Follow UP ALL FACTS

Follow UP ALL FACTS সত্যম শিৱম সুন্দৰম
সঁচা কম

18/03/2025

গোলাঘাট জিলাৰ মৰঙি মৌজাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। নিশা পাটকটিয়াত ভঁৰাল ভাঙি খাই গচকী নষ্ট কৰিলে ধান।




16/03/2025

গোলাঘাটৰ মৰঙিৰ মুৰফুলনীত নিশা বন বিভাগে অভিযান চলাই জব্দ কৰে এখন কাঠ ভৰ্তি অবৈধ ভৰ্তি পিক আপ বাহন। মুৰফুলনী খণ্ড বন কাৰ্য্যলয়ৰ বনকৰ্মী ৰ দলে কাৰ্বি আংলঙৰ সিমান্তৰ পৰা খেদি খেদি মুৰফুলনী আৰু ফুলবাৰী সংযোগী পথত জব্দ কৰে বাহনখন । বাহন খনৰ নম্বৰ AS-05C-2943 , বাহনখনত তিতাচপা, চেগুন আদি মূল্যৱান কাঠে আছে। প্ৰায় ১ লাখ টকাৰ মূল্যৰ কাঠ আছে গাড়ী খনত। গাড়ী খনৰ চালক ,হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি অঞলটোত চলি আছিল অবৈধ কাঠৰ ৰমৰমীয়া বেহা।

15/03/2025

আজিৰে পৰা ঢুলীয়া গাঁৱত সাত দিনীয়া কাৰ্যসূচীৰে ভাগৱত অখণ্ড পাঠ।

14/03/2025

বাকী ৫ জিলাৰ সমান্তৰালভাৱে গোলাঘাট জিলাতো ৰূপায়িত হ'ব গজমিত্ৰ আঁচনি।

14/03/2025

ফাগুৱাৰ দিনটোতেই ঘৰত কোনো নথকাৰ সুযোগত ডকাইতিৰ চেষ্টা দুই পেছাদাৰী ডকাইতৰ৷ হাতেলোটে ধৰি ৰাইজে গতালে আৰক্ষীক৷
নুমলীগড় আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ ফাগুৱাৰ দিনটোতেই ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ ডকাইটিৰ চেষ্টা দুই ডকাইতৰ৷ তেজপুৰৰ পৰা অহা নুৰজামাল আৰু চাদ্দাম নামৰ দুই ডকাইতক দৈগ্ৰোঙৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যদু শইকীয়া নামৰ লোকজনৰ ঘৰৰ সন্মুখত নমাই থৈ যায় এখন বাহনে৷ ইয়াৰ পিছতে লোকজনৰ ঘৰৰ চৌহদত দিন দুপৰতে পকী দেৱাল পাৰ হৈ প্ৰৱেশ কৰে।ঘৰৰ পিছফালৰ দুৱাৰত চাবুল লগাই দুৱাৰ ভাঙিবলৈ চেষ্টা কৰোঁতেই কাষৰীয়া লোকে দেখা পাই দুই ডকাইটক কৌশলেৰে কৰায়ত্ত কৰি বান্ধি ৰাখি গৃহস্থৰক খবৰ দিয়াৰ লগতে নুমলীগড় আৰক্ষীকো খবৰ দিয়ে৷ ইয়াৰ আগতেও একেটা অঞ্চলত ঘৰত কোনো নথকাৰ সুযোগ লৈ চাৰিটাকৈ পৰিয়ালৰ ঘৰৰ দুৱাৰ ভাঙি আ-অলংকাৰ সহ কেইবা লক্ষাধিক টকাৰ সম্পত্তি লুটি লৈ যায়৷ কোনো স্থানীয় লোক জড়িতত হৈ পেছাদাৰী ডকাইত নিয়োগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷আৰক্ষীক উচিত তদন্ত কৰি ডকাইটৰ দলটোৰ মুল কাণ্ডাৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে।

12/03/2025

39 নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহতিয়াই নিলে মটৰ চাইকেল আৰোহীক।মৰঙি চাৰিআলিত সংঘটিত হয় ভয়ংকৰ পথ দূর্ঘটনাতো।মুমূৰ্ষ অৱস্থাত পথৰ ওপৰতে পৰি থাকিল গুৰুতৰ ভাৱে আঁহত লোকজন।নুমলীগড় আৰক্ষী আৰু মৰঙি গাঁও ৰক্ষী বাহিনীৰ তৎপৰতাত লোকজনক উদ্ধাৰ কৰি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।আঁহত লোকজন AS-05S-6373 নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলেৰে নিজ গৃহলৈ আহি আছিল।আঁহত লোকজন মুৰফুলনীৰ বিচিত্ৰ দ্বীপ বুলি জানিব পৰা গৈছে।

