The Link

The Link ইউটিউব
www.youtube.com/

হোৱাটছএপ
https://whatsapp.com/channel/0029Va9nUMy7z4kozlweWt2l

📌 গৌৰৱে কথাই নাপাতে-ব্ৰেকফাষ্ট কৰোতেই ১০ বাজেগৌৰৱ গগৈ পুৱা দেৰীকৈ শোৱাৰ পৰা উঠে৷ তেওঁ ব্ৰেকফাষ্ট কৰাৰ আগতে কাকো লগ নধৰ...
08/06/2026

📌 গৌৰৱে কথাই নাপাতে-ব্ৰেকফাষ্ট কৰোতেই ১০ বাজে

গৌৰৱ গগৈ পুৱা দেৰীকৈ শোৱাৰ পৰা উঠে৷ তেওঁ ব্ৰেকফাষ্ট কৰাৰ আগতে কাকো লগ নধৰে৷ ভিজিটৰ ৰৈ থাকিলেও গৌৰৱ গগৈয়ে কথা নাপাতে৷ ব্ৰেড-বাটাৰ আৰু ট’ষ্টেৰে ব্ৰেকফাষ্ট কৰি গৌৰৱ ড্ৰয়িং ৰূমত কিছুসময় বহে৷ তেতিয়ালৈ গৌৰৱ গগৈৰ ভিজিটৰৰ সৈতে কথা পাতিবলৈ বেছি সময় নাথাকে৷ মেল-মিটিঙৰ বাবে তেওঁ ওলাই যাবলৈ সময় হয়৷ মাজে মাজে নমস্কাৰ, হেণ্ডছেক কৰি সমৰ্থকৰ সৈতে মিটিঙত গৌৰৱে কথা পাতে৷ কিন্তু জনসম্পৰ্ক ৰক্ষা কৰি বেছিসময় কথা পাতিবলৈ গৌৰৱে অশান্তি পায়৷
পকেটত থকা ফোনটো মাজে মাজে গৌৰৱ গগৈয়ে উলিয়াই চায়৷ কিন্তু মিছড কল থাকিলেও তেওঁ কলবেক কৰাৰ উদাহৰণ নাই৷ মেছেজৰ ৰিপ্লাই দিয়াৰ প্ৰয়োজনবোধ গৌৰৱে নকৰে৷ মুঠতে গৌৰৱে কাকো পাত্তাই নিদিয়ে৷ তেওঁৰ অসমীয়া পেপাৰ পঢ়াৰো সময় নাই৷ কেতিয়াও বাতৰি নাচায়৷ গৌৰৱৰ মনটো দিল্লীত থাকে৷ কিবা ক’বলগীয়া থাকিলে একেবাৰে ঘনিষ্ঠ দুজন নেতাই তেওঁক কয়৷ মন গ’লে গৌৰৱ গগৈয়ে তেওঁলোকৰ কথা শুনে৷ প্ৰায়ে নুশুনে৷ গুৱাহাটীৰ লখৰাত নিজে পাতি লোৱা দলীয় কাৰ্যালয়ত গৌৰৱ বেছি সময় থাকে৷ তেওঁ প্ৰায়ে ABCৰ ৰাজীৱ ভৱনলৈ যোৱাৰ ইচ্ছা নকৰে৷
গৌৰৱ গগৈৰ এই অমনোযোগিতাৰ সুবিধা লয় তেওঁৰ বিশ্বাসী পালিনেতাই৷ যোৰহাট বিধানসভা সমষ্টিৰ নিজা বুথতে গৌৰৱ পৰাজিত হোৱাৰ এইটোৱেই মূল কাৰণ৷ আচলতে গৌৰৱৰ সৈতে সমষ্টিৰ ভোটাৰৰ ডাইৰেক্ট কানেকশ্যন নাই৷ তাৰে সুযোগ লৈ তেওঁক পালিনেতাই বিভ্ৰান্ত কৰে৷ ৯৩ নম্বৰ ৱাৰ্ডৰ ১০ নং বুথতো গৌৰৱৰ কেবাজনো ঘনিষ্ঠ পালিনেতা আছিল৷ তেওঁলোকে গৌৰৱেই ৱাৰ্ডটোৰ সকলো ভোট পাব বুলি গেৰাণ্টী দি থৈছিল৷ সেইসকলৰ কথা বিশ্বাস কৰি গৌৰৱ গগৈয়ে নিজে প্ৰচাৰ চলোৱাৰ প্ৰয়োজনেই অনুভৱ নকৰিলে৷ তাৰ ফলতে গৌৰৱ গগৈ পিতৃভিঠাতে বৰ বেয়াকৈ পৰাজিত হ’বলগীয়া হ’ল৷
গৌৰৱ গগৈ ৰাজনৈতিক কেৰিয়াৰত এবাৰো হাৰিয়েই পোৱা নাছিল৷ প্ৰতিটো নিৰ্বাচনতে জয়ী হোৱা গৌৰৱক এইবাৰো জিকিবই বুলি সেই পালিনেতাসকলেই আশ্বস্ত কৰি আছিল৷ আচলতে চাতুকাৰৰ আবেষ্টনীত অসহায় হৈ পৰিছিল গৌৰৱ গগৈ৷ তেওঁলোকৰ মাজত থাকি গৌৰৱে প্ৰকৃত পৰিস্থিতিৰ উমান নাপালে৷ ফলাফলত যেতিয়া তেওঁ ভবাতকৈ কথাবোৰ ওলোটা হ’ল তেতিয়াহে গৌৰৱে বুজি পালে প্ৰকৃত পৰিস্থিতি৷ কিন্তু তেতিয়ালৈ বহু দেৰী হৈ গৈছিল৷ গৌৰৱ গগৈয়ে এতিয়াও অসমৰ ৰাজনীতিৰ ভিতৰুৱা কঠিনতা বুজি পোৱা নাই৷ সেয়ে তেওঁ ২০৩১ত আকৌ এবা চেষ্টা কৰিব পাৰিম বুলি বিশ্বাসী হৈ আছে৷
কিন্তু এইটো গতিৰে ৰাজনীতি কৰিলে গৌৰৱ গগৈয়ে অহা ২০ বছৰৰ পিছতো একো কৰিব নোৱাৰিব৷ আনকি সঁচাকৈ ক’বলৈ গ’লে জনসম্পৰ্ক ইমান বেয়া হ’লে যোৰহাট লোকসভাত গৌৰৱ হৈ পৰিব বিধ্বস্ত৷ সমষ্টিটোত বৰ্তমান পৱিত্ৰ মাৰ্ঘেৰিটাই আগ্ৰাসী প্ৰচাৰ চলাই আছে৷ তোলনী বিয়াৰ পৰা আদ্যশ্ৰাদ্ধলৈ সৰ্বত্ৰ উপস্থিত হৈছে মাৰ্ঘেৰিটা৷ ক’ৰবালৈ যাব নোৱাৰিলেও ফোন কৰি তেওঁ জনাই দিছে৷ কিন্তু গৌৰল গগৈ যেন উদাসীন ভকতৰ নিচিনা৷ তেওঁ কাকো ভালদৰে মাতবোল নকৰে৷ ৰাজনীতি নহয় যেন চাকৰিহে কৰিছে তেনেকৈ থাকে গৌৰৱ৷ সেয়ে তেওঁক অহংকাৰী বুলি ভাবি এৰাই চলিবলৈ ধৰিছে ভোটাৰে৷

