NIVAZ ASOM LIVE

NIVAZ ASOM LIVE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NIVAZ ASOM LIVE, Media/News Company, Panjabari Bagharbari Satgaon Guwahati pin, Guwahati.
(1)

Assamese News Channel
REGD NO: UDYAM-AS-03-0033640
ৰাইজৰ পক্ষত নির্ভয়ে আমি

যিকোনো ধৰণৰ বা বাতৰি , সাক্ষাত্‍কাৰ, কবিতা আবৃত্তি, বিহু নৃত্য, স্কুল,কলেজ, আৰ্ট, দোকান,কোম্পানী, সকলো ধৰনৰ ভিডিঅ' আমাৰ নিউজ চেনেলত প্ৰচাৰ কৰিব পাৰিব। যোগাযোগ নম্বৰ, 9864679902

29/08/2026

শিৱসাগৰ জিলা প্ৰেছ ক্লাবত জাতীয় সংগ্ৰামী সেনা অসম উদ্যোগত আজি সংবাদ মেল সম্বোধন কৰে ।

29/08/2026

কাৰ্বি আংলং জিলাৰ হাওৰাঘাটস্থিত হিডিবংলং আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত আজি দেখিবলৈ পোৱা গ’ল এক আধ্যাত্মিক তথা উমাল পৰিৱেশ । ‘স্বামী বিবেকানন্দ চেতনা মঞ্চ’ আৰু ‘তাৰচদিয়া ফাউণ্ডেশ্যন’ (Tarsadia Foundation)-ৰ যুটীয়া উদ্যোগত আজি আয়োজন কৰা হয় ৰাখী বন্ধন উৎসৱৰ এক বিশেষ কাৰ্যসূচী ।

সমগ্ৰ কাৰ্যসূচীটো সুচাৰুৰূপে পৰিচালনা কৰে মুম্বাইৰ অগ্ৰণী সংস্থা ‘ট্ৰাইবেল ইণ্টেগ্ৰেটেত ডেভেলপমেণ্ট এণ্ড এডুকেশ্যন ট্ৰাষ্ট’ চমুকৈ ‘টাইড ট্ৰাষ্ট’ (TIDE Trust, Mumbai)-এ ।

এই পৱিত্ৰ উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে কাৰ্যসূচীৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰে ।

অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীয়ে এক সাৰুৱা ভাষণ প্ৰদান কৰে । তেওঁ নিজৰ ভাষণ প্ৰসংগত সমাজৰ সকলো শ্ৰেণীৰ লোককে একগোট হৈ শান্তি, একতা আৰু ভাতৃত্ববোধৰ এক সুদৃঢ় বান্ধোন গঢ়ি তুলিবলৈ বিশেষ আহ্বান জনায় ।

আজি দিনৰ ভাগৰে পৰা হিডিবংলং আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত স্থানীয় ৰাইজৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোকসকল সমবেত হয় । পৰম্পৰা ৰক্ষা কৰি ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰীডাল অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে সকলোৱে ইজনে সিজনক ৰাখী বান্ধি শুভেচ্ছা বিনিময় কৰে ।

অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলেও সমাজত শান্তি, একতা আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ ক্ষেত্ৰত এই পবিত্ৰ উৎসৱৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে । উল্লেখ্য যে, সমাজৰ সৰ্বাংগীণ উন্নয়ন আৰু সাংস্কৃতিক চেতনা বৃদ্ধিৰ বাবে এই সংস্থাকেইটাই অহৰহ কাম কৰি আহিছে আৰু আজিৰ এই বৰ্ণাঢ্য কাৰ্যসূচীয়ে স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।

29/08/2026

✅কাহিলিপাৰা শিৱপুৰৰ, এজন সচেতন অসমীয়া উদয়মান যুৱক ৰাজু মহন্তৰ কাহিলীপাৰা অঞ্চলত বানপানী হোৱাৰ মূল কাৰণসমূহ তথ্য ভিত্তিক আমাৰ আগত প্ৰকাশ কৰে।

📍 কাহিলীপাৰা, শিৱপুৰ , মৈত্ৰী নগৰ, নামঘৰ পথ, দক্ষিণ গাওঁ, নলা-নৰ্দমা পৰিষ্কাৰৰ অভাৱ, এজাক বৰষুণতে বানপানীৰ আশংকা

📍গুৱাহাটী পৌৰ নিগমৰ চাফাই ব্যৱস্থাক লৈ পুনৰ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। গুৱাহাটীৰ কাহিলীপাৰাস্থিত শিৱপুৰ অঞ্চলৰ এটা পথৰ দুৰৱস্থাই যেন উদঙাই দিছে পৌৰ নিগমৰ নলা-নৰ্দমা পৰিষ্কাৰ ব্যৱস্থাৰ বাস্তৱ ছবিখন।