11/03/2025

বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ বিত্তীয় বাজেটত হাতী মানুহৰ সংঘাতৰ বিষয়ত গোলাঘাট জিলাৰ নাম উল্লেখ নোহোৱাৰ পিছতে এতিয়া জাঙোৰ খাই উঠিছে বিভিন্ন দল সংগঠন।

10/03/2025

BREAKING
মুৰফুলনী চাহ বাগিচাত অঘটন।ফেক্টৰীত কাম কৰি থকা অৱস্থাত টিংৰ পৰা পৰি মৃত্যু এজনৰ।ফেক্টৰীত টিং লগাই থকা অৱস্থাত ওপৰৰ পৰি মৃত্যু হয় লোকজনৰ।মৃত লোকজনৰ নাম বাবুল ৰাওতিয়া বুলি জানিব পৰা গৈছে।লোক জনৰ ঘৰ সংগ্ৰাম পুৰ গাঁৱত বুলি জানিব পৰা গৈছে।

10/03/2025

গোলাঘাট জিলাৰ মৰঙিত এতিয়া বন্যহস্তী নহয় বান্দৰৰ উপদ্ৰৱ ।বান্দৰৰ উপদ্ৰৱত এখন বিদ্যালয়ত কৰিব নোৱাৰা পাঠ দান।বান্দৰে ভাঙি লণ্ড ভণ্ড কৰিছে ১নং ফুলবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ৰ আচবাব।
হয় গোলাঘাট জিলাৰ মৰঙি মৌজাত বন্যহস্তীৰ উপদ্ৰৱৰ মাজতে এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি বান্দৰৰ উপদ্ৰৱ।মৰঙিৰ ১ নং ফুলবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ত বান্দৰৰ উপদ্ৰৱৰ বাবে এতিয়া শিক্ষক সকলে কৰিব নোৱাৰা হৈছে পাঠদান।জাক জাক বান্দৰ আহি টিংত জঁপিয়াই,চিলিং ভাঙি লণ্ড ভণ্ড কৰে।পাঠদান চলি থকা সময়ত আৰু বাকী সময়ত বিদ্যালয়ত থাকে বান্দৰ ।যাৰ বাবে ছাত্ৰ ছাত্ৰী সকলক পহৰা দি থাকিব লগীয়া হয় শিক্ষক সকলে।যাৰ বাবে এতিয়া উপায় বিহীন হৈ পৰিছে শিক্ষক সকল।

09/03/2025

হৰিনামৰ ধ্বনিৰে মুখৰিত হব ফলঙনি।আজিৰে পৰা আৰম্ভ হৈছে ফলঙনি আঞ্চলিক ভাগৱত অখণ্ড পাঠ অনুষ্ঠান।৭ দিনীয়া আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৩৩ সংখ্যক ফলঙনি আঞ্চলিক ভাগৱত অখণ্ড পাঠ অনুষ্ঠানৰ। ২নং ফলঙনি বৰজুৰি হৰিমন্দিৰত ৪৪ ভাগ নামঘৰ একত্ৰিত হৈ অনুষ্ঠিত কৰিছে ভাগৱত অখণ্ড পাঠ অনুষ্ঠানৰ।

08/03/2025

মৰঙি চাহ বাগিচাত ভাৰতীয় মজদুৰ সংঘৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন।
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।ৰাজ্যৰ প্রান্তে প্রান্তে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰিছে।ৰাজ্যৰ সমান্তৰাল ভাৱে মৰঙি চাহ বাগিচাতো উদযাপন কৰে।ভাৰতীয় চাহ মজদূৰ সংঘৰ উদ্যোগত নাৰী দিৱস উপলক্ষ্যে এক অনুষ্ঠান অনুষ্ঠিত কৰে।মৰঙি চাহ বাগিচা প্ৰেক্ষাগৃহত নাৰী দিৱস উপলক্ষ্যে প্ৰায় চল্লিছ গৰাকী বয়োজ্যেষ্ঠ মহিলাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই চৰণ সেৱা কৰে ভাৰতীয় মজদুৰ সংঘই।লগতে ঝুমুইৰ বিনন্দিনীত প্ৰতিনিধিত্ব কৰা বৃহত্তৰ মৰঙিৰ যুৱতী সকলক সম্বৰ্ধনা জনাই।

07/03/2025

মৰঙিত পুৱাই বন্য হস্তীৰ আক্ৰমণ।মৰঙিৰ 3নং ফলঙনিত বন্যহস্তীৰ আক্ৰমণত আঁহত এগৰাকী মহিলা।পুৱা ঘৰৰ পদূলিত খেদি খেদি আক্ৰমণ কৰে মহিলা গৰাকীক।আঁহত মহিলা গৰাকীৰ নাম মাইনু বৰা বুলি জানিব পৰা গৈছে।স্থানীয় লোকে গুৰুতৰ ভাৱে আঁহত মহিলা গৰাকীক চিকিৎসাৰ বাবে ততাতৈয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when Follow UP ALL FACTS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Follow UP ALL FACTS:

Share