Axomiya Vibes

Axomiya Vibes Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axomiya Vibes, Digital creator, Gauhati, Gauhati.
(1)

05/08/2026

পৰিচিত লেখক প্ৰাঞ্জল দলৈয়ে কৈছে: “অসম প্ৰিমিয়াৰ লীগৰ নিচিনা টুৰ্নামেন্ট কিয় চৰ্চা হ'ব লাগে?
অকল লুইত এতিয়া অসমৰ চকুপানী নহয়! ইত্যাদি।”

চ'ছিয়েল মিডিয়াত "অসম প্ৰিমিয়াৰ লীগ" সম্পৰ্কে পৰিচিত লেখক প্ৰাঞ্জল দলৈৰ পোষ্ট::: সকলো কথা নিগেটিভ দৃষ্টিভংগীৰে চোৱাটো উচি...
02/08/2026

চ'ছিয়েল মিডিয়াত "অসম প্ৰিমিয়াৰ লীগ" সম্পৰ্কে পৰিচিত লেখক প্ৰাঞ্জল দলৈৰ পোষ্ট:::

সকলো কথা নিগেটিভ দৃষ্টিভংগীৰে চোৱাটো উচিত নহয়। প্ৰলয়ৰ পিছত বিপৰ্যয়ৰ সময়ত এই বিনোদন(মানে অসম প্ৰিমিয়াৰ লীগ) কিয়? অকল এয়া বিনোদন নহয়-----অসমৰ ভবিষ্যতৰ ক্ৰিকেট খেলুৱৈসকলক জাগৃত কৰাৰ এয়া এলাৰ্ম। বিপদত হাঁহিবলৈ শিকাৰ মন্ত্ৰ আমি জানিব লাগিব। আচলতে, অসমত অসমৰ ক্ৰিকেট খেলুৱৈৰ বাবে এনে বিশাল আয়োজন আজিলৈকে হোৱা নাই। অসম ক্ৰিকেট এছোছিয়েছন এইবাবে ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। তৰংগ গগৈৰ টীমটোৰ এয়া বৃহৎ সফলতা। BCCI ৰ সচিব দেৱজিত শইকীয়া ডাঙৰীয়াৰ এই পাঞ্চ অসমৰ ক্ৰীয়া জগতত মাইলৰ খুটি হৈ ৰ'ব। তেখেত আমাৰ অফিচৰো (মহাধিবক্তা,অসম) বছ-------তেখেতে কেনেকুৱা বোজা লৈ কাম কৰে, এয়া আমি দেখি আহিছোঁ। কামৰ বোজা বহুতৰে থাকে-----বোজা সহ্য কৰি বিচলিত নোহোৱাকৈ নিয়াৰিকৈ কাম কৰাৰ কথাটো কৈছোঁ। ক্ৰিকেটৰ বিজি চেডুইলত অসম প্ৰিমিয়াৰ লীগ অইন সময়লৈ পিছুৱাই দিয়াটো সম্ভৱ নহয়------আৰ্থিককে আৰম্ভ কৰি বহুত ক্ষতি আছে। অসম ক্ৰিকেট এছোছিয়েছন বিপদৰ সময়ত সদায় অসমবাসীৰ লগত আছে-----কভিদৰ সময়ত আছিল, অইন বানপানীৰ দুৰ্যোগৰ সময়তো আছিল আৰু এই উজনিৰ প্ৰলয়ৰ সময়তো যথেষ্ট সাহাৰ্য প্ৰদান কৰিছে। নিগেটিভ অৰ্থত কথাবোৰ নাভাবিব------অসম প্ৰিমিয়াৰ লীগ উজলি উঠক। সচাই এয়া----"আমাৰ অসম, আমাৰ গৌৰৱ"।

21/07/2026

https://youtu.be/rwVTR-yVsfM?si=GM1P78ao92I3pvtO
অঞ্জু পাঞ্চি আৰু প্ৰবীন বৰাৰ কণ্ঠত মুক্তি পালে এটি সুন্দৰ গীত "আঁউসীৰ জোনাক তুমি" ❤️
সকলোৱে গীতটো এবাৰ শুনিব আৰু মৰম দিব।।

20/07/2026

পৰিচিত লেখক প্ৰাঞ্জল দলৈৰ কল্পবিজ্ঞানৰ গল্প "ভ্ৰম" লৈ এয়া শিখাৰাণী ঠাকুৰীয়া। গল্পটোৰ সময় 2223 চন।

18/07/2026

পৰিচিত লেখক প্ৰাঞ্জল দলৈৰ গল্প "বিস্ময় বালিকা"।
গল্পটোত কণ্ঠ নিগৰাইছে প্ৰসিদ্ধ অভিনেত্ৰী পাকিজা বেগমে।
পাকিজা বেগমে প্ৰথমে গল্পটো পাঠ কৰিছিল "অমূল্য অসম" পেজৰ বিশেষ সংখ্যা এটিত।
Video © অমূল্য অসম

