The Link

The Link ইউটিউব
www.youtube.com/

হোৱাটছএপ
https://whatsapp.com/channel/0029Va9nUMy7z4kozlweWt2l

06/10/2025

🔺 কলাৰ দেৱীৰ বৰপুত্ৰৰ গীতৰ অনুষ্ঠান

06/10/2025

তেলুগু ভাষাত জুবিনৰ মায়াবিনী

05/10/2025

🔺 ১৯৯১ চনত অনামিকা এলবামৰ পূৰ্বে জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ হোৱা প্ৰথমটো গীত। সহশিল্পী আছিল লীনা সোণোৱাল৷

🔺 গীতটো আছিল- তুমি জানো পাৰিবা সোণ...

কৈ কৈ ওৰকে নপৰে শ্যামকানুৰ কথাৰজত কমল বিজয়ী চিনেমা প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ সকীয়নি যদি আমি শুনিলোঁহেঁতেন তেন্তে জুবিনৰ ...
05/10/2025

কৈ কৈ ওৰকে নপৰে শ্যামকানুৰ কথা

ৰজত কমল বিজয়ী চিনেমা প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ সকীয়নি যদি আমি শুনিলোঁহেঁতেন তেন্তে জুবিনৰ অপঘাত মৃত্যু ৰোধ কৰাটো সম্ভৱ আছিল৷ অসমবাসীৰ চকুত বৰ্তমান খলনায়ক হৈ পৰা শ্যামকানু মহন্তৰ প্ৰকৃত স্বৰূপ লুইত বৰ্মনে এবছৰ পূৰ্বেই ফাদিল কৰিছিল৷ শ্যামকানু মহন্তৰ নৰ্থ-ইষ্ট ফেষ্ট, ৰঙালী, ভোগালী আদিয়ে যে অসমৰ ক্ষতি কৰিছে সেইটো লুইত বৰ্মনে উলিয়াই দিছিল৷
লুইত বৰ্মনে কৰা ব্যাখ্যা অনুসৰি এটা প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পৰ বাবে সাপ হৈ খুঁটি বেজ হৈ জাৰিছিল শ্যামকানুৱে৷ ২০০৯ চনত অসম শক্তি প্ৰকল্প উন্নয়ন প্ৰতিষ্ঠান অৰ্থাৎ APDCLয়ে ৰাজ্যত এটা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বিবেচনা কৰিছিল৷ সেইমতে শোণিতপুৰ জিলাৰ বৰদিকৰাইক বাছনি কৰা হ’ল৷ যাৱতীয় নিয়ম অনুসৰি জৰীপৰ পিছত DPR হ’ল৷ নিবিদা আহ্বান কৰি APDCLয়ে কামৰ ঠিকা দিলে NECCON Pvt Ltdক৷ ২০০৯ চনৰ ২৩ মাৰ্চক প্ৰতিষ্ঠানটোৰ কামৰ দায়িত্ব দিয়া হ’ল৷
অসম চৰকাৰৰ লগত NECCONৰ চুক্তি হ’ল ২০১০ টনৰ ১৮ মে’ত৷ সেইমতে ভূমি অধিগ্ৰহণৰ কাম কৰা হ’ল৷ জলসিঞ্চন বিভাগৰ সৈতে প্ৰতিষ্ঠানটোৱে সেই বছৰৰে ১৭ জুলাইত চুক্তি সম্পাদিত কৰিলে৷ সেইমতে নিকনৰ অধীনস্থ BIPLয়ে ২০১০ চনৰ ৫ ডিচেম্বৰৰ পৰা বান্ধৰ কাম আৰম্ভ কৰিলে৷ কিন্তু আশ্বৰ্যকৰভাৱে কোটিটকীয়া প্ৰকল্পটো ২০১৩ চনৰ জুলাইত পূব শোণিপুৰ বন সংমণ্ডলে বন্ধ কৰি দিলে৷
কাৰণটো হৈছে- বন সংৰক্ষণ আইন ১৯৮০ৰ অধীনত প্ৰকল্পটো নিৰ্মাণ অবৈধ৷ তদুপৰি অভিযোগ অনুসৰি এই প্ৰকল্পৰ বাবে সেই আইন উলংঘা কৰা হৈছিল৷ সেইখিনিলৈ একো বিশেষ ভাবিবলগীয়া নাই৷ কিন্তু ২০১৫ চনৰ ৬ জুনত শক্তি বিভাগেও প্ৰকল্পটো বন্ধ কৰি দিলে৷ কাৰণ হিচাপে নিয়ম ভংগৰ কথা কোৱা হ’ল৷
NECCONয়ে স্বাভাৱিকতে তেতিয়া উচ্চ ন্যায়ালয়ত গোচৰ তৰি ক্ষতিপূৰণ বিচাৰিলে৷ উচ্চ ন্যায়ালয়ে IIT Roorkeeক NECCONৰ ক্ষতিপূৰণৰ বিষয়ে ধাৰ্য কৰাৰ দায়িত্ব দিলে৷ জৰীপ চলাই IITয়ে ক্ষতিপূৰণৰ পৰিমাণ ৯৯.৪ কোটি টকা বুলি ধাৰ্য কৰিলে৷ হাইক’ৰ্টে অসম চৰকাৰক এই ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিলে৷
এতিয়া আৰম্ভ হ’ল মূল খেলখন৷ প্ৰযোজক লুইত বৰ্মনে প্ৰমাণসহ প্ৰকাশ কৰা অনুসৰি APPDCLৰ CEO আছিল অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে ফেষ্টিভেল পাতি থকা শ্যামকানু মহন্ত। তেওঁ আগতীয়া জৰীপ অবিহনে বৰদিকৰাইত বান্ধ সাজিবলৈ সিদ্ধান্ত লৈছিল৷
আশ্বৰ্যকৰভাৱে উচ্চ ন্যায়ালয়ে যেতিয়া NECCONক ১০০ কোটিৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিলে, ততিয়া NECCONৰ নতুন সঞ্চালক হৈছিল শ্যামকানু মহন্ত। ১০ এপ্ৰিল ২০১৮ ৰ পৰা ৫ জুলাই ২০২১ লৈ এই কাণ্ডটো চলি আছিল৷ অৰ্থাৎ শ্যামকানু সাপ হৈ খুঁটি বেজ হৈ জাৰিলে৷
অভিযোগ অনুসৰি মতে DPR বনোৱাৰ নামত বা survey ৰ নামত বহু কোটি টকাৰ খৰচো হৈছিল। মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত এই জালিয়াতিৰ তদন্তৰ দায়িত্ব CBIক প্ৰদান কৰিছে৷ কিন্তু সমস্ত ঘটনাৰ আঁৰত যে শ্যামকানু মহন্তই আছিল সেইটো লুইত বৰ্মনে তথ্যসহ উপস্থাপন কৰিছে৷

