা হৈছে।
এই এক্সক্লুছিভ শ্ব’ৰুমটো 1,400 বৰ্গ ফুট জুৰি বিস্তৃত হৈ আছে আৰু ইয়াত আৱাসিক, বাণিজ্যিক তথা বৃহৎ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ স্প্লিট এয়াৰ কণ্ডিচনাৰ, ডাক্টেব’ল এয়াৰ কণ্ডিচনাৰ, চিটী মাল্টি VRF (ভেৰিয়েবল ৰেফ্ৰিজাৰেণ্ট ফ্ল’) ছিষ্টেম আৰু কেছেট এয়াৰ কণ্ডিচনাৰসহ মিটচুবিচি ইলেক্ট্ৰিকৰ উন্নত এয়াৰ কণ্ডিচনিং সমাধানৰ সম্পূৰ্ণ পৰিসৰ প্ৰদৰ্শন কৰা হৈছে।
এই শ্ব’ৰুমটো মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াৰ এয়াৰ কণ্ডিচনিং ডিভিজনৰ ভাইচ প্ৰেছিডেণ্ট তথা হেড- বিজনেছ অপাৰেচনছ নীৰজ গুপ্তা, নেচনেল ছেলছ হেড অনুপ গৌতম, ৰিজনেল ছেলছ হেড- ইষ্ট কৌস্তভ দে আৰু টীম লীডাৰ- ৱেষ্ট বেংগল এণ্ড নৰ্থইষ্ট বিকাশ কুমাৰৰ লগতে কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ গ্ল’বেল ক্লাইমেট টেকন’ল’জীজৰ পৰিচালন সঞ্চালক বিবেকানন্দ ৰয়ৰ উপস্থিতিত উদ্বোধন কৰা হয়।
এই উপলক্ষ্যে মন্তব্য কৰি মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াৰ এয়াৰ কণ্ডিচনিং ডিভিজনৰ ভাইচ প্ৰেছিডেণ্ট তথা হেড – বিজনেছ অপাৰেচনছ নীৰজ গুপ্তাই কয়, "মিটচুবিচি ইলেক্ট্ৰিক ইয়াৰ উৎকৃষ্ট মানদণ্ড আৰু উন্নত প্ৰযুক্তিৰ বাবে বিশ্বজুৰি স্বীকৃত। গুৱাহাটীত আমাৰ এক্সক্লুছিভ কুলিং প্লেনেট শ্ব’ৰুম মুকলিয়ে উত্তৰ-পূৰ্বাঞ্চলত আমাৰ উপস্থিতি অধিক শক্তিশালী কৰা আৰু গ্ৰাহকসকলক এক আকৰ্ষণীয় ব্ৰেণ্ড অভিজ্ঞতা প্ৰদান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপক সূচাইছে।"
এই সন্দৰ্ভত যোগ দি মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াৰ নেচনেল ছেলছ হেড অনুপ গৌতমে কয়,
"উত্তৰ-পূৰ্বাঞ্চলে আমাৰ বাবে এক শক্তিশালী বিকাশৰ সম্ভাৱনাপূৰ্ণ অঞ্চল। এই শ্ব’ৰুমটোৰ জৰিয়তে গ্ৰাহকসকলে বিশেষজ্ঞৰ সামগ্ৰী সম্পৰ্কীয় পৰামৰ্শৰ সহযোগত আমাৰ এনাৰ্জী এফিচিয়েণ্ট আৰু বিশ্বাসযোগ্য এয়াৰ কণ্ডিচনিং সমাধানৰ সম্পূৰ্ণ পৰ্টফ’লিঅ’ পৰীক্ষা কৰি চাব পাৰিব।"
এই অংশীদাৰিত্ব সন্দৰ্ভত মন্তব্য কৰি কৰ্তৃত্বপ্ৰাপ্ত ডীলাৰ গ্ল’বেল ক্লাইমেট টেকন’ল’জীজৰ পৰিচালন সঞ্চালক বিবেকানন্দ ৰয়ে কয়, "গুৱাহাটীত কুলিং প্লেনেট শ্ব’ৰুমটো মুকলি কৰিবলৈ মিটচুবিচি ইলেক্ট্ৰিকৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই এক্সক্লুছিভ স্থানখনে গ্ৰাহকসকলক একেখন চালিৰ তলতে প্ৰিমিয়াম এয়াৰ কণ্ডিচনিং সামগ্ৰীসমূহৰ অভিজ্ঞতা লাভ কৰা আৰু তথ্যসহকাৰে ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাত সহায় কৰিব।"
গুৱাহাটীত কুলিং প্লেনেট শ্ব’ৰুম মুকলি কৰাৰ সৈতে মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াই নিজৰ ৰিটেইল পৰিসৰ সম্প্ৰসাৰণ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, যিয়ে ভাৰতৰ প্ৰধান আঞ্চলিক বজাৰসমূহত বিশ্বমানৰ, এনাৰ্জী এফিচিয়েণ্ট এয়াৰ কণ্ডিচনিং সমাধান প্ৰদান কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ সুদৃঢ় কৰিছে।

