Dhruba&Tora Lifestyle

Dhruba&Tora Lifestyle Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dhruba&Tora Lifestyle, Digital creator, Golaghat.

নমস্কাৰ মই তৰা🙏
মোৰ ফটো, পষ্ট,বা ভিডিঅ চাই মোৰ ব্যক্তিত্ব বিচাৰ নকৰিব । কেতিয়াবা মোৰ পোষ্ট সমূহ ৰ লগত মোৰ ব্যক্তিগত জীৱনৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিবও পাৰে । গতিকে অযথা বিতৰ্ক বা সমালোচনা নকৰিব ।🙏
জীৱন জিন্দাবাদ !!দাঁত কেইটা থকা লৈকে হাঁহি থাকিম।😄

 #মাইকী মানুহৰ problemবিচনা খন খেলি মেলি দেখি থিক কৰি লওঁ বুলি ললোঁ। দেখিলোঁ বিছনাত খালি পানী বটল সেই কেইটা লৈ পাকঘৰ পাল...
04/09/2026

#মাইকী মানুহৰ problem

বিচনা খন খেলি মেলি দেখি থিক কৰি লওঁ বুলি ললোঁ।

দেখিলোঁ বিছনাত খালি পানী বটল সেই কেইটা লৈ পাকঘৰ পালোহি।

পানী ভৰাবলৈ লওঁতেই দেখিলোঁ বাচন কেইটা মান পৰি আছিল।

সেই কেইটা ধুই লওঁ বুলি পাছফালে উলিয়াই নিওতে দেখিলোঁ কাপোৰ কেইটা চাৰ্ফত পৰি আছে।

তাতেই বাচন এৰি কাপোৰ কেইটা ধুই মেলিবলৈ লওতে দেখিলোঁ ৰাতিপুৱাই ধোৱা কেইটা শুকাই আছে।

সেই কেইটা ভৰাই থৈ অহোগৈ বুলি ভিতৰলৈ আনি আকৌ দেখিলোঁ মই বিছনা পাৰিবলৈ হে লৈছিলো ।
Dristi Dutta Handique বা ❤️‍🩹

🍂
03/09/2026

🍂

তুমি হোৱাৰ পৰা -মই যে ফুৰি খুব ভাল পাইছিলো জানা। কিন্তু তুমি হোৱাৰ পৰা কেতিয়াবা মই পদুলিৰ মূৰটোও নেদেখো। নাই নালাগে তোম...
18/08/2026

তুমি হোৱাৰ পৰা -

মই যে ফুৰি খুব ভাল পাইছিলো জানা। কিন্তু তুমি হোৱাৰ পৰা কেতিয়াবা মই পদুলিৰ মূৰটোও নেদেখো। নাই নালাগে তোমাৰ প্ৰতিপালনত ত্ৰুটি নহওঁক বুলি মই সলাই পেলালো নিজক।

মই যে খাই খুব ভাল পাইছিলো জানা, কিন্তু মানুহে কয় দুগ্ধপান কৰাই থকাৰ বাবে কিছুমান বস্তু তোমাৰ বাবে বেয়া। নাই নালাগে ,তোমাৰ প্ৰতিপালনত ত্ৰুটি নহওঁক বুলি মই সলাই পেলালো নিজৰ ৰুচি।

মই যে নাচি খুব ভাল পাইছিলো জানা । কিন্তু তোমাৰ প্ৰতিপালন কৰাৰ সময়ত এইবোৰৰ বাবে সময়েই নহয়। নাই নালাগে তোমাৰ প্ৰতিপালনত ত্ৰুটি নহওঁক বুলি মই সলাই পেলালো নিজক।

মই যে জ্বলা খাবলৈও বেয়া পাইছিলো জানা । কিন্তু টেপা জালুকৰ জোৰত স্তনত দুগ্ধৰ অধিক নিঃসৰণ হয় বুলি কোৱাৰ বাবেই প্ৰতি সাজতেই খাইছিলো। নাই নালাগে মুখৰ স্বাদ, তোমাৰ প্ৰতিপালনত ত্ৰুটি নহওঁক বুলি মই সলাই পেলালো নিজক।

