
19/05/2024
ভগবানৰ বিশ্বৰূপ প্ৰকাশে উদ্বিগ্ন কৰিছে অৰ্জুন তথা তিনি লোকৰ সকলোকে।(শ্ৰীমদ্ভগৱদগীতা, একাদশ অধ্যায়, বিশ্বৰূপ দৰ্শন যোগ, শ্লোক-২৪)
আকাষ্পৰ্শী, দীপ্তিমান, অনেক বৰ্ণৰে যুক্ত তথা মেলি থকা মুখেৰে আৰু দীপ্ত চকুৰে আপোনাক দেখি হে বিষ্ণু, মোৰ হৃদয় উদ্বিগ্ন হৈ পৰিছে আৰু ধৈৰ্য বা শান্তি নোহোৱাৰ উপক্ৰম হৈছে।