04/06/2026

ৰিয়েল ইষ্টেট খণ্ডৰ প্ৰত্যাহ্বান : বৈজ্ঞানিক নগৰ পৰিকল্পনা, নীতি সংস্কাৰ আৰু আন্তঃগাঁথনি আধুনিকীকৰণৰ আহ্বান 'এৰিডা'ৰ

নৱবাৰ্তা গুৱাহাটী : আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভল'পাৰ্ছ এছ'চিয়েশ্বন চমুকৈ 'এৰিডা'ই অসমৰ ৰিয়েল ইষ্টেট আৰু আন্তঃগাঁথনি খণ্ডৰ সন্মুখত দেখা দিয়া ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এইক্ষেত্রত 'এৰিডা'ই চৰকাৰ আৰু জনসাধাৰণৰ সন্মুখত বহনক্ষম আৰু বৈজ্ঞানিক নগৰ উন্নয়নৰ বাবে কেইবাটাও গঠনমূলক নীতিগত পৰামৰ্শ আগবঢ়ায়। এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে এৰিডাৰ সভাপতি পি কে শৰ্মা আৰু সাধাৰণ সম্পাদক দীপজ্যোতি বৰুৱাকে ধৰি আন বিষয়ববীয়াই। সংবাদ মেলত এৰিডাৰ সভাপতি পি কে শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰে।
নিৰ্মাণ উদ্যোগত মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ সন্দৰ্ভত শৰ্মাই কয়, "পশ্চিম এছিয়াত চলি থকা যুদ্ধই সামগ্ৰী আৰু লজিষ্টিক ব্যয় অত্যধিক বৃদ্ধিৰ জৰিয়তে নিৰ্মাণ খণ্ডত গুৰুতৰ প্ৰভাৱ পেলাইছে। নিৰ্মাণ ব্যয় প্ৰায় ২৫ শতাংশ বৃদ্ধি পাইছে, যাৰ ফলত সমগ্ৰ উদ্যোগটোত খৰচ বৃদ্ধি পোৱাৰ লগতে প্ৰকল্পৰ নিৰ্মাণকাৰ্যত পলম হৈছে।"
শৰ্মাই কয়, "অতি সোনকালে 'এৰিডা'ৰ তৰফৰ পৰা Real Estate Regulatory Authority (RERA) চমুকৈ 'ৰেৰা'ৰ ওচৰত আনুষ্ঠানিক আবেদন জনাই অনুৰোধ কৰা হ’ব যে এনে অসাধাৰণ ভৌগোলিক উন্নয়নসমূহ অনিবাৰ্য প্ৰকল্পৰ পলমৰ সৈতে জড়িত গোচৰত “force majeure” বিধানৰ অধীনত বিবেচনা কৰা হওক।"
নগৰীয়া বান প্ৰসংগত শৰ্মাই কয়, "গুৱাহাটী আৰু ৰাজ্যৰ নগৰীয়া বান আৰু আবদ্ধ পানীৰ পুনৰাবৃত্তিমূলক বিষয়টোৰ সন্দৰ্ভত এৰিডাই গুৰুত্ব প্ৰদান কৰে যে ইয়াৰ সমাধান তদৰ্থ ব্যৱস্থাত নহয় বৰঞ্চ ইতিমধ্যে যথেষ্ট ৰাজহুৱা খৰচত কৰা বিস্তৃত বৈজ্ঞানিক অধ্যয়ন কাৰ্যকৰী কৰাত নিহিত হৈ আছে।"
