Adv Zakir Hussain

Adv Zakir Hussain সংগ্রামেই হৈছে জীয়াই থকাৰ মূল আহিলা। ZAKIR HUSSAIN

গোৱালপাৰা জিলাৰ ৰাখালাডুবি অৰুনোদয় ক্লাৱৰ উদ্যোগত আয়োজিত  ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ কাৰ্য্যসূচীত আমন্ত্ৰিত অতিথি হি...
26/01/2024

গোৱালপাৰা জিলাৰ ৰাখালাডুবি অৰুনোদয় ক্লাৱৰ উদ্যোগত আয়োজিত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ কাৰ্য্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অতিকৈ আনন্দিত হওঁ। অৰুনোদয় ক্লাৱে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি উক্ত অঞ্চলৰ বিভিন্ন কৃষি, সামাজিক, সাংস্কৃতিক, ক্ৰীড়া ক্ষেত্ৰত যিসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে । সেই সকল ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। সঁচাকৈ এয়া এক প্ৰশংসনীয় বিষয়। আগন্তুক দিনত উক্ত ক্লাৱে এনেকৈ কাৰ্যসূচী সমূহ পালন আৰু ভিতৰুৱা উদ্যমী যুৱক- যুৱতী সকলক আগবঢ়াই লৈ যোৱা ভূমিকা পালন কৰক তাৰে কামনা কৰিলোঁ। আজিৰ কাৰ্যসূচীত মোক আমন্ত্ৰন কৰি যি সন্মান প্ৰদান কৰিলে তাৰ বাবে আয়োজক মণ্ডলীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ লগতে বিশেষ ভাৱে Rahul Khan দাদালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

জিলা আইনী সেৱা প্ৰাধিকাৰী গোৱালপাৰাৰ উদ্যোগত আৰু টিম হিউমিনিটি গোৱালপাৰাৰ সহযোগত গোৱালপাৰা জিলা কাৰাগাৰত আইনী স্বাক্ষৰতা...
25/01/2024

জিলা আইনী সেৱা প্ৰাধিকাৰী গোৱালপাৰাৰ উদ্যোগত আৰু টিম হিউমিনিটি গোৱালপাৰাৰ সহযোগত গোৱালপাৰা জিলা কাৰাগাৰত আইনী স্বাক্ষৰতা পাঠদান আৰু অধ্যয়নমূলক সা-সঁজুলি বিতৰন কৰাৰ উপলক্ষে এখনি কাৰ্যসূচী গ্ৰহণ কৰা। উক্ত কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কাৰাগাৰত থকা কয়েদি সকলে কাৰাগাৰত দিনটো অধ্যয়নৰ ওপৰত চৰ্চা কৰাৰ উপৰিও যিসকলে লিখা-পঢ়া নাজানে সেইসকলে যাতে অন্ততঃ নিজৰ নাম লিখিব পাৰে তাৰ ওপৰত কিছু বক্তব্য দাঙি ধৰোঁ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,অসমৰ শিক্ষা সম্পাদক সৌৰভ জ্যোতি গগৈয়ে অসম লোক সেৱা আয়োগত সুখ্যাতিৰে উত্তীৰ্ণ হয়।তেওঁ মোক কৈছ...
17/01/2024

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,অসমৰ শিক্ষা সম্পাদক সৌৰভ জ্যোতি গগৈয়ে অসম লোক সেৱা আয়োগত সুখ্যাতিৰে উত্তীৰ্ণ হয়।
তেওঁ মোক কৈছিলে যে জাকিৰ দা মই APSC ত উত্তীৰ্ণ হমেই সেয়া আছিল ২০২১ ৰ কথা ।অৱশেষত খবৰটো লাভ কৰি অতিকৈ আনন্দিত হৈছো।আগন্তক দিনত নিজৰ দায়িত্ব ভাল দৰে পালন কৰা তাৰে কামনা কৰিলোঁ। Saurav Gogoi

গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত মোহম্মদিয়া হাই স্কুল ,ডেকধোৱাত গোৱালপাৰা মহাবিদ্যালয় এন.এছ.এছ গোটৰ উদ্যোগত ...
03/01/2024

গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত মোহম্মদিয়া হাই স্কুল ,ডেকধোৱাত গোৱালপাৰা মহাবিদ্যালয় এন.এছ.এছ গোটৰ উদ্যোগত POCSO ACT ৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত Guest Speaker হিচাপে উপস্থিত থাকি অতিকৈ আনন্দিত হওঁ। মোক আমন্ত্ৰণ কৰি আয়োজক মণ্ডলীয়ে যি মৰম দিলে তাৰ কাৰণে সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ।
আজিৰ সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা মহাবিদ্যালয় অধ্যাপক জহিৰুল ইছলাম আৰু আনজাম বৰভূঞা ছাৰ।

