09/12/2023
◾ নুনিয়া
◾ লেখকঃ অসীম বৰা Ashim Bora
◾ আমাৰ সৰু কালত চথ পূজাৰ পাছতেই "গেহু ঔৰ চবজী লগাই আজৰি হৈ বিবি-বাচ্চা ঘৰত থৈ "দেচ" এৰি নুনিয়াবোৰ অসম নামৰ বিদেশলৈ আহে৷ লগত থালি এখন, ষ্টীলৰ ঘটি এটা আৰু চাতুৱা গুৰিৰ এটা টোপোলা৷
অৱধ আছাম এক্সপ্ৰেছত উঠি চাতুৱা গুৰি খাই খাই নৱেম্বৰ মাহৰ শেষত ধান কটাৰ সময়তেই অসম মুলুকৰ ভিতৰুৱা গাওঁবোৰৰ লগতে আমাৰ গাঁৱতো সিঁহতৰ এটা দল কোনোবা এদিন দুপৰীয়া উপস্থিত হয়হি৷ আমি স্কুলৰ পৰা উলটি আহোতে বাটতে কোনোবাই খবৰ দিয়ে, "ঐ, তহঁতৰ ঘৰলৈ আজি নুনিয়াবোৰ আহিল নহয়"৷
স্কুলৰ কিতাপ নিয়া কাপোৰৰ মোনাতো কান্ধত ওলোমাই চেন্দেল হাতত লৈ ঘৰলৈ বুলি দৌৰ দিওঁ৷ উদ্দেশ্য "চাতুৱা" গুৰি খোৱা৷ ঘৰ পায় দেখো সিহতে বাৰান্দাৰ চুকতে বেগবোৰ থৈ বাৰান্দাতে পৰি আছে৷ চোতালৰ পৰাই চিঞৰোঁ- ঐ চাধানাথ চাচাকাই, চাতুৱা দেও"৷
"বাহ বহুত বড়া হৌ গিয়া তুমলৌগ, আও আও" - বুলি চাতুৱা গুৰিৰ টোপোলাটো আগুৱাই দিয়ে ৷স্কুলৰ বেগ দলিয়াই গিলাছত চাতোৱা গুৰি গুলি খাওঁ ৷আইতাই চিঞৰে -- ক'ৰ দেচুৱালীয়ে অনা বস্তু পাকঘৰত সুমুৱাইছহি ৷
সন্ধিয়া সিহঁতে চোতালৰ মূৰতে জুই জ্বলায় ৷জুইৰ চাৰিওফালে গোটেই সোপাই লুঙি পিন্ধি ,গাত চাদৰ এখন ,মুৰত গামচা মাৰি হাত দুখন আঠুত দি বহি থাকে ৷দেউতাই সিহঁতৰ বাপেক লখন ,দশৰথ হঁতৰ হাল জাল পুছে ৷ চাধনাথ চৰ্দাৰ ৷তাৰ লগত চতুৰঘণ, ভূৱন, বুধুৱা, ৰামলাল, কানহাইয়া,ভৰত হ'ত প্ৰত্যেক বাৰেই আহে ৷নতুনকৈ দুই এটা আহে ৷ চাধনাথে সিঁহতক মালিকৰ লগত ( মানে দেউতাৰ লগত) চিনাকী কৰাই দিয়ে -- "য়ে বলৰাম হেই ,চম্পদৌৱা কে চোটা বেটা, য়ে কালা হেই যদুৱাকে বেটা " ৷
"বাহ,যদুৱাকে বেটা ইতনা বড়া হৌ গিয়া তু ৷চাদী ৱাদী কিয়া কি নেহী " - দেউতাই সুধে ৷
সিঁহতে লাজ কৰে -* জী মালিক " !
