
04/06/2025
জেষ্ঠ সাংবাদিক,অৱসৰী শিক্ষক , বাতৰি কাকতৰ এজেণ্ট , বিশিষ্ট সমাজ কৰ্মী বিমল আগৰৱালাৰ দেহাৱসান৷ শোকস্তব্ধ বাদুলীপাৰ :: বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
খুমটাই লাইভ:৪ জুনঃ বাদুলীপাৰৰ অঞ্চলৰ অৱসৰী শিক্ষক , অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী , সমাজকৰ্মী বিমল আগৰৱালাৰ যোৱা নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত ৭৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ৷
১৯৫০ চনত ৰঙামাটি চেউনি কমাৰগাঁৱত জন্ম লাভ কৰা প্ৰয়াত আগৰৱালাই সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৷ অসম আন্দোলনৰ সময়ত ১৯৮৪ চনত গণ সংগ্ৰাম পৰিষদৰ বাদুলিপাৰ আঞ্চলিক সমিতিৰ সম্পাদকৰ দায়িত্বত থকা সময়চোৱাত প্ৰয়াত আগৰৱালাই ১১ দিন কাৰাবাস খাটিব লগা হৈছিল ৷ ৰঙামাটিৰ গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষকৰূপে যোগদান কৰি পৰৱৰ্তী সময়ত একেখন বিদ্যালয়ৰ পৰাই তেও অৱসৰ গ্ৰহণ কৰে ৷ জিলা কৃতি শিক্ষকৰ বঁটাও লাভ কৰা আগৰৱালাই১৯৭০চনত প্ৰতিষ্ঠা কৰা ৰঙামাটি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰাক্তন সভাপতি,গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য, , আশীৰ দশকৰ আৰম্ভণিত বনগাঁৱত অনুষ্ঠিত কেইবাখনিও শাখা সাহিত্য সভাই অনুষ্ঠিত কৰা আঞ্চলিক সাহিত্য সন্মিলনৰ এগৰাকী গুৰি ধৰোঁঁতা প্ৰয়াত আগৰৱালা অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল ৷ ১৯৭০চনত ভোলাগুৰি কমলা মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত ললিত বৰুৱা,আব্দুল মালিক,ড° হেম বৰা,ড° নগেন শইকীয়া আদিৰ প্ৰচেষ্টাত জন্ম হোৱা গোলাঘাট জিলা কবি চক্ৰৰ লগত এজন যুৱক হিচাপে জড়িত হৈ সাহিত্যৰ দিশত সেৱা আগবঢ়াইছিল ৷ ১৯৭০চনত তেওঁ বাদুলিপাৰৰ পৰা প্ৰদীপ নামৰ এখন বাৰ্তালোচনী প্ৰকাশ আৰু সম্পাদনা কৰি কেইবা বছৰো প্ৰকাশ কৰে ৷ ১৯৬৭চনত সাপ্তাহিক জনমভূমিত ১৯৭২ চনৰ পৰা দৈনিক জনমভূমি কাকতত বাদুলীপাৰৰ পৰা দীৰ্ঘদিন ধৰি সংবাদসেৱা আগবঢ়াইছিল ৷ গোলাঘাটৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকতৰ লগতে আমাৰ অসম , হিন্দী পূৰ্বাঞ্চল প্ৰহৰী আদি কাকততো তেওঁ বাদুলিপাৰৰ সাংবাদিক হিচাবে পৰিচিত আছিল।
১৯৮০ চনত তেওঁ বাদুলিপাৰত স্কুল পুস্তক ভাণ্ডাৰ নামৰ কিতাপ - কাগজৰ দোকানখনত ৰাজ্যখনৰ প্ৰকাশিত সকলোবোৰ বাতৰি কাকত , আলোচনীৰ এজেঞ্চি লৈ গ্ৰামাঞ্চলৰ পাঠক সকলৰ সেৱা আগবঢ়াই আহিছিল ৷