📍স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোৰ বহু নলা-নৰ্দমা মাটি, জাবৰ-জোঁথৰ আৰু অন্যান্য আৱৰ্জনাৰে প্ৰায় পুতি যোৱাৰ ফলত পানী নিষ্কাশনৰ পথ বন্ধ হৈ পৰিছে। ফলত এজাক বৰষুণ দিলেই পথত পানী জমা হৈ বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়।

📍ইফালে, শিৱপুৰ অঞ্চলৰ বহু ঘৰৰ পৰা নিয়মীয়াকৈ জাবৰ-জোঁথৰ সংগ্ৰহ কৰিবলৈ পৌৰ নিগমৰ বাহন নোযোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

📍ইয়াৰ ফলত ঘৰুৱা আৱৰ্জনা ইফালে-সিফালে পেলোৱাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে নলা-নৰ্দমাতো জাবৰ জমা হোৱাৰ অভিযোগ কৰিছে ৰাইজে।

📍স্থানীয় লোকসকলে অভিযোগ কৰে যে, গুৱাহাটী পৌৰ নিগমৰ পৰ্যাপ্ত সংখ্যক কৰ্মচাৰী নথকাৰ বাবেই নলা-নৰ্দমা পৰিষ্কাৰ আৰু জাবৰ সংগ্ৰহৰ কাম নিয়মীয়াকৈ সম্পন্ন নহয়।

📍শিৱপুৰৰ এই সমস্যাৰ ফলত পথচাৰী, স্থানীয় বাসিন্দা আৰু যান-বাহন চলাচল কৰা লোকসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।

📍সেয়ে শিৱপুৰ অঞ্চলৰ নলা-নৰ্দমা শীঘ্ৰে পৰিষ্কাৰ কৰাৰ লগতে নিয়মীয়াকৈ ঘৰুৱা জাবৰ সংগ্ৰহৰ ব্যৱস্থা কৰিবলৈ গুৱাহাটী পৌৰ নিগমৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।

📍লগতে আগন্তুক বৰষুণৰ সময়ত যাতে পুনৰ জলাবদ্ধতাৰ সৃষ্টি নহয়, তাৰ বাবে স্থায়ীভাৱে পানী নিষ্কাশন ব্যৱস্থা উন্নত কৰাৰ আহ্বান জনাইছে ৰাইজে।

28/08/2026

কাৰ্বি আংলঙৰ বকলীয়াঘাটত চো *ৰৰ চাফাই

কাৰ্বি আংলঙৰ বকলীয়াঘাটত দিনক দিনে বৃদ্ধি পাইছে চো*ৰৰ উপদ্ৰৱ । ইতিমধ্যে বকলীয়াঘাটৰ একাধিক স্থানত চুৰি *কাণ্ড সং *ঘটিত হোৱা বুলি জানিব পৰা গৈছে । পুনৰ বকলীয়াঘাট পৌৰ সভা এলেকাৰ মাজ মজিয়াত সংঘটিত হৈছে চু *ৰি *কাণ্ড।

28/08/2026

কাৰ্বি আংলঙৰ মাঞ্জাত ভ *য়াৱহ পথ দু *ৰ্ঘটনা
অ *চিনাক্ত ডাম্পাৰে খুন্দি *য়ালে ই-ৰিক্সাক
নি *হত দু *জন - আ *হত চাৰি জন।

28/08/2026

✅ মহানগৰীৰ কিড - বিদা স্কুলত ৰাষ্ট্ৰীয় সংস্কৃত দিৱস উৎযাপন ।

28/08/2026

✅ ৩০ আগষ্টত ‘ভোগালী জলপান’ৰ গ্ৰাহক সন্মিলন

অনলাইন মাৰ্কেটিং বনাম খুচুৰা ব্যৱসায়—ভৱিষ্যতৰ বজাৰত দুয়োৰে ভূমিকা সন্দৰ্ভত বিশেষ আলোচনা

গুৱাহাটীত অহা ৩০ আগষ্ট, দেওবাৰে অনুষ্ঠিত হ’ব ‘ভোগালী জলপান’ৰ বিশেষ গ্ৰাহক সন্মিলন।

অনুষ্ঠানত বৰ্তমান সময়ৰ ব্যৱসায়িক ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ বিষয়—‘অনলাইন মাৰ্কেটিং বনাম খুচুৰা দোকানদাৰ’কলৈ বিশেষ আলোচনা অনুষ্ঠিত হ’ব।

ভৱিষ্যতৰ বজাৰত অনলাইন মাৰ্কেটিং আৰু পৰম্পৰাগত খুচুৰা দোকানদাৰৰ ভূমিকা কেনেধৰণৰ হ’ব, গ্ৰাহকৰ পছন্দ-অপছন্দৰ পৰিৱৰ্তন, বজাৰত নতুন প্ৰযুক্তিৰ প্ৰভাৱ, অনলাইন আৰু অফলাইন ব্যৱস্থাৰ মাজত থকা পাৰ্থক্য তথা দুয়োটা ব্যৱস্থাৰ সম্ভাৱনা আদি বিভিন্ন দিশ অনুষ্ঠানত আলোচনা কৰা হ’ব।