চাধনাথে মালিকৰ ঘৰলৈ বুলি, লগত দেচৰ পৰা ভাল জাতৰ মূলা, কবি গুটি আনে, চুবুৰীয়া ককা হঁতলৈ বিড়ি খোৱা বৰপাত চাধাৰ গুটি ৷
( কস্মিন কালতে ঠিকাদাৰী এৰা দেউতা সিহঁতৰ দৃষ্টিত তেতিয়াও মালিক )
সেইদিনা গধূলি মাৰ কাম বাঢ়ে ৷সিহঁত 12/13 টা লৈও ভাত বনাব লগীয়া হয় ৷ ভাত খায় সেইদিনা ৰাতিটো বাৰান্দাতে শুৱে ৷
পিছদিনা পুৱাৰ পৰাই সিঁহতৰ কাম আৰম্ভ হয় ৷ চাধনাথ চৰ্দাৰে লগত দুটামান লৈ জয়পুৰৰ দুমহলীয়া দুকানলৈ যায় ৷ৰেচন ,ডাঙৰ চাইজৰ কোৰ কেইখনমান ,ত্ৰিপাল এখন , ডাঙৰ বটুৱা এটা ,কেৰাহী এখনৰ লগতে সৰু সুৰা দুই এপদ সামগ্ৰী কিনি আনে ৷বাকীবোৰে পথাৰত নৰা কাটে ,বাহনিত বাঁহ কাটে ৷পদূলি মূখত থকা মিলঘৰৰ( ধান বনা কলৰ ) কাষতে ,ভলুকা বাহ জোপাৰ তলতেই ,ত্ৰিপালৰ চালিৰে নৰাৰ বেৰা দি ,তলত নৰা পাৰি সিঁহতে তম্বু তৰে ৷কাষতে থকা টিওবৱেল টোত ভৰাঁলৰ তলত পৰি থকা টিওবৱেলৰ মুৰীয়াটো লগায় লয় ৷
সিহঁতৰ দলটোত প্ৰত্যেকবাৰেই "বুধুৱা " আহে ৷বুধুৱাই মিট্টি নাকাটে ৷সি অকল "খানা পকাই "৷
সিহঁতৰ লগতে আহে যদু বুঢ়া ৷ সত্তৰ দশকতে ককাদেউতা আৰু দেউতাই মঠাউৰিৰ কাম কৰিবলৈ নুনিয়াবোৰ আনোতে সিও আহিছিল চাধনাথৰ বাপেক তথা তাৰ ককায়েক লখনৰ লগত ৷ যদু বুঢ়াৰ বয়স হ'ল, সি "মিট্টি কা কাম " কৰিব নোৱাৰে ৷সি "ডিমনি(ডুলি)",টুকৰী বনাবলৈ সিহঁতৰ লগতে আহে ৷সি পুতেক ভতিজাক হতৰ লগত নাথাকে ৷চোতালৰ মূৰতে গোলনেমু জোপাৰ তলত তাৰ তম্বু সাজে অকল নৰাৰে ৷
পিছদিনা যদু বুঢ়াই তাৰ লগত অনা কাঁচিখনৰ দৰে দা খনেৰে বাঁহনিৰ পৰা বাঁহ কাটে ৷তমাল তুলাই, কাঠি কামি কৰে ৷টুকৰী সাজি দিয়ে ৷
চাধনাথ চৰ্দাৰে কাম বিচাৰি যায় ৷ দুদিন মানৰ পাছত সকলো কামলৈ যায় ৷চাধনাথে ধূপ জ্বলাই পূজা কৰি প্ৰথম কোৰ মাৰে ৷দুটামানে কোৰ মাৰে বাকীবোৰে মাটি কঢ়িয়াই ৷
সিহঁতৰ মুৰৰ ঘাম মাটিত পৰে ৷কাৰোবাৰ ঘৰৰ ভেটি বনে, কাৰোবাৰ পুখুৰী খান্দে, কোনোবা নতুন ৰাস্তা বনে ৷
কাহিলী পুৱাতে উঠি সিঁহতে ষ্টিলৰ ঘটিটো লৈ মঠাউৰিৰ সিপাৰে বুঢ়ীদিহিংৰ পাৰৰ চাপৰিত জাৰ্মানী বনৰ আঁৰত বাহিৰ ফুৰিব লৈ যায় ৷ উলটি আহি ঘটিটো ৰঙামাটিৰে খুওৱ ঘঁহি ঘঁহি ধুৱে ৷ গাঁৱৰ ডাঙৰ দুই এজনে ৰসিকতা কৰে - জহনী মৰা হ'তে দেখ' মানে শুকান জলকীয়া খন খায় ,মঠাৰি কিনাৰত ৰুটিখনৰ নিচিনা এৰে একদম বন মাৰি যায় "" ৷ আমি পৰি পৰি হাঁহো ৷
কেতিয়াবা ইনভেষ্টিগেচন কৰিবলৈ জাৰ্মানী বনৰ মাজলৈ যাওঁ ৷হয় ,ৰুটিখনৰ সমানকৈ দুবৰি বন মৰি থাকে ৷ কিন্তু ইহতি এৰিলে বন মৰে কেনেকৈ ?
