Newz 24x7

Newz 24x7 সত্যৰ সন্ধানত

16/05/2026

গোৰেশ্বৰৰ অংকুৰণ শিশু নিকেতনৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা ।
গুণগত শিক্ষা প্ৰদানেৰে শৈক্ষিক মান উন্নত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা গোৰেশ্বৰৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান অংকুৰণ শিশু নিকেতনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্দ্ধনা জনোৱা হয়।

15/05/2026

গোৰেশ্বৰৰ বৰফুকনখাতত ২৩ষংখ্যক বহাগী উৎসৱৰ সামৰণি।

বৰফুকনখাত নামঘৰ প্ৰাংগণত ১৩ আৰ১৪মেথ দুদিনীয়াকৈ অনুষ্ঠিত বহাগী উৎসৱৰ অন্তিম দিনা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ শুভ উদ্বোধন কৰে নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে।

10/05/2026

পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱা শিল্পী নিশামণি হালৈৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

গোৰেশ্বৰৰ নাওকাটা নিজঝাৰগাৱত ৰাইজৰ সহযোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয় দিনযোৰা কাৰ্যসূচীৰে।
বিহুৱতী , নাগাৰা নামৰ পাঠিকাৰ লগতে বিভিন্ন প্ৰতিভাৰ অধিকাৰী আছিল নিশামণি হালৈ।
শিল্পী গৰাকীৰ স্মৃতি জীয়াই ৰখাৰ বাবে, নিশামণি হালৈৰ ঘৰলৈ যোৱা পথটো পকীকৰণ কৰাৰ বাবেও আধাৰশিলা স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে।

02/05/2026

ভয়ংকৰ দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে গোৰেশ্বৰ ভোগপুৰৰ মজনুৰ আলী।
মজনুৰ আলী UPPL দলৰ বালাবাড়ী ভিচিডিচিৰ প্ৰাক্তন Vice Chairman।
উল্লেখ্য যে শুক্ৰবাৰে গোৰেশ্বৰৰ বটিয়ামাৰীত এক ভয়ংকৰ দূৰ্ঘটনাত পতিত হৈছিল মজনুৰ আলী।

29/04/2026

গোৰেশ্বৰত ৯৪ শতাংশ নম্বৰেৰে উজলিল মৃন্ময় ডেকা।

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল চিগমা প‌ইন্টৰ ছাত্ৰ, গোৰেশ্বৰ আউৰীয়া পাৰাৰ মৃন্ময় ডেকা।

28/04/2026

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত এশ শতাংশ হাৰেৰে উজলিল আদৰ্শ জাতীয় বিদ্যালয় বিহদিয়া।

27/04/2026

গোৰেশ্বৰ মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়াকলৈ তামুলপুৰ জিলাৰ আয়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰদান গোৰেশ্বৰৰ বিভিন্ন দল সংগঠনৰ।
স্মাৰক পত্ৰত প্ৰদান কৰে গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে।

25/04/2026

CBSC ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত গোৰেশ্বৰৰ ৰাণা পাব্লিক স্কুলৰ সাফল্য।
১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে উজলিল ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন।

12/04/2026

গোৰেশ্বৰৰ ২নং ৰোঔমাৰি গাঁৱত সংঘটিত আক্ৰমণৰ ঘটনাকলৈ গোৰেশ্বৰত এবিএমছু আৰু সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ যৌথ সংবাদ মেল ।

Address

Goreswar
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Newz 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share