15/08/2025
গহপুৰৰ ছয় দুৱাৰ ব্লক কংগ্ৰেছ কমিটীৰ সমিতি আৰু পূব ছয় দুৱাৰ ব্লক কংগ্ৰেছ কমিটীৰ সৌজ্যনত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি আৰু সাংসদ ৰিপন বৰাৰ নেতৃত্বত আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ অনুযায়ী গহপুৰ চহৰৰ মাজেৰে এক বিশাল ত্ৰিৰংগা যাত্ৰা ৰূপায়িত কৰা হয়। বহু সংখ্যক জনতাৰ সমাৱেশৰে ৰূপায়ন কৰা উক্ত যাত্ৰাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক মনোজ চৌহান , বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিকে ধৰি বিভিন্ন নেতৃবৃন্দই অংশগ্ৰহণ কৰে ৷