এই সন্দৰ্ভত ‘ভোগালী জলপান’ৰ স্বত্বাধিকাৰী অজিত শৰ্মাই কয় যে বৰ্তমান সময়ত গ্ৰাহকৰ বজাৰ কৰাৰ ধৰণ দ্ৰুতগতিত সলনি হৈছে। অনলাইন মাৰ্কেটিঙে গ্ৰাহকক ঘৰৰ পৰাই সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা প্ৰদান কৰিছে যদিও খুচুৰা দোকানৰ সৈতে গ্ৰাহকৰ প্ৰত্যক্ষ সম্পৰ্ক, সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ সুযোগ আৰু স্থানীয় ব্যৱসায়ৰ সৈতে থকা সম্পৰ্কৰ গুৰুত্ব এতিয়াও যথেষ্ট আছে।

তেওঁৰ মতে, ভৱিষ্যতৰ বজাৰত অনলাইন আৰু অফলাইন—দুয়োটা ব্যৱস্থাই নিজস্ব ভূমিকা পালন কৰিব পাৰে। পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই খুচুৰা ব্যৱসায়ীসকলেও নতুন প্ৰযুক্তি আৰু ডিজিটেল মাৰ্কেটিঙৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। একেদৰে অনলাইন ব্যৱসায়ৰ ক্ষেত্ৰতো গ্ৰাহকৰ বিশ্বাস, গুণগত মান আৰু সেৱাৰ ওপৰত গুৰুত্ব দিয়াটো অতি জৰুৰী।

‘ভোগালী জলপান’ৰ এই গ্ৰাহক সন্মিলনত ব্যৱসায়ী, গ্ৰাহক আৰু সংশ্লিষ্ট বিভিন্ন পক্ষৰ মাজত মত-বিনিময়ৰ জৰিয়তে ভৱিষ্যতৰ বজাৰৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ সম্পৰ্কে এক সুস্থ আলোচনা আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে বুলি স্বত্বাধিকাৰী অজিত শৰ্মাই জানিবলৈ দিয়ে।

28/08/2026

✅ কাহিলিপাৰা শিৱপুৰত অবৈধ চাৰিচকীয়া বাহন পাৰ্কিংক লৈ সৰৱ সচেতন যুৱক ৰাজু মহন্ত
।
গুৱাহাটী মহানগৰীৰ কাহিলিপাৰা শিৱপুৰ অঞ্চলত পথৰ কাষত অবৈধভাৱে চাৰিচকীয়া বাহন পাৰ্কিং কৰাৰ অভিযোগক লৈ সৰৱ হৈ উঠিছে অঞ্চলটোৰ এগৰাকী সচেতন উদীয়মান যুৱক ৰাজু মহন্ত।

মৈত্ৰী নগৰ, নামঘৰ পথ আৰু দক্ষিণ গাঁও সংযোগী পথৰ কাষত একাংশ লোকে পথৰ ওপৰত তথা পথৰ কাষত চাৰিচকীয়া বাহন পাৰ্কিং কৰি ৰখাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজু মহন্তই।

ব্যস্ত পথসমূহত এনেদৰে বাহন ৰখাৰ ফলত পথ সংকুচিত হোৱাৰ লগতে পথচাৰী আৰু আন যান-বাহনৰ চলাচলতো অসুবিধাৰ সৃষ্টি হয় বুলি তেওঁ উল্লেখ কৰে।
ৰাজু মহন্তই সংশ্লিষ্ট কৰ্তৃপক্ষক বিষয়টো গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰি অবৈধ পাৰ্কিং বন্ধ কৰাৰ লগতে পথসমূহত নিয়মীয়া নজৰদাৰী বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে, মহানগৰীৰ পথসমূহ সুৰক্ষিত আৰু যানজঁটমুক্ত কৰি ৰখাটো কেৱল প্ৰশাসনৰ দায়িত্ব নহয়, নাগৰিক হিচাপে সকলোৰে দায়িত্ব। সেয়েহে পথৰ কাষত ইচ্ছামতে বাহন পাৰ্কিং নকৰি যান-বাহন আইন আৰু পাৰ্কিং সম্পৰ্কীয় নিয়ম মানি চলিবলৈও তেওঁ আহ্বান জনায়।

স্থানীয় ৰাইজেও বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ শীঘ্ৰে হস্তক্ষেপ বিচাৰিছে।

Address

Panjabari Bagharbari Satgaon Guwahati Pin
Guwahati
781037

Alerts

Be the first to know and let us send you an email when NIVAZ ASOM LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NIVAZ ASOM LIVE:

Shortcuts

Share