09/02/2026
|| ইমানদিনে ||
ইমানদিনে গোপনে ৰাখিছিলো এই ৰাতিক
তোমাৰ বুকুৰ জপনা খুলি চাওঁতেহে দেখিলো
সেইপাহ ফুল বসন্তৰ
কিমান বছৰ যে উঁৱলি যোৱা নাছিল
কিমান ঠাই যে সোঁৱৰণি হোৱা নাছিল
তথাপিতো পিয়াহৰ অন্ত নপৰিল
তুমিতো গাভৰুকালৰ সেই লাজ এৰি থৈ আহিলা
নদীত
যেতিয়া বয়সে মোক আনি মোহনা পোৱালে
তেতিয়াহে তুমি মূৰ তুলি এবাৰ মোলৈ চালা
হয়তো এনেকুৱাই হয় সময়
যেতিয়া কাৰোবাক বিচৰা যায়
তেঁও হয়গৈ সন্ধিয়াৰ ছঁয়াময়া
আৰু যেতিয়া নিজৰ ভিতৰলৈ জুমি চোৱা যায়
তেতিয়া তেঁও হয়গৈ শ্য়ামবৰণীয়া আকাশ
অ' মোৰ বেদুইন ৰাতিৰ মৰূদ্য়ান
এই এটাই মাথোন হেঁপাহ
তোমাৰ বুকুত আমোলমোলাই থকা
গুলচৰ সুৰভিৰে সুৰভিত কৰা মোক
এই বিষাদকাতৰ সন্ধিয়াত
~~ (বিগলিত প্ৰাৰ্থনা, ২০২৪)
Photo by Shahin Khalaji @ Unsplash