Gohpur Live

Gohpur Live প্ৰতি মূহুৰ্তত একক আৰু পৃথক
(1)

📌গহপুৰৰ কোনে এনেকৈ পাতিলে অসমীয়া ভাষাৰ আদ্য শ্ৰাদ্ধ ! মন কৰক, বেনাৰখনলৈ ,,,,
07/08/2026

📌গহপুৰৰ কোনে এনেকৈ পাতিলে অসমীয়া ভাষাৰ আদ্য শ্ৰাদ্ধ ! মন কৰক, বেনাৰখনলৈ ,,,,

🛑 গহপুৰৰ  #প্ৰিমলী বৰুৱাৰ  #ডক্টৰেট ডিগ্ৰী লাভ।🛑 গহপুৰ সমজিলাৰ বাবে এটা ভাল খবৰ। গহপুৰ পৌৰসভাৰ অন্তৰ্গত চত্ৰংগুৰি মাজগাঁ...
07/08/2026

🛑 গহপুৰৰ #প্ৰিমলী বৰুৱাৰ #ডক্টৰেট ডিগ্ৰী লাভ।
🛑 গহপুৰ সমজিলাৰ বাবে এটা ভাল খবৰ। গহপুৰ পৌৰসভাৰ অন্তৰ্গত চত্ৰংগুৰি মাজগাঁও নিবাসী তথা ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভাৰত বৰুৱা আৰু জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী প্ৰণালী বৰুৱাৰ জেষ্ঠ্যা কন্যা প্ৰিমলী বৰুৱাই অসম বিশ্ববিদ্যালয়, শিলচৰৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি সমগ্ৰ গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ড° প্ৰিমলী বৰুৱা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ AICTE ৰ Senior Language Expert হিচাপে দিল্লীত কৰ্মৰত হৈ আছে।তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা ভাষাতত্ব (ইংৰাজী) বিভাগত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা পাছত অসম বিশ্ববিদ্যালয়, শিলচৰৰ পৰা প্ৰফেচাৰ অজিত কুমাৰ বৈশ্যৰ তত্বাবধানত বিশ্বৰ পুষ্যভাষা ভিতৰৰ এটা বিলুপ্তপ্ৰায় অসমৰ বৰ্মন ভাষাৰ কথন শৈলীৰ ভাষাতত্বৰ ওপৰত প্ৰত্যাহ্বানমূলক গৱেষণা আৰম্ভ কৰিছিল।
উল্লেখযোগ্য যে, বৰ্তমান টংলা, ওদালগুৰি, বাক্সা, চিৰাং আদি অঞ্চলসমূহ বৰ্মন জাতিৰ সীমিত সংখ্যক লোক আছে যদিও এই ভাষা জনা বা কোৱা লোকৰ সংখ্যা ১০ জনতকৈ কম, ই প্ৰায় বিলুপ্তিৰ পথত। এই অঞ্চলসমুহৰ মাজত গৈ নিজে থাকি-বুজি অধ্যয়ন কৰি ২৫০ পৃষ্ঠাৰ বৃহৎ গৱেষণা গ্ৰন্থ প্ৰস্তুত আৰু প্ৰকাশ কৰি আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে , ড° প্ৰিমলী বৰুৱাই।

ড° প্ৰিমলী বৰুৱাৰ কঠোৰ পৰিশ্ৰম, কষ্টসহিষ্ণু মন আৰু অধ্যয়নশীল সুশৃংখলিত চেষ্টাৰ ই সৰ্বোত্তম ফচল আৰু আমাৰ গহপুৰৰ বাবে ইতিবাচক খবৰ।ড° প্ৰিমলী বৰুৱাৰ এই প্ৰাপ্তিৰ বাবে গহপুৰৰ বৌদ্ধিক আৰু শৈক্ষিক সমাজে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

07/08/2026

📌SNA SPARSH PORTAL ৰ বিপৰীতে পুৰণি নিয়ম অনুসৰি Local Treasury ৰ জৰিয়তে দিয়ক দৰমহা।
চৰকাৰৰ নতুন নিয়মৰ বিৰোধিতাৰে বিশ্বনাথত প্ৰাথমিক শিক্ষকৰ উত্তাল প্ৰতিবাদ ।✅✅

07/08/2026

📌গাতে লাগি থকা গহপুৰ আৰক্ষী থানাক কেৰেপ নকৰে চোৰে। পুনৰ গহপুৰৰ দৈনিক বজাৰৰ কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানত চোৰৰ সন্ত্ৰাস ।

06/08/2026

📌সৰু কাঠনি - খলিহামাৰী সংযোগী পকী পথ/ কালভাৰ্ট ৰ এটা অংশ চিঙিছে ।
📌আতংকিত স্থানীয় ৰাইজ ।
📌বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত উক্ত স্থানত যদি সম্পূৰ্ণ পথ ছিঙি যায় , তেন্তে প্ৰায় ৫/৬ খন গাঁৱলৈ আহিব পাৰে , ভয়ঙ্কৰ বিপদ ।
📌 বানৰ কৱলত থকা উক্ত স্থানৰ ৰাইজ পুনৰ চিন্তিত।
゚viralシfypシ゚viralシalシ

06/08/2026

⬛কিমান আৰু দুখৰ খৱৰ শুনিব । আজি পুৰণি সেই গায়ন বায়নৰ দৃশ্য চাওঁ আহক। বৰ্তমান সমাজত বিলুপ্ত প্ৰায় এনে দৃশ্য ।

06/08/2026

📌মথাউৰি খহনীয়া ৰোধ কৰিব পৰাকৈ বৃক্ষ মানৱ বকুল গগৈৰ গৱেষণাত কি আছে ? বনপূৰৈ - জামুগুৰি মথাউৰিৰ খহনীয়া স্থানত কি ক'লে , প্ৰকৃতি প্ৰেমী বকুল গগৈয়ে !✅✅

05/08/2026

📌আপোন ঠাই ধলপুৰৰ বনপূৰৈ - মথাউৰি ব্যাপক খহনীয়াৰ খৱৰ পাই খহনীয়া স্থানলৈ ঢপলিয়াই আহিল,
ধলপুৰৰ সু- সন্তান তথা ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য ।

05/08/2026

📌নাৰায়ণপুৰৰ বনপুৰৈ - জামুগুৰি মথাউৰিৰ নিৰ্মাণ চলি আছে তীব্ৰ গতিত ।

05/08/2026

📌বনপুৰৈ জামুগুৰিৰ মথাউৰি পৰ্য্যৱেক্ষণ কৰিবলৈ উপস্থিত হয়, বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । মুখ্যমন্ত্ৰীয়ে ফোনযোগে বুজ লয় পৰিৱেশ ।✅✅

Address

Gohpur
784169

Website

Alerts

Be the first to know and let us send you an email when Gohpur Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share