15/06/2026
গোলাঘাট জিলা সাংবাদিক সংস্থাৰ নৱ নিৰ্বাচিত সভাপতি নগেন বৰাক কেন্দ্ৰ কৰি কিছুদিন ধৰি চলি অহা বিতৰ্ক আৰু বাক-বিতণ্ডাৰ মাজতে এতিয়া স্পষ্ট হৈ পৰিছে সমৰ্থন, ঐক্য আৰু সংহতিৰ ছবি। উদ্দেশ্যপ্ৰণোদিত অভিযোগ আৰু সামাজিক মাধ্যমত চলা অপপ্ৰচাৰৰ বিপৰীতে, সাংবাদিক সমাজৰ এক বৃহৎ অংশই নগেন বৰাৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি আগবাঢ়িছে। ইয়াৰ মাজতেই মৰঙি প্ৰেছ ক্লাৱৰ পদক্ষেপে নতুন তাৎপৰ্য বহন কৰিছে।