শৰ্মাই আন কেতবোৰ প্ৰসংগত গুৰুত্ব প্ৰদান কৰি কয়, "টাহাল গ্ৰুপ (ইজৰাইল), ২০০৮ৰ– গুৱাহাটীত খন্তেকীয়া বানপানী আৰু পানী কাটি পেলোৱাৰ প্ৰশমনৰ বাবে এক বিস্তৃত নিষ্কাশন মাষ্টাৰ প্লেন অধ্যয়ন। সেইদৰে ৰয়েল হাস্কনিং ডি এইচ ভি (নেদাৰলেণ্ড), ২০২৪ৰ– গুৱাহাটীৰ ধুমুহাৰ পানী ব্যৱস্থাপনা আন্তঃগাঁথনিৰ বাবে জি আই এছ ভিত্তিক আধুনিক নিষ্কাশন গুৰু আঁচনি প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰৰ দ্বাৰা নিয়োজিত। আনহাতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) – গুৱাহাটীৰ নগৰীয়া বানৰ ওপৰত কৰা অধ্যয়নৰ পৰ্যালোচনা: বান জ্ঞানৰ পৰা নগৰীয়া কাৰ্যলৈ-- এই বিশেষজ্ঞৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ দিশত নিৰ্ণায়কভাৱে আগবাঢ়ি যাবলৈ এৰিডাই কৰ্তৃপক্ষক আহ্বান জনায়।" বৈজ্ঞানিক নগৰ পৰিকল্পনাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত শৰ্মাই কয়, "ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰ আৰু নগৰায়নৰ স্তৰ ৪০ শতাংশ হোৱাৰ লগে লগে সীমিত নগৰীয়া ভূমি সম্পদৰ ওপৰত চাপ দ্ৰুতগতিত বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় গড়তকৈ অধিক জনসংখ্যাৰ ঘনত্ব থকা অসমতো একেধৰণৰ ধাৰা দেখা গৈছে। চৰকাৰী প্ৰক্ষেপণে ইংগিত দিয়ে যে ৰাজ্যজুৰি বৃহৎ নগৰ সম্প্ৰসাৰণৰ বাহিৰে আগন্তুক মাষ্টাৰ প্লেনৰ সময়ছোৱাত কেৱল গুৱাহাটী মহানগৰ অঞ্চলৰ জনসংখ্যা প্ৰায় ৪০ লাখ হ’ব। এইক্ষেত্রত এৰিডাই মত প্ৰকাশ কৰে যে এনে বৃদ্ধি কঠোৰ বৈজ্ঞানিক নগৰ পৰিকল্পনা আৰু ফলপ্ৰসূ ৰূপায়ণ ব্যৱস্থাৰ জৰিয়তেহে পৰিচালনা কৰিব পৰা যাব। এই প্ৰসংগত এৰিডাই উদ্বেগ প্ৰকাশ কৰে যে ভূমি পুলিং নিয়মাৱলী, ২০১৫ (২০১৬ চনৰ ২৬ ফেব্ৰুৱাৰীত অনুমোদন আৰু অধিসূচনা কৰা) আৰু অসম ৰাজ্যিক টাউনশ্বিপ নীতি, ২০২৩ৰ দৰে গুৰুত্বপূৰ্ণ নীতিগত কাঠামোসমূহ বহুলাংশে অকাৰ্যকৰী হৈয়েই আছে আৰু ইয়াৰ তাৎক্ষণিকভাৱে সক্ৰিয় কৰাৰ প্ৰয়োজন আছে।"
