17/02/2026
ৰাজনীতি আৰু নৈতিকতা: আদৰ্শৰ সন্ধানত আজিৰ অসম
------------------------------------------------
বৰ্তমান সময়ত “নীতি”, “আদৰ্শ” আৰু “মূল্যবোধ” শব্দ কেইটা ৰাজনীতিৰ ক্ষেত্ৰত প্ৰায়েই কেৱল শ্লোগানত সীমাবদ্ধ হৈ পৰা যেন অনুভৱ হয়। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বহু সময়ত দেখা যায় যে আদৰ্শৰ তুলনাত ক্ষমতা দখলৰ প্ৰতিযোগিতাই অধিক গুৰুত্ব লাভ কৰিছে। কালি এটা দলক সমালোচনা কৰা নেতা পৰহি সেই একেটা দলতেই যোগদান কৰা দৃশ্য এতিয়া নতুন নহয়। এই ধৰণৰ কথা বতৰাই সচেতন ৰাইজৰ মনত বিভ্ৰান্তি আৰু আস্থাহীনতা সৃষ্টি কৰিছে।
তথাপিও এই অস্থিৰ পৰিস্থিতিৰ মাজতো অসমত এনে কিছুমান নেতা আছে, যিসকলে নিজৰ নীতি আৰু আদৰ্শৰ সৈতে আপোচ নকৰাৰ দৃষ্টান্ত স্থাপন কৰিছে। তেওঁলোকৰ ৰাজনৈতিক জীৱনে দেখুৱাইছে যে সংগ্ৰাম আৰু ধৈৰ্য্য অবশেষত সন্মান কঢ়িয়াই আনে।
উদাহৰণস্বৰূপে, অগপৰ সভাপতি অতুল বৰাৰ কথা ক'ব পাৰি। ১৯৯৬ চনত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ২০০১, ২০০৬ আৰু ২০১১ চনৰ নিৰ্বাচনত পৰাজিত হ’লেও তেওঁ দলত্যাগ কৰা পথ বাছি লোৱা নাছিল। শাসকীয় দলত যোগদান কৰি ব্যক্তিগত লাভ নিশ্চিত কৰাৰ সুযোগ থাকিলেও তেওঁ নিজৰ আদৰ্শক অটল ৰাখি সংগ্ৰামৰ পথ বাছি লৈছিল। পৰৱৰ্তী সময়ত ২০১৬ চনত পুনৰ জনসমৰ্থন লাভ কৰি তেওঁ প্ৰমাণ কৰিলে যে নীতিনিষ্ঠ ৰাজনীতি একেবাৰে অবাস্তৱ নহয়।
একেদৰে আমি দেৰগাঁওৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ কথা ক'ব পাৰোঁ ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ বিধায়ক হিচাপে দায়িত্ব পালন কৰাৰ পিছত দীৰ্ঘ সময় ক্ষমতাৰ বাহিৰত আছিল তেওঁ। তথাপিও তেওঁ সুবিধাবাদী সিদ্ধান্ত গ্ৰহণ নকৰি নিজৰ ৰাজনৈতিক স্থিতিত অটল আছিল। ২০১৬ চনত পুনৰ নিৰ্বাচিত হৈ তেওঁ নিজৰ ধৈৰ্য্য আৰু বিশ্বাসযোগ্যতাৰ প্ৰমাণ দিলে।
ছাত্ৰ আন্দোলনৰ পটভূমিৰ পৰা আগবাঢ়ি অহা লুৰিণজ্যোতি গগৈ-য়েও নীতিগত স্থিতিকেই অগ্ৰাধিকাৰ দিছে। মূলধাৰাৰ ৰাজনীতিত সহজ পথ উপলব্ধ থাকিলেও তেওঁ নিজৰ মতাদৰ্শৰ সৈতে আপোচ কৰা নাছিল। তেওঁৰ এই দৃঢ়তা আজিৰ ৰাজনীতিত বিৰল বুলি ক’ব পাৰি।
শেহতীয়াকৈ ড০ জ্ঞানশ্ৰী বৰা-ৰ দৰে উচ্চ শিক্ষিত মহাবিদ্যালয়ৰ অধ্যাপিকাৰ চাকৰি ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে। ইচ্ছা কৰা হেতেন শাসকীয় দলত যোগদান কৰি সহজে বিধায়িকা হ'ব পাৰিলে হয়। কিন্তু তেওঁ কঠিন পথ বাছি লৈ নিজৰ নীতিগত অৱস্থান স্পষ্ট কৰিছে।
অৱশ্যেই, কেৱল কেইজনমান নেতাৰ উদাহৰণে সম্পূৰ্ণ ৰাজনৈতিক বাস্তৱতা প্ৰতিফলিত নকৰে। অসমৰ ৰাজনৈতিক ইতিহাসত বহু আঞ্চলিক আৰু বাওঁপন্থী নেতা আছিল, যিসকলে ব্যক্তিগত লাভৰ সলনি মতাদৰ্শ আৰু জনস্বাৰ্থক অগ্ৰাধিকাৰ দিছিল। তেওঁলোকৰ এই সততা আৰু দায়বদ্ধতাই গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰিছিল।
আজিৰ সময়ত ৰাজনীতিৰ প্ৰধান লক্ষ্য হ’ব লাগিব জনকল্যাণ। ক্ষমতা লাভ কৰাটোৱেই চূড়ান্ত লক্ষ্য নহয়; সেয়া হ’ব লাগিব সমাজ উন্নয়নৰ মাধ্যম। নৈতিকতা আৰু আদৰ্শ অবিহনে ৰাজনীতি দীৰ্ঘস্থায়ী হ’ব নোৱাৰে। সেয়ে নেতা আৰু নাগৰিক উভয়ৰে দায়িত্ব হৈছে সততা আৰু মূল্যবোধক প্ৰাধান্য দিয়া।
মুঠতে অসমত আদৰ্শভিত্তিক ৰাজনীতি সম্পূৰ্ণৰূপে নিঃশেষ হোৱা নাই। সেয়া হয়তো সীমিত পৰিসৰত আছে, কিন্তু জীয়াই আছে।