বাদুলিপাৰ আঞ্চলিক সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠাকালীন উপদেষ্টা হিচাপে জড়িত আছিল ৷ জন্মস্থান ৰঙামাটি গাঁৱৰ পৰা আশীৰ দশকৰ আৰম্ভণিতে জন্ম হোৱা ভ্ৰাম্যমাণ নাট্যদল অগ্ৰদূত থিয়েটাৰৰ তেওঁ আছিল অন্যতম উদ্যোক্তা ৷ ৰঙামাটি নাট্য মন্দিৰ, ৰঙামাটি নটকম্ , ৰঙামাটি গাঁৱৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত হোৱাৰ লগতে১৯৯১ চনত প্ৰতিষ্ঠা কৰা বাদুলিপাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগতো তেওঁ জড়িত আছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী , দুগৰাকীকৈ পুত্ৰ-বোৱাৰী , কন্যা জোৱাই , নাতি-নাতিনী আৰু বহু আত্মীয় স্বজনক ইহ:সংসাৰতএৰি থৈ গৈছে ৷ আগৰৱালাৰ মৃত্যুত
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে সাপ্তাহিক ৰাইজৰ খবৰ, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । আগৰৱালাৰ নশ্বৰ দেহ ৰঙামাটি শাখা সাহিত্য সভাৰ কাৰ্যালয় আৰু কৰ্মস্থলী গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ নিয়াৰ পিছত অসম সাহিত্য সভা, গোলাঘাট জিলা সাহিত্য সভা, ৰঙামাটি সাহিত্য সভা, ৰঙামাটি নাট্য মন্দিৰ, ৰঙামাটি নাটকম্, গোলোক বৰবৰা উঃ মাঃ বিঃ, ৰঙামাটি বহুমুখী জাতীয় বিদ্যালয়, ৰঙামাটি ৰাজহুৱা পুথিভঁৰাল,বাদুলীপাৰ আঞ্চলিক লেখিকা সমাৰোহ সমিতি, ৰঙামাটি চেউনী অঙ্গনবাড়ী কেন্দ্ৰ, ৰঙামাটি গাঁও অঞ্চলৰ পাঁচটা নামঘৰৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পিছতে বাদুলীপাৰত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাদুলীপাৰ আঞ্চলিক সাংবাদিক সংস্থা , বাদুলিপাৰ ব্যৱসায়ী সন্থা , স্বেচ্ছাসেৱী অনুষ্ঠান 'সহায় , আপকু, গোলাঘাট জিলা সাংবাদিক সন্থা, খুমটাই আঞ্চলিক সাংবাদিক সংবাদিক সংস্থা, বাদুলীপাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, বাদুলিপাৰ গাঁওৰক্ষী বাহিনী, বাদুলীপাৰ বাগিচা সংঘ,বাদুলীপাৰ মুছলিম জামাদ, বাদুলীপাৰ উত্তৰন সমন্বয় সংঘ, বাদুলীপাৰ ৰঙালী বিহু উদ্যাপন সমিতি,অসম চাহ জনজাতি ছাত্ৰ সন্থা,আপিৰাম গগৈ হাইস্কুল, বাদুলীপাৰ চি ই চি , ভোলাগুৰি লাচিত ক্লাব, বাদুলীপাৰ আঞ্চলিক ছাত্ৰ সন্থা,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি, সদৌ অসম কবি সন্মিলন, গোলাঘাট জিলা কবি সন্মিলন, বাদুলীপাৰ আঞ্চলিক কবি সন্মিলন, বাদুলীপাৰ শাখা সাহিত্য সভা , ৰঙামাটি সমবায় সমিতি লিমিটেড , বাদুলীপাৰ হাইস্কুলকে ধৰি কুৰিৰো অধিক অনুষ্ঠান- প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰাক্তন সাংবাদিক গৰাকীৰ মৃত্যুত
আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন( আপকু)ৰ সম্পাদক প্ৰণৱ চক্ৰৱৰ্ত্তী, জেষ্ঠ্য নিয়মীয়া বাৰ্তাৰ সাংবাদিক তথা আপকু কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য নবীন গোহাঁই, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈ , গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ সভাপতি মহেন্দ্ৰ নাথ শইকীয়া, আপকু গোলাঘাট জিলাৰ সভাপতি ভৱানন্দ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে ।
৷ ফটো আছে ।