শক্তিশালী নাগৰিক আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত শৰ্মাই কয়, "এৰিডাই লক্ষ্য কৰিছে যে নাগৰিক সুবিধা আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ অভাৱৰ বাবে ৰিয়েল ইষ্টেট প্ৰমোটাৰসকলক সঘনাই দোষাৰোপ কৰা হয়। ব্যক্তিগত উন্নয়নকাৰীসকলে গৃহ নিৰ্মাণ, বাণিজ্যিক কমপ্লেক্স, হোটেল, চিকিৎসালয়, পৰ্যটনৰ সুবিধা আৰু প্ৰতিষ্ঠানিক আন্তঃগাঁথনি সৃষ্টিৰ দিশত সক্ৰিয়ভাৱে অৰিহণা যোগাইছে যদিও তেওঁলোকৰ দায়িত্ব তেওঁলোকৰ প্ৰকল্প চৌহদৰ ভিতৰৰ সুবিধাসমূহৰ মাজতে সীমাবদ্ধ হৈ আছে। জটিল ৰাজহুৱা আন্তঃগাঁথনি যেনে নিষ্কাশন ব্যৱস্থা, পানী যোগান, নলা, বিদ্যুৎ আন্তঃগাঁথনি, পথ, পৰিবহণ আৰু আৱৰ্জনা ব্যৱস্থাপনা চৰকাৰী সংস্থাসমূহৰ অধীনত পৰে। কিন্তু এই ব্যৱস্থাসমূহে প্ৰায়ে দ্ৰুত নগৰ বৃদ্ধিৰ সৈতে খোজ মিলাব পৰা নাই আৰু যাৰ ফলত জনসাধাৰণৰ হতাশাৰ সৃষ্টি হয়। যাৰ বাবে সঘনাই আৰু অন্যায়ভাৱে প্ৰমোটাৰসকলক লক্ষ্য কৰি লোৱা হয়।"
চৰকাৰী নিয়মাৱলীত হেতালি খেলাৰ পৰিসৰ নাইকিয়া কৰাৰ গুৰুত্ব সন্দৰ্ভত এৰিডাৰ সভাপতিগৰাকীয়ে কয়, "ৰিয়েল ইষ্টেট খণ্ডৰ কিছুমান বিশেষ বিষয়া আৰু এটা অংশৰ মাজত সম্ভাৱ্য অবাঞ্চিত সংযোগৰ বিষয়ে জনসাধাৰণৰ আশংকা সন্দৰ্ভতো এৰিডাই উদ্বেগ প্ৰকাশ কৰে। বৃহত্তৰ জনস্বাৰ্থ আৰু বৈজ্ঞানিক নগৰ উন্নয়নৰ স্বাৰ্থত নিয়ন্ত্ৰণ কাঠামোৰ ভিতৰত সকলো অস্পষ্টতা আৰু বিবেচনাধীন বিধান স্বচ্ছ, প্ৰযুক্তি-চালিত ব্যৱস্থাৰ জৰিয়তে নূন্যতম কৰিব লাগিব।" শৰ্মাই লগতে ছফ্টৱেৰ সক্ষম অনলাইন অনুসৰণ পৰীক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয়, "জি আই এছ আৰু জি পি এছ ভিত্তিক ক্ষেত্ৰ পৰিদৰ্শনৰ ব্যৱস্থা কৰিব লাগে। সেইদৰে এ আই-সক্ষম অনুমোদন ব্যৱস্থা আৰু ডিজিটেল নিৰীক্ষণ ব্যৱস্থা কৰিব লাগে। উদাহৰণ স্বৰূপে মহাৰাষ্ট্ৰই ইতিমধ্যে প্ৰস্তাৱৰ নিৰীক্ষণৰ সময়ত দহ হাজাৰৰো অধিক কম্প্লাইয়েন্স চেকপইণ্ট প্ৰক্ৰিয়াকৰণ কৰিব পৰা এ আই-সক্ষম 'CIVIT TWIN' বিল্ডিং অনুমতি ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।"