আজিকালি স্কুলীয়া ল'ৰাবোৰে ৰিচাৰ্চ কৰাৰ নিচিনাকৈ সেই সময়ত আমাৰো গৱেষণাৰ এক ডাঙৰ বিষয় আছিল সেইটো ৷
সৰ্বশেষত সকলোৰে ৰিজাল্ট এটাই ওলায় ৷শুকান জলকীয়াৰ পাৱাৰ ৷
অলপ বেঙা টাইপৰ বুধুৱাই পুৱাই বটুৱা কেৰাহী ৰঙামাটিৰে লিপি "খানা পকাই " ৷ৰাতিপুৱা ভাত, চবজি, দালি ৷ গধূলি "তিকিয়া" আৰু চবজি ৷
আৱেলি তিনিমান বজাৰ পৰা বুধুৱাৰ কাম আৰম্ভ হয় ৷ বাৰ তেৰটা মানুহৰ বাবে চাৰি কেজিমান আটা মঠে ৷ এঘন্টা মান আটা মঠাৰ পাছত সি ভাজিত দিবলৈ জলকীয়া খুন্দে ৷শুকান জলকীয়াবোৰ পানীত তিয়াই সেইবোৰ পটাত পিহি গুৰি কৰে ৷তাৰ পাছত আলু ৰ লগত লাই মূলা, কবি আদিৰ চবজি বনায় জলকীয়া সোপা দিয়ে ৷জলকীয়াৰ গোন্ধত আমাৰ হাঁচি আহে ৷
তাৰ পাছত সি " তিকিয়া ( ৰুটি) " বনায় ৷ প্ৰত্যেকলৈ চাৰিখনকৈ ডাঙৰ ডাঙৰ ৰুটি ৷ ৰুটিৰ আশাত আমিবোৰ বহি থাকো ৷সি নিদিয়ে ৷ চাধনাথ, চতুৰঘণ, ভৰত কাইয়ে নিজৰ ভাগৰ পৰা দিয়ে ৷ভুৱন কনজুচ ৷সি কেতিয়াও নিদিয়ে ৷ কেতিয়াবা ৰুটিৰ লগত চবজি টেষ্ট কৰি চাওঁ, চকুপানী ওলায় যায় ৷
বুধুৱাৰ লগত হিন্দীত কথা পাতো ৷
-- ঐ বুধুৱা তুহানিকে ৰ ঘৰ কাহা হেই "
- চাপৰা ঝিলা, থানা বনিয়াপুৰ " - বুধুৱাই উত্তৰ দিয়ে ৷
বুধুৱাক ডাউন দিবলৈ ডাঙৰ বোৰে কয় -
ঐ বুধুৱা, তোহানিকে বিহাৰ মে পদিনা হেই ক্যা " ?