📌 নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব লাগিব কেশৱ মহন্তএইবাৰ কেশৱ মহন্তক দিল্লীলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনাকলিয়াবৰ সমষ্টি অগপৰ ...
07/06/2026

📌 নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব লাগিব কেশৱ মহন্ত

এইবাৰ কেশৱ মহন্তক দিল্লীলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা
কলিয়াবৰ সমষ্টি অগপৰ পৰা কাঢ়ি লোৱাৰ বুদ্ধি বিজেপিৰ
নগাঁও লোকসভাৰ সমাগত উপ-নিৰ্বাচনত কোন হ’ব বিজেপিৰ প্ৰাৰ্থী? মুছলমান ভোটাৰৰ আধিপত্য থকা নগাঁৱত বিজেপিৰ কেবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে৷ তথাপি সমষ্টিটো অগপক চমজাই দিবলৈহে বিজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ নগাঁৱৰ পৰা অগপ নেতাক দিল্লীলৈ প্ৰেৰণ কৰি অনাগত সময়ত মন্ত্ৰীসভাত দলটোৰ মাত্ৰ এজন সদস্য ৰাখিবলৈ ওলাইছে বিজেপি৷ খবৰ অনুসৰি কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই হ’ব নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী৷ তেওঁক লোকসভালৈ প্ৰেৰণ কৰিব পাৰিলে কলিয়াবৰ বিজেপিয়ে পাব৷
ড: হিমন্ত বিশ্ব শৰ্মাৰ ক্ষুদ্ৰ মন্ত্ৰীসভাত প্ৰথমে অগপৰ একমাত্ৰ অতুল বৰাকহে অন্তৰ্ভুক্ত কৰা হৈছিল৷ ইয়াৰ জৰিয়তে কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তক ৰাজ্যিক ৰাজনীতিৰ পৰা বিদায় দিয়াৰ উমান দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ পিছলৈ অৱশ্যে কেশৱ মহন্তৰো স্থানপ্ৰাপ্তি ঘটিল৷ অগপৰো কাৰ্যকৰী সভাপতি কেশৱ মহন্তক বাজপেয়ী ভৱনে নগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইতিমধ্যে প্ৰস্তাৱ প্ৰদান কৰিছে৷ কিন্তু নগাঁৱত উঠিবলৈ কেশৱ মহন্ত বিশেষ আগ্ৰহী নহয়৷
তেওঁ সদ্যহতে ৰাজ্যৰ ৰাজনীতিৰ পৰা ওলাই দিল্লীলৈ যোৱাৰ বাবে অনিচ্ছুক৷ কিন্তু মিত্ৰদলে হেঁচা প্ৰদান কৰিলে কলিয়াবৰ এৰি দিয়াৰ বাদে তেওঁৰ আন একো উপায়েই নাথাকিব৷ তেতিয়া কলিয়াবৰত বিজেপিয়ে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সুযোগ লাভ কৰিব৷ তেনে পৰিস্থিতিত এইটো সমষ্টিও চিৰদিনৰ বাবে হেৰুৱাই পেলাব অগপই৷ তথাপি এটা বুদ্ধি কৰি চাইছে কেশৱ মহন্তই৷ তেওঁ নগাঁও লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিলে কলিয়াবৰত ভাতৃ মণিমাধৱ মহন্তক প্ৰাৰ্থিত্ব দিয়াৰ চৰ্ত আৰোপ কৰিছে কেশৱে৷
বিজেপিয়ে এই চৰ্ততো বৰ্তমানপৰ্যন্ত মানি লোৱা নাই৷ অৱশ্যে কেশৱ মহন্তক দিল্লীলৈ প্ৰেৰণৰ বাবে কলিয়াবৰত মণিমাধৱ মহন্তক অগপৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ বিজেপি সন্মতও হ’ব পাৰে৷ কাৰণ মণিমাধৱ মহন্তই নৱাগত বিধায়ক হিচাপে মন্ত্ৰিত্ব দাবী কৰিব নোৱাৰিব৷ তেতিয়া মন্ত্ৰীসভাত অগপৰ কেৱল এজন মন্ত্ৰীয়েই থাকিব৷ বাকীসকলক কনিষ্ঠ হিচাপে মন্ত্ৰিত্ব দিয়াৰ দৰকাৰেই নাথাকিব৷
অৱশ্যে কলিয়াবৰ এৰি নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন খেলিলেই যে কেশৱ মহন্ত জিকিব তেনেকুৱাও নহয়৷ বৰ্তমান নগাওঁ লোকসভা সমষ্টি হৈছে NDA মিত্ৰজোঁটৰ বাবে জটিল৷ ৰাজেন গোহাঁয়ে চাৰিবাৰকৈ প্ৰতিনিধিত্ব কৰা সমষ্টিটোত মিঞা ভোটাৰেহে ফলাফল নিৰ্ধাৰণ কৰে৷ বিজেপিৰ মিত্ৰদল হিচাপে অগপৰ প্ৰাৰ্থীয়েও সংখ্যাগৰিষ্ঠ মুছলমান ভোটাৰৰ সমৰ্থন স্বাভাৱিকতে আদায় কৰিব নোৱাৰিব৷ তথাপি এঘড়ী যুঁজি চাবলৈ মুখ্যমন্ত্ৰীয়ে কঁকালত টঙালি বান্ধিছে৷ যোৱাবাৰ NDAৰ প্ৰাৰ্থী সুৰেশ বৰাই প্ৰদ্যুৎ বৰদলৈক ভাগৰুৱা কৰি দিছিল৷ এইবাৰ মিঞা ভোটাৰক প্ৰলোভন দি ভোট পাবলৈ বিজেপিয়ে কৰিব যত্ন৷