02/06/2026

ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত মধ্য গুৱাহাটী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ড০ বিজয় গুপ্তাক সম্বৰ্ধনা

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ ৰূপনগৰস্থিত ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত মঙলবাৰে মধ্য গুৱাহাটী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ড০ বিজয় গুপ্তাক সম্বৰ্ধনা জনোৱা হয়।
নামঘৰৰ উপদেষ্টা, সমাজকর্মী কুমুদ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নামঘৰ কতৃপক্ষৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়ক ড০ বিজয় গুপ্তাই নামঘৰ কতৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ লগতে নামঘৰৰ আধৰুৱা কাম-কাজ আৰু অঞ্চলটোৰ সমস্যাৰ বুজ লয়। তেওঁ অঞ্চলবাদী ৰাইজৰ সহায়-সহযোগিতাত অঞ্চলবাসীৰ সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস দিয়ে। তেওঁ লগতে আধ্যাত্মিক চিন্তা-চৰ্চাৰে আৰু সেৱাৰ মনোভাৱেৰে সকলোকে আগবাঢ়ি যাবলৈ কয়।
এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি নামঘৰৰ বিষয়ববীয়া, সমূহসদস্য উপস্থিত থাকে।

02/06/2026

এলেন গুৱাহাটীলৈ ঐতিহাসিক সাফল্য: জে ই ই (এডভান্স) ২০২৬-ত যশৰাজ সিঙৰ AIR ১২২

নৱবাৰ্তা গুৱাহাটী: জে ই ই (এডভান্স) ২০২৬-ৰ ফলাফলত এলেন কেৰিয়াৰ ইনষ্টিটিউট, গুৱাহাটীয়ে এক ঐতিহাসিক সাফল্য লাভ কৰিছে। প্ৰতিষ্ঠানটোৰ ৬ বছৰৰ শ্ৰেণীকোঠা কাৰ্যসূচীৰ ছাত্ৰ যশৰাজ সিং-এ AIR 122 লাভ কৰি IIT গুৱাহাটী জ'নৰ টপাৰ হিচাপে পৰিগণিত হৈছে। এইটো এলেন গুৱাহাটীৰ প্ৰতিষ্ঠালগ্নৰ পৰা JEE (Advanced)-ত লাভ কৰা সৰ্বোচ্চ ৰেংক।

ইয়াৰ উপৰিও, অগ্ৰিমা সিং-এ AIR ১৮৫৭ লাভ কৰি IIT গুৱাহাটী জ'নৰ গাৰ্লছ টপাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।

মূল সাফল্যসমূহ:

AIR ১২২– যশৰাজ সিং (IIT গুৱাহাটী জ'ন টপাৰ)

AIR ১৮৫৭– অগ্ৰিমা সিং (IIT গুৱাহাটী জ'ন গাৰ্লছ টপাৰ)

শীৰ্ষ ১,০০০ AIR-ত 3 জন শিক্ষাৰ্থী

শীৰ্ষ ৫,০০০5 AIR-ত ১৩ জন শিক্ষাৰ্থী

শীৰ্ষ ১৫,০০০ AIR-ত ২৬ জন শিক্ষাৰ্থী

এলেন গুৱাহাটীৰ উপ-সভাপতি তথা জ'নেল হেড ব্ৰজেশ কুমাৰ যাদৱে কয়, “যশৰাজৰ AIR 122 আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এই সাফল্য ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আমাৰ শিক্ষকৰ একত্ৰিত প্ৰচেষ্টাৰ ফল।”

এই ফলাফলে পুনৰবাৰ এলেন গুৱাহাটীৰ একাডেমিক উৎকৰ্ষতা আৰু ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ প্ৰতি প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।

https://nababarta.in/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80/%e0%a6%97%e0%a7%81%e0%a7%b...
17/04/2026

https://nababarta.in/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80%e0%a7%b0-%e0%a6%a8%e0%a6%be%e0%a7%b0%e0%a6%be%e0%a6%af%e0%a6%bc%e0%a6%a3%e0%a6%be-%e0%a6%ac%e0%a6%bf%e0%a6%a6%e0%a7%8d%e0%a6%af/

নৱবাৰ্তা গুৱাহাটী :কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড(চি বি এছ ই) ৰ অধীনত অনুষ্ঠিত হোৱা এইবাৰ হাইস্কুল শিক্ষান্ত প.....

https://nababarta.in/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80/%e0%a6%8f%e0%a6%b2%e0%a7%8...
17/02/2026

https://nababarta.in/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80/%e0%a6%8f%e0%a6%b2%e0%a7%87%e0%a6%a8-%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80%e0%a7%b0-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0%e0%a6%ac%e0%a6%be%e0%a7%b0-%e0%a6%89/

নৱবাৰ্তা গুৱাহাটীঃ National Testing Agency-এ JEE (Main) ২০২৬ৰ জানুৱাৰী ছেছনৰ ফলাফল ঘোষণা কৰিছে আৰু এলেন গুৱাহাটীযে পুনৰবাৰ উৎকৃষ্ট ফ.....

https://nababarta.in/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80/%e0%a6%95%e0%a7%87%e0%a6%a...
30/01/2026

https://nababarta.in/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80/%e0%a6%95%e0%a7%87%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%af%e0%a6%bc-%e0%a6%ac%e0%a6%be%e0%a6%9c%e0%a7%87%e0%a6%9f-%e0%a7%a8%e0%a7%a6%e0%a7%a8%e0%a7%ac%e0%a7%b0-%e0%a6%aa/

নৱবার্তা গুৱাহাটী:: কেন্দ্ৰীয় বাজেট ২০২৬ৰ পূৰ্বে জীৱন বীমা উদ্যোগৰ অগ্ৰদূতসকলে ভাৰতত অৱসৰৰ সুৰক্ষা, বীমাৰ প্ৰৱ....

Address

Rupnagar, Guwahati/32
Gauhati

Alerts

Be the first to know and let us send you an email when Naba Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Naba Barta:

Shortcuts

Share