05/10/2025

ন’ ভায়’লেন্স প্লীজ…

প্ৰিয় দৰ্শক, আমি মনত ৰাখিব লাগিব – এই অসম আমাৰ জন্মভূমি, যুদ্ধক্ষেত্ৰ নহয়।
গণতন্ত্ৰত পুলিচে হিংসাত্মক প্ৰতিবাদ কৰা প্ৰতিবাদীক প্ৰত্যাক্ৰমণ কৰিবই৷ কিন্তু আমি এখন মুক্ত ৰাষ্ট্ৰত বাস কৰোঁ য’ত সংবিধানে আমাক শান্তিপূৰ্ণভাৱে কথা কোৱা আৰু গোট খোৱাৰ অধিকাৰ দিছে।
আমি সকলোকে অনুৰোধ জনাইছোঁ– আহক আমি শান্ত হৈ থাকোঁ। হিংসাই অসমৰ মাটি ৰাঙলী কৰিব, যাৰ মূল্য পৰিশোধ কৰিব নোৱাৰোঁ।
আমি কেৱল প্ৰতিবাদ কৰা নাই– আমি ন্যায়ৰ হকে থিয় দিছোঁ। এনে এজন শিল্পীৰ বাবে ন্যায় বিচাৰিছোঁ, যি আমাক মৰম কৰিছিল৷ অসম যেতিয়া নব্বৈৰ দশকত জ্বলি আছিল, তেতিয়া আমাক শান্তি আৰু মৰম কৰিবলৈ শিকাইছিল।
তেওঁ গান গাইছিল, কিন্তু তেওঁৰ পৰিচয় কেৱল গায়কেই নাছিল৷ তেওঁ অসমীয়া জাতিৰ বাবে আছিল মহৌষধ৷ তেওঁ আমাক একত্ৰিত কৰিছিল৷
এতিয়া তেওঁৰ বাৰ্তা আগবঢ়াই নিয়াটোৱেই আমাৰ কৰ্তব্য – ন্যায়ৰ বাবে সংগ্ৰাম কৰিমেই, কিন্তু শান্তিৰে। অসমৰ কণ্ঠ সকলোৱে শুনিব লাগিব৷ কিন্তু সেয়া যেন ঐক্যৰেহে সম্ভৱ, হিংসাৰে নহয়।
আপোনালোকে মনত ৰাখিব- অপশক্তিয়ে হিংসালৈ অপেক্ষা কৰি আছে৷ অসমক ভালপোৱা সকলোকে আইনৰ জালত বন্দী কৰিবলৈ এটা শক্তিয়ে সুযোগৰ সন্ধান কৰি আছে৷
জুবিনদা কেৱল এটা কণ্ঠস্বৰ নহয়, তেওঁ হৈছে প্ৰেৰণাস্ৰোত। তেওঁৰ শব্দই আমাক নিৰ্ভীক হ'বলৈ আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ শিকাছিল। চে গুৱেভাৰাৰ দৰেই তেওঁ কৈছিল- যদি প্ৰতিটো অন্যায়ৰ বাবে তোমাৰ সৰ্বশৰীৰ কঁপি উঠে, তেন্তে তুমি মোৰ সহযাত্ৰী।
লগতে আৰক্ষীক শান্তিৰে কাম কৰিবলৈ দিয়ক, আৰক্ষীয়েও তদন্তৰ বিষয়ে উৰাবাতৰি ওলোৱাত বাধা দিয়ক।
শেষত আকৌ কও- ন’ ভায়’লেন্স প্লীজ…