-- হামানিকে বিহাৰ মে নো এক বিঘা পদিনা বা " - পদিনা, তাকো এবিঘা ৷বুধুৱাৰ ঘৰত ৷😊😊
ৰুটি নিদিয়াৰ কাৰণে বুধুৱাৰ ওপৰত আমাৰ খং উঠে ৷আণ্ডাৰপেন্ট নিপিন্ধাকৈ লুঙী পিন্ধি খানা বনায় থকা বুধুৱাক আমি জোকাওঁ-- এক বাজি গ'ল দুই বাজি গ'ল বুধুৱাৰ &&&& ত জুই লাগি গ'ল, কেতিয়াবা মাটিৰ দলি মাৰো ৷সি চৰ্দাৰক গোচৰ দিয়ে, চৰ্দাৰ চাধনাথে হাঁহি থৈ দিয়ে, আমাৰ উৎসাহ বাঢ়ে ৷ অতিষ্ঠ হৈ বুধুৱাই "মালিকক" ডাইৰেক্ট গোচৰ দিয়ে ৷সেইদিনা আমি কাণচেপা ঠলামূৰি ৰ লগতে কাণত ধৰি উঠবহ কৰিব লগীয়া হয় ৷ চাধনাথে বচাই আনি ৰুটি দিয়ে ,চাধানাথক ভাল লাগে ,বুধুৱালৈ আমাৰ খং দুগুণে বাঢ়ে ৷
প্ৰতিশোধ কল্পে দাদা হ'তে মনে মনে কেতিয়াবা বুধুৱাৰ চৌকাত পানী ঢালে ৷জুই নজলে খানা দেৰি হয় ৷খানা দেৰি হলে বাকীবোৰে বুধুৱাক গালি পাৰে ৷আমাৰ মনত ৰং লাগে ৷
কেতিয়াবা মোৰ বয়সৰ খূড়াৰ লৰাটো Nik Borah আহে ৷সৰুৰে পৰাই বিহাৰীৰ লগত ডাঙৰ হোৱা ৷তাৰ ভোজপুৰী শুনি নুনিয়াবোৰ আচৰিত হয় ৷বুধুৱাই তাক বৰ ভাল পায় ৷তাক ৰুটি দিয়ে উপযাচি ৷তাৰ লগতে আমিও পাওঁ ৷
সপ্তাহৰ দেওঁবাৰ দিনা সিহঁতৰ "ছুট্টি " থাকে ৷সেইদিনা সিহঁত কেইটামান বজাৰলৈ যায় ৷কেইটামানে আমাৰ ঘৰত ধান কঢ়িওৱা, মৰনা মৰা, বাৰীত শাক পাচলিৰ খেতিত কোৰ মাৰি সহায় কৰি দিয়ে ৷সিঁহতে বিৰিয়াৰে ডাঙৰী কঢ়িয়াব নাজানে , ডাঙৰীবোৰ মূৰত লৈ ঘৰলৈ আনে ৷ বজাৰৰ পৰা ৰেচন আনে লগতে "বল চাবোন/ধেলা চাবোন " ৷বল চাবোন ডোখৰ তাঁৰ এডালেৰে টুকুৰা টুকুৰ কৰি ভগায় লয় ৷ সেইদিনা সিঁহতে গা ধুৱে ৷ আঁচ পৰা আণ্ডাৰ পেন্ট পিন্ধি সিহতে বল চাবোনেৰে বগা হোৱাকৈ ফেনাই ফেনাই গা ধুৱে ৷ গা ধুই উঠি লেপ লেপিয়াকৈ গাত মিঠাতেল ঘঁহে ৷
কেতিয়াবা আমি সিঁহতৰ তম্বুত বাগৰো ৷ গাত ছাল ওকনি, চাঁহী বগায় ৷ খজুৱতিত থাকিব নোৱাৰা হওঁ ৷মায়ে ঢকিয়াই ঢকিয়াই টিওৱৱেলৰ পাৰত বহুৱাই কুহুমীয়া গৰম পানীৰে গা ধুৱাই ৷সেইদিনা আমাৰ গাতো ওকনি মৰিবলৈ ধেলা চাবোন সানি ভোলৰ জালেৰে ঘঁহি ঘঁহি গা ধুৱায় ৷ ঠাণ্ডাৰ দিনৰ ফাফৰে খোৱা ছাল এৰি যায় ৷তাৰ পাছত ৰ"দত বহুৱাই মুৰত কেউকাৰ্পিন তেল আৰু গাত গোল নেমু মিহলাই মিঠাতেল ঘঁহি দিয়ে ৷ গা চেক চেকাই যায় ৷নুনিয়াৰ তম্বুত আৰু নাবাগৰো বুলি শপত খাওঁ ৷
