Live7 Sisters

Live7 Sisters 'Live Gohpur Assam', an infotainment portal since 2012, is now changing its name to 'Live7 Sisters'.
(1)

11/09/2026

ছয়দুৱাৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন কৰাৰ উদ্দেশ্য সাধাৰণ সভা

11/09/2026

নতুন দিল্লীত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ..

অসমৰ বান আৰু গৰাখহনীয়া সমস্যাই এইবাৰ জোঁকাৰিছে দেশৰ ৰাজধানী নতুন দিল্লী! ৰাজ্যখনৰ এই জ্বলন্ত সমস্যাৰ এক স্থায়ী সমাধানৰ পথ বিচাৰি দিল্লীৰ 'কনষ্টিটিউশ্বন ক্লাৱ অৱ ইণ্ডিয়া'ত অনুষ্ঠিত হৈ গ'ল এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত একত্ৰিত হ’ল দেশৰ বহুসংখ্যক বিশিষ্ট বুদ্ধিজীৱী, জল-বিজ্ঞানী আৰু ভূ-তত্ত্ববিদ।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি ৰাজধানী দিল্লীত এক ঐতিহাসিক পদক্ষেপ! অসমৰ অৰ্থনীতি আৰু জনজীৱন ছাৰখাৰ কৰা বান আৰু গৰাখহনীয়া সমস্যাৰ খিলঞ্জীয়া আৰু বৈজ্ঞানিক সমাধান বিচাৰি 'কনষ্টিটিউশ্বন ক্লাৱ অৱ ইণ্ডিয়া'ত আয়োজন কৰা হয় এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ।

AJYCP-ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমায়ে সঞ্চালনা কৰা এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে সংগঠনটোৰ সাধাৰণ সম্পাদক বিজন বায়নে। এই আলোচনা চক্ৰত উপস্থিত থাকে দেশৰ কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সাংবাদিক, লেখক, ভূ-তত্ত্ববিদ, গৱেষক আৰু জলসম্পদ বিজ্ঞানী। প্ৰত্যেকগৰাকী বিশেষজ্ঞই অসমৰ খহনীয়া আৰু বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে ইয়াৰ বিজ্ঞানসন্মত স্থায়ী সমাধানৰ ওপৰত আলোকপাত কৰে।

উল্লেখ্য যে, ৰাজধানী চহৰখনত অনুষ্ঠিত এই আলোচনা চক্ৰত AJYCP কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়াৰ উপৰিও অসমৰ প্ৰতিখন জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক উপস্থিত থাকি অনুষ্ঠানটিক সফল কৰি তোলে। অসমৰ বান সমস্যাক লৈ দিল্লীৰ বুকুত তোলা এই প্ৰতিধ্বনিয়ে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’বনে, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

11/09/2026

গহপুৰৰ কলাবাৰী কেকোঁৰাবাৰী গাঁৱত নিশা তিনিটাকৈ গৰু চোৰে চুৰি কৰি নিয়ে

10/09/2026

ছয়দুৱাৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন কৰাৰ উদ্দেশ্য সাধাৰণ সভাৰ আহ্বান।

09/09/2026
08/09/2026

গহপুৰৰ ঐতিহাসিক কলাবাৰী মহাবিদ্যালয়ত আজি এক বিশেষ উৎসাহ-উদ্দীপনাময় পৰিৱেশৰ সৃষ্টি হয়। মহাবিদ্যালয়খনৰ নৱাগত আদৰণি সভা (Freshers' Social) ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু।

​মহাবিদ্যালয়খনৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। মন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ গাম্ভীৰ্য বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত এক নতুন উদ্দীপনাৰ সঞ্চাৰ কৰে।

06/09/2026

আজি গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ সন্মুখত BOOHUMUREDUX নামৰ কাপোৰৰ এখন বিপনীৰ দ্বাৰ‌ মুকলি কৰে সদৌ অসম সাংবাদিক সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা Live7 Sisters ৰ মুখ্য সম্পাদক ভুৱন শইকীয়াই। বন্তি প্ৰজ্বলন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ ভাস্কৰ জ্যোতি গগৈয়ে। শিক্ষক শৰৎ দাসে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানটিত অসম চৰকাৰৰ শিল্পী পেন্সন প্ৰাপ্ত তিলক ফুকন, আটছাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিলোৎপল ৰবিদাস, আছুৰ বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা ভুৱনেশ্বৰ তাঁতি, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বাস্তৱ গকুল দাস, শিক্ষক মুন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ব্যতিক্ৰমী চিন্তাধাৰাৰে আৰম্ভ কৰা বিপনীখন পৰিচালনা কৰিব পাৰ্থ ফুকন আৰু প্ৰীজা বৰমূদৈয়ে। সৃষ্টিশীল মনৰ অধিকাৰী দুয়োগৰাকী যুৱক যুৱতীৰ পিতৃ মাতৃ ক্ৰমে হৰিচৰণ বৰমূদৈ,মণিকা ফুকন আৰু ইৰামুদৈয়ো আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

◼️আজুত যোগদান চতিয়াৰ সাংবাদিক অঞ্জন শইকীয়াৰ।◼️সদৌ অসম সাংবাদিক সন্থা (আজু)ত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে চতিয়াৰ জ্যে...
06/09/2026

◼️আজুত যোগদান চতিয়াৰ সাংবাদিক অঞ্জন শইকীয়াৰ।

◼️সদৌ অসম সাংবাদিক সন্থা (আজু)ত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে চতিয়াৰ জ্যেষ্ঠ সাংবাদিক অঞ্জন শইকীয়াই।আপকুৰ বিশ্বনাথ জিলা সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা অঞ্জন শইকীয়াই আপকু এৰি যোগদান কৰে আজুত। সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ সভাপতি পংকজ কুমাৰ নাথ, প্ৰধান সম্পাদক নকুল তালুকদাৰ আৰু সহকাৰী সম্পাদক ভুৱন শইকীয়াৰ উপস্থিতিত আজি বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এখন সভাত আজুত যোগদান কৰে অঞ্জন শইকীয়াই। এসময়ত আজুৰ নিষ্ঠাৱান সদস্য অঞ্জন শইকীয়াই আজু এৰি আপকুত যোগদান কৰাৰ পিছত তেওঁ আপকুৰ বিশ্বনাথ জিলা সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত অধিষ্ঠিত হৈছিল। আজি পুনৰ আজুত যোগদান কৰা অঞ্জন শইকীয়াক ফুলাম গামোচাৰে আদৰণি জনায় আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথ, প্ৰধান সম্পাদক নকুল তালুকদাৰ আৰু সহকাৰী সম্পাদক ভুৱন শইকীয়াই।

06/09/2026

সদৌ অসম সাংবাদিক সন্থা (আজু) ৰ ত্ৰয়োদশ দ্বি-বাষিক অধিবেশনখনি বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উদ্যোগত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব।

06/09/2026

সদৌ অসম সাংবাদিক সন্থা (আজু) ৰ ত্ৰয়োদশ দ্বি-বাষিক অধিবেশনখনি সূচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে আজি বিশ্বনাথ পৌৰ সভা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাত আদৰণি সমিতি গঠন কৰাৰ পূৰ্বে আজুৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ৰাইজ আৰু সাংবাদিক সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰা মুহূৰ্তত..

Address

Railway Station Road, Ward No 3 Gohpur
Gohpur
784168

Alerts

Be the first to know and let us send you an email when Live7 Sisters posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live7 Sisters:

Shortcuts

Share