ASSAM News 18

মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা _ 'যিসকল ছাত্ৰ-ছাত্ৰীয়ে 'Graduation ২০২৪-২৫ বৰ্ষত  পাছ কৰিব তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচন...
07/08/2025

মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা _ 'যিসকল ছাত্ৰ-ছাত্ৰীয়ে 'Graduation ২০২৪-২৫ বৰ্ষত পাছ কৰিব তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম...নিযুত মইনা আঁচনিৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে...আন সকলো যুৱক-যুৱতীক আমি এই আঁচনি আগবঢ়াম...১ জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেল আমি মুকলি কৰিম...২০২৪-২৫চনত অসমৰ যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰে...এই আঁচনিৰ জৰিয়তে প্ৰতিটো মাহত আঢ়ৈ হাজাৰ টকা এবছৰৰ বাবে লাভ কৰিব...এই টকাটো যিকোনো ইণ্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰিব যাতে পিতৃ-মাতৃৰ পৰা ল'বলগীয়া নহয় ।''

দেশভক্তি কুইজ ২০২৫ "দেশভক্ত" খ্যাত মুক্তিৰ সেনানী তৰুণ ৰাম ফুকনৰ সন্মানাৰ্থে দেশভক্তি দিৱস উপলক্ষে অসম চৰকাৰে আয়োজন কৰি...
08/07/2025

দেশভক্তি কুইজ ২০২৫

"দেশভক্ত" খ্যাত মুক্তিৰ সেনানী তৰুণ ৰাম ফুকনৰ সন্মানাৰ্থে দেশভক্তি দিৱস উপলক্ষে অসম চৰকাৰে আয়োজন কৰিছে দেশভক্তি কুইজ ২০২৫ ।

📅 তাৰিখ: ২৭ জুলাই, ২০২৫
স্থান: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
🕘 সময়: পুৱা ১০ বজাৰ পৰা
পঞ্জীয়নৰ অন্তিম তাৰিখ: ১৫ জুলাই, ২০২৫

এই কুইজত ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী তথা সকলো নাগৰিকে ব্যক্তিগতভাৱে তিনিদিনীয়া দল হিচাপে অংশগ্ৰহণ কৰিব পাৰিব।
পঞ্জীয়ন সম্পূৰ্ণৰূপে বিনামূলীয়া।
বিজেতাসকলৰ বাবে প্ৰথম পুৰস্কাৰ নগদ ১ লাখ টকা ,দ্বিতীয় পুৰস্কাৰ নগদ ৭৫ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ নগদ ৫০ হাজাৰ টকা। অতিৰিক্তভাৱে দৰ্শকৰ বাবে থাকিব ৭৫ হাজাৰ মূল্যৰ ৰোমাঞ্চকৰ পুৰস্কাৰ।

31/05/2025
অসমৰ ৰাজ্য চৰকাৰৰ পলিটেকনিকত ৩ বছৰীয়া ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন মুকলি কৰিছে। আবেদনৰ সময়সীমা: ১৯ ম...
15/05/2025

অসমৰ ৰাজ্য চৰকাৰৰ পলিটেকনিকত ৩ বছৰীয়া ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন মুকলি কৰিছে।

আবেদনৰ সময়সীমা: ১৯ মে’ৰ পৰা ৭ জুন, ২০২৫লৈ

আবেদন কৰক: .assam.gov.in

H S পৰীক্ষা ২০২৫ৰ ফলাফলৰ বাবে চৰকাৰী অধিসূচনা—
29/04/2025

H S পৰীক্ষা ২০২৫ৰ ফলাফলৰ বাবে চৰকাৰী অধিসূচনা—

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাবৰ্তন। সম্বোধন কৰে অসমৰ ৰাজ্যপাল তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মন প্ৰসা...
09/04/2025

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাবৰ্তন। সম্বোধন কৰে অসমৰ ৰাজ্যপাল তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মন প্ৰসাদ আচাৰ্যই। সমাবৰ্তনত অৰণ্য মানৱ যাদৱ পায়েংক অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়

ৰাজ্যত অহা ২ আৰু ৭ মে'ত দুটা পর্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্রক্রিয়া কালি আৰম্ভ হৈছে। ১১ এপ্...
04/04/2025

ৰাজ্যত অহা ২ আৰু ৭ মে'ত দুটা পর্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্রক্রিয়া কালি আৰম্ভ হৈছে। ১১ এপ্রিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে।

01/04/2025

আজি মাননীয় মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা অভিযান মুকলি কৰি ₹10,000 টকাৰ প্ৰথম কৃস্টি পেমেণ্ট ছিড কেপিটেল হিছাপে চেক বিতৰণ কৰে।

আজি সকলো প্ৰান্ততে অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত হেজাৰ হেজাৰ লোকে দোৱা আৰু উলহ-মালহেৰে ঈদ উদযাপন কৰে ।
31/03/2025

আজি সকলো প্ৰান্ততে অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত হেজাৰ হেজাৰ লোকে দোৱা আৰু উলহ-মালহেৰে ঈদ উদযাপন কৰে ।

21/03/2025

চৰাইদেউত অসম চৰকাৰে সকলোকে ঘৰ, খোৱাপানী আৰু অনাময় ব্যৱস্থাৰ ব্যৱস্থা কৰি গৃহহীনৰ বাবে এখন সম্পূৰ্ণ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাসিক এলেকা নিৰ্মাণ কৰি দিলে ।

Address

Golaghat
785705

Telephone

+918133092044

Website

Alerts

Be the first to know and let us send you an email when ASSAM News 18 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM News 18:

Share