চাধানাথে চুকত পৰি থকা আমাৰ পুৰণি ৰেডিও টোত বেটেৰী লগায় ভাল কৰি আনে ৷হিন্দী চেন্টাৰ লগায় ৷হিন্দী গান বাজে - ঘূংঘত কী আৰ চে দিলবৰ কা ডিদাৰ অধুৰা ৰহেতা হেই "-- ৷আমিও লগে লগে ৰাউচি জুৰো - যব তকনা পৰে আচিক কী নজৰ, চিংগাৰ অদুৰা ৰেহতা হেই"৷😊😊
কেতিয়াবা যদু বুঢ়া নাহে ৷এবাৰ যদু বুঢ়া নাহিলত "ডিমনি" বনাবলৈ "পৰদেচী" আহিল ৷পৰদেচীৰ আচল নাম কোনেও নাজানে ৷ "দুচৰে বিৰাদৰী " ৰ বাবে বাকী বোৰে তাৰ লগত বৰ এটা হলি গলি নকৰে ৷
দেওঁবাৰে সিও মুৰত ডুলি আৰু টুকুৰী লৈ বজাৰলৈ যায় ৷চব " ডিমনি "বিক্ৰি হলে সি ফুৰ্তিতে বজাৰত "দাৰু পি" আহে ৷ দাৰুৰ নিচাত তাৰ ডঁহা চকু ৰঙা হৈ পৰে ৷ আমালৈ পকৰি আনে৷ ৰাতি খানা নাখায় ৷"পৰদেচী পৰদেচী জানা নেহী, মুঝে চৌড়কে" বুলি চিঞৰি থাকে ৷ কোনোবাই ধমকি দিলে চুপচাপ শুই থাকে ৷পিছদিনা মাফি মাংগে ৷
সিঁহতি খৈনী খায় ৷বিহাৰৰ পৰা লগতে আচলি "খৈনী কা পাট্টা " লৈ আহে ৷ বেগৰ পৰা ওলিয়াই সৰু সৰুকৈ কুটি স্টিলৰ " চুনতি" ত( চাধা টেমাত ) ভৰায় থয় ৷ টেমাৰ পৰা চাধা চূণ উলিয়াই লেতেৰা হাতেৰে লাহে লাহে মলি থাকে ৷তাৰ পাছত থাপ থাপ কৈ তিনিবাৰ মাৰি সোঁ হাতৰ তলুৱাত লয় ৷বাওঁ হাতেৰে বাওঁ ফালৰ তলৰ ওঁঠটো মেলি সোঁ হাতৰ পৰা চাদা খিনি বাকি দিয়ে ৷ তাৰ পাছত জিভাত লাগি থকা দুই এটুকুৰা "থুপ" থুপ কৈ পেলাই দিয়ে ৷ আমি ৰ লাগি চাওঁ ৷মনে মনে চাদা চূণ মোহাৰি আমিও এদিন খাওঁ ৷মুৰ ঘূৰাই ,বমি হয় ৷আৰু চাদা নাখাওঁ বুলি শপত খাওঁ ৷
ককাহঁতক দেখি আমিও মনে মনে "চুৰত"( ঘৰত বনোৱা বিড়ি ) খাওঁ ৷ যদু বুঢ়াৰ তম্বুত সোমাই ৷ এদিন দেওবাৰ এটাত বিড়ি খাওঁতে যদুৰ তম্বুত জুই লাগিল ৷ যদুৰ বাল্টিটোত থকা পানীখিনিৰে জুই ননুমাল ৷যদুৰ তম্বু চাই হৈ গ'ল ৷লগতে জ্বলি গ'ল পুৰণি গোল নেমু জোপা ৷যদুৰ টোপোলাটো জ্বলিল ৷ধূতি দুখন ,চোলা এটা ৷ পইচাবোৰ বাচিল ৷পইচা সিঁহতি তম্বুত নাৰাখে ৷ লুঙীৰ তলত ,আঁচ আঁচ পৰা আণ্ডাৰ পেন্টৰ জেপতহে সিহঁতে পইচা থয় ৷
