Follow UP ALL FACTS

Follow UP ALL FACTS সত্যম শিৱম সুন্দৰম
সঁচা কম

24/01/2026

খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ একেলগে ৪ খন কৈ চাহ বাগিচাৰ নৱনির্মিত পথ মুকলি কৰি শুভ উদ্ধোধন কৰে ।
৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ একেলগে ৪ খন কৈ চাহ বাগিচা ক্ৰমে মুৰফুলনী চাহ বাগিচা , ৰঙাজান চাহ বাগিচা , ছফেলা চাহ বাগিচা , কালিয়নী চাহ বাগিচাৰ মুঠ ৬ টাকৈ নৱনির্মিত পথ মুকলি কৰি শুভ উদ্ধোধন কৰে । লগতে ৰাইজৰ লগতো মত বিনিময় কৰে ।

21/01/2026

গোলাঘাট জিলাত এতিয়াৰে পৰা austex agro ৰ সুস্বাদু খাদ্যৰ সোৱাদ লবলৈ পাব খাদ্য প্ৰেমী সকলে।গোলাঘাট জিলাৰ তেলগৰমত আৰম্ভ হল এই বিশেষ কোম্পানীতোৰ সুস্বাদু নোডেলছ আৰু বিভিন্ন আমিষ খাদ্যৰ বিপনী।

হয় গোলাঘাট জিলাত উপলব্ধ হৈছে এতিয়া austex agro ৰ সুস্বাদু খাদ্যৰ ।বিভিন্ন আমিষ নোডেলছৰ লগতে বিভিন্ন আমিষ খাদ্য।এই বিশেষ কোম্পানীতোৰ খাদ্যৰ সোৱাদ লবলৈ বিচাৰে আমিষ খাদ্যপ্ৰেমী সকল।এতিয়া এই বিশেষ কোম্পানীতোৰ আমিষ খাদ্যৰ সোৱাদ লব পাৰিব নুমলীগড়ৰ টেলগৰমৰ এখন বিপনীত।টেলগৰমত আৰম্ভ কৰা ৰেষ্টুৰেণ্ট ম প্লঙ কীটচেনত এতিয়া খাদ্যৰ জুতি লব পাৰিব austex agro ৰ সুস্বাদু খাদ্যৰ।ইতিমধ্যে খাদ্যপ্ৰেমী সকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে এই বিশেষ আমিষ খাদ্য সমূহ।

22/12/2025

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ থুৰাজানত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি উন্মোচন।নৱপ্রিয়া সাংস্কৃতিক কলাকেন্দ্ৰৰ চতুৰ্থ তম্ প্ৰতিষ্ঠা দিৱসত উদ্বোধন কৰিলে প্ৰতিমূৰ্তিতো।

হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আজিও ম্ৰিয়মান সকলো অসমীয়া।প্ৰত্যেকজন অসমীয়াই প্ৰাণৰ শিল্পী গৰাকীক জীয়াই ৰখাৰ চেষ্টা কৰিছে।সেই প্ৰচেষ্টাতেই আজি গোলাঘাট জিলাৰ মৰঙি মৌজাৰ থুৰাজানত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি উদ্বোধন কৰে।ভাস্কৰ্য শিল্পী নৱজ্যোতি শৰ্মা নিজা প্ৰচেষ্টাত নৱপ্রিয়া সাংস্কৃতিক কলাকেন্দ্ৰৰ চতুৰ্থ তম্ প্ৰতিষ্ঠা দিৱসত উদ্বোধন কৰে।১৫ দিনৰ ভিতৰত ভাস্কৰ্য শিল্পী নৱজ্যোতি শৰ্মাই নিৰ্মাণ কৰি উলিয়াইছে প্ৰতিমূৰ্তিতো।

18/03/2025

গোলাঘাট জিলাৰ মৰঙি মৌজাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। নিশা পাটকটিয়াত ভঁৰাল ভাঙি খাই গচকী নষ্ট কৰিলে ধান।




16/03/2025

গোলাঘাটৰ মৰঙিৰ মুৰফুলনীত নিশা বন বিভাগে অভিযান চলাই জব্দ কৰে এখন কাঠ ভৰ্তি অবৈধ ভৰ্তি পিক আপ বাহন। মুৰফুলনী খণ্ড বন কাৰ্য্যলয়ৰ বনকৰ্মী ৰ দলে কাৰ্বি আংলঙৰ সিমান্তৰ পৰা খেদি খেদি মুৰফুলনী আৰু ফুলবাৰী সংযোগী পথত জব্দ কৰে বাহনখন । বাহন খনৰ নম্বৰ AS-05C-2943 , বাহনখনত তিতাচপা, চেগুন আদি মূল্যৱান কাঠে আছে। প্ৰায় ১ লাখ টকাৰ মূল্যৰ কাঠ আছে গাড়ী খনত। গাড়ী খনৰ চালক ,হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি অঞলটোত চলি আছিল অবৈধ কাঠৰ ৰমৰমীয়া বেহা।

