04/08/2026
বিদ্যালয়ত শৈশৱৰ শিক্ষা, সেই বিদ্যালয়তেই চুৰি! ১৭খন চিলিং ফেন চুৰি কৰি এতিয়া ৰঙাঘৰৰ আলহী মুকটাদুৰ।
মৰঙিৰ নিম্ন বুনিয়াদী বিদ্যালয় আৰু মৰঙি দীন নাথ হাইস্কুলৰ পৰা মুঠ ১৭খন চিলিং ফেন চুৰি কৰি ৰঙাঘৰৰ আলহী। শৈশৱত যি বিদ্যালয়ৰ শ্ৰেণীকোঠাত বহি শিক্ষা গ্ৰহণ কৰিছিল, সেই একেই শিক্ষানুষ্ঠানত চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাই সমগ্ৰ মৰঙি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।
স্থানীয় লোকৰ মতে, ড্ৰাগছৰ আসক্তিৰ ফলতেই এনে অপৰাধ সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে ড্ৰাগছৰ সৈতে ঘটনাটোৰ সম্পৰ্ক আছে নে নাই, সেয়া আৰক্ষীৰ তদন্তৰ অন্ততহে স্পষ্ট হ'ব।