05/01/2023
:::গোসাঁইগাওঁৰ গুৰুফেলা উচ্চ মাধ্যমিক বিদ্যালয়ত জনগোষ্ঠীয় উৎসৱ:::
:::বিভিন্ন জনগোষ্ঠীয় খাদ্য লগতে ছাত্ৰ-ছাত্ৰীৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা:::
কোকৰাঝাৰ জিলাৰ গোসাঁইগাৱ মহকুমাৰ গুৰুফেলা উচ্চ মাধ্যমিক বিদ্যালয়ত সমগ্ৰশিক্ষা অভিযানৰ উদ্যোগত আৰু বিদ্যালয় খনৰ সহযোগত আজি উক্ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ এক বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত অনুষ্ঠিত জনগোষ্ঠীয় উৎসৱৰ লগত সংগতি ৰাখি উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে শোভাযাত্ৰা খন মুকলি কৰি বিদ্যালয় প্ৰাংগণৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পথ পৰিক্ৰমা কৰি পুনৰ বিদ্যালয়লৈ ঘুৰি আহি জনগোষ্ঠীয় খাদ্যৰ মেলাৰ আয়োজন কৰে।বিদ্যালয়ত অধ্যায়ন কৰা বড়ো, চাওঁতাল, কোঁচ-ৰাজবংশী,বাঙালী আদি বিভিন্ন সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী সকলে সাংস্কৃতিক অনুষ্ঠানত নিজৰ নিজৰ কলাকৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে জাতীয় খাদ্যৰ মেলাই সকলোকে আপ্লুত কৰি তোলে।সমগ্ৰ অনুষ্ঠানটো বিদ্যালয়ৰ অধ্যক্ষ নুৰুল হুদা মিঞ্জা আৰু তেওঁৰ সহকৰ্মী সকলে সুচাৰু ৰূপে পৰিচালনা কৰে।উক্ত কাৰ্য্যসূচীত স্থানীয় ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে অংশ লোৱা পৰিলক্ষিত হয়।মুখ্য অতিথি হিচাপে কচুগাওঁ শিক্ষা খণ্ড বিষয়া সুদাংশু সাহা উপস্থিত থাকে।