Ritstime

Ritstime Rits Time is an entertainment and informative based web channel run by M/S Shivam Entertainment & Net
(1)

প্ৰতিগৰাকী অসমীয়াৰ মন-মগজুত জুবিন কিমানৰ লৈকে শিপাই আছে সেয়া হয়তো আনে কল্পনাও কৰিব নোৱাৰিব। বানে বিধ্বস্ত কৰি পেলোৱা নেপ...
25/08/2026

প্ৰতিগৰাকী অসমীয়াৰ মন-মগজুত জুবিন কিমানৰ লৈকে শিপাই আছে সেয়া হয়তো আনে কল্পনাও কৰিব নোৱাৰিব। বানে বিধ্বস্ত কৰি পেলোৱা নেপালীখুঁটিৰ এগৰাকী মহিলাই পুনৰ নতুন ঘৰ লাভ কৰি তাত প্ৰৱেশ কৰিয়েই প্ৰথমে ধূপ-চাকি জ্বলালে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত। সেৱা লৈ ঈশ্বৰপুত্ৰৰ পৰা বিচাৰিলে আশীষ। এই ফটোখনে পুনৰ সকলোকে কৰি তুলিলে আৱেগিক...

অসমীয়াৰ বুকুত এটুকুৰা ঘাঁ দি গৈছিল ১৯ছেপ্টেম্বৰ দিনটোৱে। আকৌ পালেহি সেই অভিশপ্ত দিনটো। এই দিনটোতেই বিধাতাই লৈ গৈছিল প্ৰা...
24/08/2026

অসমীয়াৰ বুকুত এটুকুৰা ঘাঁ দি গৈছিল ১৯ছেপ্টেম্বৰ দিনটোৱে। আকৌ পালেহি সেই অভিশপ্ত দিনটো। এই দিনটোতেই বিধাতাই লৈ গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। অভিশপ্ত সেই দিনটোৰ পূৰ্বে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সকলোকে কৰিলে এটা বিশেষ অনুৰোধ...

অসমীয়া ছবিজগতৰ এখন চিনাকি তথা পৰিচিত মুখ আইমী বৰুৱা। আইমী বৰুৱাৰ অভিনয়ৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শেহতীয়াকৈ ছবি পৰ...
24/08/2026

অসমীয়া ছবিজগতৰ এখন চিনাকি তথা পৰিচিত মুখ আইমী বৰুৱা। আইমী বৰুৱাৰ অভিনয়ৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শেহতীয়াকৈ ছবি পৰিচালনাত হাত দিও সফলতা লাভ কৰিছে আইমী বৰুৱাই। নাৰী সবলীকৰণৰ বাবে সদায়ে মাত মাতি অহা আইমী বৰুৱা এগৰাকী উদ্যমী মহিলাও। জাগীৰোডত তেওঁৰ আছে এখন ব্যৱসায়িক প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখনৰ বাবে প্ৰায় ৪কোটি টকাৰ ঋণ ল'ব লগা হৈছিল তেওঁ।

কণ্ঠৰ সমানেই ধুনীয়া ৰূপৰ অধিকাৰী কণ্ঠশিল্পী দীপান্বিতা ডেকা। অসমৰ মহিলা কণ্ঠশিল্পীসকলৰ ভিতৰত এতিয়া দীপান্বিতাই এখন সুকীয়...
24/08/2026

কণ্ঠৰ সমানেই ধুনীয়া ৰূপৰ অধিকাৰী কণ্ঠশিল্পী দীপান্বিতা ডেকা। অসমৰ মহিলা কণ্ঠশিল্পীসকলৰ ভিতৰত এতিয়া দীপান্বিতাই এখন সুকীয়া আসন দখল কৰিছে। গায়ন শৈলী আৰু গীতৰ নিৰ্বাচনৰ ক্ষেত্ৰত সদায়েই ব্যতিক্ৰম দীপান্বিতা। বহুকেইটা ছুপাৰহিট গান উপহাৰ দিছে কণ্ঠশিল্পী দীপান্বিতা ডেকাই। ফেচবুক, ইনষ্টাগ্ৰামত তেওঁৰ আছে লক্ষাধিক অনুৰাগী। গানৰ সমানেই সামাজিক মাধ্যমত দীপান্বিতাৰ সৌন্দৰ্যক লৈও চলে চৰ্চা...