06/06/2026

পৰীক্ষাৰ দিনটোতে মৰাণ-মটকৰ বন্ধ

মৰাণ ছাত্ৰ সন্থাই নামটো সলাই লওক
ছাত্ৰ সন্থাৰ সলনি নেতা সন্থা কৰি লওক নামটো
আমি ইমান উষ্মাৰে এই দাবী জনোৱাৰ কাৰণ আছে৷ কেৱল মৰাণ ছাত্ৰ সন্থায়েই নহয়, মটক-যুৱ-ছাত্ৰ পৰিষদেও নামটো সলনি কৰক৷ দুয়োটা সংগঠনে উজনি অসমৰ দুখন জিলা বন্ধ ঘোষণা কৰিছে৷ মন্ত্ৰীসভাত মৰাণ-মটক প্ৰতিনিধি অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰতিবাদত তেওঁলোকে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বন্ধ দিছে৷
এই বন্ধৰ ন্যাৰ্যতা বিচাৰ কৰিবলৈ আমাৰ অধিকাৰ বাৰু নাই৷ কিন্তু কথাটো হৈছে- ছাত্ৰ সংগঠন দুটাই বন্ধ ঘোষণা কৰাৰ দিনটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছে স্নাতকোত্তৰ মহলাৰ পৰীক্ষা৷ উজনি অসমৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পৰীক্ষা চলি থকা সময়ত মৰাণ আৰু মটক সংগঠনে দুখন জিলা বন্ধ ঘোষণা কৰি দিছে৷
এটা ৰাজনৈতিক কাৰণত তেওঁলোকে বাৰু বন্ধ দিলে৷ তাৰ ফলত কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীয়ে জীয়াতু ভুগিবলগীয়া হ’ল৷ তিনিচুকীয়াৰ ভিন্নপ্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে ঘৰৰ পৰা অহা-যোৱা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে৷ তেওঁলোকে ঘৰৰ পৰা আহি পৰীক্ষা দিবলৈ সাজু হৈছিল৷ কিন্তু ছাত্ৰ নামধাৰী নেতাৰ সংগঠনে পৰীক্ষাৰ দিনটোতে দি দিলে বন্ধ৷
এই অক্ষমণীয় ভুলৰ বাবে মৰাণ আৰু মটক ছাত্ৰ সংগঠনৰ নেতাৰ সামান্যও অনুশোচনা নাই৷ তেওঁলোকে মন্ত্ৰীসভাত নিজ জনগোষ্ঠীৰ সদস্য অন্তৰ্ভুক্ত নোহোৱাৰ দাবীত বন্ধ দিলে, তাৰ ফলত নিজৰ ল’ৰা-ছোৱালীৰে যে আলৈ-আথানি হ’ল সেইটো ভাবিবলৈ তেওঁলোকৰ সময় নহ’ল৷ সেয়ে আমি আকৌ কৈছোঁ- দুয়োটা সংগঠনে পাৰিলে নামকেইটা সলনি কৰি লওক৷
তেওঁলোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ দিনটোতে বন্ধ ঘোষণা কৰি সাংঘাতিক অপৰাধ কৰিছে৷ ৰাজনৈতিক কাৰণত পৰীক্ষাৰ্থীক পণবন্দী কৰিবলৈ মৰাণ ছাত্ৰ সন্থা আৰু মটক যুৱ-ছাত্ৰ পৰিষদৰ একো অধিকাৰ নাছিল৷ তথাপি তেওঁলোকে শিক্ষাৰ্থীসকলক কষ্ট দিলে৷

📌 লখিমপুৰৰ মানুহে গা ধুবলৈ বাদেই দিলেনিৰ্বাচনৰ পিছত শপতগ্ৰহণো হৈ গ’ল, কিন্তু ইমানদিনে লখিমপুৰ চহৰত পানী এটোপা যোগান ধৰিব...
03/06/2026

