10/09/2026
জলপ্রলয়ে উজনিৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা তচনচ কৰি থৈ যোৱাৰ পিছত দুমাহ হ’বৰ হ’ল। কিন্তু দুমাহৰ মূৰতো বহু পীড়িতই নাপালে সেই তেতিয়াই ৰাজ্য চৰকাৰে তৎকালীনভাৱে ঘোষণা কৰা সাহায্যৰ ধন। উজনিৰ প্রলয়ৰ পিছতে সাহায্য প্রদানৰ ক্ষেত্রত ৰাজ্যৰ ইতিহাসত কোনোকালে কোনো চৰকাৰে নকৰা কাম বৰ্তমানৰ চৰকাৰখনে কৰা বুলি ডাংকোপ মৰা মুখ্যমন্ত্রীক উভতি ধৰি আজিও ৰাজপথ পালেহি হাজাৰ হাজাৰ বঞ্চিত পৰিয়াল। তেওঁলোকে মুখ্যমন্ত্রীক বান্ধি দিলে ১০ দিনৰ সময়সীমাও। অন্যথা উজনি অসম অচল কৰি দিয়াৰ হুংকাৰ।