বলিউডৰ অভিনেত্ৰী মল্লিকা শ্বেৰাৱতৰ প্ৰেমত পৰিছে লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজ প্ৰতাপ! Reality Show 'ভোজপুৰী বৱাল'ৰ শেহতীয়...
24/08/2026

বলিউডৰ অভিনেত্ৰী মল্লিকা শ্বেৰাৱতৰ প্ৰেমত পৰিছে লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজ প্ৰতাপ! Reality Show 'ভোজপুৰী বৱাল'ৰ শেহতীয়া খণ্ডত দেখিবলৈ পোৱা গৈছে এক বিশেষ আৰু আমোদজনক দৃশ্য। বলিউড অভিনেত্ৰী মল্লিকা শ্বেৰাৱত আৰু বিহাৰৰ ৰাজনীতিবিদ তেজ প্ৰতাপ যাদৱৰ মাজৰ এটা বিশেষ মূৰ্হুতই এতিয়া চ’ছিয়েল মিডিয়াত তুমুল চৰ্চা লাভ কৰিছে। দুয়োৰে মাজৰ এই ধেমেলীয়া বাৰ্তালাপ আৰু তেজ প্ৰতাপৰ শাৰিৰিক ভংগীমা এতিয়া দৰ্শকৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

শিৱসাগৰ, চৰাইদেউবাসীৰ কাষত থিয় দিব অভিনেতা অক্ষয় কুমাৰ। কিছু সহায়ৰ লগতে বানাক্ৰান্তক সাহায্য প্ৰদান কৰিব অভিনেতাগৰাকীয়ে।...
23/08/2026

শিৱসাগৰ, চৰাইদেউবাসীৰ কাষত থিয় দিব অভিনেতা অক্ষয় কুমাৰ। কিছু সহায়ৰ লগতে বানাক্ৰান্তক সাহায্য প্ৰদান কৰিব অভিনেতাগৰাকীয়ে। অহা ২৮আগষ্টত তেওঁ অসমলৈ অহাৰ কথা সদৰি কৰিছে তেওঁৰ মেনেজমেন্টে।

বলিউডৰ অন্যতম জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেতা ছানি দেউল (Sunny Deol) কেৱল তেওঁৰ ধামাকাদাৰ একচন চিনেমাতেই নহয়, বৰঞ্চ নিজৰ নী...
23/08/2026

বলিউডৰ অন্যতম জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেতা ছানি দেউল (Sunny Deol) কেৱল তেওঁৰ ধামাকাদাৰ একচন চিনেমাতেই নহয়, বৰঞ্চ নিজৰ নীতি-আদৰ্শ আৰু ব্যক্তিগত শৃংখলাৰ বাবেও উদ্যোগটোত বিশেষভাৱে শ্ৰদ্ধাৰ পাত্ৰ। শেহতীয়াকৈ তেওঁৰ বিত্তীয় সংকট (ধাৰ)সময়ৰ মাজতো ধপাত বা গুটখাৰ বিজ্ঞাপন নকৰাৰ স্থিতিক লৈ যথেষ্ট চৰ্চা হৈছে।

আজিৰ সময়ত ডাঙৰ চুপাৰষ্টাৰে গুটখা, পান মচলা বা ধাপাত প্ৰচাৰকাৰী ব্ৰেণ্ডত কৰা বিজ্ঞাপনত (Surrogate Advertising) কোটি কোটি টকাৰ বিনিময়ত অভিনয় কৰে, তাত ছানি দেউলে এক সুকীয়া নিদৰ্শন দাঙি ধৰিছে।

ছানি দেউলে বহু সাক্ষাৎকাৰত স্পষ্টকৈ কৈছে যে তেওঁ ব্যক্তিগত জীৱনত ধপাত, মদ বা গুটখা কেতিয়াও সেৱন নকৰে। গতিকে যিবোৰ বস্তু তেওঁ নিজেই বেয়া পায় আৰু সেৱন নকৰে, তাক টকাৰ লোভত অনুৰাগীসকলৰ আগত ভাল বুলি প্ৰচাৰ কৰাটো তেওঁৰ বিবেকৰ বিৰুদ্ধ।

তেওঁ বিশ্বাস কৰে যে অভিনেতা হিচাপে তেওঁৰ এক ডাঙৰ সামাজিক দায়িত্ব আছে। যুৱ প্ৰজন্মই তেওঁক অনুসৰণ কৰে, গতিকে এনে ধৰণৰ ক্ষতিকাৰক বস্তুৰ বিজ্ঞাপন দি তেওঁ লোকসকলক ভুল পথলৈ পৰিচালিত কৰিব নিবিচাৰে। কোটি টকাৰ অফাৰ পোৱাৰ পিছতো তেওঁ এনে বিজ্ঞাপন প্ৰত্যাখ্যান কৰি আহিছে।

'গাদাৰ ২' (Gadar 2) মুক্তি পোৱাৰ ঠিক আগে আগে ২০২৩-২৪ চনৰ ভিতৰত ছানি দেউলৰ প্ৰায় ৫৫ কোটি টকাৰ বেংক ঋণ আৰু তেওঁৰ মুম্বাইৰ 'জুহু'স্থিত বাংলো নিলাম হ’বলগীয়া বাতৰিয়ে দেশজুৰি ডাঙৰ চৰ্চা লাভ কৰিছিল।