📌 লখিমপুৰৰ মানুহে গা ধুবলৈ বাদেই দিলে

নিৰ্বাচনৰ পিছত শপতগ্ৰহণো হৈ গ’ল, কিন্তু ইমানদিনে লখিমপুৰ চহৰত পানী এটোপা যোগান ধৰিবলৈ কাৰো সাধ্য নহ’ল৷ ইমানবোৰ ধন-বিত খৰচ কৰি শপতগ্ৰহণৰ বাবে ৰাজকীয় অনুষ্ঠান আয়োজন কৰা হ’ল৷ কিন্তু কেইটামান পইচা ভাঙি লখিমপুৰৰ ৰাইজক প্ৰশাসনে সকাহ দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিলে৷ অসমতে বান হয় বুলি চিনি পোৱা লখিমপুৰত যোৱা এমাহে পানী কিনি খাবলগীয়া হৈছে গাঁৱৰ মানুহে৷
লখিমপুৰ চহৰত প্ৰায় দুমাহজুৰি পানী পাবলৈ নাই৷ চৰকাৰী জলযোগান ব্যৱস্থা বেয়া হৈ আছে৷ জলজীৱন মিশ্যনৰ নামত খৰচ কৰা পইচাবোৰে লখিমপুৰীয়াক সকাহ দিব পৰা নাই৷ লখিমপুৰৰ ভূ-গৰ্ভ শুকাই গৈছে৷ গ্ৰামাঞ্চলতে ২০০ ফুট ব’ৰিং কৰিলেও পানী ওলোৱা নাই৷ পৌৰ প্ৰশাসনে একো কৰিব নোৱাৰোঁ বুলি শেষত হাত দাঙি দিছে৷ এইবোৰ কথা আলোচনা কৰিবলৈ বৰমূৰীয়াৰ সময়েই নাই৷
নিৰ্বাচনী কামত প্ৰশাসন-তন্ত্ৰ তিনিমাহে ব্যস্ত হৈ থাকিল৷ গতিকে জলজীৱনৰ বিষয়ে চিন্তা কৰিবলৈ কাৰো সময় নোলাল৷ এতিয়া নিৰ্বাচন হৈ যোৱাৰ পিছত নতুন চৰকাৰকেন্দ্ৰিক ব্যস্ততাত প্ৰশাসনৰ বৰমূৰীয়াসকল ব্যস্ত হৈ পৰিব৷ গতিকে লখিমপুৰীয়াই টেংকাৰৰ পৰা পানী ক্ৰয় কৰিয়েই থাকিব লাগিব৷ চহৰবাসীয়ে বিগত সময়ত পৌৰসভাৰ জৰিয়তে পানীৰ সুবিধা পাইছিল৷ কিন্তু এমাহে সেই ব্যৱস্থা বন্ধ কৰি থোৱা হৈছে৷ তাৰ পৰিণতিত শুকাই খৰ্খৰীয়া মাৰিছে লখিমপুৰ৷ বানে ধোৱা জিলাত খোৱাপানীৰ অভাৱ হৈছে৷
চহৰ বাদেই দিয়ক, গ্ৰামাঞ্চলতো টেংকাৰৰ পৰা ৩০০ টকাত পানী ক্ৰয় কৰিবলগীয়া হৈছে লখিমপুৰৰ জনতাই৷ তেওঁলোকে পানী ক্ৰয় কৰিবলৈয়ো সমস্যাৰ সন্মুখীন হৈছে৷ কাৰণ বিগত সময়ত এনে অচলাৱস্থা হোৱা নাছিল বাবে লখিমপুৰত পানী যোগানৰ ব্যৱসায়ো বিশেষ সক্ৰিয় নহয়৷ সেয়ে আচম্বিতে সৃষ্টি হোৱা দুৰ্যোগৰ মোকাবিলা কৰিব পৰাকৈ কাৰো সাধ্য হোৱা নাই৷ টেংকাৰৰ অভাৱত প্ৰায়ে পানী যোগান বন্ধ কৰি থোৱা হৈছে৷ লখিমপুৰ চহৰৰ পুৰুষকুলে এদিন গা ধুই এসপ্তাহলৈ গা নোধোৱাকৈ থাকিবলগীয়া হৈছে৷
এই সমস্যাৰ সমাধান কৰিবলৈ প্ৰশাসন কিম্বা পৌৰসভাৰ বৰ্তমান সময় নাই৷ এতিয়া নতুন চৰকাৰৰ কামৰ ব্যস্ততা আৰু আনুষংগিক লেঠা মৰাতে সমগ্ৰ ৰাজ্যৰ প্ৰশাসন ব্যস্ত৷ সেয়ে লখিমপুৰৰ ৰাইজে অহা দুমাহলৈ পানী পোৱাৰ সম্ভাৱনা নাই৷ নিজাকৈ ব্যৱস্থা কৰি ল’বলৈয়ো বেছিভাগ লোকৰে উপায় নাই৷ পানীৰ লেভেল বহি যোৱা বাবে হাজাৰ ফুট ব’ৰিং কৰিলেও নগৰৰ মাজত পানী ওলোৱা নাই৷

📌 বৰষুণত আচাৰ অৰ্থনীতি ধ্বংসডেৰমাহতকৈ বেছিদিন হ’ল, বৰষুণ হৈয়েই আছে৷ কেতিয়াবা ৰ’দ ওলাই যদিও পিছমুহূৰ্ততে আকাশ গোমা হৈ পৰে...
25/05/2026

