Akash Subor Mon আকাশ চুবৰ মন

Akash Subor Mon আকাশ চুবৰ মন সকলোকে আকাশ চোৱাৰ হেঁপাহ আৰু তাড়নাই খেদি ফুৰে । (যিকোনোধৰণৰ বিজ্ঞাপনৰ বাবে মেচেজ যোগে যোগাযোগ কৰক)

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে । সাজু হওঁক সকলো জুবিন দাৰ অনুৰাগী, আইনৰ সুৰোঙাৰে কোনো কাৰণতে যা...
01/10/2025

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে । সাজু হওঁক সকলো জুবিন দাৰ অনুৰাগী, আইনৰ সুৰোঙাৰে কোনো কাৰণতে যাতে সাৰি যাব নোৱাৰে । ইহতৰ হাঁত বহুত দীঘল কিন্তু । ৰাইজৰ ৰোষত পৰাৰ ভয়ত ঠাইৰ পৰাই আৰক্ষীৰ জিম্মাত আহিছে ।

মেখলা চাদৰযোৰক পিন্ধোতে বিকৃত কৰা এচাম মহিলাই আজি লাজ পাইছেনে ? একাংশ অসমীয়া মহিলাই মেখেলা চাদৰযোৰ পিন্ধিলে নিজৰে লাজ লা...
30/09/2025

মেখলা চাদৰযোৰক পিন্ধোতে বিকৃত কৰা এচাম মহিলাই আজি লাজ পাইছেনে ? একাংশ অসমীয়া মহিলাই মেখেলা চাদৰযোৰ পিন্ধিলে নিজৰে লাজ লাগে দেখিবলৈ, কিন্তু আজি অনুভৱ কৰক সেইসকল মহিলাই, বুজি লওক কোটি কোটি টকাৰ মালিক হোৱাৰ পাছতো এগৰাকী বিখ্যাত কন্ঠৰ গৰাকী যাক বিশ্বই চিনি পায় ৷ কন্ঠশিল্পী শ্ৰেয়া ঘোষালে মেখেলা চাদৰযোৰ ইমান ধুনীয়াকৈ পিন্ধিছে, দেখিবলৈ বহুত ধুনীয়া লাগিছে ।
Love You Shreya Ghoshal ❤️

যেতিয়াই জুবিন গাৰ্গে ক'লে "I am alone", গৰিমা শইকীয়াক গালি পৰা আৰম্ভ। "ঘৈণী থাকোতে গিৰিয়েক কেনেকৈ অকলশৰীয়া হ'ব পাৰে।...
30/09/2025

যেতিয়াই জুবিন গাৰ্গে ক'লে "I am alone", গৰিমা শইকীয়াক গালি পৰা আৰম্ভ। "ঘৈণী থাকোতে গিৰিয়েক কেনেকৈ অকলশৰীয়া হ'ব পাৰে।"

জুবিনৰ দৰে মানুহ এজনৰ জীৱন সংগীনিয়ে বছৰটোত ঘনিষ্ঠকৈ কেইদিন লগ হয় সেয়া এটা প্ৰশ্ন। বহাগত যেতিয়া বংশ মিটিৰ কুটুমৰ লগত আমি সময় কটাও, জুবিন গোটেই মাহ অনুষ্ঠানত ব্যস্ত। কিয় গোটেই গোটেই মাহ কৰিব লাগে ইয়াৰ প্ৰশ্ন হ'ব নোৱাৰে। ই জুবিন, আয়োজক, ৰাইজৰ মাজৰ এক অদৃশ্য বাধ্যবাধকতাৰ লগতে অৰ্থনৈতিক কাৰণ জড়িত।

জুবিনে দাৰ্শনিক ভাৱে অলপ পিছতেই কৈছে "we all are alone"। হয় "we all are alone in a way or other." ৰীতা চৌধুৰীকো সংকোচ নকৰাকৈয়ে কৈছে "you too are alone". দুই তিনি ছেকেণ্ডৰ বাবে চৌধুৰীও থমকি গৈছে। দ্বিতীয়তে জুবিন গৰিমাই আমাৰ দৰে চাহৰ দোকান, ৰেস্তোঁৰাত বহিও শান্তিৰে সময় কটাব নোৱাৰে।

মানুহক প্ৰফেচনেল জটিলতাই বেছি অস্থিৰ কৰে। বহুসময়ত আমি কৰ্ম জীৱনৰ জটিলতাবোৰ পৰিয়ালৰ পৰা আতঁৰাই ৰাখিবও বিচাৰো।