এই ধাৰ তেওঁৰ কোনো বিলাসী জীৱনযাপনৰ বাবে হোৱা নাছিল। চিনেমা নিৰ্মাণ আৰু পৰিচালনা কৰিবলৈ গৈ তেওঁ বেংকৰ পৰা ডাঙৰ অংকৰ ঋণ লৈছিল। চিনেমা ব্যৱসায়িকভাৱে সফল নোহোৱাৰ বাবে তেওঁ বিত্তীয় সংকটত পৰিছিল।

বহুতে ভাবিছিল যে ইমান ডাঙৰ বিত্তীয় হেঁচাত পৰি হয়তো তেওঁ সহজ পইচা উপাৰ্জনৰ বাবে নীতি সলাই ধাপাত/পান মচলাৰ লোভনীয় বিজ্ঞাপন গ্ৰহণ কৰিব। কিন্তু ছানি দেউলে নিজৰ আদৰ্শত অটল থাকিল। 'গাদাৰ ২' ছবিত কৰা অভূতপূৰ্ব ব্যৱসায়িক সফলতা আৰু পিছলৈ বেংকৰ সৈতে বুজাবুজি কৰি তেওঁ নিজৰ বাকী থকা ধাৰ পৰিশোধ কৰাৰ ব্যৱস্থা কৰে আৰু নিলামৰ প্ৰক্ৰিয়া বন্ধ হয়।

ছানি দেউলৰ এই স্থিতিয়ে প্ৰমাণ কৰে যে কোটি কোটি টকাৰ ঋণৰ বোজা মুৰত থকাৰ স্বত্ত্বেও তেওঁ নিজৰ নীতি-আদৰ্শৰ সৈতে কোনো আপোচ নকৰিলে। অৰ্থনৈতিক সমস্যা সমাধানৰ বাবে ভুল পথ বা জনসাধাৰণৰ অপকাৰ হোৱা কোনো মাধ্যম বাছানি নলৈ তেওঁ এগৰাকী প্ৰকৃত দায়িত্বশীল তাৰকাৰ পৰিচয় দিলে।

ঐশ্বৰ্যা ৰায়ৰ সৈতে প্ৰেমৰ সম্পৰ্ক অৱসানৰ পাছতে চিৰদিনলৈ বিয়া নপতাৰ সিদ্ধান্ত লৈ পেলাইছিল চলমানে।  ১৯৯৯ চনত সঞ্জয় লীলা ভ...
23/08/2026

ঐশ্বৰ্যা ৰায়ৰ সৈতে প্ৰেমৰ সম্পৰ্ক অৱসানৰ পাছতে চিৰদিনলৈ বিয়া নপতাৰ সিদ্ধান্ত লৈ পেলাইছিল চলমানে। ১৯৯৯ চনত সঞ্জয় লীলা ভাঞ্চালীৰ ‘হাম দিল দে চুকে সনম’ ছবিৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ সময়ত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল।

চলমানৰ অত্যাধিক অধিকাৰবোধ আৰু খঙৰ বাবেই এই সম্পৰ্ক নিটিকিল বুলি কোৱা হয়। ঐশ্বৰ্যই পিছলৈ দিয়া কেইবাটাও সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে চলমানৰ খং আৰু অত্যাধিক অধিকাৰবোধ (possessiveness) তেওঁলোকৰ সম্পৰ্কত ডাঙৰ বাধা হৈ পৰিছিল। ঐশ্বৰ্যই স্পষ্টভাৱে অভিযোগ উত্থাপন কৰিছিল যে সম্পৰ্কটোত তেওঁ শাৰীৰিক, মানসিক আৰু মৌখিক নিৰ্যাতনৰ মুখামুখি হ’বলগীয়া হৈছিল।

২০০১ চনৰ নৱেম্বৰ মাহত নিশা চলমান খান ঐশ্বৰ্যৰ ফ্লেটলৈ গৈ দৰজাখনত কেইবাঘণ্টাও ধৰি সজোৰে মাৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল, যিয়ে তেওঁলোকৰ সম্পৰ্কৰ তিতা-মিঠা দিশটো ৰাজহুৱা কৰি পেলাইছিল। চলমান খানে নিজৰ পুৰণি প্ৰেমিকাসকলৰ সৈতে সম্পৰ্ক ৰখা বুলিও ঐশ্বৰ্যই সন্দেহ কৰিছিল, যিয়ে তেওঁলোকৰ বিশ্বাসত ফাঁট মেলিছিল।

