Rupohi Assam

Rupohi Assam Rupohi Assam

সোণাৰি সমষ্টিৰ টিয়ক, টাওকাক আৰু দেওডুবি নদীৰ গৰাখহনীয়া-বান সমস্যা বিধানসভাত উত্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।।দীৰ্ঘদিন...
15/07/2026

সোণাৰি সমষ্টিৰ টিয়ক, টাওকাক আৰু দেওডুবি নদীৰ গৰাখহনীয়া-বান সমস্যা বিধানসভাত উত্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।।

দীৰ্ঘদিন ধৰি এই নদীসমূহৰ গৰাখহনীয়া আৰু শেহতীয়া বান পৰিস্থিতিৰ ফলত চুঙী, লুখুৰাখন, দোলাষৰীয়া, টকলিমৰা, পুৰণি জবকা, বুৰাগাঁও, সোণাৰি নগৰ, সেউজীপাম, শান্তিপুৰ আদি বহু অঞ্চলত কৃষিভূমি, বাসগৃহ, পশুধন, পথ-দলংকে ধৰি বিভিন্ন ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ব্যাপক ক্ষতি সাধন হোৱাত অঞ্চলবাসীয়ে বছৰ বছৰ ধৰি গভীৰ দুৰ্ভোগৰ সন্মুখীন হৈ আহিছে।

ভাল খবৰ
08/07/2026

ভাল খবৰ

07/07/2026

অসম বিধানসভাত শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ দাবী

বিধি ৩০১ৰ অধীনত বিষয় উত্থাপন সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

01/07/2026

চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা সেৱা কেতিয়া আৰম্ভ হ'ব। জনালে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে।



NHM Charaideo

চৰাইদেউ জিলাৰ যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণশুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্...
12/06/2026

চৰাইদেউ জিলাৰ যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ

শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু জিলা আয়ুক্ত ডাঃ নেহা যাদৱ

অ'এনজিচিয়ে ৬০০ যক্ষ্মা ৰোগীক প্ৰদান কৰিব পুষ্টিকৰ খাদ্য

Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ
NHM Charaideo

03/06/2026

সোণাৰিত UCC সন্দৰ্ভত সংবাদ মেল সম্বোধন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

সোণাৰি পৌৰসভাৰ পদেন সদস্য হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
02/06/2026

সোণাৰি পৌৰসভাৰ পদেন সদস্য হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

।। চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত পাটসাঁকো জুনিয়ৰ কলেজত 'বিশ্ব ধঁপাত মুক্ত দিৱস' উদযাপন; সমগ্ৰ জিলাজুৰি সজাগতা অ...
29/05/2026

।। চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত পাটসাঁকো জুনিয়ৰ কলেজত 'বিশ্ব ধঁপাত মুক্ত দিৱস' উদযাপন; সমগ্ৰ জিলাজুৰি সজাগতা অভিযানৰ আৰম্ভণি ।।
সোণাৰি, ২৯ মে: প্ৰতি বছৰে ৩১ মে'ত উদযাপন কৰা 'বিশ্ব ধঁপাত মুক্ত দিৱস'ৰ সৈতে সংগতি ৰাখি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি পাটসাঁকো জুনিয়ৰ কলেজত এক বিশেষ সজাগতা সভা আৰু নিচামুক্তিৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। চলিত বৰ্ষত এই দিৱসটো ‘Unmasking the appeal - countering ni****ne and to***co addiction’ (আকৰ্ষণৰ মুখা খোলক - নিকোটিন আৰু ধঁপাতৰ আসক্তি প্ৰতিহত কৰক) শীৰ্ষক বাৰ্তাৰে উদযাপন কৰা হৈছে, যাৰ মূল উদ্দেশ্য হৈছে যুৱ প্ৰজন্মক ধঁপাতৰ ক্ষতিকাৰক বিজ্ঞাপন তথা আসক্তিৰ পৰা আঁতৰাই ৰখা। এই সভাত ছাত্ৰ-ছাত্ৰীসকলক ধঁপাতমুক্ত কৰি গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
সভাত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি চৰাইদেউ জিলা চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়া (মনোৰোগ বিশেষজ্ঞ) ডাঃ চন্দন সিংহ দেউৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক আসক্তি (Addiction) আৰু ইয়াৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে বিতংভাৱে অৱগত কৰে। তেওঁ উল্লেখ কৰে যে ধঁপাত বা যিকোনো নিচাই মানুহৰ মানসিক স্বাস্থ্যৰ কেনেধৰণৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে। ইয়াৰ উপৰিও, নিচাগ্ৰস্ততাৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব পাৰি (How to de-addict) তাৰ ব্যৱহাৰিক উপায়সমূহ তেওঁ বুজাই দিয়ে। মানসিক চাপ বা নিচামুক্তিৰ পৰামৰ্শৰ বাবে চৰকাৰৰ ৰাষ্ট্ৰীয় টেলী-মানস (Tele-MANAS) সেৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ ইয়াৰ ২৪-ঘণ্টাই উপলব্ধ বিনামূলীয়া হেল্পলাইন নম্বৰ ১৪৪১৬ (14416) ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়।
উক্ত সজাগতা সভাত জিলা স্বাস্থ্য বিভাগৰ হৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মিডিয়া বিশেষজ্ঞ দীপজ্যোতি দত্ত, অসংক্ৰামক ৰোগ বিভাগৰ জিলা কাৰ্যসূচী সমন্বয়ক প্ৰত্যুষ ফুকন, মানসিক স্বাস্থ্য সামাজিক কৰ্মী চিন্ময় গগৈ,পাটসাঁকো জুনিয়ৰ কলেজৰ অধ্যক্ষ মনোজ ফুকনৰ লগতে পাতসাকু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড কাৰ্যসূচী প্ৰবন্ধক মাধুৰ্য গগৈ আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে।
উল্লেখ্য যে, এই বিশেষ দিৱসটোৰ সৈতে সংগতি ৰাখি পৰৱৰ্তী সময়ত জিলাখনৰ সকলো চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসালয়ত ধঁপাত বিৰোধী সজাগতা সভা আৰু ধঁপাত বৰ্জনৰ বাবে সমূহীয়া শপত গ্ৰহণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ধৰ্মেশ্বৰ কোঁৱৰদেৱলৈ সোণাৰি আঞ্চলিক পঞ্চায়তৰ তৰফৰপৰা অভিনন্দন
18/05/2026

দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ধৰ্মেশ্বৰ কোঁৱৰদেৱলৈ সোণাৰি আঞ্চলিক পঞ্চায়তৰ তৰফৰপৰা অভিনন্দন

06/05/2026

Address

Gauhati
781005

Website

Alerts

Be the first to know and let us send you an email when Rupohi Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share