15/03/2025

আজিৰে পৰা ঢুলীয়া গাঁৱত সাত দিনীয়া কাৰ্যসূচীৰে ভাগৱত অখণ্ড পাঠ।

14/03/2025

বাকী ৫ জিলাৰ সমান্তৰালভাৱে গোলাঘাট জিলাতো ৰূপায়িত হ'ব গজমিত্ৰ আঁচনি।

14/03/2025

ফাগুৱাৰ দিনটোতেই ঘৰত কোনো নথকাৰ সুযোগত ডকাইতিৰ চেষ্টা দুই পেছাদাৰী ডকাইতৰ৷ হাতেলোটে ধৰি ৰাইজে গতালে আৰক্ষীক৷
নুমলীগড় আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ ফাগুৱাৰ দিনটোতেই ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ ডকাইটিৰ চেষ্টা দুই ডকাইতৰ৷ তেজপুৰৰ পৰা অহা নুৰজামাল আৰু চাদ্দাম নামৰ দুই ডকাইতক দৈগ্ৰোঙৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যদু শইকীয়া নামৰ লোকজনৰ ঘৰৰ সন্মুখত নমাই থৈ যায় এখন বাহনে৷ ইয়াৰ পিছতে লোকজনৰ ঘৰৰ চৌহদত দিন দুপৰতে পকী দেৱাল পাৰ হৈ প্ৰৱেশ কৰে।ঘৰৰ পিছফালৰ দুৱাৰত চাবুল লগাই দুৱাৰ ভাঙিবলৈ চেষ্টা কৰোঁতেই কাষৰীয়া লোকে দেখা পাই দুই ডকাইটক কৌশলেৰে কৰায়ত্ত কৰি বান্ধি ৰাখি গৃহস্থৰক খবৰ দিয়াৰ লগতে নুমলীগড় আৰক্ষীকো খবৰ দিয়ে৷ ইয়াৰ আগতেও একেটা অঞ্চলত ঘৰত কোনো নথকাৰ সুযোগ লৈ চাৰিটাকৈ পৰিয়ালৰ ঘৰৰ দুৱাৰ ভাঙি আ-অলংকাৰ সহ কেইবা লক্ষাধিক টকাৰ সম্পত্তি লুটি লৈ যায়৷ কোনো স্থানীয় লোক জড়িতত হৈ পেছাদাৰী ডকাইত নিয়োগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷আৰক্ষীক উচিত তদন্ত কৰি ডকাইটৰ দলটোৰ মুল কাণ্ডাৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে।

12/03/2025

39 নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহতিয়াই নিলে মটৰ চাইকেল আৰোহীক।মৰঙি চাৰিআলিত সংঘটিত হয় ভয়ংকৰ পথ দূর্ঘটনাতো।মুমূৰ্ষ অৱস্থাত পথৰ ওপৰতে পৰি থাকিল গুৰুতৰ ভাৱে আঁহত লোকজন।নুমলীগড় আৰক্ষী আৰু মৰঙি গাঁও ৰক্ষী বাহিনীৰ তৎপৰতাত লোকজনক উদ্ধাৰ কৰি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।আঁহত লোকজন AS-05S-6373 নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলেৰে নিজ গৃহলৈ আহি আছিল।আঁহত লোকজন মুৰফুলনীৰ বিচিত্ৰ দ্বীপ বুলি জানিব পৰা গৈছে।

11/03/2025

বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ বিত্তীয় বাজেটত হাতী মানুহৰ সংঘাতৰ বিষয়ত গোলাঘাট জিলাৰ নাম উল্লেখ নোহোৱাৰ পিছতে এতিয়া জাঙোৰ খাই উঠিছে বিভিন্ন দল সংগঠন।

10/03/2025

BREAKING
মুৰফুলনী চাহ বাগিচাত অঘটন।ফেক্টৰীত কাম কৰি থকা অৱস্থাত টিংৰ পৰা পৰি মৃত্যু এজনৰ।ফেক্টৰীত টিং লগাই থকা অৱস্থাত ওপৰৰ পৰি মৃত্যু হয় লোকজনৰ।মৃত লোকজনৰ নাম বাবুল ৰাওতিয়া বুলি জানিব পৰা গৈছে।লোক জনৰ ঘৰ সংগ্ৰাম পুৰ গাঁৱত বুলি জানিব পৰা গৈছে।

10/03/2025

গোলাঘাট জিলাৰ মৰঙিত এতিয়া বন্যহস্তী নহয় বান্দৰৰ উপদ্ৰৱ ।বান্দৰৰ উপদ্ৰৱত এখন বিদ্যালয়ত কৰিব নোৱাৰা পাঠ দান।বান্দৰে ভাঙি লণ্ড ভণ্ড কৰিছে ১নং ফুলবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ৰ আচবাব।
হয় গোলাঘাট জিলাৰ মৰঙি মৌজাত বন্যহস্তীৰ উপদ্ৰৱৰ মাজতে এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি বান্দৰৰ উপদ্ৰৱ।মৰঙিৰ ১ নং ফুলবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ত বান্দৰৰ উপদ্ৰৱৰ বাবে এতিয়া শিক্ষক সকলে কৰিব নোৱাৰা হৈছে পাঠদান।জাক জাক বান্দৰ আহি টিংত জঁপিয়াই,চিলিং ভাঙি লণ্ড ভণ্ড কৰে।পাঠদান চলি থকা সময়ত আৰু বাকী সময়ত বিদ্যালয়ত থাকে বান্দৰ ।যাৰ বাবে ছাত্ৰ ছাত্ৰী সকলক পহৰা দি থাকিব লগীয়া হয় শিক্ষক সকলে।যাৰ বাবে এতিয়া উপায় বিহীন হৈ পৰিছে শিক্ষক সকল।

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when Follow UP ALL FACTS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Follow UP ALL FACTS:

Share