Rakibur Rohman

Rakibur Rohman Journalist, News18 Assam Northeast

➡️Journalist, NKTV Plus
➡️Former Journalist, News18 Assam
Northeast
➡️PhD Research Scholar, Gauhati University
➡️Former M.Phil Scholar, Gauhati University
➡️Former Editor, www.republicne.com
➡️Former Executive Editor, আজিৰ সংবাদ শীৰ্ষ (Weekly Newspaper)

14/10/2025

গুৱাহাটী বিশ্ববিদ্যালয় PGSU নিৰ্বাচনত সাধাৰণ সম্পাদক সম্পাদকৰূপে জয়ী হোৱা প্ৰবালজ্যোতি শৰ্মাৰ সৈতে পোনপটীয়া সাক্ষাৎকাৰ⬇️

শুভ মহাঅষ্টমী।শাৰদীয় দুৰ্গা পূজাৰ উছাহৰ মাজতেই এনেদৰে কৰ্তব্য পালন।
22/10/2023

শুভ মহাঅষ্টমী।
শাৰদীয় দুৰ্গা পূজাৰ উছাহৰ মাজতেই এনেদৰে কৰ্তব্য পালন।

কিছুদিনৰ বিৰতিৰ পাছত,,,,,,
04/10/2023

কিছুদিনৰ বিৰতিৰ পাছত,,,,,,

05/09/2023
06/06/2023

টুইটাৰ, ফেচবুকত সক্ৰিয় হৈ থকা মিঠাই দোকানীসকলে অন্ততঃ ৭ ঘন্টা সময় পাইছে। বাকীসকলৰ অৱস্থা মেট্ৰিকৰ ৰিজাল্টৰ দৰেই। বেচেৰা দোকানীকেইজনৰ দোকান খুলিয়েই দৌৰাদৌৰি লাগিব।

পুৱা ৯ বজাত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।The Higher Secondary results will be declared today at 9 am.
06/06/2023

পুৱা ৯ বজাত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।

The Higher Secondary results will be declared today at 9 am.

"ভগৱান নহওঁ, কষ্ট কৰিহে আজি জুবিন গাৰ্গ হৈছোঁ- জুবিন গাৰ্গকোনোবাই কোনোবাই মোক সৰু ল'ৰা এটাৰ ভিডিঅ' দেখুওৱালে। তেওঁ মোৰ ন...
05/06/2023

"ভগৱান নহওঁ, কষ্ট কৰিহে আজি জুবিন গাৰ্গ হৈছোঁ- জুবিন গাৰ্গ

কোনোবাই কোনোবাই মোক সৰু ল'ৰা এটাৰ ভিডিঅ' দেখুওৱালে। তেওঁ মোৰ নিচিনাকৈ কথা কয়, মোৰ নিচিনা কাপোৰ পিন্ধে, মোৰ নিচিনাকৈ খোজ কাঢ়ে৷ মই প্ৰথমতে তেওঁ মিমিক্ৰী কৰা বুলি ভাবিছিলোঁ। বহুতে মোৰ মিমিক্ৰী কৰে, সেইবোৰ চাই ভাল লাগে। মিমিক্রী এটা আর্ট ফর্ম। তাত পর্যবেক্ষণ থাকে, মাতৰ মড্যুলেশ্যনৰ কথা থাকে। কিন্তু এই ল'ৰাটোৱে মোৰ মিমিক্ৰী কৰা নাই। তেওঁ তেওঁৰ মূৰত মোক সুমুৱাই লৈছে, ছাইক'ল'জীত সুমুৱাই লৈছে৷ তেওঁৰ ভিডিঅ'টোত তেওঁ কৈছে যে তেওঁৰ স্কুলত মন নবহে, সকলো সময়তে তেওঁ মোৰ কথা ভাবি থাকে। তেতিয়া মোৰ দুখ লাগিল৷ তেওঁ সৰু ল'ৰা৷ এতিয়া পঢ়া-শুনা কৰিব লাগে৷ নিজৰ ওপৰত কষ্ট কৰিব লাগে৷ বেলেগ মানুহ এটাক, সি লাগিলে জুবিন গাৰ্গেই হওক বা যিয়েই নহওক, মূৰত সুমুৱাই ল'লে সি একো কৰিব নোৱাৰিব৷ এতিয়া ধেমালি যেন লাগি থাকোঁ তে দুদিন পাছত সি পাগল হৈ যাব। তেওঁ নিজে আচলতে কোন, কেনেকুৱা বুজি নোপোৱা হৈ যাব।