মই যে কিছুমান ভুল কথাৰ প্ৰত্যুত্তৰ দিয়াটো প্ৰয়োজনীয় বুলি ভাবিছিলো জানা কিন্তু আজিকালি এৰি দিছোঁ জানুচা তোমাৰ বিষয়ে কিবা নভবা ভাবিব। মোৰ শাও তোমাত নালাগক বুলি মই সলাই পেলালো নিজক।

মই যে স্বাৱলম্বিতা খুব ভাল পাইছিলো জানা । কিন্তু তোমাক এৰি যোৱাৰ ভয়ত মই চিৰ জীৱন আনৰ ঘটনত চলিবলৈ ৰাজী। নাই নালাগে তোমাৰ প্ৰতিপালনত ত্ৰুটি নহওঁক বুলি মই সলাই পেলালো নিজক।
Dristi Dutta Handique বা পেজৰ পৰা ।

😴আচলতে মই  মানুহ জনী হলো সৰু সৰু সুখতেই সুখী হোৱা  আৰু অলপ কথা তেই দুখী হোৱা টাইপৰ। তেওঁ জানে , বুজে  ।মোক মোৰ এই বিশেষ ...
17/08/2026

😴আচলতে মই মানুহ জনী হলো সৰু সৰু সুখতেই সুখী হোৱা আৰু অলপ কথা তেই দুখী হোৱা টাইপৰ। তেওঁ জানে , বুজে ।মোক মোৰ এই বিশেষ দিনটোত ইয়াত কৈ বহুত বেছি যে একো নালাগে । যেতিয়াৰে পৰাই তেওঁৰ লগত আছোঁ ,এই দিনটোত মই এই গিফট টো সদায় এই পাই আহিছোঁ, তাতেই সুখী মই । এইটো নাপালে যে ৰাতিলৈ মিহি মিহি কৈ শীতল যুদ্ধ এখন হবগৈ জানে তেওঁ 🥱🤣🤣 সেইকাৰণে লৰা - লৰিকৈ আনি দিছে গৈ ।😁
ধন্যবাদ সোণ ❤️🍂 সদায় কাষত থাকিবা সাহস হৈ 🧿❣️
Dhruba&Tora Lifestyle 🍂

😴🎂যেতিয়াৰে পৰা জনা হৈছোঁ জন্ম দিন বুলি কলেই মই এই দিনটোৰ বাবে খুব বেছি হেঁপাহেৰে ৰৈ থাকোঁ। যিমান এই ডাঙৰ নহওঁ কিয় এই দ...
17/08/2026