কেতিয়াবা দেচৰ পৰা দেউতাৰ মাৰফৎ ত সিহঁতলৈ " খত " আহে ৷ টিলক পিয়ন ককাই চিঠি দি যায় ৷ কোনোবাই চিঠি বোৰ পঢ়ি দিয়ে ৷ সিঁহতি মনপুতি দেচৰ, ঘৰ -বাৰৰ হাল জাল শুনে ৷চিঠিত ভূৱনৰ ভাল খবৰ আহে " দুই থৌ লইকী কে বাদ আখিৰ মে ভূৱন কা লইকা হোৱা হেই " ৷ বাকীবোৰে হাঁহি দিয়ে ৷ভূৱনৰ চকুপানী ওলায় ৷
ল'ৰা হলে কিয় কান্দিছে বুলি মাক সুধো ৷মায়ে কয় তাৰ ল'ৰা হোৱাৰ বাবে ফুৰ্তি লাগিছে আকৌ, বিহাৰত ছোৱালী হলে দহেজ দিব লাগে যে সেইকাৰণে ল'ৰা হলত তাৰ ফুৰ্তি লাগিছে ৷ফুৰ্তি লাগিলে মানুহে কান্দে নেকি ?আচৰিত হওঁ ৷
গধুলি কনজুচ ভূৱনে গণেশ দাইটিৰ দোকানৰ পৰা নিমকি বিস্কুত আৰু, দাল বুত চানা আনি চবকে খাবলৈ দিয়ে ৷সেইদিনা ভূৱনক কিবা এটা ভাল লাগি যায় ৷
আঘোণৰ শেষত আমাৰ ঘৰত ন খোৱা হয় ৷ ন খোৱাৰ দিনা সিঁহতে কামলৈ নাযায় ৷ কলপাত কটা ,খৰি কটা , পুখুৰীত মাছ ধৰা কামবোৰ কৰে, ৷ ন খোৱাৰ দিনা চুবুৰীয়াই ভৰি পৰে ৷ চোতালত জুই পুৱাই চবেই সিঁহতৰ লগত হিন্দীত কথা পাতে ৷ সিহতে অসমীয়াত কথা পাতে ৷বিহাৰৰ কথাবোৰ কয় ৷সবেই হাঁহে ৷ চাধনাথে অসমীয়া জানে ,সি গহীন গম্ভীৰ হৈ থাকে ৷
তাক আমাৰ গাঁৱৰ মানুহেও সন্মান কৰে ৷বাপেকৰ দৰে সিও বেজালি জানে ৷ মংগল চায় , অপশক্তিৰ পৰা ঘৰ বান্ধি দিয়ে ৷বিনিময়ত একো নলয় ৷ সাপে খুটিলেও সি জাৰিব জানে ৷ এবাৰ পুখুৰীত মাছ ধৰি থাকোতে মোৰ হাতত কিহবাই কামুৰিলে ৷ তেজ ওলাল ৷ঘৰত ভয়তে নকলো , গধূলিলৈ হাত বিষাবলৈ ধৰিলে ,ফুলি উঠিল ৷দেউতাই চাধনাথক মাতিলে - ঐ চাধন ,জলদি আহচোন ৷
চাধনাথ দৌৰি আহে ৷মোৰ হাতখন চায় ৷ আকৌ তম্বুলৈ দৌৰ মাৰে , তাৰ ঠেইলাৰ পৰা কিবা গুৰি এখিনি আনে ৷মোক বহুৱাই হাতত সানিদিয়ে ৷তাৰ পাছত পিঠিত কাঁহৰ কাহী এখন মাৰি দিয়ে ৷কাঁহী নৰয় সৰি পৰে ৷সি কয় -- চাপে দাকিছে ৷লেকিন ইতনা বিশেল নহয় মালিক , দৰনেকী জৰুৰত নেহী ৷ এইবুলি হাতখন মোহাৰি মন্ত্ৰ মাৰিল ৷ হাতৰ বিষ কমিল ,পিছদিনা হাত জামৰিল ৷