📌 বৰষুণত আচাৰ অৰ্থনীতি ধ্বংস

ডেৰমাহতকৈ বেছিদিন হ’ল, বৰষুণ হৈয়েই আছে৷ কেতিয়াবা ৰ’দ ওলাই যদিও পিছমুহূৰ্ততে আকাশ গোমা হৈ পৰে৷ ফলত অসমৰ আচাৰ অৰ্থনীতি ধ্বংস হৈছে৷ ক’ভিডৰ পিছৰ পৰা থন ধৰি উঠা আচাৰ অৰ্থনীতিৰ কোটিৰ ঘৰত টকা লোকচান কৰিছে পেনপেনিয়া বৰষুণজাকে৷ আত্মসহায়ক গোটৰ অসমীয়া মহিলা একত্ৰিত হৈ আচাৰৰ ব্যৱসায় কৰি লাভৱান হ’বলৈ সক্ষম হৈছে৷ কেবাগৰাকী লোকে ব্যক্তিগতভাৱে আচাৰৰ ব্যৱসায় কৰি পেট প্ৰৱৰ্তন কৰিছে৷ তেওঁলোকৰ বাবে কালৰূপ লৈছে পেনপেনিয়া বতৰটোৱে৷
ঔটেঙাৰ আচাৰ কৰাৰ পিছত বৰ্তমান কেঁচা আমৰ আচাৰ তৈয়াৰ কৰাৰ বতৰ হৈছে৷ কিন্তু আমৰ আচাৰ বনাবলৈ টান ৰ’দ লাগে৷ আচাৰ তৈয়াৰ কৰা লোকসকলে সচৰাচৰ বজাৰৰ পৰা বৃহৎ পৰিমাণত কেঁচা আম ক্ৰয় কৰে৷ তেওঁলোকে আচাৰত নিমখ মিহলি কৰাৰ পিছত ৰ’দত দিয়াৰ বিকল্প নাথাকে৷ ফেনত শুকুওৱা আচাৰৰ গোন্ধ ওলোৱাৰ বাবে বেছিদিন সাঁচি ৰখাৰ উপায় নাই৷ সেয়ে এইবাৰ পেলনি গৈছে কাটি থোৱা কেঁচা আম৷ সততে বিহুৰ পিছত আগবাৰিষা অসমত টান ৰ’দেই হয়৷
এইবাৰহে বতৰটোৱে অভঙালি কৰিছে৷ তাৰোপৰি অসমৰ আচাৰ অৰ্থনীতিৰ মূল USP হৈছে ভোট জলকীয়াৰ আচাৰ৷ জ্বলা আচাৰ বিক্ৰী কৰি ব্যৱসায় চলাই আছে বেছিভাগ আচাৰ বিক্ৰেতাই৷ ভোট জলকীয়াৰ আচাৰ আকৌ ভালে ৰাখিবলৈ টান ৰ’দ লাগে৷ এইবাৰ ৰ’দ নোহোৱা বাবে ভোট জলকীয়াৰ আচাৰ বেয়া হৈছে৷ ভৰালী উপাধিৰ আচাৰৰ বিক্ৰেতা লোকজনে জনোৱা মতে ৰ’দ নাপাই বেয়া হৈ গৈছে তেওঁ কৰি থোৱা ৭০ কেজি আচাৰ৷ যিটো তেওঁৰ ব্যৱসায়ৰ বাবে সাংঘাতিক ক্ষতি৷
বৰ্তমান আচাৰ বিক্ৰেতাসকলে আকৌ আচাৰ বনাবলৈ সংগ্ৰহ কৰিছে ভোট জলকীয়া৷ আশাপ্ৰদভাৱে ৰাজ্যত ভোট জলকীয়াৰ উৎপাদনো বেছি হৈছিল৷ কিন্তু আকাশে অনবৰতে জলবৰ্ষণ কৰিয়েই থকাৰ ফলত গছ মৰি নোহোৱা হৈছে ভোট জলকীয়া৷ তাৰ ফলত বজাৰত কেঁচা জলকীয়াৰ দাম বৃদ্ধি হ’ব৷ আচাৰ বিক্ৰেতাই অধিক দাম ভৰি ক্ৰয় কৰিব লাগিব জলকীয়া৷ স্বাভাৱিক পৰিণতি হিচাপে আচাৰৰো দাম বাঢ়িব৷ নামনিত বতৰ আংশিকভাৱে মুকলি হ’লেও উজনিত দুমহীয়া বৰষুণে আচাৰ উদ্যোগ ধ্বংস কৰিছে৷ আচাৰ বিক্ৰেতাসকলৰ বাবে এইটোৱেই হৈছে উৎপাদন আৰু বিক্ৰীৰ প্ৰধান ছিজন৷
এতিয়াই নেৰানেপেৰা বৰষুণে উদ্যোগটোৰ সৰ্বনাশ কৰি পেলাইছে৷ কিন্তু বৃহৎ পৰিসৰত আচাৰ উৎপাদন কৰা ব্যৱসায়িক প্ৰতিষ্ঠানে ৰ’দ-বৰষুণৰ চিন্তা কৰিব নালাগে৷ তেওঁলোকে যিকোনো বতৰতে আচাৰ উৎপাদন কৰিব পাৰে৷ অসমৰ থলুৱা বিক্ৰেতাইহে ৰ’দৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছে৷ এইদৰে পেনপেনিয়া বতৰ চলি থাকিলে অসমৰ আচাৰ উদ্যোগটো সম্পূৰ্ণ ধ্বংস হ’ব৷ আচাৰ বিক্ৰী কৰি পেট প্ৰৱৰ্তন কৰি থকাসকলে বেপাৰ বন্ধই কৰিব দিব লাগিব৷ কেঁচামাল কিনি তেওঁলোকে হেৰুৱাব মূলধন৷

🔷 বান্দৰৰ উপদ্ৰৱৰ এখন জীয়া ছবি🔷 এনেকৈয়ে চলিছে অসমৰ গাঁৱবোৰ
23/05/2026

🔷 বান্দৰৰ উপদ্ৰৱৰ এখন জীয়া ছবি
🔷 এনেকৈয়ে চলিছে অসমৰ গাঁৱবোৰ

📌 এটা সমষ্টি বেচি এটা কিনিছিল ৰকিবুলেএকমাত্ৰ ৰকিবুল হুছেইনেই ধ্বংস কৰিছে কংগ্ৰেছএটা কথা নক’লেও হ’ব, ২০টা সমষ্টিত কংগ্ৰেছ...
23/05/2026

