12/09/2026
যোৱা ইংৰাজী ৯ ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি পলমকৈ হ'লেও গুৱাহাটী বিশ্ববিদ্যালয়ৰ সম্প্ৰতি অধ্যাপনাৰত মিচিং শিক্ষাগুৰুসকলক আমাৰ GUMSU পৰিয়ালৰ দ্বাৰা অনুষ্টুপীয়াকৈ আয়োজিত অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰোঁ। উক্ত অনুষ্ঠানত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰা উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰদ্ধাৰ কুমানন্দ টায়ুং ছাৰৰ লগতে আধুনিক ভাৰতীয় ভাষা বিভাগৰ সহকাৰী অধ্যাপক শ্ৰদ্ধাৰ অভিজিত পায়েং ছাৰ,নৃতত্ব বিভাগৰ সহকাৰী অধ্যাপক জ্যোতিস্মান টায়ে ছাৰ আৰু ভূগোল বিভাগৰ সহকাৰী অধ্যাপক চন্দ্ৰকান্ত পাৱে ছাৰক আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মিছিং ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বিভিন্ন দিশৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন গঠনৰ পৰামৰ্শ আগবঢ়ায়।এই উল্লেখিত বিষয়টি অনাগত ভৱিষ্যতত ফলপ্ৰসূ ৰূপ দিয়াৰ বাবে আমাৰ GUMSU পৰিয়ালে যৎপৰোনাস্তি চেষ্টা কৰিম।