15/07/2026

এইবাৰ হ'ব একেবাৰে "GHOTALA"! 🔥

কমেডি, ৰোমাঞ্চ, এক্সন আৰু বহুতো টুইষ্টেৰে ভৰা এই নতুন ৱেব চিৰিজ "GHOTALA" আপোনালোকৰ মন জয় কৰিবলৈ সাজু।

এইবাৰ সকলোৰে প্ৰিয় SAFI HERO-ক একেবাৰে নতুন আৰু নজিৰবিহীন চৰিত্ৰত দেখা পাব।

ইতিমধ্যে S.H. Production-ৰ YouTube Channel-ত চিৰিজখনৰ প্ৰথম খণ্ডটি মুক্তি পালে।

কমেণ্ট বক্সত দিয়া লিংকটৰ জৰিয়তে উপভোগ কৰক চিৰিজখনৰ প্ৰথমটি খণ্ড।

11/07/2026

পৰিচিত লেখক প্ৰাঞ্জল দলৈৰ কবিতা "তথাপি মই উদয় হ'ম"।
পাঠ আৰু পৰিচালনা: শুভংকৰ।
গল্পকাৰ প্ৰাঞ্জল দলৈয়ে আঙুলি মূৰত লেখিব পৰা দুই-এটি কবিতাহে এতিয়ালৈকে লিখিছে।

06/07/2026

পৰিচিত গল্পকাৰ প্ৰাঞ্জল দলৈয়ে এই গল্পটো পোন্ধৰ বছৰ আগতে লিখিছিল বিখ্যাত গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ "নিৰ্বান্ধৱ" গল্পটো পঢ়ি। মনোজ কুমাৰ গোস্বামীক নিজৰ আদৰ্শ বুলি ভবা প্ৰাঞ্জল দলৈয়ে এই গল্পটোত মোবাইল ফোনৰ এছ.এম.এছ. ৰ কথা লিখিছে-----মনোজ কুমাৰ গোস্বামীয়ে চিঠিৰ কথা লিখিছিল----কোনো বন্ধু-বান্ধৱী নথকাত "নিৰ্বান্ধৱ" গল্পটোৰ নায়কে নিজৰ নামত নিজে চিঠি পোষ্ট কৰিছিল। কিছুমান সত্যৰ সাদৃশ্য থাকে---নিজৰ নামত নিজে চিঠি পোষ্ট কৰিব পাৰি, নিজৰ মোবাইল ফোনত নিজে SMS কৰিব পাৰি আৰু এতিয়া চ'ছিয়েল মিডিয়াৰ যুগত নিজক নিজে WhataApp কৰিব পাৰি। যেন পুৰণিক আঁত ধৰি আগবাঢ়ে প্ৰযুক্তি! পোন্ধৰ বছৰ আগতে মুক্তি পোৱা অসমীয়া ভাষাৰ প্ৰথম গল্পৰ অডিঅ চিডি "ভালপোৱা কেম্পৰ পোহৰ"ত প্ৰাঞ্জল দলৈৰ এই গল্পটো আছে। পাঠ:অভিজিত আৰু কাৰ্বি। সামগ্ৰিক পৰিচালনা ভূপেশ শইকীয়াৰ।

05/07/2026

◾“তোমাৰ বাবে”, “BAMBOO”, “MANGO” আৰু “ভাইৰেল কৃষ্ণ”ৰ বিপুল জনপ্রিয়তাৰ পাছত সেই একেই বিশ্বাস আৰু নতুন উদ্যমেৰে S.H. Production-এ এইবাৰ লৈ আহিছে এখন নতুন ৱেব চিৰিজ “GHOTALA” 📌

◾ আগৰ ৱেব চিৰিজ কেইখনৰ দৰে এইখন ৱেব চিৰিজকো দৰ্শকৰ মৰম আৰু আশীৰ্বাদে উপচাই পেলাব বুলি বিশ্বাস ৰাখিছে S.H. PRODUCTION -এ।

◾ অহা ১২ জুলাই তাৰিখে S.H. PRODUCTION ইউটিউব চেনেলত মুক্তি পাব সম্পূৰ্ণ ৱেব চিৰিজখন।
সকলোৰে সহায়-সহযোগিতা কামনা কৰিছোঁ।

◾ সকলোৰে প্ৰিয় SAFI HERO-ক এইবাৰ এক নতুন ৰূপত চাবলৈ সাজু হওঁক।

◾ ট্ৰেইলাৰটো কমেণ্ট বক্সত দিয়া লিংকটোৰ সহায়ত চাব পাৰিব।

04/07/2026

পৰিচিত গল্পকাৰ প্ৰাঞ্জল দলৈৰ গল্প "আঁহা, তুমি হত্যা কৰা মোক"। সামগ্ৰিক পৰিচালনা: সুজিতা দাস। পাঠ:সুজিতা,শুভংকৰ আৰু চোনিকা। গল্পটো "নিয়মীয়া বাৰ্তা" কাকতৰ পূজা বিশেষ সংখ্যাত প্ৰকাশিত।

Address

Gauhati
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Axomiya Vibes posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share