📌 এটা সমষ্টি বেচি এটা কিনিছিল ৰকিবুলে

একমাত্ৰ ৰকিবুল হুছেইনেই ধ্বংস কৰিছে কংগ্ৰেছ
এটা কথা নক’লেও হ’ব, ২০টা সমষ্টিত কংগ্ৰেছৰ পৰাজয়ৰ মূল কাৰণ হৈছে ৰকিবুল হুছেইন৷ তেওঁৰ বাবেই কংগ্ৰেছৰ ইমান দুৰৱস্থা হৈছে৷ ১৫ বছৰে একেৰাহে শাসন কৰা কংগ্ৰেছৰ বিপৰ্যয়ৰ বাবে গৌৰৱ গগৈ উপহাসৰ পাত্ৰ হৈছে, ফাঁকে ফাঁকে বাচি গৈছে ৰকিবুল হুছেইন৷ তেওঁৰ বাবেই বিন্নাকান্দিত বদৰুদ্দিন আজমল জয়ী হোৱাটো কাৰো বিশেষ চকুত পৰা নাই৷ কিন্তু কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিন্নাকান্দিত ৰকিবুল হুছেইনে খেলিছে এখন ডাঙৰ খেল৷ সেই খেলখনৰ জৰিয়তে ৰকিয়ে পুত্ৰ তাঞ্জিলক চামগুৰিত জিকাবলৈ সক্ষম হৈছে৷ তাঞ্জিলৰ ৰাজ্যাভিষেকৰ বাবে ৰকিয়ে উছৰ্গা কৰিছে দলৰ স্বাৰ্থ৷
বিন্নাকান্দি সমষ্টিটো দীৰ্ঘদিনৰ পৰা কাম কৰি আছিল ৰেহান উদ্দিন নামৰ নেতাজনে৷ তেওঁ যোৱা চাৰিবছৰে খাটি খাটি বিন্নাকান্দিত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিছিল৷ পিছে শেষসময়ত ৰেহান উদ্দিনক উপেক্ষা কৰা হ’ল৷ তেওঁ টিকট পাই বুলিয়েই সমষ্টিটো মিত্ৰদলক এৰি দিলে কংগ্ৰেছে৷ প্ৰথমে বিন্নাকান্দি জাতীয় পৰিষদক এৰি দিবলৈ গৌৰৱ গগৈ ইচ্ছুক নাছিল৷ তেওঁক বাধ্য কৰিলে ৰকিবুলে৷ সেইবাবে জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ল ৰেজাউল কৰিম চৌধুৰী৷ ৰেহান উদ্দিনে কাম কৰিও একো ফল নাপালে৷
তাৰ বিপৰীতে চামগুৰিত AIUDFয়ে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে৷ জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীৰ পৰিৱৰ্তে দুৰ্বল আব্দুল আজিজক বদৰুদ্দিন আজমলে চামগুৰিত উঠালে৷ সেয়ে চামগুৰিত কোনো বাধা অবিহনে তাঞ্জিল হুছেইন সৰকি যাবলৈ সক্ষম হ’ল৷ যিজন বদৰুদ্দিন আজমলক ৰকিবুলে ধুবুৰী সমষ্টিত ১০ লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল তেওঁৰ সৈতেই বিধানসভা নিৰ্বাচনত গোপন বুজাবুজি কৰিলে৷ ফলত কংগ্ৰেছৰ ক্ষতি হ’ল ঠিকেই৷ কিন্তু পুত্ৰ তাঞ্জিলক জিকাবলৈ সক্ষম হ’ল স্বাৰ্থপৰ ৰকিবুল হুছেইন৷
এইদৰে কমলপুৰতো কংগ্ৰেছে কম্প্ৰমাইজ কৰিলে৷ দলটোত বহুদিনৰ পৰা সুন্দৰ নামৰ কংগ্ৰেছ নেতাজনে কাম কৰি আছিল৷ তেওঁৰ লগতে কংগ্ৰেছৰ আন দুজন শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশীও আছিল৷ কিন্তু প্ৰাৰ্থিত্ব দিয়াৰ সময়ত দলৰ তৃণমূল পৰ্যায়ত পৰিচিত নেতাসকলে গুৰুত্ব নাপালে৷ তেওঁলোকৰ পৰিৱৰ্তে টিকট পালে দলটোত নতুনকৈ প্ৰৱেশ কৰা সত্যব্ৰত কলিতাই৷ ফলত কমলপুৰত সত্যব্ৰত কলিতাই বিশেষ প্ৰত্যাহ্বান আগবঢ়াবলৈ সক্ষম নহ’ল৷ এইদৰে কংগ্ৰেছৰ অভ্যন্তৰীণ শক্তিয়েই দলটোক শেষ কৰি পেলালে৷
প্ৰায় ২০টা সমষ্টিত ৰকিবুল হুছেইন গেঙে কংগ্ৰেছৰ ক্ষতি কৰিলে৷ কেৱল ৰকিবুল হুছেইনৰ কথামতে এইবাৰ ২০টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল৷ তাৰ ভিতৰত নামনিৰ দুজনহে জিকিবলৈ সক্ষম হ’ল৷ সঁচা কথাটো হৈছে যে ৰকিবুলৰ কথামতে চলা গৌৰৱ গগৈয়ে অসমৰ ৰাজনীতিৰ একো তলা-নলা বুজিয়েই পোৱা নাই৷ তেওঁ সম্প্ৰতি চক্ৰবেহুত আবদ্ধ হৈ পৰিছে৷ তাৰে সুযোগ লৈ ৰাজীৱ ভৱনৰ অঘোষিত মালিক হৈ পৰিছে ৰকিবুল৷ তেওঁৰ বাবেই কংগ্ৰেছ ক্ৰমাৎ মিঞাৰ দললৈ পৰ্যৱসিত হৈছে৷

📌 গৰু বিক্ৰী বন্ধ কৰাত মুছলমানৰ একো সমস্যা হোৱা নাইহিন্দুত্ববাদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত হিন্দুৰে হাহাকাৰ হৈছে৷ ...
20/05/2026