মিডিয়াবোৰ আচলতে এনেকুৱা কথাত সংবেদনশীল হ'ব লাগে, ছেন্‌জিটিভ হ'ব লাগে৷ তেওঁক এনেই মূৰৰ ওপৰত উঠাই কি লাভ হ'ব? তেওঁক বুজাবহে লাগে যে জুবিন গাৰ্গ জুবিন গাৰ্গেই আৰু সি সিয়েই। কাইলৈ এইবোৰ কৰি থাকি তাৰ যদি ৰিজাল্ট বেয়া হয়, যদি কাইলৈ ফ্রাস্ট্রেটেড হৈ যায়, তেতিয়া কিন্তু মিডিয়াই তেওঁক সহায় নকৰে৷ তেওঁ বুজা উচিত যে মিডিয়াই এৰাতিত যেনেকৈ উঠায়, তেনেকৈ নমায়ো দিয়ে। এইবোৰ ম‍ই ত্ৰিছ বছৰে দেখি আহিছোঁ। সেইকাৰণে কৈছোঁ। এইবোৰ কথা তেওঁক বুজাই দিয়াটো দৰকাৰ।

বহুত ল'ৰা-ছোৱালীয়ে মোক ভাল পায়। কিছুমানে মোক ভগৱান বুলি কয়। মই ভগৱান নহয়৷ মই কষ্ট কৰিছোঁ, কষ্ট কৰিহে আজিৰ জুবিন গাৰ্গ হৈছোঁ। তেওঁলোকে মোক ভাল পালে ভাল লাগে। মানুহৰ কাৰণেই মই কাম কৰি আহিছোঁ। কিন্তু ভালপোৱা, পাগলৰ দৰে ভালপোৱা আৰু পাগল হৈ যোৱাৰ মাজত পাৰ্থক্য আছে। নিজক পাহৰি, নিজৰ আইডেণ্টিটী পাহৰি কাকো ভাল পোৱা উচিত নহয়৷ সকলো ল'ৰা-ছোৱালী নিজৰ দৰে আগবাঢ়ক। নিজৰ নিজৰ ফিল্ডত কাম কৰক৷ ডাঙৰ হওক, ডাঙৰ কাম কৰক৷ তেওঁ লোকৰ বাবে মই সদায়েই আছোঁ।
বহুতক মই দেখিছোঁ মোৰ নামত ছ'চিয়েল মিডিয়াত কাজিয়া কৰে৷ মোক কোনোবাই কিবা ক'লে বেয়া বেয়া গালি পাৰে। বহু জ্যেষ্ঠ শিল্পীকো গালি পাৰিছে। এইবোৰ বেয়া কথা। মই কেতিয়াও সমালোচনাৰ উত্তৰ চুপতি মাৰি দিয়া নাই। যেতিয়া মোৰ ভুল হৈছে, মই ক্ষমা খুজিছোঁ। যেতিয়া মোৰ ভুল হোৱা নাই, যুদ্ধ কৰিছোঁ। আৰু নিজৰ কামেৰে উত্তৰ দিছোঁ। মোৰ অনুৰাগীসকলেও এইখিনি কথা বুজা উচিত। সকলো শিল্পীয়ে নিজৰ নিজৰ ঠাইত ভাল কাম কৰি আছে। সকলোকে সন্মান কৰিব লাগে৷
মোক যিসকলে ভাল পায়, তেওঁলোকে মানুহক সহায় কৰক। গছপুলি ৰোৱক। কিতাপ পঢ়ক৷ অসমীয়া চিনেমাৰ কাৰণে কাম কৰক৷ অসমৰ কাৰণে কাম কৰক ৷ তাতকৈয়ো ডাঙৰ কথা- নিজক নিজৰ দৰে গঢ়ক। বি বৰুৱা কলেজত ছেকেণ্ড ইয়েৰৰ পৰীক্ষা দি থাকোঁ তে পেপাৰখন ফালি মই ওলাই আহিছিলোঁ। মোৰ আত্মবিশ্বাস আছিল, কনফিডেন্স আছিল- যে গান গাই মই খাব পাৰিম৷ মই যিটো কৰিম বুলি ভাবিছোঁ, কৰিছোঁ। দুই কোটি টকাৰে চিনেমা বনাওতে মোক চবেই পাগল বুলি কৈছিল। কিন্তু মই কৰি দেখুৱালোঁ। মোৰ পৰা কিবা ল'ব বিচাৰিলে এই আত্মবিশ্বাসটো ল'বা। তোমালোক সকলো নিজৰ ধৰণে নিজৰ ওপৰত বিশ্বাস ৰাখি ডাঙৰ মানুহ হোৱা৷ মই লগত থাকিম।"