যেতিয়া জুবিনে ক্ষোভত কৈছে "people made me machine"। ইয়াত কোন মানুহক কোৱা হৈছে সেইটো ডাঙৰ প্ৰশ্ন। বহাগৰ গোটেই মাহটোত নিমন্ত্ৰণ জনোৱা মানুহবোৰক নে যাৰ বাবে ৰাতি ৰাতি ৬ টা ১৫টা ৩৪টা গান গাব লগা হোৱা মানুহবোৰক? "মাল দুপেগ খাই লও। কৈ যাও নেক্সট গান দে"। মদ খাই লয়,গান গায় যায়, এটা পেগ দুটা গান, চাৰিটা পেগ ৮টা গান। এয়াটো মেচিনৰ কাম। কেচামাল এফালে ভৰাই দিয়া, সিফালে বস্তু ওলিয়াই দিয়া। মানুহে জানো এনেকে কাম কৰে? পিছে কি সুখত মেচিন হৈ পৰিছে? সকলোৱে বিচাৰিছে মোৰ গানটো জুবিনে গাওক। সকলোৱে বিচাৰিছে আমাৰ ফাংচনলৈ জুবিন আহক। অনুৰোধ কৰিছে, দাবী কৰিছে, চুক্তি কৰিছে, আগধন লৈছে। আৰু শেষত মেচিনৰ দৰে কাম কৰিবলৈ বাধ্য হৈছে।

"ভাইমনদাত" ২০০২ চনতে মুনীন বৰুৱাৰ পুত্ৰই গান বিচাৰি তাগিদা দিয়া দেখুৱাইছে। "কেতিয়া দিবা মোৰ গান?" অতিষ্ঠ হৈ জুবিনে কৈছে "ৰ'বা। আজিয়ে দিম তোমাক গান।" তেনেকৈ কিমান বাৰ কিমান পৰ্যায় অতিষ্ঠ হৈছে বা।

গান ভেনদিং মেচিনত ওলাই? চুইচ টিপি দিলে ওলাই যাব। ২০০২ তে যদি গানৰ বাবে তেনেকুৱা তাগিদা আৰু অতিষ্ঠ, ২০০৮ত, ২০১৫ ত, ২০২৪ ত কিমান তাগিদা আৰু অতিষ্ঠ হ'ব সেয়া অনুমেয়। এই তাগিদা দিয়াবোৰ কোন? মনৰ আপোন মানুহ? জুবিনক নিজৰ আত্মা বুলি কোৱাজনেই চোন "জুবিন মোৰ বাবে ক'মদিটি" বুলিলে। তেন্তে বাকীবোৰ? জুবিনে নাজানিছিল এই কথা? যদি নাজানিছিল তেন্তে কন্দনামুৱা হৈ কিয় ক'লে "বুঢ়া কালত কোন আহে চাম।"

ৰাতি ১০/১২ টা গান গায় ষ্টুডিঅতে নুশুই ঘৰলৈ গৈ সুখনিদ্ৰা মাৰিবলৈ কাৰোবাৰ দৈহিক মানসিক শক্তি থাকিব? ঘৰ লাগিলে দহখনেই নহওক। এইবোৰ কথা গৰিমাক নকয়? কলেও গৰিমাইনো কি কৰিব? সেই একেই অদৃশ্য বাধ্যবাধকতা।

বলিউদৰ গান গাবলৈ টপ লেভেলত ১০ জন গায়ক আছে। অসমত এজনেই টপ। সকলোৰে গান জুবিনেই গাব লাগিব। "I am alone" এটা দ্বিতীয় অৰ্থ এইটো। টপত মই অকলেই আছো। দ্বিতীয় এজন নাই। জুবিনে নিজেই কৈছে "মোৰ গান গায় আমনি লগা হৈছে।"
মানুহেই নহয়। বেছি চাপত মেচিনো বেয়া হয়। জুবিনতো মানুহ হে। লগতে প'ডকাষ্টত এয়াও‌ কৈছে‌ তেওঁৰ নিচিনা চিন্তা মিল থকা মানুহ‌ নাই। চিন্তাধাৰাৰ ফালৰ পৰাও "I am alone" হ'ব পাৰে। গিৰীয়েক ঘৈণীকৰ চিন্তাৰ মিল থাকিবয়ে বুলি কথা নিঃসন্দেহে নাই।

বাকী বাদ।

জুবিনৰ দৰে ১০০ ত নহ'লেও ৫০ ৬০ ৭০ ত গানবোৰ কোনোবাই কোনোবাই পূৰণ কৰিব। পিছে অফিচাৰ, মন্ত্ৰী, এম. এল. এ. পৰা আৰম্ভ কৰি শাসনৰ মুৰব্বীলৈকে উশাহ ডাঙৰ কৰিও কথা ক'বলৈ সাহস নকৰা জুবিনৰ সেই সামাজিক-ৰাজনৈতিক কতৃত্বটো পিছে কোনে পূৰাব?

সংগ্ৰহ: Sarmah Tamuly.