📌 গৰু বিক্ৰী বন্ধ কৰাত মুছলমানৰ একো সমস্যা হোৱা নাই

হিন্দুত্ববাদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত হিন্দুৰে হাহাকাৰ হৈছে৷ পশ্চিমবংগত মমতা বেনাৰ্জীক খেদি বিজেপিৰ শুভেন্দু অধিকাৰী চৰকাৰে গ্ৰহণ কৰিছে গো-বধ বন্ধ কৰাৰ সিদ্ধান্ত৷ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সমাগত বকৰিদত কোনো মুছলমানে গৰু কুৰবানি কৰিব নোৱাৰিব৷ এইটো সিদ্ধান্তই বংগৰ মুছলমানৰ একো সমস্যা কৰা নাই৷ তেওঁলোকে ছাগলী কুৰবানি কৰিব বুলি ঘোষণা কৰিছে৷ কিন্তু বিজেপি চৰকাৰে গৰু কুৰবানি বন্ধ কৰি দিয়াত কৃষিজীৱী হিন্দুৱে হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে৷
কাৰণ বকৰিদৰ সময়ত পশ্চিমবংগত কোটিটকীয়া গৰু বজাৰ বহে৷ তাত বিক্ৰী হোৱা বেছিভাগ গৰু হিন্দু লোকসকলেহে বিক্ৰী কৰে৷ মুছলমানে বকৰিদত কুৰবানিৰ বাবে ক্ৰয় কৰে হিন্দুৰ ঘৰৰ গৰু৷ নদিয়া, উত্তৰ ২৪ পৰগণা আদিৰ হিন্দু লোকসকলে বকৰিদতে ধন উপাৰ্জনৰ সুবিধা লাভ কৰে৷ যোৱাবছৰেই পশ্চিমবংগৰ কেৱল তিনিখন জিলাত কমেও ৮০ কোটি টকাৰ গৰু বিক্ৰী হৈছিল৷ ইয়াৰে প্ৰায় ৬৫ কোটি টকা গৰু বিক্ৰী কৰি উপাৰ্জন কৰিছিল পশ্চিমবংগৰ হিন্দু কৃষিজীৱী পৰিয়ালে৷
কৃষিজীৱী পৰিয়ালে সততে বকৰিদত বিক্ৰী কৰিবলৈ গৰু সাজু কৰি থয়৷ কুৰবানিৰ উপৰি মুছলমানে উৎসৱত ভক্ষণ কৰিবলৈ তেওঁলোকে গৰু বিক্ৰী কৰিয়েই ধন উপাৰ্জন কৰে৷ এইবাৰো পশ্চিমবংগৰ হিন্দু গৰু পালকে ঈদৰ বাবে গোহালিৰ গৰু সাজু কৰিছিল৷ কিন্তু হঠাতে বিজেপি চৰকাৰে নতুন নিয়ম জাৰি কৰিলে৷ বংগত গো-বধ সমূলি বন্ধ কৰাৰ ফলত নদিয়া, ৰাণীগঞ্জ আদিৰ হিন্দু কৃষকে প্ৰতিবাদ কৰিছে৷ তেওঁলোকে চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে৷ অন্যথা দিছে জংগী আন্দোলনৰ ভাবুকি৷
পৰিস্থিতি বিশ্লেষণ নকৰাকৈ গৰু কুৰবানি বন্ধ কৰাৰ ফলত আন কেবাটাও সমস্যা হৈছে৷ স্বাভাৱিকতে গৰুৰ সলনি কুৰবানি দিবলৈ বংগৰ মুছলমানে ছাগলী ক্ৰয় কৰিছে৷ বছৰৰ এদিন তেওঁলোকে বাৰু ছাগলী কুৰবানি দিব, কিন্তু তাৰ ফলত বংগত হিন্দুৰ বাবেও মাংসৰ অভাৱ হৈছে৷ মুছলমানে কুৰবানি দিবলৈ ছাগলী কিনি থোৱাৰ ফলত বংগত যোৱা তিনিদিনে খাহীমাংসৰ চাহিদা পূৰণ হোৱা নাই৷ চৰকাৰে হিন্দুক সন্তুষ্ট কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তত মুছলমানৰ একো সমস্যা হোৱা নাই, দৰিদ্ৰ হিন্দুৰহে সমস্যা হৈছে৷
আজি আকৌ শুভেন্দু অধিকাৰীৰ চৰকাৰে বন্ধ কৰি দিছে ইমামভাত্তা৷ বিগত সময়ত মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ সকলো মছজিদৰ ইমামক মাহিলী প্ৰায় ২ হাজাৰ টকা বানচ দি আছিল৷ একেদৰে মছজিদৰ পুৰোহিতেও বানচ লাভ কৰিছিল৷ হিন্দুত্ববাদী চৰকাৰৰ শাসনকালত কেৱল মন্দিৰৰ পুৰোহিতেহে বানচ লাভ কৰিব বুলি চৰকাৰে ঘোষণা কৰা হৈছে৷ এইমাহৰ পৰা কোনো ইমামে ভাত্তা নাপায় বুলি ঘোষণা কৰিছে চৰকাৰে৷ তাৰ লগতে পুৰোহিত মাহিলী বানচৰ পৰিমাণ বৃদ্ধি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছে৷

📌 অসমীয়াৰ পেটত লাঠধুনীয়া ধুনীয়া ফ্লাই অভাৰবোৰ যে হৈছে, তাৰ ফলত কিমান লাভ হৈছে পিছৰ কথা৷ কিন্তু ক্ষতি ভয়ংকৰভাৱে হৈছে৷ ফ্ল...
18/05/2026

