
05/08/2023
গোলাঘাট কেন্দ্ৰীয় শিক্ষা খণ্ডৰ অধীনৰ কাকডোঙা মৌজা #পতানজৰা_প্ৰাথমিক_বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ #জিতু_প্ৰকাশ_বৰা ডাঙৰীয়া #উচ্চ_ৰক্তচাপত ৰোগত যোৱা নিশা আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে পুৱতি নিশা যোৰহাট মিছন হস্পিটেলত ভৰ্ত্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। জিতু প্ৰকাশ বৰা ডাঙৰীয়া কেৱল এজন শিক্ষকে নহয় তেওঁ সাংস্কৃতিক জগতৰ ভাওনা লগত জড়িত সামাজিক এজন ব্যক্তি আছিল । তেওঁ বিদ্যালয়খনত যোগদান কৰাৰে পৰা ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাদান দিয়াৰ ওপৰিও সাংস্কৃতিক ক্ষেত্ৰৰ লগতে অন্যান্য দিশত ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট আগবঢ়াই নিছিল। তেওঁ মৃত্যু আমাৰ লগতে শিক্ষক সমাজৰ বাবে অপূৰণীয় ক্ষতি। শিক্ষক প্ৰয়াত জিতু প্ৰকাশ বৰা ডাঙৰীয়া বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে তেখেতৰ #পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।