মাঘ বিহু আহে ৷সিহঁতিও আমাৰ লগত ভোজ খায় ৷ দাৰু পি কে বিহু গানৰ তালে তালে খুওব নাচে ৷নিজৰ মাজত ঝগৰা কৰে ৷চাধনাথে ধমকি দিয়ে ৷
ঠাণ্ডাৰ দিনত বাটে পোৱালি মেলে ৷আলফাৰো কুচকাৱাজ বাঢ়ে ৷ আলফা বিচাৰি ঘৰে ঘৰে আৰ্মিৰ চেকিং আহে ৷ আৰ্মিয়ে সিঁহতৰ তম্বুত গোৰ মাৰে ৷চাধনাথ ওলায় আহি মেজৰৰ লগত হিন্দীত কথা পাতে ৷আৰ্মিৰ লগতে সিও আমাৰ ঘৰ পায়হি ৷হিন্দীত কিবা বুজাই দিয়ে ৷ গোঁসাইঘৰ ,পাকঘৰত চুৱা নলগোৱাকৈ,বাহিৰে বাহিৰে চেকিং কৰি আৰ্মি গুচি যায় ৷
গাঁৱৰ দুই এজনে আৰ্মিৰ মাৰ খায় ৷ফলত বিহাৰীৰ প্ৰতি ঘৃণা বাঢ়ি যায় ৷ দুই এজনে কয় ---"*বিহাৰত গৈ আমাৰ মানুহে এনেকৈ পইচা ঘটিব পাৰিব নেকি ? ৷সিঁহতি ইয়াত থাকেহে এনেকে ,বিহাৰত চবৰে দুমহলীয়া ঘৰ ""*৷
আমি শুনো ৷আমাৰো খং উঠি যায় নুনিয়ালৈ৷দেউতাক ৰাতি সুধো ৷দেউতাই কয় -- ধেৎ ইমান টকা থকা হলে ,সিঁহতি এনেকৈ ইমান দুৰত কাম কৰিবলৈ আহে নেকি ? ইহঁত আমাৰ ইয়াৰ বাগানীয়া মানুহৰ দৰে ,কাম কৰি খোৱা মানুহ ৷খাবলৈ পানী নাথাকে ,মাটিৰ ঘৰত থাকে ৷ ঠাকুৰ ,মহাজন বোৰে অত্যাচাৰ কৰে ৷"
" মাটিৰ ঘৰ? সেইটো আকৌ কেনেকুৱা ঘৰ ? " -উচ্চুকতা বাঢ়ে ৷সিহঁতলৈ বেয়া লাগে ৷
মাঘৰ শেষৰ ফালে বৰষুণ আৰম্ভ হয় ৷ কাম কমি আহে ৷ বৰষুণৰ বতৰত সিহতি "আগুন চেকে " ( জুই পুৱাই ) জুইৰ নামত কেৱল ধোঁৱাহে থাকে ৷তাৰ চাৰিওফালে বহি থাকে ৷দুটামানে তম্বুৰ ভিতৰত টুৱেন্টি নাইন খেলে ৷
ফাকুৱা আহে ৷ সেইদিনা সিঁহতৰ বিহু ৷ সেইদিনা সিহঁতে ছাগলী খায় ৷ মঠাউৰিৰ ফালে নি চাধনাথে ছাগলীটো পূজা কৰি ব&&& লি দিয়ে ৷তাৰ তেজেৰে ফোঁট লৈ পূজা কৰে ৷আমাক চাবলৈ নিদিয়ে ৷আমি জুপি জুপি চাওঁ ৷ তাৰ পিছত ছাগলী কাটি বাচি মাংস ৰান্ধে ৷ সেইদিনা "শুখান মৰিচ" কমকৈ দিয়ে ৷ মাংসৰ লগত ,ঠেকুৱা (মিঠা ৰুটি ) সবকে খাবলৈ দিয়ে ৷ তাৰ পাছত হোলী ছটিয়াই ,ফটা ঢোল এটা বজাই ভোজপুৰী গান গায়, নাচে ৷