'চলতে চলতে' নামৰ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়ত চলমানে সংহতিত উপস্থিত হৈ বিশৃঙ্খলাৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছিল, যাৰ বাবে ঐশ্বৰ্যৰ স্থানত ৰাণী মুখাৰ্জীক লোৱা হৈছিল। ইয়াৰ ফলত ঐশ্বৰ্যৰ পেশাদাৰী জীৱনতো কুপ্ৰভাৱ পৰিছিল। ২০০২ চনত ঐশ্বৰ্য ৰায়ে ৰাজহুৱাভাৱে ঘোষণা কৰে যে তেওঁ নিজৰ স্বাভিমান আৰু মানসিক শান্তিৰ বাবে চলমান খানৰ সৈতে ভৱিষ্যতে কেতিয়াও কোনো কাম নকৰে আৰু সম্পৰ্ক একেবাৰেলৈ শেষ কৰে। পিছলৈ ২০০৭ চনত ঐশ্বৰ্য ৰায়ে অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

বলিউদৰ ছুপাৰষ্টাৰ অজয় দেৱগণৰ সৈতে এখন বিগ বাজেটৰ ছবিত একেলগে দেখা যাব অসমৰ উৰ্মিলা মহন্তক। ইতিমধ্যে চিনেমাখনৰ শ্বুটিং শে...
23/08/2026

বলিউদৰ ছুপাৰষ্টাৰ অজয় দেৱগণৰ সৈতে এখন বিগ বাজেটৰ ছবিত একেলগে দেখা যাব অসমৰ উৰ্মিলা মহন্তক। ইতিমধ্যে চিনেমাখনৰ শ্বুটিং শেষ হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, বলিউদৰ লগতে তামিল ছবিজগততো এতিয়া অসমৰ উৰ্মিলা এটা চিনাকি নাম। হিন্দী, তামিল বহুকইখন ছবিত অভিনয় কৰিছে অসমৰ উৰ্মিলাই।

দক্ষিণ ভাৰতীয় (তেলেগু) চলচ্চিত্ৰ জগতৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ (Allu Arjun) পত্নীৰ নাম স্নেহা ৰেড্ডী (Sneha Reddy)। দক্...
22/08/2026

দক্ষিণ ভাৰতীয় (তেলেগু) চলচ্চিত্ৰ জগতৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ (Allu Arjun) পত্নীৰ নাম স্নেহা ৰেড্ডী (Sneha Reddy)। দক্ষিণৰ ছবিজগতৰ অন্যতম ধুনীয়া আৰু আভিজাত্যপূৰ্ণ 'পাৱাৰ কাপল' (Power Couple) হিচাপে তেওঁলোক সুপৰিচিত। স্নেহা ৰেড্ডীৰ জন্ম হয় হায়দৰাবাদত। তেওঁ তেলেংগানাৰ বিশিষ্ট শিক্ষাবিদ তথা উদ্যোগপতি 'শেখৰ ৰেড্ডী'ৰ জীয়ৰী।

স্নেহাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ (USA) মেছাচুছেটছৰ পৰা কম্পিউটাৰ ছায়েন্সত বি.টেক (B.Tech) আৰু পিছলৈ স্নাতকোত্তৰ (Master's) ডিগ্ৰী লাভ কৰে। আমেৰিকাত পঢ়া-শুনা শেষ কৰি ভাৰতলৈ ঘূৰি অহাৰ পিছত এখন বিবাহ অনুষ্ঠানত আল্লু অৰ্জুনৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ হৈছিল। প্ৰথম দৃষ্টিতে দুয়োৰে মাজত ভালপোৱা গঢ়ি উঠে।

২০১১ চনৰ ৬ মাৰ্চত হাইদৰাবাদত সুদীৰ্ঘ প্ৰেমৰ পিছত অত্যন্ত আড়ম্বৰপূৰ্ণভাৱে তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটি সুন্দৰ সন্তান আছে- পুত্ৰ সন্তান আল্লু অয়ান (Allu Ayan) আৰু এগৰাকী কনমানি জীয়েক আল্লু অৰহা (Allu Arha)।

স্নেহা কোনো চিনেমা বা অভিনয় জগতৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয়, কিন্তু ছচিয়েল মিডিয়াত তেওঁৰ জনপ্ৰিয়তা কোনো অভিনেত্ৰীতকৈ কম নহয়। ইনষ্টাগ্ৰামত তেওঁৰ লাখ লাখ অনুৰাগী আছে। তেওঁ এগৰাকী সফল উদ্যোগী আৰু ফেশ্বন অনুৰাগী। স্নেহা ৰেড্ডীক প্ৰায়ে তেওঁৰ অনবদ্য ফেশ্বন চেঞ্চ আৰু পৰিয়ালৰ সুন্দৰ ফটো-ভিডিঅ' শ্বেয়াৰ কৰাৰ বাবে চৰ্চাত থকা দেখা যায়।

Address

First Floor, Bylane1, Rajgarh Road, Chandmari
Gauhati
781003

Alerts

Be the first to know and let us send you an email when Ritstime posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ritstime:

Shortcuts

Share