24/12/2023

আমাৰ অঞ্চলৰ এক গৰাকী উদীয় মান যুৱক মনিৰুজ জামানৰ কণ্ঠত। য়া আলি গান।

গোৱালপাৰা মহোৎসৱৰ আয়োজক মণ্ডলীৰ পৰা পোৱা মৰম আৰু আর্শীবাদ কেতিয়াও পাহৰিব নোৱাৰিম। সকলোকে  আন্তৰিক ধন্যবাদ জনালোঁ ।
20/12/2023

গোৱালপাৰা মহোৎসৱৰ আয়োজক মণ্ডলীৰ পৰা পোৱা মৰম আৰু আর্শীবাদ কেতিয়াও পাহৰিব নোৱাৰিম। সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ ।

গোৱালপাৰা মহোৎসৱ আয়োজক মণ্ডলীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ধন্যবাদ জনালো।
19/12/2023

গোৱালপাৰা মহোৎসৱ আয়োজক মণ্ডলীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ধন্যবাদ জনালো।

24/11/2023

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ।

গোৱালপাৰা জিলাৰ গৌৰনগৰতস্থিত Excellent Academy ত স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উ...
16/08/2023

গোৱালপাৰা জিলাৰ গৌৰনগৰতস্থিত Excellent Academy ত স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকো।
সভাত উপস্থিত থাকে ভাইটি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংস্কৃতিক সম্পাদক Al Mostafizur Rahman , জলেশ্বৰৰ প্ৰাক্তন বিধায়ক Sahab Uddin Ahmed , তপোবন কলেজৰ অধ্যক্ষ আব্দুল মান্নান ছাৰ তাৰোপৰি বিভিন্ন বিদ্যালয়ৰ শিক্ষক সকল। আগন্তুক দিনত বিদ্যালয়ৰ উত্তৰণ কামনা কৰিলোঁ।

গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্য্যালয়ৰ উদ্যোগত আৰু গোৱালপাৰা চিভিল হস্পিতালৰ ব্লাড বেংকৰ সহযোগত গোৱালপাৰা জিলা ন...
05/07/2023

গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্য্যালয়ৰ উদ্যোগত আৰু গোৱালপাৰা চিভিল হস্পিতালৰ ব্লাড বেংকৰ সহযোগত গোৱালপাৰা জিলা ন্যায়াধীশ কাৰ্যালয়ৰ অন্তৰ্গত DLSA ৰ কাৰ্যালয়ত এদিনীয়া ৰক্ত দান শিবিৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত ৰক্তদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলা আদালত জিলা ও সত্ৰ ন্যায়াধীশ জিতুমণি বৰ্মন, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা চিভিল হস্পিতালৰ ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বেইখ আব্দুল্লাহ আহমেদ তাৰোপৰি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলা আদালতৰ অতিৰিক্ত জিলা ও সত্র ন্যায়াধীশ, চি.জি.এমৰ লগতে জ্যেষ্ঠ অধিবক্তা সকলে ।লগতে আজিৰ কাৰ্যসূচীৰ মুল গুৰি ধৰোতা হৈছে গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰীৰ চেক্ৰেটাৰী উজ্বল বৰা ছাৰ আৰু গোৱালপাৰা জিলাৰ ব্লাড বয় হিচাপে খ্যাত সু অৰ্জুন কৰা Rahul Khan ডাঙৰীয়াৰ নাম উল্লেখ কৰিবই লাগিব। আজিৰ ৰক্তদান শিবিৰত গোৱালপাৰা জিলা ন্যায়াধীশৰ অধিবক্তা আৰু কৰ্মচাৰী মিলি মুঠ ২৪ ব্যক্তিয়ে ৰক্তদান কৰি কাৰ্যসূচী খন সাফল্য মণ্ডিত কৰে। লগতে আজিৰ কাৰ্যসূচীত উপস্থিত থাকে Team humanity ৰ কেন্দ্ৰীয় উপসভাপতি টিকেন্দ্ৰ দাস ডাঙৰীয়া। গোৱালপাৰা জিলাৰ Team humanity সদস্য হিচাপে মইও উপস্থিত থাকি সহযোগ আগবঢ়াও।

Address

Goalpara

Telephone

+919577442130

Website

Alerts

Be the first to know and let us send you an email when Adv Zakir Hussain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Adv Zakir Hussain:

Share