হোলীৰ পাছতে বৰষুণ বাঢ়ে , সিহঁতৰ কাম নাইকিয়া হয় ৷ পাবলগীয়া টকাবোৰ চাধনাথে তুলি আনে ৷ ৰাতি ডাঙৰ সকলে পিছৰ বাৰ বিহাৰৰ পৰা চাধা গছৰ গুটি আনিবলৈ কয় ৷
দুকান পোহাৰৰ ধাৰ মাৰি সকলোকে ৰাম ৰাম মালিক বুলি "পৰনাম"জনায় এদিন ৰাতিপুৱাই সিঁহত দেচলৈ বুলি ৰাওনা হয় ৷
2004-05 চন মানত শেষবাৰৰ বাবে সিহঁতআহিছিল ৷লগত লৈ আহিছিল আমালৈ চাতোৱা গুৰি ,নিজৰ বাবে দূৰ্ভাগ্য ৷সিহঁত আহি পোৱা কেইদিনমানৰ পাছতে ,ৰেলৱেৰ ইন্টাৰভিও দিবলৈ অহা বিহাৰী প্ৰাৰ্থীক তিনিচুকীয়াত কোনোবাই মাৰপিট কৰে ৷ দুদিনৰ পাছত প্ৰতিদিনত চাৰি কলমৰ বাতৰি আহে - বিহাৰৰ কটিহাৰ জংচনত অসমীয়া জীয়ৰী বোৱাৰীক নিৰ্যাতন ,আক্ৰমণ ৷বনজুইৰ দৰে বাতৰি বিয়পি পৰে ৷আমাৰো চেঙেলীয়া ডেকা তেজ উতলি আহে ৷বিহাৰীৰ প্ৰতি তীব্ৰ ঘৃণা জাগে ৷ কিন্তু চাধনাথ হ'তক দেখিলে বেয়া লাগে ৷ আধা কাম কৰিয়েই চিন্তাক্লিষ্ট ,ভয়াৰ্ত মূখ লৈ সিহঁত উভটি আহে৷ সন্ধিয়ালৈ খবৰ পাওঁ ,গাখীৰ নিবলৈ অহা গোৱালাটোক কোনোবাই গৰু পিটন দিলে ৷মনত শান্তি লাগে ৷অলপ পাছতে গম পাওঁ দুকানলৈ যোৱা চতুৰঘন আৰু বুধুৱাক কোনোবাই থাপৰ দিলে ৷মনত দুখ লাগে৷ তম্বু এৰি ভয়ে ভয়ে সিঁহতে আমাৰ পাছফালৰ চালিৰ তলত বহে ৷ অলপ পাছতে পশ্চিম আকাশ ৰাঙলী হৈ পৰে ৷
বুঢ়ীদিহিংৰ সিপাৰে থকা বিহাৰী গাওঁখনত কোনোবাই জুই দিলে ৷ চিঞৰ বাখৰ ,উকি কাণত পৰে ৷ সিঁহতৰ ভয় বাঢ়ে ৷দুটামানে কান্দে ৷
চৰ্দাৰ চাধনাথে অভয় দিয়ে - দৰৌ মত , মালিক হমে কুচ নেহী হৌনে দেগা ,মালিক হেই না ৷ সেইদিনা ৰাতি সিঁহতে ভোকে লঘোণে পিছফালৰ বাৰাণ্ডাতে বহি থাকে ৷পুৱা ঘটি লৈ পাছফালৰ বাহিনিলৈহে যায় ৷ৰাতিপুৱা পুনৰ বাতৰি আহে ৷সমগ্ৰ অসম জুৰি বিহাৰী ওপৰত আক্ৰমনৰ খবৰ আহে ৷সিহঁতৰ এটাই আশা - মালিক ওনকৌ বচায়েগা ৷
পিছদিনা দেউতাই গোটেই সোপাকে নাহৰকটীয়া ষ্টেচনত ৰেলত উঠাই থৈ আহিছিলগৈ ৷বুজি পাইছিলো নুনিয়াবোৰ আৰু কেতিয়াওঁ নাহে৷