আমাৰ অসম কাকতত কন্ঠশিল্পী জুবিন গাৰ্গৰ এটা সুন্দৰ লেখা। এইয়াই জুবিন গাৰ্গ। লেখনিটোৰে বহু গুৰুত্বপূৰ্ণ কথা কৈ গ'ল তেওঁ। সংবাদ মাধ্যম, অনুৰাগী সকলোলৈকে এটা বিশেষ বাৰ্তা দিছে জুবিনে। জীৱনত আত্মবিশ্বাস কিমান গুৰুত্বপূৰ্ণ সেইটো বোজাই দিছে শিল্পীজনে। সেইখিনি উপলদ্ধি কৰা আৰু গ্ৰহণ কৰাটোহে আচল কথা।

এতিয়া আহো মোৰ মনৰ কথালৈ। মোৰ দৃষ্টিত আজিৰ সময়ত সংবাদ মাধ্যমৰ মাজত সংবেদনশীলতাৰ অভাৱ ঘটাটো একেবাৰে সঁচা কথা। বাতৰি এটাৰ পাৰ্শ্বক্ৰিয়া কি হ'ব পাৰে সেইয়া চিন্তা কৰাৰ প্ৰয়োজন বোধ নকৰে। টিআৰপিৰ প্ৰতিটো পইন্টৰ বাবে কেৱল মাত্ৰ প্ৰতিযোগিতা। ৰাতিৰ ভিতৰত হিৰ' বনাব পাৰে আৰু ৰাতিৰ ভিতৰতেই জিৰ' কৰি দিব পাৰে। জুবিনৰ দৰে সাইলাখ কথা কোৱা, চাল চলন কৰা ল'ৰাটোক আৰম্ভণিতেই অলপ পৰামৰ্শ উপদেশ দিয়াৰ প্ৰয়োজন আছিল। তেওঁক মিমিক্ৰীৰ দিশটোলৈ আগবঢ়াই নিয়াৰ প্ৰয়োজন আছিল। কেৱল জুবিন গাৰ্গেই নহয়, আনৰো মিমিক্ৰী কৰিব শিকিলেহেতেন। কাৰণ মিমিক্ৰী এক ক'লা। দুখ কষ্টৰে জীৱন নিৰ্বাহ কৰা সৰু ল'ৰাটোৰ ভৱিষ্যতটো উজ্জ্বল হ'লহেঁতেন।

৮৭ সংখ্যক ওপজা দিনটোত চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱক সশ্ৰদ্ধ প্ৰণাম। তেখেতবিহীন এইয়া প্ৰথমটো জন্মদিন। ডেৰ বছৰ পূৰ্বে জালু...
01/06/2023

৮৭ সংখ্যক ওপজা দিনটোত চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱক সশ্ৰদ্ধ প্ৰণাম। তেখেতবিহীন এইয়া প্ৰথমটো জন্মদিন। ডেৰ বছৰ পূৰ্বে জালুকবাৰী উৰণ সেঁতুৰ তলত উদীয়মান চিত্ৰশিল্পী Bhe Jal ৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই সুন্দৰ দেৱালচিত্ৰখন আজি নাই। জি-২০ৰ সৌন্দৰ্যবৰ্ধনৰ বাবে জিএমডিএৰ তৰফৰ পৰা চলিত বৰ্ষৰ আৰম্ভণিতেই মচি পেলোৱা হৈছিল দেৱালচিত্ৰখন। এই সংক্ৰান্তত বহু বাতৰি কৰা হ'ল যদিও কাৰোৰে গা নলৰিল। দুখৰ বিষয় যে অন্য এক স্থানত এনেকুৱা এখন দেৱালচিত্ৰ অংকন কৰিবলৈও তেওঁলোকৰ মনলৈ এবাৰো চিন্তা নাহিল।

(বিঃ দ্ৰঃ দেৱালচিত্ৰখন মচি পেলোৱাৰ মাত্ৰ কেইমুহূৰ্তমান আগত তোলা ফটো। সম্পূৰ্ণ দেৱালচিত্ৰখন আৰু অধিক সুন্দৰ আৰু আকৰ্ষণীয় আছিল)

28/09/2022

১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা এই ১৫ দিনীয়া টুৰ্নামেণ্টত সৰ্বমুঠ সাতটা দলে অংশগ্ৰহণ কৰিব।

↔️প্ৰসংগঃ GU-IDOL কেলেংকাৰী↔️গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তমৰ্মে কেলেংকাৰীৰ মূল অভিযুক্ত ড৹ কন্দৰ্প...
05/10/2021

↔️প্ৰসংগঃ GU-IDOL কেলেংকাৰী
↔️গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তমৰ্মে কেলেংকাৰীৰ মূল অভিযুক্ত ড৹ কন্দৰ্প দাসক বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণ

IDOL scam Main accused Dr Kandarpa Das removed from Guwahati University প্ৰসংগ IDOL কেলেংকাৰিঃ মূল অভিযুক্ত ড৹ কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰ...

Address

Gauhati
781003

Website

Alerts

Be the first to know and let us send you an email when Rakibur Rohman posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rakibur Rohman:

Share

Category