📌 অসমীয়াৰ পেটত লাঠ

ধুনীয়া ধুনীয়া ফ্লাই অভাৰবোৰ যে হৈছে, তাৰ ফলত কিমান লাভ হৈছে পিছৰ কথা৷ কিন্তু ক্ষতি ভয়ংকৰভাৱে হৈছে৷ ফ্লাই অভাৰে এফালৰ পৰা ধ্বংস কৰি গৈছে সৰু-সুৰা ব্যৱসায় কৰি চলি থকা অসমীয়া ব্যৱসায়ীক৷ আগতে পথৰ দাঁতিতে তেওঁলোকৰ দোকান আছিল৷ তাকৰীয়া মূলধনেৰে খিলঞ্জীয়া ব্যৱসায়ীয়ে কৰি আছিল বেপাৰ৷ কিন্তু ফ্লাই অভাৰে তেওঁলোকৰ মাটি গ্ৰাস কৰিলে৷ কেবাঠাইতো ফ্লাই অভাৰৰ ফলত খিলঞ্জীয়া ব্যৱসায়ীৰ দোকান আওহতীয়া স্থানলৈ গুচি গ’ল৷ সৰহীয়া মূলধন বিনিয়োগ কৰি উপযুক্ত স্থানত বেপাৰ কৰিবলৈয়ো খিলঞ্জীয়াৰ শক্তি নাই৷ পৰিপ্ৰেক্ষিতত ফ্লাই অভাৰবোৰ হৈ পৰিছে ব্যৱসায়ীৰ বাবে ৰাক্ষসৰ দৰে৷ অসমীয়া ব্যৱসায়ীৰ বেপাৰ চৰকাৰে য’তে-ত’তে সাজি থকা উৰণ সেতুৱে গ্ৰাস কৰি পেলাইছে৷
উদাহৰণস্বৰূপে আপুনি প্ৰথমে গুৱাহাটীৰ কথাকে মন কৰিব পাৰে৷ গুৱাহাটীত ফ্লাই অভাৰ সজাৰ ফলত মাৰোৱাৰী নতুবা বিহাৰী ব্যৱসায়ীৰ একো ক্ষতি হোৱা নাই৷ হৈছে যদি কেৱল কম মূলধনেৰে টুক-টাককৈ চলি থকা খিলঞ্জীয়াৰহে হৈছে৷ পূৰ্বে জুৰোডত কেবাখনো ভাতৰ হোটেল আছিল৷ মূলত: নলবাৰীৰ দম্পতিয়ে পথৰ কাষতে সৰু ৰূম এটাত ভাতৰ হোটেল চলাই আছিল৷ ৫০ টকাতে ভাত পোৱা হোটেলত আছিল গ্ৰাহকৰ ভিৰ৷ কিন্তু ফ্লাই অভাৰে সেই হোটেলবোৰ মাৰি পেলালে৷ লখৰাকে VIP ৰোডতো অসমীয়াৰ হোটেল আছিল সৰ্বাধিক৷ তেনেই কম মূলধনেৰে সেই হোটেলবোৰ চলাই আছিল থলুৱা লোকে৷
কিন্তু ফ্লাই অভাৰে তেওঁলোকৰ ব্যৱসায় একেবাৰে শেষেই কৰি পেলালে৷ আওহতীয়া কৰি পেলোৱাৰ ফলত দোকানবোৰ গ্ৰাহকে নেদেখা হ’ল৷ তাৰ ঠাইত অনা-অসমীয়াই দামী হোটেল খুলিলে৷ এতিয়া যোৰহাটলৈ চাওক৷ পূৰ্বে যোৰহাটৰ কেন্দুকোণাত কেবাখনো বিখ্যাত মিঠাইৰ দোকান আছিল৷ এতিয়া য’ত ফ্লাই অভাৰ হ’ল কেন্দুকোণাৰ সেই ঠাইতে পূৰ্বে ৰসগোল্লাৰ বাবে বিখ্যাত হোটেল এখন আছিল৷ কিন্তু সেইহেন দোকানখন ফ্লাই অভাৰে শেষ কৰি পেলালে৷ বৰ্তমান সেই দোকানখনলৈ যোৱাৰ বাবে ফ্লাই অভাৰৰ পৰা নামি এপাক মাৰিব লাগে৷ সেয়ে গ্ৰাহকশূন্য হৈ পৰিল সকলো সময়তে ভিৰ হৈ থকা দোকানখন৷
গোলাঘাটত ফ্লাই অভাৰে খিলঞ্জীয়াৰ পেটত লাঠ মাৰিছে৷ গোলাঘাটৰ যি ঠাইতে ফ্লাই অভাৰ নিৰ্মাণ কৰা হৈছে তাৰ সমীপৱৰ্তী এলেকাত পূৰ্বে খিলঞ্জীয়াৰ ব্যৱসায় আছিল৷ সম্প্ৰতি সেইধৰণৰ বেপাৰৰ একো অস্তিত্ব নাই৷ গোলাঘাটতো চহকী অনা-অসমীয়া ব্যৱসায়ীক ফ্লাই অভাৰে একো হানি কৰিব পৰা নাই৷ যিহেতু তেওঁলোকৰ মূলধনৰ চিন্তা নাই, গতিকে জনাৰ্কীণ ঠাইলৈ দোকান স্থানান্তৰিত কৰিছে৷ বিপদ হৈছে দোকান দি পেটে-ভাতে চলি থকা অসমীয়া বেপাৰীৰ৷ ফ্লাই অভাৰৰ ফলত চহৰবোৰত সাময়িকভাৱে ভিৰহে কমিছে, তাৰ বাহিৰে ব্যৱসায়িক দিশৰ পৰা ৰাজ্যৰ খিলঞ্জীয়া নাগৰিকৰ একোৱেই লাভ হোৱা নাই৷
ডিব্ৰুগড়ত ফ্লাই অভাৰ হোৱাৰ পূৰ্বে কেবাঠাইতো থলুৱা লোকৰ বেপাৰ পূৰ্ণগতিত চলিছিল৷ ফ্লাই অভাৰ নামৰ অসুৰটোৱে সেই বেপাৰ শেষ কৰি পেলালে৷ উৰণ সেতু নিৰ্মাণৰ কাম চলি থাকোতে হোটেলবোৰত বিক্ৰী কমা নাছিল৷ নিৰ্মাণত নিয়োজিত মজদুৰে দল বান্ধি ভাত খাবলৈ যোৱা বাবে বিক্ৰী ঠিকেই আছিল৷ কিন্তু যেতিয়াই শ্ৰমিকসকল গুচি গ’ল তেতিয়াই বেপাৰ মন্দা হ’ল৷ নলবাৰীতো খিলঞ্জীয়াৰ বেপাৰ ফ্লাই অভাৰ নামৰ দৈত্যটোৱেই বৰ্বাদ কৰি পেলালে৷ যিসকল আৰ্থিকভাৱে শক্তিশালী তেওঁলোকক ফ্লাই অভাৰে ক্ষতি কৰিব পৰা নাই৷ কিন্তু পুঁজিবাদ নামৰ দৈত্যতো কিমান ভয়ংকৰ সেইটো ফ্লাই অভাৰেই দুৰ্বলীক দেখুৱাই দিছে৷ উন্নয়নৰ নামত চলা ধ্বংসই সৰ্বস্বান্ত কৰিছে খিলঞ্জীয়া ব্যৱসায়ীক৷

📌 আজি মহীৰূহৰ মৃত্যুু বাৰ্ষিকী
12/05/2026

📌 আজি মহীৰূহৰ মৃত্যুু বাৰ্ষিকী

Address

Guwahati
784029

Alerts

Be the first to know and let us send you an email when The Link posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share