
04/08/2025
গোৱালপাৰা জিলা ক্ৰীয়া সন্থাৰ উদ্যোগত আয়োজিত ফুটবল প্ৰশিক্ষণ শিবিৰত পানীত ডুবি মৃত্যু হোৱা ফুলকুমলীয়া ১৪ বছৰীয়া লৰা "গৌৰৱ ৰয়" ৰ মৃত্যুৰ বাবে দায়ী কোন ?
ফুটবল প্ৰশিক্ষণ লবলৈ যোৱা কনমানী "গৌৰৱ" পানীত কেনেকৈ ডুবিল ?
প্ৰায় ৬০ গৰাকী লৰা- ছোৱালী প্ৰশিক্ষণ লৈছিল ! কিন্তু বাকীবোৰ ক'ত গৈছিল ?
কোনোৱে বচাবলৈ চেষ্টা নকৰিল কিয় ?
জিলা ক্ৰীয়া সন্থাৰ "DN Singha Stadium" ৰ দৰে ইমান ডাঙৰ খেলপথাৰ থাকোঁতে,কাৰ নিৰ্দেশত আৰু কাৰ স্বাৰ্থত বাপুজীনগৰৰ ৰূপজ্যোতি ক্লাবৰ সৰু এখন পথাৰত প্ৰশিক্ষন দিয়া হল ?
কোচাৰ বা বাকী সন্থাৰ বিষয়ববীয়াই কণমানি জনক মৰিবলৈ দি নিদ্ৰাত মগ্ন আছিল নেকি ?
ৰহস্য নিশ্চয় আছে !
জিলা ক্ৰীয়া সন্থাই বিষয়টো গাপ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে !
বিষয়টো তদন্ত বাবে জিলা প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনালোঁ ।