18/01/2026
জ্ঞান অপৌৰুষেয়
ই-বুক হিচাপে প্ৰকাশ পোৱা শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুত উদয়নাৰায়ণ গৌতম দেৱৰ প্ৰথমখন কিতাপ “জ্ঞান অপৌৰুষেয়” (তৃতীয় সংস্কৰণ) মুকুতা এইছ. পাব্লিকেশ্যনত উপলব্ধ বুলি শুনি, তাতে আকৌ ৫০% ৰেহাই মূল্যত পোৱা সুযোগ থাকাত, কিতাপখন ততাতৈয়াকৈ কিনি ল’লোঁ আৰু পঢ়িবলৈ আৰম্ভ কৰিলোঁ।
যিকোনো পূজাৰ সফল সমাপ্তিৰ পিছত যেতিয়া আমি প্ৰসাদ গ্ৰহণ কৰোঁ, তেতিয়া প্ৰায়েই সেই মধুপৰ্কৰ ভাগ ল’বলৈ আগবাঢ়ি আহোঁ। “জ্ঞান অপৌৰুষেয়” ই-বুকখন কিনাৰ পিছত প্ৰথমটো অধ্যায় পঢ়িয়েই যেন পূজাৰ মধুপৰ্কৰ সোৱাদ ল’লোঁ—এনে এক অনুভৱ হ’ল।
বাহুল্য কৰি কোৱাৰ প্ৰয়োজন নাই যদিও, মই ক’বলৈ কুণ্ঠাবোধ নকৰোঁ যে মোৰ দৰে অজ্ঞানী নৰে জ্ঞান কি—সেয়া আজিলৈকে বুজি পোৱা নাছিলোঁ। জীৱনৰ বাটকুৰি বাই অতিবাহিত কৰি অহা দিনবোৰত লাভ কৰা কাৰিকৰী শিকণিবোৰকেই শিক্ষা বুলি ধৰি আহিছিলোঁ আৰু তাকেই লৈ নিজকে শিক্ষিত বা অল্পজ্ঞানী বুলি ভাবিছিলোঁ। পিছে সেই সকলো ধাৰণা যে মিছা, তাৰ স্পষ্ট ছবি উদঙাই দিলে “জ্ঞান অপৌৰুষেয়” নামৰ দাপোন-স্বৰূপ অধ্যায়টোৱে।
মোৰ এই অনুভৱ যদিও ব্যক্তিগত, তথাপি অনুৰূপ অনুভৱৰ প্ৰবাহ অন্য এগৰাকী পাঠকৰ মনতো নিশ্চয় সৃষ্টি হ’ব—যদিহে তেখেত বেদ-উপনিষদৰ জ্ঞানেৰে পুষ্ট নহয়।
https://mukutahpublication.com/books/jnan-apaurusheya
#অসমীয়াসাহিত্য
জ্ঞান অপৌৰুষেয়’ হৈছে শ্ৰীযুত উদয়নাৰায়ণ গৌতম দেৱৰ এটি প্ৰবন্ধ সংকলন। এই সংকলনখনিত সন্নিবিষ্ট লেখাসমূহ বিভিন্ন স...