জুবিন গাৰ্গৰ অতিকৈ মৰমৰ এই গাড়ীখন ।এইখন কেৱল মাত্ৰ এখন গাড়ী নহয়, জুবিন দাক ভালপোৱা প্ৰত্যেকজনৰ সৈতে আছে এক আত্মিক সম্...
30/09/2025

জুবিন গাৰ্গৰ অতিকৈ মৰমৰ এই গাড়ীখন ।এইখন কেৱল মাত্ৰ এখন গাড়ী নহয়, জুবিন দাক ভালপোৱা প্ৰত্যেকজনৰ সৈতে আছে এক আত্মিক সম্পৰ্ক, আছে এক সুকীয়া আবেগ ।

29/09/2025

29/09/2025

27/09/2025

 #ভিক্টৰ_দাসৰ_দোষ_কি?  #জুবিন_দাৰ_ন্যায়_বিচাৰি_কৰা_প্ৰতিবাদ ভুল নেকি ?আসমে আজি জুবিন হত্যাৰ ন্যায় বিচাৰিছে, তেওঁৰ ন্যায় ...
26/09/2025

#ভিক্টৰ_দাসৰ_দোষ_কি?
#জুবিন_দাৰ_ন্যায়_বিচাৰি_কৰা_প্ৰতিবাদ ভুল নেকি ?
আসমে আজি জুবিন হত্যাৰ ন্যায় বিচাৰিছে, তেওঁৰ ন্যায় বিচাৰি আন্দোলন কৰা সকলৰ গেপ্তাৰ নহয় !!!

জুবিন দাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাটো অপৰাধ নেকি ?
25/09/2025

জুবিন দাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাটো অপৰাধ নেকি ?

 #জুবিনক_পণ্য_সামগ্রী বুলি ভাবিছিল ফেষ্টিভেল মহন্তই ?📌খুড়াকৰ নিকৃষ্ট মানসিকতাৰ কথা কলে সৃজনী ভাস্ব মহন্তই ।🖋️জুবিনদা অসম...
25/09/2025

#জুবিনক_পণ্য_সামগ্রী বুলি ভাবিছিল ফেষ্টিভেল মহন্তই ?
📌খুড়াকৰ নিকৃষ্ট মানসিকতাৰ কথা কলে সৃজনী ভাস্ব মহন্তই ।

🖋️জুবিনদা অসমৰ জাতীয় জীৱন আৰু প্ৰত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল, কি হৈ ৰ'ব চিৰদিন, তাৰ বিশালতাক কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি, শিৰাই-শিৰাই মাথোঁ অনুভৱহে কৰিব পাৰি। তেওঁৰ কৰ্ম আৰু জীৱনশৈলীৰে এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোকে বুজাই থৈ গ'ল। যোৱা এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে মোক শুধি যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিনদাৰ মৃত্যুকলৈ। আজিও একো নিলিখিলো হয়, কাৰণ সকলো মানুহে নিজ-নিজ ধৰণেৰে শোকৰ লগত মোকাবিলা কৰে। কিন্তু কিছুমান কথাৰ কাৰণে লিখিবলৈ বাধ্য হৈছো।

মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে যেনেদৰে সমালোচনা কৰে, গালিও পাৰে মাজে-মাজে, মোৰ ভাল লাগে, নিজকে সৌভাগ্যশালী বুলি ভাবো। কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকাণু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ কৰ্মকাণ্ডৰ লগত বহুতে মোকো সাঙুৰি লোৱা দেখিবলৈ পাইছো। এইটোহে মোৰ বাবে গ্ৰহণযোগ্য নহয়। জন্মসূত্ৰে মই এটা পৰিয়ালৰ সদস্য। তেজৰ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পৰ্ক নাই। বহুত বছৰ ধৰি কোনো ধৰণৰ কথা-বতৰাও নাই উল্লিখিত ব্যক্তিজনৰ লগত। যিসকল লোকে মোক ব্যক্তিগতভাৱে চিনি পায়, তেওঁলোকে জানে আমাৰ মতাদৰ্শ আৰু জীৱন-যাপন কিমান পৃথক। তেওঁ মোৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কেইবাবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে যে তেওঁ আৰু তেওঁৰ আন ভাইকেইজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই।

বহু বছৰৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এজনে ক'লে, "জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয়যে ইমান মদ খায়!" ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো - "বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)।" সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ "ৰাজহাড়", জুবিন তেওঁৰ "আত্মা"। ঘৃণা উপজে। জুবিনদাৰ জীৱনকলৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওঁক। কঠোৰতম তদন্ত আৰু শাস্তি হওঁক।

সংগ্ৰহ: Srijani Bhaswa Mahanta

ফেষ্টিভেল মহন্তক ব্লেকলিষ্টেড কৰিলে চৰকাৰে ।
24/09/2025

ফেষ্টিভেল মহন্তক ব্লেকলিষ্টেড কৰিলে চৰকাৰে ।

23/09/2025

জুবিনৰ ন্যায়ৰ বাবে সকলোৱে শ্বেয়াৰ কৰক

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Akash Subor Mon আকাশ চুবৰ মন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share