19/10/2024
*অধ্যাপক ড° ক্ষীৰেশ্বৰ লইংৰ ৩ খন গ্ৰন্থ উন্মোচন৷*
দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠানত ২০০ খন গ্ৰন্থ প্ৰকাশ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ শুক্ৰবাৰে বিয়লি দেৰগাঁও সাহিত্য সভাৰ প্ৰেক্ষাগৃহত দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষৰ গ্ৰন্থ প্ৰকাশন উপসমিতিৰ সভাপতি,অধ্যাপক ডঃ ক্ষীৰেশ্বৰ #লয়িঙৰ তিনিখনকৈ ভিন্নধৰ্মী গ্ৰন্থ উন্মোচন কৰা হয়। এই উন্মোচনী অনুষ্ঠানত ' #পৰিব্ৰাজক' শীৰ্ষক গ্ৰন্থখন অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ড° পৰাগ কুমাৰ ঠাকুৰে,' #সংস্কৃতি #আৰু #বিবিধ #প্ৰসংগ' গ্ৰন্থখন দেৰগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত চন্দ্ৰ মহন্তই আৰু ' #হিমালয়ৰ #ৰাণী #দাৰ্জিলিং' গ্ৰন্থখন উন্মোচন কৰে দেৰগাঁও সাহিত্য সভাৰ অন্য এগৰাকী প্ৰাক্তন সভাপতি প্ৰভাত কুমাৰ ফুকনে। অনুষ্ঠানত দেৰগাঁও সম জিলাৰ নৱনিযুক্ত আয়ুক্ত দামোদৰ বৰ্মনেদেৱে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এক মননশীল ভাষণ প্ৰদান কৰে।
শতবৰ্ষ উদ্যাপন সমিতিৰ সভাপতি নুৰুল চুলতানে সাহিত্যানুৰাগীকে নিজৰ পৰিয়ালত একোখনকৈ দৈনিক বাতৰি কাকত সংগ্ৰহ কৰি নিয়মীয়াকৈ অধ্যয়ণ কৰিবলৈ আহ্বান জনায়। দেৰগাঁও সাহিত্য সভাই শতবৰ্ষ গৰকা সন্ধিক্ষণত নৱপ্ৰজন্মৰ লেখক -পাঠক সৃষ্টিত,ভাষা শিক্ষণ,বাতৰি কাকত আৰু গ্ৰন্থ অধ্যয়নৰ এক জাগৰণ অনাত গুৰুত্ব দি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
Byte-