21/09/2025

🔺 ছি... সাগৰ তোলৈ আমাৰ ঘিণ লাগিছে

🔺 দেৱকান্ত বৰুৱাই সাগৰ দেখিছানে বুলি অসমীয়াক প্ৰশ্ন কৰিছিল৷ তেতিয়াৰ পৰা অসমৰ মানুহৰ সাগৰৰ সৈতে গঢ় লৈ উঠিছিল ঘনিষ্ঠ সম্পৰ্ক৷ কিন্তু অসমত নাথাকিলেও অসমীয়াই ভাল পোৱা সাগৰখনেই বেইমানি কৰিলে৷ এতিয়াৰ পৰা কোনো অসমীয়াই সাগৰক আৰু ভাল পাব নোৱাৰিব৷ অসমীয়াই লাগিলে শ্মশানকে ভাল পাব, কিন্তু সাগৰৰ প্ৰতি অসমীয়াৰ ঘৃণা জন্মিছে৷
যি সাগৰে অসমীয়াৰ শিৰৰ মুক্তা জুবিন গাৰ্গক কাঢ়ি লৈ গ’ল সেই সলিল নীলিম জলৰাশিৰ প্ৰতি আমাৰ ঘৃণা জন্মিছে৷ জুবিন গাৰ্গে ক’লে বুলিয়েই অটল তলীলৈ তেওঁক কাঢ়ি নিলে নিৰ্দয় সাগৰে৷ যিজন মানুহ বুঢ়া লুইতৰ আজন্ম চিনাকি তেওঁক অসমীয়াৰ বুকুৰ পৰা নিষ্ঠুৰ সাগৰে অপহৰণ কৰিলে৷ অচিনাকী হ’লেও সাগৰে এবাৰো জুবিনক ক্ষমা নকৰিলে৷
ছি, তোলৈ ঘিণ লাগিছে সাগৰ!
১৯ ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোৰ পৰাই সমুদ্ৰ অসমৰ বাবে ঘৃণাৰ বিষয় হৈ পৰিল৷ আচৰিতভাৱে সেই দিনটোৰ সৈতে জুবিনৰ এটা কাকতালীয় সংযোগ আছে৷ যি ১৯ ছেপ্টেম্বৰত জুবিনে বিদায় মাগিলে সেই একেটা দিনতে তেওঁ নৱজীৱনৰ ঘোষণা কৰিছিল৷ ২০১৭ চনৰ ১৯ ছেপ্টেম্বৰত এটা ফে’চবুক পোষ্ট দিছিল জুবিনে৷
অসুস্থতাৰ পিছত নিজকে সুস্থ বুলি সেই পোষ্টটোতে জুবিনে কৰিছিল ঘোষণা৷ তেওঁ ৰাইজক জনাইছিল- চিন্তা নকৰিব, মই আকৌ আহি আছোঁ৷ কিন্তু তাৰ ৮ বছৰৰ পিছত একেটা দিনতে সাগৰে জুবিনক গড্ডাৰী কৰিলে৷
জুবিনে স্বভাৱজাতভাৱে সাগৰকো বিশ্বাস কৰিছিল, কিন্তু নিষ্ঠুৰ সাগৰে বেইমানি কৰিলে৷ সাগৰে বুজি নাপালে জুবিনৰ অভিমান৷ 🔺

21/09/2025

🔺 আমি তোমাক নাপাহৰোঁ, তুমিও আমাক পাহৰি নাযাবা দেই...

21/09/2025

আহা চোৱা পৃথিৱী, জুবিন গাৰ্গক অসমে কিমান ভাল পায়...

21/09/2025
20/09/2025

🔺 জীৱন শেষ হ’ব পাৰে, জুবিন কিন্তু থাকি যাব...

এনেকৈ আহিছে জুবিন গাৰ্গগুৱাহাটী বিমান বন্দৰত অনুৰাগীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা
20/09/2025

এনেকৈ আহিছে জুবিন গাৰ্গ

গুৱাহাটী বিমান বন্দৰত অনুৰাগীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা

Address

Gauhati
784029

Alerts

Be the first to know and let us send you an email when The Link posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Homen Borgohain / হোমেন বৰগোহাঞি

কৃতবিদ্য কথা সাহিত্যক হোমেন বৰগোহাঞিৰ সাম্প্ৰতিক কাৰ্যাৱলী আৰু কৰ্মৰাজীৰ ভাৰ্ছুৱেল প্ৰচাৰ হৈছে এই পেইজৰ উদ্দেশ্য। এই পেইজ হোমেন বৰগোহাঞিৰ অফিচিয়েল অথবা আনুষ্ঠানিক নহয়, বৰঞ্চ তেওঁৰ এদল অনুৰাগীৰ দ্বাৰাহে পৰিচালিত।