😴🎂যেতিয়াৰে পৰা জনা হৈছোঁ জন্ম দিন বুলি কলেই মই এই দিনটোৰ বাবে খুব বেছি হেঁপাহেৰে ৰৈ থাকোঁ। যিমান এই ডাঙৰ নহওঁ কিয় এই দিনটোত যেন মই নিজকে সৰু হৈ থকা যেনেই অনুভৱ হ্য় । জন্ম দিন বুলি কলেই মোৰ জন্ম ঘৰ খনলৈ খুব বেছি মনত পৰে। দেউতাই মোৰ হৈ জ্বলোৱা গোঁসাই ঘৰৰ চাকি গছ , মায়ে সদায় মৰমেৰে, হেঁপাহেৰে বনাই দিয়া সেই পায়স কণতেই যেন এক সন্তুষ্টি আছিল ,মনত সুখ আছিল । এতিয়াও দেউতা, মা , দাদাই জন্ম দিনৰ দিনা ফোন এটা সদায় কৰে , কেতিয়াও নাপাহৰে। হলেও চোন কৰবাত কিবা এটা খালী খালী অনুভৱ কৰোঁ । পাৰ কৰি অহা দিন বোৰে ৰিঙিয়াই মাতে।🥹
এতিয়া টো ছোৱালী জনী হোৱাৰ পৰা নিজকেই যেন পাহৰি পেলালো তেনেকুৱা অনুভৱ হ্য় । বিশেষ দিন বুলি অলপ মান প্লেলিং আছিল ,কিন্তু পৰিস্থিতি য়ে নকলে।🥹যি নহওঁক উপায় ও টো নাই ...আমি হলো পৰিস্থিতিৰ দাস । পৰিস্থিতি অনুযায়ী আমি নিজকে সলনি কৰিবই লাগিব । আগতে এই দিন টোত কত কি কৰিম ,কত যাম, কেনেকৈ পালন কৰিম এইবোৰক লৈয়ে ব্যস্ত আছিলোঁ ।এতিয়া তেনেকুৱা বিশেষ বুলি একো নাই । গতানুগতিক এক জীৱন মাথোঁ ।এতিয়া এটা ই জানো কেৱল , বিশেষ দিনত মনৰ মানুহ বোৰ ভালে - কুশলে কাষত থাকিলে প্ৰতিটো দিনেই বিশেষ। তেওঁলোক ভালে থাকিলে মোৰ গোটেই জীৱন টোৱেই বিশেষ হৈ পৰিব ।
আৰু এই দিনটোৰ ক্ষেত্ৰত মোৰ মানুহ টো সদায় ব্যতিক্ৰম,তেওঁ জানে মই যে এই দিন টোক লৈ খুব বেছি হেঁপাহ কৰোঁ , ভবা মতে কথা বোৰ নোহোৱা কাৰণে তেওঁ মোক জোকাই আছে । তেওঁ জানি - বুজিয়েই উইছ টো কৰোঁ বুলিয়েই দেৰিকৈ কৰে ,জানে মোৰ নাম খ্ং উঠে বুলি ।কিন্তু এইবাৰ তেওঁ, সকলো ত কৈ আগত 😁🥹। জানিছে তেওঁ , এইবাৰ যে তাই নিজক পাহৰি পেলাইছে। ধন্যবাদ সোণ মোক বুজি পোৱা ৰ বাবে । তুমি মোৰ সাহস, হেঁপাহ,জীৱন ।তুমি মোৰ লগত আছা বাবেই জীৱন টো ধুনীয়া, তোমাৰ বাবেই প্ৰতিটো কষ্টক কষ্ট যেন অনুভৱ নকৰাকৈ জীৱন টো বিনা প্ৰতিবাদে উপভোগ কৰিছোঁ। থাকিবা কাষত সদায় এনেদৰে। , প্ৰতিটো পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ, তুমি সাহসী হৈ থাকা।
আৰু এই দিনটোত বহুত এগাল এগাল লিখি জন্ম দিনৰ শুভেচ্ছা জনোৱাতকৈ ফোন এটা কৰি শুভেচ্ছা জনোৱা মানুহ বোৰ সদায় বিশেষ।🥹❤️
Dhruba&Tora Lifestyle ❤️
(ফটো খন বিয়া হৈ অহাৰ পাছত মানুহ জনে মোৰ নতুন ঘৰ খনত পোৱা প্ৰথম জন্ম দিন টো পাতি দি মোক অলপ বিশেষ ফিল কৰাই ছিল দেই ... তেতিয়াৰে ফটো খন।)

😡😡😡😡কেতিয়াবা কিছুমান ক্ষেত্ৰত মানুহ কিছুমানক খুব বেছি বেয়াকৈ কবলৈ মন যায়।কিন্তু মা - দেউতা ই দিয়া সংস্কাৰৰ বাবেই ৰৈ ...
16/08/2026

