14/08/2026
🚨 লিকাবালীৰ সমীপত মিচিং লোকক হত্যাৰ ভাবুকি!
📌 অৰুণাচলৰ লিকাবালীৰ ওচৰৰ চিচি বস্তি আৰু চিচি পাকে অঞ্চলত মিচিং সম্প্ৰদায়ৰ লোকসকলক লৈ সৃষ্টি হৈছে আতংকময় পৰিস্থিতি।
📌 স্থানীয়ভাৱে জানিব পৰা মতে, অঞ্চলটোত থকা মিচিং দোকানী আৰু হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকলক মাৰি পেলোৱাৰ ভাবুকি দিয়া হৈছে।
📌 ঘটনাটোক লৈ স্থানীয় মিচিং লোকসকলৰ মাজত তীব্ৰ আতংক আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি হৈছে।
📌 এনে পৰিস্থিতিত আৰক্ষী-প্ৰশাসনে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত কৰাৰ লগতে সাধাৰণ নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উঠিছে।
⚠️ জাতি-সম্প্ৰদায়ৰ মাজত উত্তেজনা বৃদ্ধি নকৰি, দোষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাটোৱেই এতিয়া মূল দাবী।