😡😡😡😡কেতিয়াবা কিছুমান ক্ষেত্ৰত মানুহ কিছুমানক খুব বেছি বেয়াকৈ কবলৈ মন যায়।কিন্তু মা - দেউতা ই দিয়া সংস্কাৰৰ বাবেই ৰৈ যাওঁ। মনলৈ এটাই কথা আহে মানুহ ক বেয়াকৈ কবলৈ নাপায়। কিন্তু কেতিয়াবা অসহ্য হ্য় ।
মোৰ প্ৰিয় ওচৰ চুবুৰীয়া, গাঁও বাসী, মিতিৰ - কুটুম যিয়েই নহওঁক, আপোনা সবলৈ মোৰ সাদৰৰ এক বিনম্ৰ অনুৰোধ যে,কিছুমান কথা নজনাকৈ, কোনোবাই কৈছে বুলিয়েই তিল - তোকে তাল টো কৰি যি টি কথা গাই নাথাকিব। কিবা কথা ভাল দৰে যদি জানিবলৈ মন আছে ,ভাল কৈ সকলো কথা জানি হে কিবা এটা কব , সুধিব আমি কম নহয়।আছোঁ আমি ,আমাক সুধিব , ঘৰৰ মানুহক সুধি ভাল কৈ জানি লব । তাৰ পাছত কব । এনেই মিছা - মিচি কোনোবাই কৈছে বুলিয়েই সেইটো য়েই যে হ্য় ,মানি নলব দেই । মানুহৰ মন বোৰ সদায় একেই হ্য় নাথাকে। কিবা কৈ পাম পাছত নকব বাবু মানুহ জনীৰ মুখ খন বৰ চাৰ বুলি ...।।সদায় ভাল বোৱাৰী স্তিকাৰ টো লগাই ঘূৰি - ফুৰিব নোৱাৰোঁ।যি টি গাই মানুহৰ মগজ বোৰ বেয়া নকৰিব । যিকণ সন্মান কৰোঁ বা আছে সেইকণ নাই কিয়া হৈ যাব। সব সহ্য কৰিব পাৰোঁ, কিন্তু কিছুমান কথা নোৱাৰোঁ ।
( সকলো কে কোৱা নাই ,ভূল নুবুজিব ।
ধন্যবাদ.....।🙏🙏
Dhruba&Tora Lifestyle 🍂

10/08/2026

I got over 7,000 reactions on my posts last week! Thanks everyone for your support! 🎉

বৰ্তমান সময়ত এগৰাকী ছোৱালী নিজৰ মাকৰ বাহিৰে কাৰো হাততেই সুৰক্ষিত নহয়।🥹     ১৮ মহীয়া এজনী ছোৱালী । তাইৰ লগতো এনেকুৱা ধ...
10/08/2026

বৰ্তমান সময়ত এগৰাকী ছোৱালী নিজৰ মাকৰ বাহিৰে কাৰো হাততেই সুৰক্ষিত নহয়।🥹
১৮ মহীয়া এজনী ছোৱালী । তাইৰ লগতো এনেকুৱা ধৰণৰ কাম কৰিবলৈ নৰাধম টোৰ বুকু নকঁপিল নে ...?
এগৰাকী ছোৱালীৰ মাক হৈ সেই মাক গৰাকীৰ কথা কেইটা শুনি বুকু খনত বিষ হৈ গৈছে , চকু পানী ওলাই গৈছে ।কি কম কি কি যে হব লৈছে আৰু । মানুহৰ হাতত কণমানি জনী এৰি দিয়াৰ আগত সকলোৱেই এবাৰ ভাবিব । 🥹 বৰ্তমানৰ দুনিয়া খন খুব বেছি বেয়ালৈ গৈ আছে ... কাকো বিশ্বাস কৰিব নোৱাৰি।🙏🥹 ।
Dhruba&Tora Lifestyle ❣️

Address

Golaghat

Alerts

Be the first to know and let us send you an email when Dhruba&Tora Lifestyle posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share